দৈনিক বজাৰত শিকাৰু ক্রেতা হিচাপে প্ৰৱেশ কৰা দিনতে দেউতাৰ পৰা পোৱা উপদেশ ‘প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি বজাৰ কৰিবি৷ কিনাৰ আগতে এপাক বজাৰখন ঘূৰি চাই ল’বি৷ বস্তু ভাল-বেয়া চোৱাৰ লগতে দামৰো তুলনা কৰিবি৷’ অথচ আজিও মাজে মাজে এই নীতি পাহৰি পস্তাই থাকো৷ এই ধৰক, মাছৰ বজাৰত সোমায়ে ভাল দেখি ঘপহকৈ কিনি পেলালো মাছখিনি৷ দাম বাৰু অলপ কমালো, কিন্তু কিনাৰ শেষত আগবাঢ়ি যাওঁতেহে দেখিলো যে দুখোজ আঁতৰত মই লোৱাতকৈ সতেজ মাছ তুলনামূলকভাৱে কম দামতে বেচি আছে অন্য এজন বেপাৰীয়ে৷ আন কেতিয়াবা আকৌ এসাঁজৰ জোখাৰে কটা মাছ অলপ ল’ম বুলি বজাৰত সোমাওঁ৷ দৰ-দামৰ সময়ত বেপাৰীৰ অংকত পতিয়ন যাওঁ যে মাছ গোটাকৈ কিনিলে কিমান লাভ৷ এসাজঁৰ জোখাৰে কিনিবলৈ গৈ চাৰি সাজঁতো শেষ নোহোৱা মাছ কিনি ঘৰলৈ আহি থাকোতেহে মনত পৰে অহ! কাইলৈ দেখোন শনিবাৰ৷ শনিবাৰে ঘৰত নিৰামিষহে চলে৷ ছেঃ, কেনেকৈ যে বাৰটোৰ কথা পাহৰি গ’লো৷
বেলেগ দ্ৰব্যৰ ক্ষেত্ৰত হ’লেও ওপৰৰ কথাখিনিৰ লগত যদি আপুনি একাত্মবোধ কৰিছে, তেন্তে আমি ক’ব পাৰো যে সকলো সময়তে আমাৰ সিদ্ধান্তবোৰ সম্পূৰ্ণ বিচাৰ-বিবেচনাৰে গ্ৰহণ কৰা নহয়৷ কেতিয়াবা যদি হঠকাৰিতা, আন কেতিয়াবা আকৌ অন্যতম গুৰুত্বপূৰ্ণ তথ্যক অগ্ৰাহ্য কৰি আমি একো একোটা সিদ্ধান্ত লৈ পেলাওঁ৷ বিনিয়োগৰ ক্ষেত্ৰখনো এনে বিসংগতিপূৰ্ণ কৰ্মকাণ্ডৰ পৰা মুক্ত নহয়৷ সাধাৰণ অৰ্থনীতি বা বিত্তীয় তত্ত্বত এইটো ধৰি লোৱা হয় যে মানুহ যুক্তিনিৰ্ভৰ৷ মানুহে বিত্তীয় বা অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য মনত ৰাখি বিচাৰ-বিবেচনা কৰিবলৈ সমৰ্থ৷ কিন্তু দেখা যায় কাৰ্যক্ষেত্ৰত বহু সময়ত সেইটো হৈ নুঠে৷ উদাহৰণস্বৰূপে সকলোৱে জানে লাভ হ’বলৈ হ’লে যিকোনো সামগ্ৰী কম দামত কিনি বেছি দামত বিক্রী কৰিব লাগিব৷ কিন্তু সৰ্বসাধাৰণ বিনিয়োগকাৰী শ্বেয়াৰ বজাৰলৈ আকৰ্ষিত হয় যেতিয়া বজাৰ তুংগত থাকে৷ বজাৰ পৰিলে তেওঁলোকে লোকচানতে শ্বেয়াৰ বেচি পলাই ফাট মাৰে৷ অৰ্থাৎ দামত কিনে আৰু সস্তাত বেচে৷ অকল যে সাধাৰণ বিনিয়োগকাৰীৰ ক্ষেত্ৰতহে এনে হয, তেনে নহয়, বহু সময়ত অভিজ্ঞ পেছাদাৰী বিনিয়োগকাৰীয়েও ভিন্ন পৰিবেশত ভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ এনে কিছুমান ভুল সিদ্ধান্ত লয, যিবোৰ সাধাৰণতে তেওঁলোকৰ পৰ্যায়ত আশা কৰা নাযায়৷ বিচাৰ-বিবেচনাৰ ক্ষেত্ৰত এই দৈন্য কিয়?
ডেনিয়েল কাহ্নেমেন (Daniel Kahneman), এম’ছ টিভার্স্কি (Amos Tversky)হঁতৰ লেখিয়া এদল মনোবিজ্ঞানীয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে ব্যাখ্যা আগবঢ়ালে কেনেকৈ মানুহ প্ৰৰোচিত হয় অৰ্থ সম্বন্ধীয় একো একোটা অযুক্তিকৰ সিদ্ধান্ত ল’বলৈ৷ এনেদৰেই বিত্তীয় বা অৰ্থনৈতিক বিষয়ক এটা নতুন শাখাই শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰে আৰু জনপ্ৰিয় হ’বলৈ ধৰে৷ যাক নামকৰণ কৰা হ’ল আচৰণ সম্বন্ধীয় বিত্ত (Behavioural Finance) বা আচৰণ সম্বন্ধীয় অৰ্থনীতি (Behavioural Economics) হিচাপে৷ এক কথাত আচৰণ সম্বন্ধীয় বিত্ত হ’ল বিত্ত আৰু মনোবিজ্ঞানৰ এক সংমিশ্ৰণ৷ উল্লেখযোগ্য যে ডেনিয়েল কাহ্নেমেন প্ৰথমজন মনোবিজ্ঞানী যাক অৰ্থনীতিৰ এই নতুন শাখাটোৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০০২ চনৰ অৰ্থনীতিৰ ন’বেল স্মাৰক বঁটা আগবঢ়োৱা হয়৷ মন কৰক অৰ্থনীতিৰ বঁটা এজন মনোবিজ্ঞানীলৈ৷ এইখিনিতে কৈ থওঁযে বিনিয়োগকাৰীৰ দৃষ্টিকোণৰ পৰা মনোবিজ্ঞানৰ চৰ্চাহে নতুন বিষয়, বিক্রীৰ বাবে কোম্পানীবোৰে কৰা গ্ৰাহকৰ মনঃস্তাত্ত্বিক অধ্যয়নৰ ইতিহাস কিন্তু বহু পুৰণি৷
(১) শ্বেয়াৰ বজাৰৰ বিগত ভাল দিনৰ সময়ত দুটামান সৰু-সুৰা প্ৰাৰম্ভিক সফলতাই আপোনাক অত্যুৎসাহী কৰি তুলিছিল নেকি অত্যধিক শ্বেয়াৰ ট্ৰেডিঙত লিপ্ত হ’বলৈ?
(২) আশা নকৰাকৈ হঠাতে হাতলৈ অহা ধনে আপোনাক অত্যধিক খৰচী কৰি তোলে নেকি?
(৩) ২০০৭ চনত ইকুইটি বজাৰ তুংগত থকা অৱস্থাত পৰিকাঠামো খণ্ডৰ যিকেইটা কোম্পানীত আপুনি বিনিয়োগ কৰিছিল, আজি সিহঁতৰ বজাৰ মূল্য কিনা দামৰ আধাতকৈ কম৷ অথচ কোম্পানীকেইটাৰ বুনিয়াদী কথালৈ লক্ষ্য নকৰাকৈ আপুনি মাথোঁ অপেক্ষা কৰি আছে নেকি অন্ততঃ কিনা দামটো ঘূৰি আহিলে বেচি দিম বুলি?
(৪) অতি শেহতীয়া বজাৰৰ অৱস্থাই আপোনাৰ বিনিয়োগক নিয়ন্ত্ৰণ কৰে নেকি?
(৫) আপোনাৰ বন্ধুসকলে কৰা বিনিয়োগতকৈ আপোনাৰ বিনিয়োগ বেলেগ হোৱাটো আপুনি নিবিচাৰে৷ কাৰণ বন্ধুসকলে লাভ অৰ্জন কৰা সময়ত আপোনাৰ বিনিয়োগে লোকচানৰ মুখ দেখাটো আপোনাৰ সহ্য নহয়৷ লাগিলে বন্ধুৰ লগত একেলগে লোকচানেই হওক৷
(৬) লোকচানৰ আশংকা থাকিব পাৰে বুলি জানিলে আপুনি তেনে বিনিয়োগৰ লগত কেতিয়াও জড়িত নহয়৷ কিন্তু এবাৰ কেনেবাকৈ জড়িত হৈ লোকচানৰ মুখ দেখিলে পূৰ্বৰ লোকচানৰ ক্ষতিপূৰণ কৰিবলৈ অত্যধিক ক্ষতিভয় গ্ৰহণ কৰিবলৈ উদ্বাউল হৈ উঠে নেকি?
যদি ওপৰৰ প্ৰশ্নবোৰৰ এটাৰো উত্তৰ ধনাত্মক, তেন্তে আপুনিও আচৰণ সম্বন্ধীয় পক্ষপাতিতা (Behavioural Biasness) ৰ পৰা মুক্ত নহয়৷ আচৰণ সম্বন্ধীয় বিত্তৰ চৰ্চা আপোনাৰ বাবে এটা হেঁচুকনি হ’ব পাৰে আপুনি কঢ়িয়াই লৈ ফুৰা অযুক্তিকৰ ধাৰণাবোৰ বুজি পোৱাত৷ অনাগত দিনবোৰত এই বিষয়ে আমি আলোচনা কৰিম৷ তাৰ অংশ হিচাপে অহাবাৰ আমি চাবলৈ যত্ন কৰিম আমাৰ মনটোৱে কেনেদৰে চিন্তা কৰে৷
**********
( লেখাটো অসমীয়া প্ৰতিদিনত ২২ মে, ২০১৪ত প্ৰকাশ পাইছিল)
Leave a Reply