যিকোনো তথ্যক পক্ষপাতহীনভাৱে চালি-জাৰি চাই আমি সিদ্ধান্তলৈ অহা উচিত৷ এই কথাষাৰ আপুনি সমৰ্থন কৰেনে বুলি প্ৰশ্নৰ অৱতাৰণা কৰিলে আপুনি হয়তো বিৰক্তহে হ’ব৷ হয়, আপোনাৰ যুক্তিবাদী মনটোক মই শ্ৰদ্ধা কৰো৷ কিন্তু আপুনি যদিহে মোৰ দৰে এজন সাধাৰণ মানুহ তেন্তে আমি আক্রান্ত হ’ব পৰা এটা পক্ষপাতৰ বিষয়ে আজি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো৷ যাতে প্ৰয়োজনীয় সময়ত এবাৰ হ’লেও বিশ্লেষণ কৰি চাবলৈ সুবিধা পায় – ‘মোৰ এই সিদ্ধান্ত সেই বিশেষ পক্ষপাতৰ দ্বাৰা প্ৰৰোচিত নহয়তো?
মানুহ হিচাপে আমাৰ বিশ্বাসৰ ভেটি আমাৰ অভিজ্ঞতাত পুঞ্জীভূত হৈ থকা তথ্য৷ যদি নতুন তথ্যই আমাৰ বিশ্বাসক সমৰ্থন কৰে, তেনে তথ্যক আমি আনন্দ মনেৰে গ্ৰহণ কৰো৷ কিন্তু যেতিয়াই নতুন তথ্যই আমাৰ বিশ্বাসক সমৰ্থন নকৰে আমি অগ্ৰাহ্য কৰিবলৈ যত্ন কৰো তেনে নতুন তথ্যৰ গুৰুত্ব৷ এই প্ৰৱণতাটোক ইংৰাজীত ‘কনফাৰমেচন বায়াছ’ বুলি কোৱা হয়৷ অসমীয়াত আমি ক’ব পাৰো – ‘সমৰ্থন পক্ষপাত’৷ কথাটো এনেকৈও ক’ব পাৰি যে আমি মাত্ৰ সমৰ্থনকহে সহজে গ্ৰহণ কৰো৷
কথা-বাৰ্তাৰ ক্ষেত্ৰত বন্ধুৰ মাজত হোৱা মুখামুখিতেই হওক নাইবা ফে’চবুকজাতীয় আভাসী পৃথিৱীৰ সামাজিক মাধ্যমতেই হওক মন কৰিলে দেখিব বেছিভাগ সময়তে নতুন তথ্যখিনি আমাৰ বিশ্বাসৰ সমৰ্থনত আহিলে আমি আনন্দিত হওঁ৷ তাৰ ভিত্তিতে আমাৰ বিশ্বাস আৰু গভীৰ হয়৷ যদিহে তথ্যই আমাৰ বিশ্বাসৰ ভেটি লৰাও যেন কৰে বা বিপৰীতে গতি কৰে আমি বহু সময়ত গভীৰতালৈ নোযোৱাকৈয়ে তেনে তথ্যৰ বিশ্বাসযোগ্যতাৰ ওপৰতে প্ৰশ্নচিহ্ন লগাবলৈও কুন্ঠাবোধ নকৰো৷ দেখা যায় বহু সময়ত আকৌ এই পক্ষপাতত আক্রান্ত এজন মানুহে এটা ঘটনাক নিজে বিশ্বাস কৰাধৰণে ব্যাখ্যা কৰিবলৈকো পিচ নোহোঁহকে৷ এজন অন্ধবিশ্বাসীৰ কথাকে ধৰক৷ ঘটনা এটা ঘটি যোৱাৰ পাচত তাৰ কাৰণ নিজে বিশ্বাস কৰাধৰণে কাৰণটো সজাই ল’বলৈ তেওঁ তৎপৰ হৈ উঠে৷ একেদৰেই শিক্ষাৰ প্ৰভাৱ নপৰা সমাজ এখনত অন্ধবিশ্বাস দূৰীকৰণৰ ব্যৱস্থাবোৰক সেই ৰাইজে অবিশ্বাস কৰা বা তাক গ্ৰহণ কৰিব নোৱৰাৰ যি মানসিকতা তাকো এই সমৰ্থন পক্ষপাতৰ জৰিয়তে ব্যাখ্যা কৰিব পাৰি৷ কোনো সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰাৰ্থীসকলৰ বাবে সততে প্ৰযোজ্য হোৱা – ‘প্ৰথম ছাপেই শেষ ছাপ (First impression is the last impression)’ বোলা কথাষাৰতো সমৰ্থন পক্ষপাতৰ প্ৰভাৱেই বিদ্যমান৷ কিবা কাৰণত সাক্ষাৎ লওঁতাক যদি প্ৰাৰ্থীয়ে প্ৰথমেই বুদ্ধিদীপ্ততাৰে প্ৰভাৱান্বিত কৰিব নোৱাৰে, পিচৰ পৰ্যায়ত সাক্ষাৎ লওঁতাক তেওঁৰ প্ৰাথমিক ধাৰণাখিনিৰ পৰা মুক্ত কৰাটো কঠিন হ’বগৈ পাৰে৷
বিনিয়োগৰ পৃথিৱীতো এই পক্ষপাতৰ প্ৰভাৱ গভীৰ৷ বিনিয়োগকাৰী হিচাপে অৱতীৰ্ণ হওঁতে প্ৰায়ভাগ মানুহে বিচাৰি ফুৰে সেইবোৰ খবৰ, যিবোৰ তেওঁৰ ব্যক্তিগত বিশ্বাসক সমৰ্থন কৰে৷ তেওঁলোকে নস্যাৎ কৰে সেইবোৰ খবৰক, যিবোৰে তেওঁলোকৰ বিনিয়োগ বিশ্বাসক প্ৰত্যাহ্বান জনায়৷ উদাহৰণস্বৰূপে ইকুইটি বজাৰৰ কথাকে ধৰক৷ বজাৰ যেতিয়া ডুবি থাকে, সেই সময়ত আগতে বজাৰ ডুবাৰ সময়ত বিনিয়োগ অব্যাহত ৰখাৰ অভিজ্ঞতা নথকা ব্যক্তি এজন স্বাভাৱিকতে শংকিত হয়৷ বাতৰিকাকত, টিভি, চাহৰ আড্ডা সকলোতে সুলভ হৈ পৰা ঋণাত্মক কথা-বতৰাবোৰ ন-বিনিয়োগকাৰী এজনৰ বাবে তেওঁৰ তথ্য ভাণ্ডাৰৰ প্ৰাথমিক তথ্য হ’বলৈ ধৰে৷ অনিশ্চয়তাৰে ভৰা সেই পৰিবেশত লোকচানৰ আশংকা থকা সকলো বিনিয়োগৰ পৰা আঁতৰি অহিবলৈ মন যোৱাটো তেওঁৰ বাবে তেনেই স্বাভাৱিক প্ৰতিক্রিয়া৷ সেই সময়ত সেইবোৰ উপদেশ তেওঁৰ বাবে বেছি গ্ৰহণযোগ্য হয, যিবোৰে তেওঁক ইকুইটি বিনিয়োগৰ পৰা আঁতৰি আহিবলৈ উৎসাহ যোগায়৷ তেওঁ দেখা পায় যে গৰিষ্ঠসংখ্যক মানুহে ইকুইটিৰ লগত জড়িত সম্পদ বিক্রী কৰি ফিক্সড ডিপ’জিট, ইঞ্চুৰেন্সৰ ট্ৰেডিচনেল প্লেন কিনাটো উত্তম পন্থা বুলি বিবেচনা কৰিবলৈ লৈছে৷ কোম্পানীবোৰেও তেওঁলোকৰ সেই দিনবোৰত জনপ্ৰিয় হোৱা বিত্তীয় দ্ৰব্যৰ সমৰ্থনত অতি শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ঋণসম্পদ আৰু ইকুইটিৰ তুলনামূলক বিশ্লেষণ আগবঢ়ায়৷ (নাপাহৰিব, তেওঁলোক বিক্রেতা৷ গ্ৰাহকে কল বেয়া পালে কমলা আগবঢ়াই দিয়াটো বিক্রেতাৰ ধৰ্ম৷) সেই সময়ত ‘বজাৰ চিৰকাললৈ ডুবি নাথাকে’, ‘আপোনাৰ যদি হাতত সময় আছে বিনিয়োগ অব্যাহত ৰাখক’ আদি উপদেশবোৰ ঠগ-প্ৰৱঞ্চনাসদৃশ অনুভৱ হয়৷ কাৰণ এনেজাতীয় সোঁতৰ বিপৰীতে অৱস্থান লোৱা উপদেশবোৰে মানুহজনৰ ব্যক্তিগত অনুভৱক সমৰ্থন কৰা নাই৷
ইয়াৰ বিপৰীত ছবিখন বজাৰ তুংগত থকা অৱস্থাৰ৷ কিন্তু লক্ষ্য কৰক সমৰ্থন পক্ষপাতে সেই সময়তো কেনেদৰে ক্রিয়া কৰে৷ লাভৰ মুখ দেখিবলৈ পাই বহু বিনিয়োগকাৰী হৈ উঠে অত্যুৎসাহী৷ বিগত সময়ছোৱাত ইকুইটি বিনিয়োগে দেখুওৱা ফলাফলত তেওঁলোক হৈ পৰে সন্মোহিত৷ ইকুইটি বজাৰৰ সূচকাংক যিমানে ওপৰলৈ গতি কৰে, তেওঁলোকৰ উৎসাহো বৃদ্ধি পাই গৈ থাকে৷ আন সকলো ৰক্ষণশীল বিনিয়োগ, যেনে ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিটৰ পৰা টকা উলিয়াই ইকুইটিত বিনিয়োগ কৰিবলৈ উদবাউল হৈ উঠে৷ ইকুইটি বজাৰৰ মূল্যায়নত ব্যৱহাৰ হোৱা ‘প্ৰাইচ আৰ্নিং’ৰ দৰে অনুপাতবোৰে তেওঁলোকক সতৰ্ক কৰিব নোৱৰা হৈ আহে৷ ২০০৭ চনৰ দৰে ইকুইটি বজাৰ তুংগত থকা দিনবোৰত এনে উত্থান অনাগত ২০-২৫ বছৰলৈ এইদৰেই অব্যাহত থাকিব বুলি বিশ্বাস কৰা মানুহৰ সংখ্যা তেনেই কম নাছিল৷ সতৰ্কবাণী, বিত্তীয় নিয়মাণৱৰ্তিতা সেইবোৰ সময়ত অতি বিৰক্তিদায়ক উপদেশ৷ কাৰণ ধনাত্মক খবৰবোৰ বতাহত উৰি ফুৰিছিল আৰু সেইবোৰে মানুহৰ বিশ্বাসৰ প্ৰাথমিক তথ্যবোৰৰ সমৰ্থন কৰিছিল৷ মানুহৰ মুখে মুখে কেৱল ৰিটাৰ্ন বা ফলৰ কথা৷ অমুক ফাণ্ডে যোৱা এবছৰত ইমান ফল দিছে, তমুক ষ্টকটোৱে ইমান দিছে ইত্যাদি ইত্যাদি৷ বিগত দুই-তিনি বছৰৰ অভিজ্ঞতাৰ ভিত্তিত নির্মাণ হোৱা মানুহৰ প্ৰত্যাশাত তিনি বছৰত টকা দুগুণ হোৱাটো যেন তেনেই সাধাৰণ কথা৷ ৰিস্ক বা ক্ষতিভয়ৰ কথা পাতিবলৈ বা বুজিবলৈ কাৰো সময় নাই৷ উছাহৰ সময়ত এনে লাগে সেইবোৰ যেন তেনেই অলাগতিয়াল কথা৷ দুৰ্ভাগ্য, অকল ধনাত্মক তথ্যক বিশ্বাসযোগ্য বুলি ভাবি আগবঢ়া বহুজন সৰ্বস্বান্ত হ’বলগা হৈছিল ২০০৮ চনৰ জানুৱাৰীৰ পিচৰ সময়ছোৱাত৷ বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিশ্বাসৰ বিপৰীতে অহা তথ্যসমূহ নিৰপেক্ষভাৱে বিশ্লেষণ কৰিব নোৱৰাটো তেওঁলোকৰ সেই দুৰ্ভাগ্যৰ অন্যতম প্ৰধান কাৰণ আছিল৷
কাকতালীয়ভাৱে এই লেখাটো যুগুতাই থকা অৱস্থাত এজন পাঠকৰ লগত হোৱা কথা-বতৰাত যেন এই ‘সমৰ্থন পক্ষপাত’কেই দেখা পালো৷ ব্যক্তিজন পেছাত শিক্ষক৷ তেওঁ ইকুইটি বিনিয়োগৰ বিষয়ে জানিব বিচাৰে৷ কথা পাতি এনে লাগিল ইকুইটি সম্পদ শ্ৰেণীটোৰ সম্বন্ধে তেওঁৰ প্ৰাথমিক ধাৰণাখিনি এতিয়ালৈকে গঢ় লৈ উঠা নাই৷ মই সুধিলো – আপোনাৰ হাতত অন্ততঃ ১০ বছৰ সময় আছে নে নাই? উত্থান-পতনৰ মাজেৰে ইকুইটি বিনিয়োগত লাভৱান হ’বলৈ হ’লে আপুনি সময় দিয়াৰ প্ৰয়োজন হ’ব৷ সেইবাবেই ইকুইটিক দীৰ্ঘম্যাদী বিনিয়োগৰ বাবেহে উপযোগী বিত্তীয় সম্পদ বুলি গণ্য কৰা হয়৷ তেওঁক সুধি গম পালো যে তেওঁৰ আগে ইকুইটিত বিনিয়োগ কৰাৰো অভিজ্ঞতাও নাই৷ সেয়ে ক’লো প্ৰথমে মিউচুৱেল ফাণ্ডৰ জৰিয়তে ইকুইটিত বিনিয়োগ কৰাই আপোনাৰ বাবে ভাল হ’ব৷ চিপ পদ্ধতিৰে অন্ততঃ দহ বছৰৰ পিচৰ বিত্তীয় লক্ষ্যৰ কথা ভাবি ভাল ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ মোৰ ৰক্ষণশীল কথা-বতৰাত বৰ পতিয়ন নোযোৱা যেন পাই কথা আগবঢ়াওঁতে গম পালো তেওঁ সদ্যহতে ইকুইটি বিনিয়োগ বিষয়ক কৰ্মশালা এখনত ভাগ লৈছিল৷ য’ত তেওঁক ডিমেট একাউণ্ট খুলি প্ৰতক্ষ্যভাৱে কোম্পানীৰ শ্বেয়াৰ আদিত বিনিয়োগ তথা বেপাৰ (ট্ৰেডিং) কৰাৰ বিভিন্ন কৌশল শিকাইছিল৷ এতিয়া সেই ব্যক্তিজনৰ মোৰ কথাবোৰ ভাল নলগাত সমৰ্থন পক্ষপাতৰ ভূমিকা কেনেকুৱা তাক চাওঁ আহক – প্ৰথম কথা, বৰ্তমান বজাৰৰ অৱস্থা, বাতৰিকাকত-টিভিযোগে প্ৰচাৰ হৈ থকা ধনাত্মক কথাবোৰে তেওঁক ইতিমধ্যে আশাবাদী কৰি তুলিছে৷ দ্বিতীয়তে কৰ্মশালাৰ ধনাত্মক কথা-বতৰাবোৰে তেওঁৰ বিশ্বাসৰ সপক্ষে ক্রিয়া কৰিলে৷ সেয়ে মনঃপূত হ’ল৷ কিন্তু মোৰ ৰক্ষণশীল কথাবোৰে তেওঁৰ প্ৰত্যাশাক পিচলৈ টানিলে৷ যি কাৰণত মোৰ কথাবোৰে তেওঁক সুখী কৰিব নোৱাৰিলে৷ সম্পূৰ্ণ সম্ভাৱনা আছে মোৰ উপদেশ তেওঁৰ তথ্য ভাণ্ডাৰত স্থান নোপোৱাৰ৷ বিনিয়োগৰ লগত জড়িত এজন হিচাপে প্ৰায়ে অনুভৱ কৰো কাৰোবাৰ বিশ্বাসৰ বিপৰীতে থকা তথ্যবোৰ তেওঁৰ ওচৰত গ্ৰহণযোগ্য কৰি তোলাটো কিমান প্ৰত্যাহ্বানজনক৷ এনে পৰিস্থিতিত মই প্ৰায় সোধা এটা প্ৰশ্ন হ’ল – ‘আপুনি বাৰু মোৰ কথাবোৰ কেনে হোৱাটো বিচাৰে? আপুনি শুনি ভাল পোৱা নে আপোনাৰ প্ৰকৃততে ভাল হোৱা?’ মই এটা কথা জানো যে হ্ৰস্বম্যাদত বজাৰৰ গতি কি হ’ব, মই তাক সঠিককৈ নাজানো৷ সেইবাবেই বজাৰৰ ভালৰ দিনতেই হওক বা বেয়া দিনতেই হওক ব্যক্তিগত বিত্তীয় পৰিকল্পনাত ইকুইটিক কম সময়ৰ বিনিয়োগৰ বাবে উপযোগী সম্পদশ্ৰেণী বুলি মই নাভাবো৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ২৭ আৰু ২৮ আগষ্ট, ২০১৫ত দুটি খণ্ডত প্ৰকাশ পাইছিল)
Leave a Reply