কোনো দীঘলীয়া ভ্ৰমণত ওলোৱাৰ প্ৰাকমুহূৰ্তত আপুনি বাৰু কোনকেইটা কথা জনাটো গুৰুত্বপূৰ্ণ? লক্ষ্যলৈ দূৰত্ব, নিৰ্বাচিত বাহনখন, সেই বাহনখনে যাত্ৰাত ল’ব পৰা সম্ভাব্য গতিবেগ, প্ৰয়োজন হ’ব পৰা সময়, গাড়ীখন নিজৰ হ’লে ইন্ধনৰ খৰচ বা আনৰ হ’লে ভাড়া ইত্যাদি ইত্যাদি৷ এনেধৰণৰ কথাবোৰ পৰ্যালোচনা নকৰাকৈ আপুনি নিশ্চয় ভ্ৰমণসূচী নবনায়৷ আনকি যাত্ৰা পথৰ মাজতো লক্ষ্য কৰিব আপুনি কিমান আগুৱালে আৰু কিমান বাকী আছে৷ ঠিক একেদৰে আপোনাৰ ভৱিষ্যতৰ বিত্তীয় প্ৰয়োজনবোৰলৈ বুলি লক্ষ্য কৰি আগবঢ়া যাত্ৰাতো এনেধৰণৰ সতৰ্কতা প্ৰদৰ্শন কৰেনে? কৰাটো প্ৰয়োজন, মংগলজনক৷ বীমা আৰু বিনিয়োগৰ জৰিয়তে এই বিত্তীয় যাত্ৰাত সুফল পাবলৈ কৰা চিন্তা-চৰ্চাকে থোৰতে আপুনি বিত্তীয় পৰিকল্পনা বুলিব পাৰে৷ সেয়ে এই পৰিকল্পনাক আপোনাৰ বিত্তীয় যাত্ৰা পথৰ মানচিত্ৰ (Road Map)বুলিও ক’ব পাৰে৷
যদিহে পৰিয়ালত আপোনাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি আছে, তেন্তে প্ৰথমেই আপোনাক প্ৰয়োজন হ’ব জীৱন বীমাৰ৷ জীৱন বীমাৰ আৱেষ্টনীৰ সংখ্যাটো (Sum Assured বা Cover) এনে হ’ব লাগে যাতে আপোনাৰ অবৰ্তমানতো আপোনাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীলসকলে আৰ্থিক অসুবিধা নোপোৱাকৈ জীৱনৰ বাটত আগুৱাই যাব পাৰে৷ টাৰ্ম বীমা এই ক্ষেত্ৰত আটাইতকৈ ভাল সমাধান৷ যি আপোনাক জীৱন বীমাৰ প্ৰকৃত উপকাৰ দিয়াৰ লগতে বিনিয়োগক বীমাৰ পৰা আঁতৰাই ৰাখিবলৈ সুযোগ দিয়ে৷ ব্যক্তিগতভাৱে মই বিনিয়োগক বীমাৰ লগত সংযুক্ত হৈ থকাটো সুচল বুলি নাভাবো৷ বিনিয়োগ বেয়া বুলি প্ৰমাণ হ’লে তাৰ পৰা ওলাই বেলেগ ভাল বিকল্প নিৰ্বাচন কৰিবলৈ সুযোগ থকা উচিত৷ কিন্তু বীমা জড়িত হৈ থাকিলে পূৰ্ব নিৰ্ধাৰিত সময়তকৈ আগতে আঁচনি বন্ধ কৰিব খুজিলে অতিৰিক্ত খৰচ বহন কৰাৰ লগতে চলি থকা জীৱন বীমাৰ পৰাও বঞ্চিত হ’বলগীয়া হয় আঁচনি কিনোতাজনে৷ যিটো সুবিধাজনক বুলিব নোৱাৰি৷ কোৱা বাহুল্য যে আপোনাৰ সম্পদ বাঢ়ি অহা তথা সংসাৰৰ দায়িত্ব কমি যোৱাৰ লগে লগে জীৱন বীমা আৱেষ্টনীৰ প্ৰয়োজনীয় সংখ্যাটোৰ পৰিমাণ কমি আহিব৷
স্বাস্থ্যবীমা আন এটা অত্যাৱশ্যকীয় বীমা যাক নকৰাকৈ জীৱনৰ বাটত আগবঢ়াটো আজিৰ দিনত বিপজ্জনক৷ দিনে দিনে খৰচী হৈ গৈ থকা চিকিৎসা ব্যয়ে আপোনাক যিকোনো মুহূৰ্ততে ব্যতিব্যস্ত কৰিব পাৰে যদিহে এটা যথাযথ স্বাস্থ্য বীমাৰে আপোনাৰ পৰিয়াল পৰিবেষ্টিত হৈ নাথাকে৷ ধৰক ঘৰখনৰ সদস্য এজন অসুস্থ হৈ হস্পিতালত ভৰ্তি হ’ব লগা হৈছে৷ আপুনি যথেষ্ট উদ্বিগ্ন৷ সেই সময়ত আপুনি ৰোগীজনে ভাল চিকিৎসা পোৱাৰ বাবে ব্যস্ত হোৱাৰ পৰিবৰ্তে টকা যোগাৰ কৰিবলৈ যত্ন কৰি থাকিবলগীয়া হোৱাটো যথেষ্ট পীড়াদায়ক৷ ইয়াৰ উপৰিও দুৰ্ঘটনা বীমা আৰু সংকটজনক অসুস্থতা (Critical Illness) আদি বীমাৰ জৰিয়তে সময়ত প্ৰয়োজনীয় সকাহ পাবলৈ যত্ন কৰাটো বিত্তীয় পৰিকল্পনাৰ একোটা গুৰুত্বপূৰ্ণ অংগ৷
বিশেষ লক্ষ্যক উদ্দেশ্যী বিনিয়োগ কৰাৰ পূৰ্বে এটা আপদকালীন পুঁজি (Contingency Fund) গঠন কৰাতো অতীব প্ৰয়োজন৷ সাধাৰণতে দেখা যায় ঘৰখনত কিবা এটা বিপদ হ’লেই এনে পুঁজি গঠন নকৰিলে আন লক্ষ্যলৈ বুলি ভাবি চলাই থকা বিনিয়োগবোৰ অকালতে ভাঙিব লগাত পৰে৷ বহুসময়ত একমাত্ৰ এইটো কাৰণতেই লক্ষ্য আধাৰিত বিনিয়োগও কক্ষচ্যুত হৈ পৰে৷ সাধাৰণ অৱস্থাত এজন চাকৰিয়াল মানুহে ঘৰুৱা মুঠ খৰচৰ অন্ততঃ তিনিৰ পৰা ছগুণ টকা লাগ বুলিলেই পাব পৰা অৱস্থাত ৰাখিব লাগে৷ এনে কৰাৰ অৰ্থ হ’ল কিবা কাৰণ ব্যক্তিজন তিনিৰ পৰা ছমাহলৈ বেতনহীন হৈ পৰিলেও তেওঁৰ ঘৰখন নিয়াৰিকৈ চলি থাকিব৷ যিসকলে ভাবে যে নতুন চাকৰি এটা যোগাৰ কৰিবলৈ ইয়াতকৈ অধিক মাহৰ আৱশ্যক হ’ব, তেওঁলোকে মাহেকীয়া খৰচক সেই মাহৰ সংখ্যাটোৰে পূৰণ কৰি পৰিমাণটো নিৰ্ধাৰণ কৰক৷
বিত্তীয় লক্ষ্য বুলিলে সাধাৰণতে প্ৰায় সকলোৰে জীৱনত প্ৰয়োজন হোৱা কেইটামান হ’ল – অৱসৰ পৰিকল্পনা, সন্তানৰ উচ্চ শিক্ষা তথা বিয়া-বাৰু, গৃহ নিৰ্মাণ বা ক্রয় ইত্যাদি ইত্যাদি৷ ইয়াত সংক্ষেপে প্ৰথম দুটাৰ বিষয়ে কিছু কথা ক’বলৈ ওলাইছো যাতে আপুনি ব্যক্তিগত পৰিকল্পনাত কিছু চিন্তাৰ খোৰাক পায়৷
অৱসৰ পৰিকল্পনা :– যিদিনা আপুনি অৱসৰ ল’ব সেইদিনাৰ পৰা জীৱনৰ শেষ দিনটোলৈকে চলিবলৈ আপোনাক যিমানখিনি টকাৰ প্ৰয়োজন হ’ব সেইখিনি টকা অৱসৰৰ পূৰ্বে আহৰণ কৰা আৰু অৱসৰৰ পাচতো পৰিস্থিতি পৰিবেশলৈ লক্ষ্য ৰাখি খৰচ কৰাতো অৱসৰ পৰিকল্পনাত পৰে৷ অৱসৰৰ পূৰ্বে এজন মানুহক লক্ষ্যৰ অংকটো আহৰণ কৰিবলৈ যাওঁতে চাব লগীয়া কথাকেইটামান হ’ল – সম্ভাব্য মুদ্ৰাস্ফীতি, অৱসৰকালত প্ৰয়োজনীয় সম্ভাব্য মাহেকীয়া খৰচ, মুঠ হিচাপে প্ৰয়োজন হ’ব পৰা খৰচবোৰ ইত্যাদি ইত্যাদি৷ ভৱিষ্যতৰ মুদ্ৰাস্ফীতিক আমাৰ ঐতিহাসিক তথ্যৰ ভিত্তিত ধাৰণাহে কৰিব পাৰো আৰু সেয়া মই ব্যক্তিগতভাৱে বাৰ্ষিক ৮ শতাংশতকৈ কম হ’ব বুলি আজিৰ তাৰিখত নাভাবো৷ ধৰক আপুনি ভাবিছে আজিৰ তাৰিখৰ ৫০ হেজাৰ টকীয়া মাহেকীয়া খৰচ আপোনাৰ অৱসৰ জীৱনত থাকিব৷ তেন্তে প্ৰথমে লক্ষ্য কৰক সেই টকা মুদ্ৰাস্ফীতিৰ হাৰত বঢ়াই নিলে আপোনাৰ অৱসৰৰ প্ৰথম মাহটোত কিমান লাগিব? যদি আজিৰ তাৰিখত আপোনাৰ বয়স ৩৫, আপোনাৰ ৬০ বছৰ বয়সত সংখ্যাটো হ’ব ৩,৪২,৪২৪ টকা৷ অৰ্থাৎ অৱসৰৰ প্ৰথম বছৰটোত আপোনাক ৩,৪২,৪২৪×১২ =৪১,০৯,০৮৮ টকা প্ৰয়োজন হ’ব৷ ধৰা হওঁক আপুনি য’ত জমা কৰিব তাত ৮ শতাংশ ফল পাব আৰু সেই বছৰবোৰতো বাৰ্ষিক ৮ শতাংশ হাৰত মুদ্ৰাস্ফীতি অব্যাহত থাকিব৷ এতিয়া আপুনি যদি ৩০ বছৰীয়া অৱসৰ জীৱন এটাৰ মাহেকীয়া খৰচৰ কাৰণে সাজু হ’ব বিচাৰে তেন্তে অংকটো সৰল কৰাৰ স্বাৰ্থত আমি ক’ব পাৰো যে মাহেকীয়া খৰচৰ বাবে আপোনাক ৪১,০৯,০৮৮×৩০=১২,৩২,৭২,৬৪০/- টকা ২০৪১ চনত লাগিব৷ মনত ৰাখিব অৱসৰ জীৱনত অকল মাহেকীয়া খৰচেই নাথাকে, মুঠকৈ হ’বলগীয়া কিছুমান খৰচৰ কথাও আহিব৷ যেনে – সেই ৩০ বছৰত আপোনাক অন্ততঃ ৩-৪ খন গাড়ীৰ প্ৰয়োজন হ’ব (এখন গাড়ীৰ জীৱন কাল ৮-১০ বছৰ বুলি ধৰিলে), সেই ৩০ বছৰত ঘৰটোৰ মেৰামতিৰ কথাও থাকিব, চিকিৎসাজনিত খৰচৰ বাবেও নিজৰ পুঁজি শকত কৰা ভাল, ভ্ৰমণৰ নামতো এই পুঁজি নিশ্চয় লাগিব৷ এনেজাতীয় খৰচবোৰৰ বাবেও টকা অৱসৰৰ পূৰ্বে আপুনি আহৰণ কৰিব লাগিব৷
যিসকল ব্যক্তিয়ে এইটো লক্ষ্যৰ বাবে বিনিয়োগ যাত্ৰা ইতিমধ্যেই আৰম্ভ কৰি দিছে, তেখেতসকলে চাব লগা কথাটো হ’ল তেওঁলোকৰ বিনিয়োগে ঈপ্সিত লক্ষ্যত উপনীত কৰাবগৈ পাৰিবনে? যদি নোৱাৰে কিমান কম হৈ আছে যিখিনিৰ বাবে নতুনকৈ বিনিয়োগ কৰাৰ প্ৰয়োজন হ’ব? নিয়মিতভাৱে নিজৰ অগ্ৰগতিৰ খতিয়ান লৈ আগুৱাই গৈ থকাত গুৰুত্ব দিব লাগে৷
সন্তানৰ বাবে পৰিকল্পনা:– মূলতঃ দুটা উপভাগ থাকে সন্তানৰ বাবে কৰা বিত্তীয় পৰিকল্পনাত৷ উচ্চ শিক্ষা আৰু বিয়া৷ প্ৰায় প্ৰত্যেক পিতৃ-মাতৃয়ে এই দিশ দুটাৰ প্ৰতি সজাগ৷ কিন্তু ইয়াতো গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি কেনেধৰণে সাজু হ’ব বিচাৰে৷ প্ৰথমে চাওক যিধৰণৰ উচ্চ শিক্ষাত আপোনাৰ সন্তানক আপুনি আৰ্থিক সহায় কৰিব খোজে, তেনেধৰণৰ উচ্চ শিক্ষা আজিৰ দিনত কিমান খৰচী? ধৰা হওক সংখ্যাটো ২০ লাখ৷ এতিয়া আকৌ সম্ভাব্য মুদ্ৰাস্ফীতিৰ কথা আহিব পূৰ্বৰ দৰে৷ কিন্তু এটা পাৰ্থক্য আছে এইবাৰ৷ ভাৰতত দুটা শিতানৰ মুদ্ৰাস্ফীতি সাধাৰণ মুদ্ৰাস্ফীতিতকৈ বেছি৷ সেই শিতান দুটা হৈছে উচ্চ শিক্ষা আৰু স্বাস্থ্য৷ এই শিতান দুটা যিমানেই ব্যক্তিগতকৰণ হৈছে খৰচ বৃদ্ধিৰ হাৰো বাঢ়িছে তীব্ৰ গতিত৷ সেয়ে সাধাৰণতে ধৰা মুদ্ৰাস্ফীতিৰ ডেৰ গুণ ইয়াত ধৰা ভাল৷ সেই হিচাপত ১২ শতাংশ গ্ৰহণীয়৷ ইয়াক বেছি যেন লাগি কমাব খুজিলেও ১০ শতাংশৰ তলত যে নধৰিবই৷ এতিয়া সেই হিচাপত আমাৰ অংকটো কৰো আহক৷ আজিৰ দুই বছৰীয়া ছোৱালী এজনীক ১৬ বছৰৰ পাচত অৰ্থাৎ তাইৰ ১৮ বছৰ বয়সত আজিৰ ২০ লাখ টকাৰে উচ্চ শিক্ষাত সহায় কৰিবলৈ হ’লে আপোনাক তেতিয়া প্ৰয়োজন হ’ব – ৯১,৮৯,৯৪৬ টকা (মুদ্ৰাস্ফীতি ১০ শতাংশ ধৰিছো)৷ এইটোৱেই আপোনাৰ লক্ষ্য৷ সময়ৰ জোখেৰে যি ১৬ বছৰ দূৰত আছে৷ ইয়াৰ ওপৰিও এই লক্ষ্যৰ বৰ্তমান মূল্য অৰ্থাৎ ২০ লাখ টকা আপোনাৰ সামগ্ৰিক টাৰ্ম বীমা আৱেষ্টনীত এটা অংশ হিচাপে সোমাই থকা উচিত৷ যাতে আপোনাৰ অবৰ্তমানতো সন্তানৰ শৈক্ষিক লক্ষ্যত উপনীত হ’ব পৰা যায়৷ বিয়া-বাৰুৰ ক্ষেত্ৰটো অংকটো প্ৰায় একেই৷ মাত্ৰ এইবাৰ মুদ্ৰাস্ফীতিক আমি সাধাৰণ হাৰত অৰ্থাৎ ৮ শতাংশ ধৰিম৷
এতিয়া কথা হ’ল ক’ত বিনিয়োগ কৰিব? শ-শ আঁচনিৰ মাজৰ পৰা আপোনাৰ বাবে উপযোগী কেইখন কেনেকৈ নিৰ্বাচন বা নিৰ্মাণ কৰিব? এই লেখাটোৰ উদ্দেশ্য যিহেতু বিত্তীয় পৰিকল্পনাৰ ধাৰণা এটা দিয়াহে সেয়ে এই সম্পৰ্কে —- চমু কৰিম৷ তদুপৰি কোনোবাখন আঁচনি এজনৰ বাবে উপযোগী হ’লেও আন এজনৰ বাবেও সমানে উপযোগী হ’ব বুলিব নোৱাৰি৷ ৰিটাৰ্নৰ প্ৰত্যাশা, ৰিস্কক বুজা তথা সহিব পৰাটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ উঠে৷ প্ৰথমেই লক্ষ্য কৰক আঁচনিখনত কি উপাদান কিমান পৰিমাণে আছে৷ অৰ্থাৎ ইকুইটি আৰু ঋণ সম্পদৰ পৰিমাণ কিমান৷ ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্কটো সমানুপাতিক৷ বেছি ৰিটাৰ্নৰ প্ৰত্যাশাত বজাৰ কেন্দ্ৰিক ৰিস্কো বাঢ়িব৷ সাধাৰণতে দীৰ্ঘম্যাদী লক্ষ্যবোৰৰ বাবে কৰা বিনিয়োগক আমি বজাৰ কেন্দ্ৰিক ৰিস্ক বেছি পৰিমাণে গ্ৰহণ কৰিব পাৰো৷ সেয়ে ভাল ৰিটাৰ্নৰ স্বাৰ্থত ইকুইটি দীৰ্ঘম্যাদী আঁচনিত থকাটো অপৰিহাৰ্য৷ ইয়াৰ বিপৰীতে হ্ৰস্বম্যাদী লক্ষ্যত ইকুইটি সুবিধাজনক নহয়৷ সেয়ে আমি এনে লক্ষ্যলৈ আগবাঢ়োতে ঋণ সম্পদত প্ৰাধান্য দিব লাগে৷ মন কৰিব, এই ক্ষেত্ৰত আমি বজাৰ কেন্দ্ৰিক পতনৰ ৰিস্ক কমাবলৈ চেষ্টা কৰিছো, সেয়ে ৰিটাৰ্নৰ আশাও কম হোৱা উচিত৷ সাধাৰণতে মই সময়ৰ ফালৰ পৰা তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰৰ লক্ষ্যবোৰক হ্ৰস্বম্যাদী, ১০ বছৰতকৈ দূৰৰ লক্ষ্যবোৰক দীৰ্ঘম্যাদী আৰু এই দুয়োটাৰে মাজৰবোৰক মধ্যম্যাদী বুলি কওঁ৷ মিউচুৱেল ফাণ্ড, বণ্ড, বেংকৰ ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট, পি পি এফ, পষ্ট অফিচৰ বিভিন্ন আঁচনি আদিৰ জৰিয়তে আপোনাৰ বিনিয়োগক সজাওক৷
Jitumani talukdar says
Bhaskar da , please write a article on term insurance of life insurance.
Bhaskar Jyoti Baruah says
জীৱন বীমা বিষয়ক লেখা এটা প্ৰতিদিনত প্ৰকাশ পাইছিল। ইয়াত দিম বাৰু।