ঘৰৰ পর্দাকেইখন পুৰণি হ’ল বুলি পত্নীয়ে আপোনাক বহু দিনৰ পৰাই কাণ চুৱাই আছে৷ আপুনিও অনুভৱ কৰিছে – এৰা, প্ৰায় ৮-১০ বছৰমানেই হ’ল দেখোন, আনহে নালাগে ড্ৰয়িংৰুমৰ পৰ্দাকেইখনো সলনি হোৱা নাই৷ ৰাতিপুৱাৰ চাহৰ টেবুলতে ককৰ্থনাৰ সুৰত কথাটো আকৌ শুনিবলগা হোৱাত আপুনি ঠিক কৰিলে আজিয়েই দোকানলৈ যোৱা হওক৷ আবেলি আনৰ মুখত ভাল বুলি শুনি থকা নতুন ফাৰ্নিছিঙৰ দোকানখনলৈ আপুনি সপত্নীক ওলাল৷ দোকানত ৰং-বিৰঙৰ নানা তৰহৰ পৰ্দাৰ কাপোৰ ওলমি আছে৷ আপোনালোক দুয়োৰে পছন্দ হোৱা কাপোৰৰ ঠাক এটালৈ আঙুলিয়াই দোকানীক সুধিলে – মিটাৰত কিমান? দোকানীয়ে দাম এটা ক’লে৷ আপুনি বহুদিন পৰ্দাৰ কাপোৰ কিনা নাই বা দোকানখনত সোমোৱাৰ আগতে বেলেগত সোধা-পোছা কৰি দামৰ ধাৰণা এটাও কৰি অহা নহ’ল৷ এক কথাত আপুনি নাজানে প্ৰকৃততে তেনেকুৱা ধৰণৰ পৰ্দা কাপোৰৰ দাম কিমান হোৱা উচিত৷ কিন্তু দোকানীৰ কথা-বাৰ্তাৰ পৰা এটা কথা ঠিক বুজিছে যে এইখন ‘ফিক্সড দাম’ৰ দোকান নহয়৷ কিমান দাম কমাব আপুনি? ১০ শতাংশ? ২০ শতাংশ? এতিয়া আন এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন৷ ধৰক, দোকানীজনে আপোনাক এই অলপ আগতে কোৱা দামতকৈ ২০ শতাংশ কমকৈ যদি ক’লেহেঁতেন, আপুনি বাৰু সেই দামত সন্তুষ্ট হ’ব পাৰিলেহেঁতেননে? হয়তো আনসকলৰ দৰে আপুনিও সন্তুষ্ট হ’ব নোৱাৰিলে হয়৷ তেতিয়াও আপুনি দিব খোজা দামটো দোকানীয়ে বিচৰা দামতকৈ এতিয়াৰ দৰে ১০ শতাংশ, ২০ শতাংশ বা আপুনি ভবাধৰণে কম নহ’লহেঁতেননে? আচলতে আপুনি কমাব বিচৰা দামটো নিৰ্ভৰ কৰিছে দোকানীয়ে কোৱা দামটোৰ ওপৰত৷ ইয়াকে আচৰণ সম্বন্ধীয় মনোবিজ্ঞানত কোৱা হয় এংকৰিং এণ্ড-এডজাষ্টমেণ্ট৷ অসমীয়াত কিজানি হ’ব লংগৰ পেলোৱা আৰু ঠিক-ঠাক কৰা৷ আপোনাৰ মন জাহাজৰ লংগৰ পৰিল দোকানীয়ে কোৱা দামটোতে আৰু তাৰ পিচত আপুনি সেই দামকে ভিত্তি হিচাপে লৈ এটা সিদ্ধান্তলৈ আহিবলৈ চেষ্টাহে কৰিছে মাত্ৰ৷ দাম-দৰ চলা বহু দোকানত দোকানীয়ে উদ্ভট দাম এটা মতাৰ উদ্দেশ্য এটাই – যাতে আপোনাৰ লংগৰ সেই দামটোতে পৰে আৰু আপুনি কমাব বিচৰা দামটো পিছলি বৰ তললৈ নাহে৷ যি কথা নিশ্চয় আপুনিও নুবুজা নহয়৷ আন এটা উদাহৰণ লওক৷ আপুনি বাৰু বিভিন্ন গাড়ী কোম্পানীৰ টেষ্ট ড্ৰাইভৰ বাবে ৰখা নতুন গাড়ীকেইখনলৈ মন কৰিছেনে? চাব, সেইবিলাক সদায়ে উচ্চতম মডেলটোৰ গাড়ী৷ কোম্পানীয়ে বিচাৰে আপুনি যেতিয়া চলাব তেতিয়া লংগৰটো যেন সেই মডেলটোতে পৰে৷ সেইখন চলোৱাৰ পিচত বা তাত থকা সা-সুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পিচত সৰ্বাধিক সম্ভাৱনা আছে, আপুনি সেই মডেলটোৱেই নিৰ্বাচন কৰিব৷ আপোনাৰ লংগৰটো যদি এবাৰ পৰি যায় দামৰ কথা চিন্তা কৰিলেও খুব বেছি তাৰ পিচৰটো মডেলতকৈ তললৈ আপুনি নামিব নোৱাৰিব কিজানি৷ এয়া এক কৌশল উচ্চতম মডেলৰ গাড়ীৰ প্ৰতি আপোনাক আকৰ্ষিত কৰাৰ৷
১৯৭৪ চনত এম’ছ টিভার্স্কি আৰু ডেনিয়েল কাহ্নেমেনে প্ৰথম এই লংগৰ পেলোৱা আৰু তাৰ পিচত ঠিক-ঠাক কৰাৰ মানুহৰ প্ৰৱণতাটোৰ সম্বন্ধে ব্যাখ্যা আগবঢ়ায়৷ তেওঁলোকৰ এই সম্পৰ্কীয় অধ্যয়নটো কৰিছিল ‘ইউনিভাৰছিটি অব্ অৰেগান’ৰ ছাত্ৰ এখিনিক লৈ৷ তেওঁলোকে কেছিন’ত ব্যৱহাৰ হোৱা ভাগ্য চকৰি (ৰোলেট) এটা এনেদৰে নিয়ন্ত্ৰণ কৰিলে, যাতে চকৰিৰ যতিচিহ্ন ৰৈ গৈ মাত্ৰ ১০ আৰু ৬৫ সংখ্যা দুটাৰ যিকোনো এটাতহে৷ অধ্যয়নটোত ভাগ লোৱা ছাত্ৰসকলক কোৱা হ’ল সেই চকৰিটো ঘূৰাবলৈ আৰু উত্তৰটো লিপিবদ্ধ কৰিবলৈ৷ নিশ্চিতভাৱে ছাত্ৰসকলে টুকি লোৱা নম্বৰটো হয় ১০ নহয় ৬৫৷ ইয়াৰ পাচত দুটা প্ৰশ্ন তেওঁলোকলৈ আগবঢ়োৱা হ’ল –
(১) ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য দেশৰ ভিতৰত আফ্ৰিকীয় দেশৰ সংখ্যা শতাংশৰ হিচাপত এই লিপিবদ্ধ হোৱা সংখ্যাটোতকৈ বেছি নে কম?
(২) তোমাৰ সৰ্বশ্ৰেষ্ঠ অনুমান অনুসৰি সেই শতাংশৰ সংখ্যাটো কিমান?
আচলতে ভাগ্য চকৰিয়ে নিৰ্দেশনা কৰা সংখ্যাৰ লগত এই প্ৰশ্ন দুটাৰ কোনো সম্পৰ্কই নাই৷ অথচ ছাত্ৰসকলৰ উত্তৰে ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰিলে৷ যিসকল ছাত্ৰৰ চকৰি ১০ ত ৰৈছিল, তেওঁলোকৰ গড় উত্তৰ আছিল ২৫ শতাংশ, অৰ্থাৎ তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘৰ ২৫ শতাংশ দেশ আফ্ৰিকা মহাদেশৰ৷ আনহাতে যিসকলৰ চকৰি ৰৈছিল ৬৫ ত, সেইসকলৰ গড় উত্তৰ আছিল ৪৫ শতাংশ৷ চকৰি ঘূৰাবলৈ দি উত্তৰ লিপিবদ্ধ কৰোৱাৰ জৰিয়তে ছাত্ৰসকলৰ মন জাহাজৰ লংগৰ পেলাবলৈ যত্ন কৰা হৈছিল সেই বিশেষ সংখ্যা দুটাত৷ ঠিক একেই সুৰতে মই যদি আপোনাক সোধো চীনৰ বেইজিং আৰু স্বামেন(Xiamen) চহৰৰ মাজৰ দূৰত্ব ৩০০ কিলোমিটাৰৰ বেছি নে কম, যদিহে আপোনাৰ ধাৰণা নাই, আপুনি অনুমানৰ ভিত্তিত উত্তৰ এটা দিব যেনিবা৷ কিন্তু একে সময়তে এই ৩০০ সংখ্যাটোৱে আপোনাৰ মনত প্ৰথম তথ্য হিচাপে প্ৰয়োজনতকৈ বেছি গভীৰভাৱে ৰেখাপাত কৰিব৷ পৰৱৰ্তী প্ৰশ্নটো যদি সেই দূৰত্ব কিমান বুলি মই সোধো, আপোনাৰ অনুমান আৰম্ভ হ’ব এই ৩০০ সংখ্যাটোৰ পৰাহে৷ আনহাতে মোৰ প্ৰশ্নৰ সংখ্যাটো ৩০০ ৰ পৰিৱৰ্তে ১৩০০ হোৱা হ’লে আপোনাৰ উত্তৰো পৃথক হোৱাটো প্ৰায় নিশ্চিত৷ গুগ্ল মেপৰ মতে ভূপথেৰে হ্ৰস্বতম দূৰত্ব ২,১০৬ কিলোমিটাৰ৷
ফলাফলৰ অনিশ্চয়তা থকা বিনিয়োগতো এই লংগৰ প্ৰভাৱ অতি সুলভ৷ ধৰক, আপুনি এটা ইকুইটি মিউচুৱেল ফাণ্ডত এক লাখ টকা বিনিয়োগ কৰিছিল৷ সৌভাগ্যক্রমে কিছুদিনৰ ভিতৰতে ইকুইটি বজাৰলৈ অহা উত্থানৰ প্ৰভাৱত সেই ফাণ্ডত আপোনাৰ জমা টকাৰ মূল্য হ’লগৈ ১ লাখ ৫০ হেজাৰ টকা৷ তাৰ পিচত ফাণ্ডটোৰ বিপক্ষে কিছুমান ঋণাত্মক খবৰ বিনিয়োগৰ বজাৰত বিয়পিবলৈ ধৰিলে৷ নিৰ্দিষ্ট সূচকাংকৰ তুলনাত ফাণ্ডটোৰ প্ৰদৰ্শন চকুত পৰাকৈ নিম্নগামী হ’বলৈ ধৰিলে আৰু সেয়া অব্যাহত থাকিল সুদীৰ্ঘ দিন ধৰি৷ ফাণ্ডটোত আপোনাৰ টকাৰ মূল্য কমি ১ লাখ ২৫ হেজাৰ হ’লগৈ৷ আপোনাৰ বিত্তীয় উপদেষ্টাই আপোনাক কৈ আছে এই ফাণ্ডটোৰ পৰা টকা উলিয়াই অন্য এটা ভাল ফাণ্ডত বিনিয়োগ কৰিবলৈ৷ আপুনি কৈছে – এতিয়া নহয়৷ ফাণ্ডটোৱে আকৌ অন্ততঃ ডেৰ লাখ মূল্য পোৱাৰ পিচতহে আপুনি ফাণ্ডটোৰ পৰা ওলাই আহিবলৈ ইচ্ছুক৷ কিন্তু অতীতৰ ডেৰ লাখ টকাৰ সংখ্যাটো বৰ্তমান বা ভৱিষ্যৎ বিনিয়োগৰ সিদ্ধান্তত মূল্যহীন৷ আপুনিহে লংগৰটো সেই সংখ্যাটোতে পেলাই বহি আছে৷ কাৰোবাৰ বাবে আকৌ লংগৰটো হ’ব পাৰে এক লাখ টকা৷ অৰ্থাৎ তেওঁ বিনিয়োগ কৰা সংখ্যাটো৷ তাতকৈ মূল্য কমলৈ গ’লে ফাণ্ডৰ মূল্য পুনৰ এক লাখ হ’বলৈ অপেক্ষা কৰাৰ মানসিকতা সততেই বহু বিনিয়োগকাৰীৰ মাজত দেখা যায়৷ বৰ শক্তিশালী এই লংগৰ প্ৰভাৱ৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বিদ্যমান৷ সেয়ে ই আপোনাৰ সপক্ষে নে বিপক্ষে ব্যৱহাৰ হৈছে তাক উপলব্ধি কৰাটো গুৰুত্বপূৰ্ণ৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ২ জুলাই, ২০১৫ত প্ৰকাশ পাইছিল)
ভাল পালো পঢ়ি। এটা নতুন কথা শিকিলো।
ধন্যবাদ দাদা।
Nice
ধন্যবাদ