ধৰি ল’লো, যোৱা সংখ্যাত বৰ্ণনা কৰা ৰঞ্জন দত্তৰ ৬৫ শতাংশ ইকুইটি থকা মিউচুৱেল ফাণ্ডৰ উত্থান-পতন আপোনাৰ বাবে গ্ৰহণীয় নহয়। তেন্তে বিকল্প কি ? হয় আপুনি ইকুইটিৰ পৰিমাণ কমাব লাগিব, নহয় একেবাৰে ৰাখিবই নালাগিব। কোৱা বাহুল্য যে একে সময়তে আপোনাৰ প্ৰত্যাশিত ৰিটাৰ্ন কম হোৱা বাঞ্ছনীয়।আলোচনাৰ সুবিধাৰ বাবে ধৰি ল’লো ১০ লাখ টকা বিনিয়োগৰ বিপৰীতে ব্যক্তি তিনিজনে আশা কৰিছিল প্ৰতি মাহৰ দহ তাৰিখে ৭,০০০ টকাকৈ ফাণ্ডৰ পৰা তেওঁলোকৰ বেংক একাউণ্টলৈ গৈ থাকক। আমি চাম বিগত দহ বছৰৰ বিনিয়োগ যাত্ৰা। ৰঞ্জনৰ বাহিৰে আন দুজন ব্যক্তি হ’ল অঞ্জন আৰু গুঞ্জন। অঞ্জনে বিনিয়োগ কৰিছে তেনেই কম ইকুইটি থকা ফাণ্ডৰ কেটেগৰী এটাত। আজিৰ তাৰিখত এই কেটেগৰী হৈছে ২৭ টা ফাণ্ড হাউছৰ ২৮০ খন সমগোত্ৰীয় আঁচনিৰ সমষ্টি। নাম- ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ হাইব্ৰিড-ডেট অৰিয়েণ্টেড কনজাৰ্ভেটিভ। ইফালে গুঞ্জনে বিনিয়োগ কৰিছে এক শতাংশও ইকুইটি নথকা ফাণ্ডৰ কেটেগৰী এটাত। নাম- ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ ডেট- ইনকাম।ইফালে যোৱাবাৰৰ দৰে ৰঞ্জনৰ বিনিয়োগ কেটেগৰী – ইণ্ডিয়া ভেল্যু ৰিচাৰ্ছ হাইব্ৰিড – ইকুইটি অৰিয়েণ্টেড। আমি তিনিওজনৰ বিনিয়োগক এতিয়াৰে পৰা তেওঁলোকৰে নামেৰে উল্লেখ কৰিম। ছেনছেক্সৰ স্থিতি আৰু তিনি বিনিয়োগকাৰীৰ ফাণ্ডৰ বজাৰ মূল্য কেইটামান তাৰিখত কি আছিল তাক চাওঁ আহক।
৩ ছেপ্টেম্বৰ, ২০০৭। ছেনছেক্স – ১৫৪২২.০৫। সেইদিনাখনেই তিনিওজনে উল্লেখিত তিনিখন কৃটিম আঁচনিত বিনিয়োগ কৰিলে দহ লাখ টকাকৈ উদ্দেশ্য প্ৰতি মাহৰ দহ তাৰিখে নিজৰ নিজৰ বেংকত ৭,০০০ কৈ টকা লাগে।
৩১ ডিচেম্বৰ, ২০০৭। ছেনছেক্স – ২০২৮৬.৯৯। ৰঞ্জন -১২,১৫,৯৯১ টকা, অঞ্জন – ১০,৫০,৩১৩ টকা আৰু গুঞ্জন – ৯,৯৯,৮৮১ টকা। কোৱাৰ আৱশ্যক নাই কোন কিমান সুখী। ইকুইটি বজাৰ গৰম, যাৰ বিনিয়োগত ইকুইটিৰ অনুপাত বেছি স্বাভাৱিকতেই তেওঁ বেছি ৰিটাৰ্ন পাইছে।
২৭ ফেব্ৰুৱাৰী, ২০০৯। ছেনছেক্স – ৮৮৯১.৬১। ৰঞ্জন – ৬,৪০,৩৫৯ টকা, অঞ্জন – ৮,৯৮,৭৩০ টকা আৰু গুঞ্জন – ৯,৯৮,৩৮৪ টকা। ইকুইটি বজাৰত খহনীয়া। যাৰ কম ইকুইটিত বিনিয়োগ আছে তেৱেঁই সুখী।
২৯ অক্টোবৰ, ২০১০। ছেনছেক্স – ২০০৩২.৩৪। ৰঞ্জন – ১০,১৯,৮৬৬ টকা, অঞ্জন – ৯,৪৩,৫৯৭ টকা আৰু গুঞ্জন – ৯,২৫,৮৭৬ টকা। ইকুইটি বজাৰলৈ সুদিন ঘূৰি আহিছে।
৩০ ডিচেম্বৰ, ২০১১। ছেনছেক্স – ১৫৪৫৪.৯২। ৰঞ্জন – ৭,৬৯,৬২৫ টকা, অঞ্জন – ৮,৬৩,১১১ টকা আৰু গুঞ্জন ৯,০৭,৫৮৪ টকা। ইকুইটি বজাৰৰ বেয়া দিন অহাৰ লগে লগে গুঞ্জনৰ সন্তুষ্টি আটাইতকৈ বেছি।
৩০ জানুৱাৰী, ২০১৫। ছেনছেক্স – ২৯১৮২.৯৫। ৰঞ্জন – ১০,৯৩,২৪৯ টকা, অঞ্জন – ৯,৩৩,৭৬৭ টকা আৰু গুঞ্জন – ৯,০৭,০১৭ টকা। ইকুইটি বজাৰলৈ সুদিন আকৌ উভতি আহিছে। সেই অনুপাতে সুখী ইকুইটি বিনিয়োগকাৰীসকল।
২৯ ফেব্ৰুৱাৰী, ২০১৬। ছেনছেক্স – ২৩০০২। ৰঞ্জন – ৯,০৮,১৭৯ টকা, অঞ্জন – ৮,৩৮,২০৪ আৰু গুঞ্জন – ৮,৬৬,০৭২ টকা। ছেনছেক্সৰ সাময়িক পতন আৰু সেই অনুপাতে ইকুইটি থকা ফাণ্ডবোৰৰ বাবে বেয়া দিন।
৩১ আগষ্ট, ২০১৭। ছেনছেক্স – ৩১৭৩০.৪৯। ৰঞ্জন – ১০,৭৪,৬৭১ টকা, অঞ্জন – ৮,৩৯,৪৯৬ টকা আৰু গুঞ্জন – ৮,৭০,২৬৮ টকা।
মই যদি ভুল কৰা নাই অঞ্জন আৰু গুঞ্জনৰ বিনিয়োগ যাত্ৰাই আপোনাক সুখী নকৰাৰ এটা প্ৰধান কাৰণ – বিনিয়োগ কালৰ শেষত দুয়োৰে ফাণ্ডৰ মূল্য ১০ লাখতকৈ কম হোৱাটো। নহয়নে ? এয়াই ৰিস্ক। অৱশ্যে তিনিও ৮,৪০,০০০ টকা ফাণ্ডৰ পৰা উলিয়াই নিছে। ইচ্ছাকৃতভাৱেই ১০ বছৰীয়া বিনিয়োগৰ এটা বেয়া কাল মই বাছি লৈছো। সদায় এনে নহয়। এই উদাহৰণটোত যদি ৭,০০০ পৰিবৰ্তে ৬,০০০ কৈ টকা মাহে উঠোৱা হ’লে – ৩১ আগষ্ট, ২০১৭ত ফাণ্ডৰ বজাৰ মূল্য হ’লহেঁতেন, ৰঞ্জন – ১৩,০৭,৪৫০ টকা, অঞ্জন – ১০, ২৪, ৮১২ টকা আৰু গুঞ্জন – ১০,৫৬,৬৫৭ টকা। ৩১ আগষ্ট, ২০১৭ ত অন্য এটা আশা নকৰা স্থিতিলৈ লক্ষ্য কৰক। গুঞ্জন, যাৰ বিনিয়োগত এক শতাংশও ইকুইটি নাছিল তেওঁৰ টকা কম পৰিমাণে ইকুইটি থকা অঞ্জনৰ বিনিয়োগতকৈ শেষত বেছিহে থাকিলগৈচোন। এয়াও এক ব্যতিক্ৰম। ইয়াৰ বাবে দায়ী ২০০৮ চনৰ ইকুইটি বজাৰৰ মহামন্দা অৱস্থা। ২৭ ফেব্ৰুৱাৰী, ২০০৯ ত অঞ্জনৰ ফাণ্ডৰ মূল্য গুঞ্জনতকৈ প্ৰায় এক লাখমান কম হৈছিলগৈ। ৩১ আগষ্ট, ২০১৭ ত সেই ব্যৱধান কমি প্ৰায় ৩১ হেজাৰ হ’ল। ইয়াৰ শিক্ষা কি ? নিয়মীয়াকৈ টকা উঠাব বিচৰাসকলৰ বাবে বিনিয়োগৰ আৰম্ভণি পৰ্যায়ত হোৱা লোকচান অসুবিধাজনক। চিপত কৰা বিনিয়োগৰ ঠিক ওলোটা। ৩ চেপ্টেম্বৰ ২০১২ ত যদি তিনিও বিনিয়োগ আৰম্ভ কৰা হ’লে ৰিটাৰ্নৰ ক্ষেত্ৰত এই ব্যতিক্ৰম আপোনাৰ চকুত নপৰিলহেঁতেন আৰু বিনিয়োগৰ মূল্য ৩১ আগষ্ট, ২০১৭ত হ’লহেঁতেন – ৰঞ্জন – ১৪,৬৭,৬৬০ টকা, অঞ্জন – ১০,৫৪,২৮৯ টকা আৰু গুঞ্জন – ১০,১২,৬২১ টকা।
*****