যিসকল চৰকাৰী চাকৰিয়াল ‘এন পি এছ’ বলবৎ হোৱাৰ আগতে নিযুক্তি পাইছিল তেখেতসকলৰ পেন্সন ব্যৱস্থা যথেষ্ট সৰল৷ মোটামুটি হিচাপ এটাৰে কব পাৰি যে শেষ দৰমহাৰ প্ৰায় ৫০ শতাংশ মাহেকীয়াকৈ পেন্সন হিচাপে তেখেতসকলে পায়৷ এই পেন্সনৰ মৰগীয়া বানচৰ অংশটো প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ বাঢ়ি যায়৷ মই লক্ষ্য কৰা অনুসৰি এজন অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ মুঠ পেন্সন যোৱা ১৫ – ১৬ বছৰ সময়ত বাৰ্ষিক গড়ে প্ৰায় ৯ শতাংশতকৈ বেছি বৃদ্ধি হৈ গৈ আছে৷ অৰ্থাৎ যোৱা বছৰ যদি মুঠ পেন্সন ২০ হেজাৰ আছিল এই বছৰ মৰগীয়া বানচ আৰু আন শিতানত বৃদ্ধি হোৱাৰ ফলত মুঠ পেন্সন হৈছেগৈ প্ৰায় ২১,৮০০ টকা৷
এতিয়া আহো ‘এন পি এছ’ আঁচনিৰ জৰিয়তে কৰিব খোজা অৱসৰৰ পৰিকল্পনাৰ কথালৈ৷ য’ত মাহেকীয়া পেন্সনৰ বাবে অৱসৰৰ সময়ত অন্ততঃ ৪০ শতাংশ অৱসৰ পুঁজিৰে এনুইটি দ্ৰব্য কিনাটো বাধ্যতামূলক৷ কিন্তু মন কৰিবলগীয়া দিশটো এয়ে যে বৰ্তমানলৈকে ভাৰতত প্ৰকৃত মুদ্ৰাস্ফীতিৰ হাৰত বৃদ্ধি হৈ গৈ থকা কোনো এনুইটি দ্ৰব্য নাই৷ সেয়ে ৪০ শতাংশ অৱসৰ পুঁজিৰে প্ৰতিমাহৰ পেন্সনৰ ব্যৱস্থা কৰিলেও সেয়া আপোনাৰ অৱসৰৰ পাচৰ মাহেকীয়া খৰচৰ বাবে যথাযথ হ’ব নে নহয় তাক বিচাৰ কৰি চোৱাৰ প্ৰয়োজন৷ মুদ্ৰাস্ফীতিক উচিতভাৱে গণ্য নকৰিলে বহু সময়ত ভৱিষ্যতৰ টকা যথেষ্ট যেন এতিয়া লাগিব পাৰে৷ কিন্তু সেয়া ভুল হিচাপ৷ সেয়ে বাকী ৬০ শতাংশ টকা মুঠকৈ উঠাবলৈ অনুমতি থাকিলেও সেই টকা নিজৰ অৱসৰৰ পৰিকল্পনাৰ অংশ নকৰি অন্য বেলেগ কাৰণত খৰচ কৰিবলৈ চিন্তা কৰাৰ আগতে প্ৰয়োজনীয় হিচাপ নিকাচত বহাটো আৱশ্যক৷ গণনা কৰি চাওক ভৱিষ্যতৰ প্ৰয়োজনীয় মাহেকীয়া খৰচক মুদ্ৰাস্ফীতিৰ অনুপাতত বঢ়াই নি থাকিবলৈ আৰু অৱসৰৰ পাচত মুঠকৈ হোৱা টকাৰ প্ৰয়োজনবোৰৰ বাবে বাকী থকা পেন্সন পুঁজিৰ কিমান টকা ক’ত কেনেকৈ বিনিয়োগ হোৱা উচিত৷ বৰঙণি যোগাই থকা সময়ছোৱাত ‘এন পি এছ’ৰ জৰিয়তে অৱসৰ পৰিকল্পনা কৰা ব্যক্তি এজনে তলৰ কথাকেইটা লক্ষ্য কৰাটো গুৰুত্বপূৰ্ণ –
(১) নিজৰ নামত প্ৰতিমাহে জমা হোৱা মুঠ বৰঙণি,
(২) বৰ্তমানলৈকে ‘এন পি এছ’ আঁচনিত জমা হোৱা মুঠ পুঁজি,
(৩) অৱসৰলৈ হাতত আৰু কিমান বছৰ আছে,
(৪) বছৰি গড়ে কি হাৰত বৰঙণি বৃদ্ধি হোৱাৰ সম্ভাৱনা,
(৫) ‘এন পি এছ’ত নিজৰ বাবে প্ৰযোজ্য হোৱা আঁচনিখনে গ্ৰহণ কৰা সম্পদ আবণ্টনৰ অনুপাতলৈ লক্ষ্য কৰি অনাগত সময়বোৰত সম্ভাব্য বাৰ্ষিক ফলৰ গড় কি হ’ব? উদাহৰণস্বৰূপে আমাৰ ফলৰ প্ৰত্যাশা ইকুইটিৰ পৰা যদি ১৪ শতাংশ বছৰি হয় আৰু সামগ্ৰিকভাৱে ঋণ সম্পদৰ পৰা বছৰি ৮ শতাংশ হয় তেন্তে চৰকাৰী চাকৰিয়ালৰ বাবে থকা ‘এন পি এছ’ৰ আঁচনিখনত ইকুইটি আৰু ঋণ সম্পদৰ অনুপাত ১৫ : ৮৫ হোৱাৰ হেতুকে প’র্টফলিঅ’টোৰ পৰা দীৰ্ঘদিনৰ প্ৰত্যাশিত ফল গড় হিচাপত বছৰি হ’ব – প্ৰায় ৮.৯ শতাংশ৷ ঠিক তেনেদৰে কৰ্প’ৰেট চাকৰিয়ালৰ বাবে থকা সক্রিয়ভাৱে বাচনি কৰিব পৰা আঁচনিখনৰ জৰিয়তে ইকুইটি আৰু ঋণ সম্পদক যদি ৫০ : ৫০ অনুপাতত আবণ্টন কৰা হয় তেন্তে প্ৰত্যাশিত ফল হ’ব ১১ শতাংশ৷ এইখিনিতে এটা কথাত স্পষ্ট হৈ লোৱা ভাল যে বজাৰৰ লগত সম্পৰ্ক থকা যিকোনো বিনিয়োগৰ প্ৰত্যাশিত ফল আৰু বিনিয়োগৰ শেষত ফলৰ প্ৰাপ্তি একে নহ’বও পাৰে৷ ধৰক, যান-জঁটৰ বাবে গাড়ীৰে ‘ক’ ঠাইখনৰ পৰা ‘খ’ ঠাইখনলৈ যাওঁতে সময় এক ঘন্টা লাগিব পাৰে বুলি পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত যাত্ৰাৰ আৰম্ভণিতে কোৱা হ’ল৷ কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ’ল যে ভবাতকৈ আজি যান-জঁট কম বা বেছি হোৱাৰ বাবে সেই দূৰত্ব অতিক্রম কৰিবলৈ প্ৰকৃত সময় প্ৰত্যাশিত সময়তকৈ কম বা বেছি লাগিল৷ সেই ব্যৱধান আহিল বুলিয়েই প্ৰত্যাশাৰ প্ৰয়োজন কমি নাযায়৷ যেতিয়াই পৰিকল্পনাৰ কথা আহিব তেতিয়াই আহিব যুক্তিসংগত প্ৰত্যাশাৰ গুৰুত্ব৷ দীঘলীয়া সময়ৰ বিনিয়োগত এই যুক্তিসংগত প্ৰত্যাশিত ফল আৰু শেষ ফলৰ পাৰ্থক্য কম হোৱাৰ সম্ভাৱনাই অধিক৷
এতিয়া উপৰোক্ত ৫ টা তথ্যৰ ভিত্তিত আপোনাৰ অৱসৰৰ সময়ত ‘এন পি এছ’ পুঁজিৰ এটা আনুমানিক সংখ্যা গণনা কৰি উলিয়াব পাৰো৷ ইয়াৰ পাচৰ স্তৰটো হ’ল আপোনাৰ সামগ্ৰিক অৱসৰ পৰিকল্পনাৰ বাবে ‘এন পি এছ’ৰ পুঁজিয়েই যথেষ্ট হয় নে নহয়৷ যদি নহয়, সেই ব্যৱধান কিমান আৰু তাৰ বাবে কেনেকৈ সাজু হ’ব? এনেধৰণৰ পৰ্যালোচনা সংজ্ঞা নিৰূপিত বৰঙণিৰ যুগত কোনেও এৰাই চলিব নোৱাৰে বা চলা অনুচিত৷
চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ‘এন পি এছ’ত ইকুইটি বিনিয়োগ ১৫ শতাংশতকৈ বেছি হ’ব নোৱৰাটো এটা ডাঙৰ সীমাবদ্ধতা৷ কৰ্প’ৰেট চাকৰিয়াল এনে সীমাবদ্ধতাৰ পৰা বহুখিনি মুক্ত৷ সক্রিয় আঁচনিখনত ৫০ শতাংশপৰ্যন্ত ইকুইটিত বিনিয়োগ কৰিব পাৰে৷ দীৰ্ঘম্যাদী আঁচনিত আক্রমণাত্মক দৃষ্টিভংগীৰ আৱশ্যক আছে৷ কিন্তু এইটোও সঁচা যে বিনিয়োগৰ সময়ছোৱাত কৰ্প’ৰেট কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰীৰ তুলনাত অধিক উত্থান-পতনৰ সন্মুখীন হ’ব৷ মানসিকভাৱে যিটো এজন বিনিয়োগকাৰীৰ বাবে পীড়াদায়ক৷ কিন্তু এইটো কথা পাহৰিলে ভুল হ’ব যে অৱসৰৰ দিনটো অহাৰ আগেয়ে প্ৰয়োজনীয় পুঁজিটো নিৰ্মাণ কৰাহে মূল লক্ষ্য৷ এই ডাঙৰ ছবিখন পাহৰি যদি বিনিয়োগ যাত্ৰাৰ স্বাচ্ছন্দতাত অত্যাধিক গুৰুত্ব দিলে লক্ষ্যত উপনীত হোৱা কঠিন হ’বও পাৰে৷ অৱশ্যে বহু কৰ্প’ৰেট কৰ্মচাৰীৰ ক্ষেত্ৰত দেখা যায় কোম্পানীয়ে দৰমহাৰ ক্ষেত্ৰত CTC অৰ্থাৎ ‘কষ্ট টু কম্পেনী’ কম কৰাৰ স্বাৰ্থত কৰ্মচাৰীৰ মূল দৰমহা (বেছিক) আৰু মৰগীয়া বানচ (ডিয়েৰনেছ এলাউন্স) বহু কম কৰি থয়৷ সেয়ে উচ্চ হাৰত দৰমহা পোৱা কৰ্প’ৰেট কৰ্মচাৰী এজনৰো সমবেতনভোগী চৰকাৰী চাকৰিয়ালৰ তুলনাত বহু কম ‘এন পি এছ’ বৰঙণি হব পাৰে৷ অৱসৰ পৰিকল্পনা কৰোতে এই দিশটোলৈও এজন কৰ্প’ৰেট কৰ্মচাৰীয়ে সতৰ্ক হোৱা উচিত৷
Leave a Reply