২০০৯ বৰ্ষৰ ১ মে’ৰ পৰা বহু অপেক্ষিত ৰাষ্ট্ৰীয় পেন্সন আঁচনি চমুকৈ ‘এন পি এছ’ক সৰ্বসাধাৰণ ৰাইজলৈ মুকলি কৰা হয়৷ ইয়াৰ পিচত এন পি এছক অধিক জনমুখী কৰাৰ অংশ হিচাপে ২০১১ চনৰ ডিচেম্বৰ মাহত কৰ্প’ৰেট খণ্ডৰ বাবেও এন পি এছৰ আঁচনি এখন মুকলি কৰা হয়৷ বিভিন্ন খৰচৰ সামান্য পাৰ্থক্যৰ বাদে এই দুই আঁচনিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল কৰ্প’ৰেট আঁচনিত নিয়োগকৰ্তাৰ বৰঙণি থাকিবও পাৰে বা নাথাকিবও পাৰে আৰু ইফালে সৰ্বসাধাৰণ নাগৰিকৰ বাবে থকা আঁচনিখনত মাত্ৰ বিনিয়োগকাৰীৰ বৰঙণিহে থাকে (সৰ্বসাধাৰণ নাগৰিকলৈ বুলি কওঁতে স্বাৱলম্বন আঁচনিখনৰ কথা ইয়াত কোৱা হোৱা নাই৷ এগ্ৰিগেটৰৰ যোগেদি আগবঢ়া এই পৃথক আঁচনিখন বৰ্তমান নতুন গ্ৰাহকৰ বাবে বন্ধ কৰা হৈছে)৷ বাকী প্ৰায় সকলো নীতি নিয়মৰ গণ্ডী প্ৰায় একেই৷ সেয়ে আমি দুয়োখন আঁচনিক পৃথককৈ আলোচনা নকৰো৷ প্ৰথমে চাওঁ আহক কোনবোৰ সংগঠন কৰ্প’ৰেট হিচাপে চিহ্নিত হৈছে ‘এন পি এছ’ৰ সংজ্ঞাত
(১) কোম্পানী এক্টৰ অধীনত পঞ্জীয়নভুক্ত সংগঠন,
(২) সমবায় এক্টৰ অধীনত পঞ্জীয়নভুক্ত সংগঠন,
(৩) কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ সংস্থা,
(৪) পঞ্জীয়নভুক্ত অংশীদাৰী ব্যৱসায়িক প্ৰতিষ্ঠান৷ (সীমিত আৰু অসীম দায়বদ্ধতা থকা দুয়োবিধ),
(৫) সংসদীয় বা ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ আদেশমৰ্মে গঠিত হোৱা যিকোনো সংস্থা,
(৬) ব্যক্তিগত অনুষ্ঠান,
(৭) ন্যাস আৰু সংঘ৷
যোগদানকাৰীৰ যোগ্যতা : স্থায়ীভাবে বাস কৰা বা নকৰা সকলো ভাৰতীয় নাগৰিকেই এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰে৷ মাত্ৰ তলত উল্লেখ কৰা যোগ্যতা থাকিব লাগিব –
(ক) বয়স ১৮ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগিব৷
(খ) প্ৰান (পাৰ্মেনেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰ ) আবেদনপত্ৰ পূৰণৰ সময়ত নিজৰ পৰিচয় তথা বাসস্থান সম্পৰ্কীয় প্ৰমাণ কে ৱাই চি (ন’ ইয়ৰ ক্লায়েণ্ট)ৰ নিয়ম অনুযায়ী দিব পাৰিব লাগিব৷
বিনিয়োগত বাছনিৰ অধিকাৰ : ‘এন পি এছ’ৰ চৰকাৰী সংস্কৰণটোৰ তুলনাত এই কৰ্প’ৰেট বা সকলো নাগৰিকলৈ মুকলি কৰা আঁচনিত বিনিয়োগকাৰীৰ স্বাধীনতা যথেষ্ট বেছি৷
পেন্সন ফাণ্ড মেনেজাৰৰ নিৰ্বাচন : বৰ্তমানলৈকে তলত উল্লেখ কৰা যিকোনো এটা সংস্থাক নিৰ্বাচন কৰাৰ প্ৰয়োজন৷
(১) এইচ ডি এফ চি পেন্সন মেনেজমেন্ট কোঃ লিঃ,
(২) আই চি আই চি আই প্ৰুডেন্সিয়েল পেন্সন ফাণ্ডছ মেনেজমেন্ট কোঃ লিঃ,
(৩) ক’টাক মহিন্দ্ৰ পেন্সন ফাণ্ড লিঃ,
(৪) এল আই চি পেন্সন ফাণ্ড লিঃ,
(৫) ৰিলায়েন্স কেপিটেল পেন্সন ফাণ্ড লিঃ,
(৬) এছ বি আই পেন্সন ফাণ্ডছ প্ৰাঃ লিঃ আৰু
(৭) ইউ টি আই ৰিটায়াৰমেন্ট ছল্যুচনছ লিঃ৷
পেন্সন ফাণ্ড মেনেজাৰৰ নাম ফৰ্মত উল্লেখ নকৰিলে এছ বি আই পেন্সন ফাণ্ডছ প্ৰাঃ লিঃয়ে দায়িত্ব পায়৷ বিনিয়োগকালত পেন্সন ফাণ্ড মেনেজাৰ সলনি কৰিব পাৰি৷ মাত্ৰ সলনি কৰাৰ পাচত অন্ততঃ এবছৰ নতুন ফাণ্ড মেনেজাৰৰ অধীনত বিনিয়োগ অব্যাহত ৰখাটো বাধ্যতামূলক৷
সম্পদ শ্ৰেণী : তিনিটা মূল শিতানত সম্পদ শ্ৰেণীক বিভক্ত কৰা হৈছে৷
(১) সম্পদ শ্ৰেণী – E ইকুইটি আৰু ইকুইটিৰ লগত সম্পৰ্ক থকা বিনিয়োগ
(২) সম্পদ শ্ৰেণী – C বেচৰকাৰী ঋণ জাতীয় সম্পদ আৰু
(৩) সম্পদ শ্ৰেণী – G চৰকাৰী ঋণ জাতীয় সম্পদ৷
বিনিয়োগৰ ধৰণ : দুই ধৰণৰ বিনিয়োগৰ মাজৰ পৰা নিজৰ বাবে উপযোগীবিধক নিৰ্বাচন কৰাৰ প্ৰয়োজন –
(১) সক্রিয় বিনিয়োগ : এই পদ্ধতিত বৰঙণি যোগাওতাই নিজৰ ইচ্ছা অনুসৰি সম্পদ শ্ৰেণী তিনিটাত সম্পদ আবণ্টন কৰাৰ সুযোগ পায়৷ সীমাবদ্ধতা এটাই যে সম্পদ শ্ৰেণী – Eত ৫০ শতাংশতকৈ বেছি বিনিয়োগ কৰিব নোৱাৰে৷
(২) স্বয়ংক্রিয় বিনিয়োগ : এই পদ্ধতিক জীৱন চক্র পুঁজি বুলিও অভিহিত কৰা হয়৷ কাৰণ বিনিয়োগকাৰীৰ বয়স বাঢ়ি যোৱাৰ লগে লগে উচ্চ ক্ষতিভয় সম্পন্ন সম্পদ শ্ৰেণী – E আৰু সম্পদ শ্ৰেণী – C ৰ পৰা পৰ্যায়ক্ৰমে আবণ্টন সম্পদ শ্ৰেণী- G লৈ নি থকা হয়৷ ৩৫ বছৰ বয়সলৈকে এজন ব্যক্তিৰ বিনিয়োগত সম্পদৰ আবণ্টন হ’ব এনেধৰণৰ
১ সম্পদ শ্ৰেণী – E ত ৫০ শতাংশ,
(২)সম্পদ শ্ৰেণী – C ত ৩০ শতাংশ আৰু
৩) সম্পদ শ্ৰেণী – G ত ২০ শতাংশ৷
ইয়াৰ পিছৰ প্ৰতিটো বছৰতে অৰ্থাৎ ৩৬ বছৰৰ পৰা প্ৰতি বছৰে সম্পদ শ্ৰেণী – E ৰ পৰা ২ শতাংশ আৰু সম্পদ শ্ৰেণী – C ৰ পৰা ১ শতাংশ কৈ আবণ্টন কমোৱাৰ বিপৰীতে সম্পদ শ্ৰেণী – G ত মুঠকৈ ৩ শতাংশ আবণ্টন বৃদ্ধি কৰা হয়৷ এনে কাৰ্য প্ৰতি বছৰে পুনৰাবৃত্তি হোৱাৰ ফলত বিনিয়োগকাৰীৰ ৫৫ বছৰ বয়সত সম্পদ আবণ্টন হ’বগৈ এনেধৰণৰ
(১)সম্পদ শ্ৰেণী – E ত ১০ শতাংশ,
(২)সম্পদ শ্ৰেণী – C ত ১০ শতাংশ আৰু
(৩)সম্পদ শ্ৰেণী- G ত ৮০ শতাংশ৷
অৱসৰ লোৱা বা ৬০ বছৰ বয়সলৈকে এনে আবণ্টনতে সম্পদসমূহ থাকে৷
একাউন্ট নিৰ্বাচনৰ সুযোগ : ইয়াতো দুই ধৰণৰ একাউণ্ট থাকে৷ প্ৰথম শাৰী অৰ্থাৎ টায়াৰ-১ একাউণ্ট থাকিলেহে দ্বিতীয় শাৰীৰ একাউণ্ট খুলিবলৈ অনুমতি দিয়া হয়৷ আয়কৰৰ সুবিধা আৰু প্ৰথম শাৰীৰ একাউণ্টৰ পৰা টকা উঠোৱাৰ নিয়ম যোৱাবাৰ চৰকাৰী চাকৰিয়ালৰ বাবে উল্লেখ কৰাৰ দৰে একে৷ দ্বিতীয় শাৰীৰ একাউন্ট ছেভিঙছ একাউন্টৰ দৰে৷
প্ৰতি বিত্তীয় বৰ্ষৰ ন্যূনতম :
প্ৰথম শাৰীৰ বাবে (১)প্ৰতিবাৰৰ বৰঙণি – ৫০০ টকা,
(২) বছৰেকীয়া বৰঙণি – ৬,০০০ টকা আৰু
৩) বৰঙণিৰ সংখ্যা – এবাৰ৷
দ্বিতীয় শাৰীৰ বাবে (১) প্ৰতিবাৰৰ বৰঙণি – ২৫০ টকা,
(২) জমা প্ৰতি বিত্তীয় বৰ্ষৰ শেষত অন্ততঃ ২০০০ টকা থকাৰ প্ৰয়োজন আৰু
৩) বৰঙণিৰ সংখ্যা – এবাৰ৷
ক’ত যোগাযোগ কৰিব : আঁচনিৰ গ্ৰাহকৰ বাবে দোকানখন হ’ল POP-SP অৰ্থাৎ পইণ্ট অৱ্ প্ৰেজেন্স – চাৰ্ভিছ প্ৰভাইডাৰসকল৷ অলংকিট এচাইনমেণ্টছ লিঃ, ভাৰতীয় ষ্টেট বেংক, ইউনাইটেড বেংক অব্ ইণ্ডিয়াকে আদি কৰি ৫০ টাকৈ অধিক সংগঠনৰ অনুমোদিত শাখাবোৰত এই সেৱা উপলব্ধ৷ আপোনাৰ কাষৰ POP – SP টোৰ বিষয়ে জানিবৰ বাবে www. npscra.nsdl.co.in ত বিচাৰি চাওঁক৷
Leave a Reply