টাইফানৱান (Tiefanwan) এটা চীনা শব্দ। ইয়াৰ অৰ্থ হৈছে ‘লৌহ ভাতৰ বাটি’ (Iron Rice Bowl)। ১৯৪৯ চনৰ ১অক্টোবৰত সাম্যবাদ প্ৰতিষ্ঠা হোৱাৰ পাচত চীনৰ চৰকাৰে তেওঁলোকৰ সকলো কৰ্মচাৰীক নিশ্চিত কৰ্ম জীৱন আৰু অৱসৰৰ পাচত চিন্তা কৰিব নলগাকৈ জীয়াই থাকিব পৰা ব্যৱস্থাটোক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল।অৰ্থাৎ ভাতৰ বাটি ভঙাৰ সম্ভাৱনা আৰু নাই। যদিও দৰমহা বা পাৰিশ্ৰমিক কম আছিল সাম্যবাদ প্ৰতিষ্ঠা হোৱা দেশখনত চৰকাৰে স্বাভাবিকভাবেই এই প্ৰচেষ্টাৰে কৰ্মচাৰীসকলক আজীৱন নিৰাপত্তা দিব খুজিছিল। এজন চীনা কৰ্মচাৰীয়ে শেষ দৰমহাৰ প্ৰায় ৮০-৯০ শতাংশ ধনৰ মাহেকীয়া পেন্সন লৈ অৱসৰ জীৱন আৰম্ভ কৰাৰ সুযোগ পাইছিল।
কেইটামান দশক পাৰ নৌহওঁতেই চীনা চৰকাৰে ধৰিব পাৰিলে যে এই ব্যৱস্থা বেছিদিনলৈ চলাই থাকিব পৰা নাযাব। দেশী-বিদেশী বহু বিশেষজ্ঞৰ দ্বাৰা বিভিন্ন প্ৰতিবেদন প্ৰস্তুত কৰাই তেওঁলোকে নিশ্চিত হ’ল কিদৰে তেওঁলোকৰ গোটেই পেন্সন ব্যৱস্থাটোৱেই ভাগি পাৰিবলৈ গৈ আছে। তদুপৰি চৰকাৰী কৰ্মচাৰীখিনিক পেন্সনৰ সুবিধাৰে সামাৰিব পাৰিলেও গৰিষ্ঠসংখ্যক মানুহক, বিশেষকৈ গাওঁ অঞ্চলৰ মানুহক অৱসৰকালীন সা-সুবিধাৰে উপযুক্ত নিৰাপত্তা দিবলৈ চৰকাৰ তেতিয়াও সক্ষম হোৱা নাছিল।বিশেষজ্ঞসকলৰ মতে পুৰণি পেন্সন ব্যৱস্থাটো নিশ্চিত বিফলতাৰ দিশলৈ গৈ থকাৰ অন্যতম প্ৰধান কাৰণ হৈছে চীনে মুখামুখী হোৱা জনসংখ্যা বিষয়ক এক সমস্যা। ক্ষিপ্ৰ গতিত সমগ্ৰ দেশখনৰ নাগৰিকৰ গড় আয়ুস বৃদ্ধি পাবলৈ লৈছে। ১৯৫০ৰ দশকত যি চীনা জনসাধৰণৰ গড় জীৱন কাল ৪৫ বছৰতকৈও কম আছিল, খাদ্য, বস্ত্ৰ, গৃহ, চিকিৎসা আদিৰ নিৰাপত্তাত সেই গড় চকুত লগাকৈ বাঢ়িবলৈ ললে( ২০১৪ চনৰ এক তথ্য মতে সেই গড় বৰ্তমান ৭৫)। জনসংখ্যা নিয়ন্ত্ৰনত গুৰুত্ব দিওঁতে যদিও এপিনৰ পৰা দেশখনৰ লাভৱান হ’ল আনপিনে দেশখনত বয়স্ক লোকৰ সংখ্যা বৃদ্ধি আৰুহে খৰতকীয়া হ’ল(চীনে এটা সন্তানৰ নীতি শেহতীয়া ভাবে উঠাই লোৱাৰ ইয়ো অন্যতম কাৰণ)। বৰ্তমান চীনত পুৰুষৰ অৱসৰৰ বয়স ৬০ বছৰ, উদ্যোগিক খণ্ডত কাম কৰা মহিলাৰ ক্ষেত্ৰত ৫০ বছৰ আৰু অফিচ আদিত চাকৰি কৰা মহিলাৰ ক্ষেত্ৰত ৫৫। এইটো উচ্চ সীমা ৫০ ৰ দশকৰ পৰাই চলি আহিছে। জীৱনকাল বাঢ়িছে যদিও এতিয়ালৈকে অৱসৰৰ বয়সৰ সীমা বঢ়া নাই (অৱশ্যে ২০১৭ চনৰ পৰা চীনা চৰকাৰে পৰ্যায় ক্ৰমে এই সীমা ওপৰলৈ নিবলৈ আৰম্ভ কৰিব বুলি বাতৰিত প্ৰকাশ)। এনেকৈ ডেকা উপাৰ্জনক্ষম ব্যক্তিৰ তুলনাত ক্ষিপ্ৰভাবে বাঢ়িবলৈ লোৱা বয়সস্থ লোকসকলক দীঘলীয়া অৱসৰকালীন পেন্সন দিবলৈ সাজু হোৱাৰ স্বাৰ্থত ব্যৱস্থাৰ আমূল সংস্কাৰ চৰকাৰৰ বাবে এৰাই চলিব নোৱাৰা বিষয় হৈ পৰিল।
বিভিন্ন পৰ্যায়ত হোৱা স্ংস্কাৰেৰে আহি আহি চীনে ১৯৯৭ চনত প্ৰকাশ কৰিলে এক ঐতিহাসিক সংস্কাৰ – ডকুমেণ্ট নম্বৰ – ২৬ (State Council Document No. 26, Establishment of a Unified basic Pension System for Enterprise Employee)। ইয়াৰ পাচত ২০০৫ চনত ডকুমেন্ট নম্বৰ – ৩৮। এনেকৈ একাধিক স্তম্ভৰ পেন্সন ব্যৱস্থা( Multi Pillar Pension System) এটাৰ যোগেদি পৰ্যায়ক্ৰমে গোটেই চীনৰ চহৰীয়া মানুহক সামৰি পেন্সনৰ নিৰাপত্তা দিবলৈ যত্ন কৰা হ’ল। ইয়াৰ পিচতো চলি থকা বিভিন্ন সংশোধনীৰে আহি আহি ব্যৱস্থাটোৱে বৰ্তমান চৰকাৰী, ৰাজহুৱা খণ্ড, বেচৰকাৰীখণ্ড, বিদেশী কোম্পানী তথা স্বনিয়োজিত ব্যক্তি সকলকো সামৰি লৈছে। উল্লেখযোগ্য যে চীনত চহৰীয়া আৰু গ্ৰাম্য পেন্সন ব্যৱস্থা বেলেগ বেলেগ। চহৰীয়াটোৰ তুলনাত গ্ৰাম্য পেন্সন ব্যৱস্থাৰ সুবিধা যথেষ্ট কম। আমি ইয়াত চহৰীয়াটোহে আলোচনা কৰিম।
সংক্ষেপে বৰ্তমান প্ৰচলিত বহু স্তম্ভৰ ব্যৱস্থাটো (Multi Pillar System): –
(১) (ক) স্তম্ভ 1A :- এটা সমজুৱা পুঁজি। চাকৰিয়ালসকলৰ পেন্সনৰ বাবে কৰ্তন হোৱা ধন ইয়াত জমা হয় আৰু অৱসৰপ্ৰাপ্তসকলক এই ফাণ্ডৰ পৰা পেন্সন প্ৰদান কৰা হয়। ব্যৱস্থাটোক ‘পে এজ ইউ গ’ চমুকৈ PAYG ৰেও বুজোৱা হয়। ই এখন ডিফাইণ্ড বেনিফিট আঁচনি। ইয়াৰ বাবে প্ৰত্যেকজন চাকৰিয়ালৰ বিপৰীতে নিয়োগকৰ্তাই তেওঁৰ দৰমহাৰ ২০ শতাংশ ধন এই পুঁজিলৈ আগ বঢ়োৱাটো বাধ্যতামূলক।অৱশ্যে ইয়াত উচ্চ সীমাৰ এটা অংক আছে। আগ্ৰহীসকলৰ বাবে কথাখিনি পিছলৈ থলো। এক কথাত ক’ব পাৰি সৰ্বোচ্চ কৰ্তন গড় দৰমহাৰ ৩০০% আৰু সৰ্বনিম্ন গড় দৰ্মহাৰ ৬০%। ন্যূনতম ১৫ বছৰ চাকৰি কৰাৰ প্ৰয়োজন এই পেন্সনৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে। এজন কৰ্মচাৰীক সৰ্বোচ্চ তেওঁৰ শেষ দৰমহাৰ ৩৫ শতাংশ ধন মাহেকীয়া পেন্সন হিচাপে দিবলৈ প্ৰয়াস কৰা হয়। অৱশ্যে ৩৫ শতাংশ পাবলৈ ৩৫ বছৰ অথবা ততোধিক সময় চাকৰী কৰাৰ প্ৰয়োজন। সেয়ে ক’ব পাৰি প্ৰকৃত পেন্সন কিমান হ’ব সেয়া সেই সময়ত নাগৰিকৰ গড় আয়ুস, গড় দৰমহা আৰু মানুহজনে কেইবছৰ চাকৰি কৰিলে আদিৰ ওপৰত নিৰ্ভৰ কৰে। যদিও এই পেন্সনৰ ব্যৱস্থা নিয়োগকৰ্তাৰ বৰঙণিৰ ধনেৰে কৰা হয়, পেন্সন দিবলৈ কিবা কাৰণত ধনৰ অভাৱ ঘটিলে চৰকাৰে সেইখিনি নিজৰ পুঁজিৰ পৰা পূৰণ কৰিবলৈ আইনমতে বাধ্য। এইখনেই মূল আঁচনি, যাৰ জৰিয়তে চীনা চৰকাৰৰ প্ৰশাসনিক বিষয়া এজনক যেনেকৈ পেন্সন দিয়া হয়, ঠিক তেনেদৰে জেক মাৰ আলিবাবা ডট কমৰ কৰ্মচাৰী এজনকো আজীৱন পেন্সন দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
(খ) স্তম্ভ 1B :- ই এটা ব্যক্তিগত একাউণ্ট, আমাৰ পি পি এফৰ নিচিনা ।প্ৰত্যেকজন কৰ্মচাৰীয়ে ৮% দৰমহাৰ ধন এই একাউন্টত জমা দিয়াটো বাধ্যতামুলক।অৱশ্যে ২০১৫ চনৰ আগলৈকে চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ৮ শতাংশ অনুদান আগ বঢ়াব লগা নহৈছিল। চৰকাৰী পৰিকল্পনা মতে শেষ দৰমহাৰ ২৪ শতাংশ ধন পেন্সন হিচাপে অৱসৰৰ পাচত দিবলৈ এই পুঁজি বিনিয়োগ হ’ব লাগে। স্তম্ভ 1A ত হোৱাৰ দৰে ইয়াতো সৰ্বোচ্চ কৰ্তন গড় দৰমহাৰ ৩০০%কৈ বেছি হ’ব নোৱাৰে। পেন্সন নিৰ্ণয় কৰোতেও এই গড় দৰমহাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাধাৰণীকৰণ কৰি ক’ব পাৰি যে অৱসৰৰ সময়লৈকে সুত সহিত যি ধন জমা হোৱাৰ সম্ভাৱনা (কিয় সম্ভাৱনা বুলি কৈছো সেয়া অহা খণ্ডত ব্যাখ্যা কৰিম), সেইখিনি ধনক সেই সময়ৰ এনুইটি ফেক্টৰে(২০১২ চনত এই ফেক্টৰ ৬০ বছৰ বয়সত ১৩৯ আছিল) হৰণ কৰি যি ফল ওলাব তাক মাহেকীয়াকৈ দি যোৱা হয়। ১৫ বছৰ চাকৰি কৰিলেহে এই ধনৰ পৰা পেন্সন পাবলৈ এজন ব্যক্তি যোগ্য হয়।
(২) স্তম্ভ ২ ( EA) :- EA মানে এন্টাৰপ্ৰাইজ এনুইটি। ই বাধ্যতামূলক নহয়। নিয়োগকৰ্তা আৰু কৰ্মচাৰী উভয়ে এই পেন্সন ফাণ্ডলৈ বৰঙণি আগবঢ়াব পাৰে। সৰ্বোচ্চ নিয়োগকৰ্তাই দৰমহাৰ ১২ ভাগৰ এক অংশ বৰঙণি আগবঢ়াব পাৰে। নিয়োগকৰ্তা আৰু কৰ্মচাৰী মিলি বৰঙণি দৰমহাৰ ৬ ভাগৰ এক অংশ অৰ্থাৎ প্ৰায় ১৬.৬৬ শতাংশতকৈ বেছি হ’ব নোৱাৰে।আমাৰ এন পি এছ ত জমা কৰি মাহেকীয়া পেন্সনৰ ব্যৱস্থা কৰাৰ দৰে কথা।
(৩) স্তম্ভ ৩ :- এন্টাৰপ্ৰাইজ এনুইটিয়ে সামৰি ল’ব নোৱাৰা ব্যক্তিসকলে নিজৰ বৰঙণিৰে এই পেন্সন ব্যৱস্থাত সোমাব পাৰে। আমাৰ স্বনিয়োজিত ব্যক্তিয়ে এন পি এছ বা ভাৰতীয় জীৱন বীমা নিগমৰ দৰে বীমা প্ৰতিষ্ঠানৰ পেন্সন আঁচনি ক্ৰয় কৰাৰ দৰে কথা।
আগ্ৰহীসকলৰ বাবে প্ৰথম স্তম্ভত ব্যৱহাৰ হোৱা অলপ অতিৰিক্ত হিচাপ নিকাচ :-
গড় দৰমহাক নিৰ্ভৰ কৰি কেনেকৈ সৰ্বোচ্চ কৰ্তন সীমা নিৰ্ধাৰণ কৰা হয় :- ওপৰৰ এঠাইত কোৱাৰ দৰে স্তম্ভ 1A আৰু স্তম্ভ 1B ৰ বাবে দৰমহাৰ কিমান শতাংশ ধন কৰ্তন কৰা হ’ব তাৰ এক উচ্চ সীমা নিৰ্ধাৰণ কৰা আছে। বিগত বছৰৰ সেই চহৰৰ গড় দৰমহা ইয়াৰ ভেটি। ভাৰতত এই ধৰণৰ উচ্চ সীমাৰ ধাৰণা প্ৰয়োগ নহয়। আমাৰ দেশত মূল দৰমহা আৰু মৰগীয়া বনাছৰ ওপৰত নিৰ্ভৰ কৰিয়েই পেন্সন আঁচনিৰ বাবে অনুদান ঠিক কৰা হয়।কিন্তু চীনত বিগত বছৰটোৰ মাহেকীয়া গড় দৰমহাৰ তিনি গুণক ভিত্তি হিচাপে লৈ উচ্চ সীমাৰ অংকটো কৰা হয়।উদাহৰণ স্বৰূপে এই হিচাপ-নিকাচখিনিলৈ মন কৰক- বেইজিং মিউনিচিপাল হিউমেন ৰিচ’ৰ্চ এণ্ড চচিয়েল চিকিউৰিটি ব্যৰ’ আৰু বেইজিং মিউনিচিপাল ব্যৰ’ অৱ ষ্টেটিছটিকছ য়ে ২০১৪ চনৰ জুন মাহত ঘোষণা কৰিছিল যে ২০১৩ চনত বেইজিঙত গড় দৰমহা আছিল ৫,৭৯৩ ৰেনমিনবি (RMB)। এই স্ংখ্যাটো ২০১৪ বৰ্ষৰ বাবে বিশেষভাবে গুৰুত্বপুৰ্ণ আছিল।কাৰণ ২০১৪ত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলৰ সৰ্বোচ্চ অনুদান কিমান হ’ব তাক শতাংশৰ হিচাপত নিৰ্ণয় কৰিবলৈ যাওঁতে প্ৰয়োজনীয় স্ংখ্যাটো আছিল ৫,৭৯৩ X ৩ =১৭,৩৭৯। মন কৰক, এই ১৭,৩৭৯ ৰেনমিনবিলৈকে দৰমহা পোৱা ব্যক্তিসকলৰ বাবে তেওঁ পোৱা দৰমহাক ভিত্তি কৰিয়েই অংকটো হৈছিল। কিন্তু ধৰক ২০১৪ চনত বেইজিং চহৰৰ কোনো চাকৰিয়ালে মাহেকীয়া দৰমহা পাইছিল ৫০,০০০ ৰেনমিনবি। এনেক্ষেত্ৰত স্তম্ভ 1A ৰ বাবে ৫০,০০০ ৰেইমিনবিৰ ওপৰত ভিত্তি কৰি অনুদান কৰ্তন নহৈছিল । যি ২০% অনুদান হ’ব লাগে সেয়া আছিল ১৭,৩৭৯ ৰ ২০% = ৩,৪৭৫.৮০ ৰেইমিনবি। ঠিক একেদৰে স্তম্ভ 1B ৰ বাবেও অনুদান ১৭,৩৭৯ ৰ ৮% = ১,৩৯০.৩২ ৰেইমিনবিহে।
ঠিক তেনেকৈ দৰমহা অতি কম হ’লেও এজন ব্যক্তিৰ বাবে সৰ্ব নিম্ন কৰ্তন গড় দৰমহাৰ ৬০% ৰ ওপৰত নিৰ্ভৰ কৰিহে হ’ব। ধৰক এজন মানুহৰ দৰমহা ২০০০ ৰেনমিনবি। সেই সূত্ৰে যদিও তেওঁৰ দৰমহাৰ ২০ শতাংশ ৪০০ ৰেনমিনবি হয়( ২,০০০ x ২০% = ৪০০), তেওঁৰ কৰ্তন কিন্তু ৬৯৫ ৰেনমিনবি হ’ব ( ৫,৭৯৩ x ৬০% x ২০% = ৬৯৫)।
কিমান পৰিমানৰ নিশ্চিত পেন্সন স্তম্ভ 1A আৰু 1B যোগেদি পোৱা সম্ভৱ ? :-
অংকখিনি মুখতে কৰিব পৰাকৈ সহজ বিধৰ নহয়। আজীৱন পেন্সন দিয়াৰ স্বাৰ্থত আঁচনি দুখনে বীমা কোম্পানীৰ দৰে পৰিকল্পনা কৰে। সেয়ে বিভিন্ন পৰিমানৰ বৰঙণি আগবঢ়োৱা লোকসকলক কাক কিমানকৈ মাহেকীয়া পেন্সন দিয়া হ’ব, তাক নিৰ্ধাৰণ কৰিবলৈ এনুইটিৰ বাবে প্ৰযোজ্য হোৱা অংক প্ৰয়োগ কৰা হয়। তথাপি বৰ্ণনা সৰল কৰাৰ স্বাৰ্থত ক’ব পাৰি যে এই ব্যৱস্থাটোত এজন মানুহক অৱসৰৰ দিনত সৰ্বোচ্চ তেওঁৰ শেষ দৰমহাৰ প্ৰায় ৫৯ শতাংশ প্ৰতিস্থাপক অনুপাতেৰে (Replacement Ratio) পেন্সন দিবলৈ চৰকাৰে চেষ্টা কৰে ( স্তম্ভ 1A- ৩৫% + স্তম্ভ 1B- ২৪%)। অংক সহজ কৰিবলৈ ধৰা হওক এজন ব্যক্তিয়ে ৩৫ বছৰ কাল চাকৰি কৰিলে মাহে ১০০০ ৰেনমিনবিত আৰু এই সংখ্যাটো তেওঁৰ চাকৰি কালৰ প্ৰতি বছৰে ঘোষিত হোৱা গড় দৰমহাতকৈ কম আছিল (সমগ্ৰ ৩৫ বছৰ দৰমহা বঢ়া নাই বুলি ধৰিছোঁ অংক সহজ কৰাৰ স্বাৰ্থত)। তেওঁ অৱসৰ লোৱা আগৰ বছৰ চহৰখনৰ গড় দৰমহাও যদি ১০০০ ৰেইমিনবি থাকে, সেই বছৰ তেওঁৰ মাহেকীয়া পেন্সন হ’ব- ১০০০ x ৫৯ % = ৫৯০ ৰেনমিনবি (প্ৰায়) । কিন্তু ই এই কথা নুবুজাই যে প্ৰত্যেকজন চীনা ব্যক্তিয়ে তেওঁৰ শেষৰটো মুঠ দৰমহাৰ ৫৯ শতাংশ পেন্সন হিচাপে পাবলৈ সক্ষম হ’ব। তেওঁৰ চাকৰিকাল যদি ৩৫ বছৰতকৈ কম হয়, সমানুপাতিক ভাবে তেওঁ পাব পৰা পেন্সনো ক’ম হ’ব। ৰ’ব, মুঠ দৰমহাৰ তুলনাত প্ৰতিস্থাপক অনুপাত ইয়াতকৈ বহুত কম হোৱাৰ অৱকাশ আছে। যদিহে তেওঁৰ মুঠ দৰমহাত মূল দৰমহা কম আছিল, কিন্তু বোনাছ, এলাউন্স আদিহে বেছি আছিল ( যিটো ব্যক্তিগত খণ্ডৰ চাকৰিয়ালৰ ক্ষেত্ৰত সততে হয়)। ধৰক, মূল দৰমহা ৫০ শতাংশ আৰু বোনাছ, এলাউন্স আদি ৫০ শতাংশৰে এজন চাকৰিয়ালৰ মুঠ দৰমহা গঠিত। গতিকে ৩৫ বছৰ চাকৰি কৰিলেও অৱসৰৰ পাচত প্ৰকৃত প্ৰতিস্থাপক অনুপাত তেওঁৰ ক্ষেত্ৰত আৰুহে কম হ’ব। ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত ই ২৯.৫ শতাংশ মানহে হ’ব। ইফালে উচ্চ দৰমহাধাৰী মানুহৰ ক্ষেত্ৰতো (যদি দৰমহা গড় দৰমহাৰ তিনি গুণতকৈ বেছি হয়) প্ৰতিস্থাপক অনুপাত ৫৯ শতাংশতকৈ বহুতেই কম হোৱা দেখা যায়।
এনে সংস্কাৰৰ জৰিয়তে চীনৰ পেন্সন ব্যৱস্থা বৰ্তমান সূচাৰুৰূপে চলি আছে নে? চীনৰ ভবিষ্যতৰ পেন্সনাৰ সকলৰ স্বাৰ্থত ব্যৱস্থাটো বিপদমুক্ত হ’ল বুলি ক’ব পৰা অৱস্থা এটা আহিল নে ? অহা খণ্ডত এইবোৰ কথাৰ মাজেলৈ আগ বাঢ়িম।
Leave a Reply