কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ১ জানুৱাৰী ২০০৪ বা তাৰ পাচত নিযুক্তি লাভ কৰা কৰ্মচাৰী এজনৰ বাবে ‘এন পি এছ’ বা ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জড়িত হোৱাটো বাধ্যতামূলক৷ অৱশ্যে সেনা-বাহিনীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ প্ৰায় সকলো ৰাজ্য চৰকাৰেই এই ব্যৱস্থা নিজৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে৷ এইখন আঁচনিৰ যোগেদিয়েই পূৰ্বতে দেশত চলি থকা চৰকাৰী পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা বৰ্তমানৰ সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ সলনি হ’ল৷ এই পৰিবৰ্তিত পেন্সন ব্যৱস্থাত পেন্সনৰ বাবে কৰ্মচাৰী এজনৰ বৰঙণি কিমান হ’ব সেয়াহে সূত্ৰবদ্ধ হৈ থাকে, পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰিব চাকৰি কালছোৱাত বিনিয়োগে লাভ কৰা ফলাফলৰ ওপৰত৷ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘এন পি এছ’ ত বিনিয়োগ ব্যৱস্থা দুই শাৰী বিশিষ্ট৷
প্ৰথম শাৰী :- সকলো কৰ্মচাৰীয়েই তেওঁৰ মূল দৰমহা আৰু মৰগীয়া বানচৰ ১০ শতাংশ বৰঙণি হিচাপে আগবঢ়াব লাগে৷ চৰকাৰেও সমপৰিমাণৰ ধনৰাশি কৰ্মচাৰীজনৰ ‘এন পি এছ’ একাউন্টত জমা কৰে৷ এই বৰঙণি বাধ্যতামূলক আৰু চাকৰিকালত উঠাব নোৱাৰে৷
দ্বিতীয় শাৰী :- ইচ্ছা অনুযায়ী টকা উঠাব পৰা ছেভিংছ একাউন্টৰ লেখীয়া৷ চৰকাৰৰ ফালৰ পৰা কোনো বৰঙণি ইয়াত নাথাকে৷
ক’ত বিনিয়োগ কৰা হ’ব :- প্ৰথম শাৰীৰ ‘এন পি এছ’ আঁচনিত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত থকা সম্পদ আবন্টন এনে ধৰণৰ
(ক) গৱৰ্নমেন্ট চিকিউৰিটি ৫৫ শতাংশ পৰ্যন্ত
(খ) বেচৰকাৰী ঋণ সম্পদ ৪০ শতাংশ পৰ্যন্ত
(গ) ইকুইটি বা ইকুইটি মিউচুৱেল ফাণ্ডত ১৫ শতাংশ পৰ্যন্ত
(ঘ) মুদ্ৰা বজাৰ(মানি মাৰ্কেট)ৰ দ্ৰব্যত ৫ শতাংশ পৰ্যন্ত৷
থূলমূলকৈ ক’বলৈ গ’লে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ইকুইটিত বিনিয়োগ ১৫ শতাংশ পৰ্যন্ত আৰু ঋণ সম্পদত ন্যূনতম বিনিয়োগ ৮৫ শতাংশ৷ এটা অতি ৰক্ষণশীল সম্পদ আবন্টন৷
পেন্সন ফাণ্ড মেনেজাৰ :- ১ এপ্ৰিল ২০০৮ ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জমা হোৱা ‘এন পি এছ’ৰ টকা পেছাদাৰী পেন্সন ফাণ্ড মেনেজাৰৰ জৰিয়তে বিনিয়োগ আৰম্ভ হয়৷
(ক) প্ৰথম শাৰীৰ বিনিয়োগৰ বাবে :- চৰকাৰী কৰ্মচাৰীৰ কাৰণে থকা এই আঁচনিখনত বিনিয়োগৰ বাবে পেন্সন ফাণ্ড মেনেজাৰ হিচাপে তিনিটা সংস্থাক নিৰ্বাচন কৰা হৈছে (১) এছ বি আই পেন্সন ফাণ্ডছ্ প্ৰাঃ লিঃ, (২) এল আই চি পেন্সন ফাণ্ড লিমিটেড আৰু (৩) ইউ টি আই ৰিটায়াৰমেন্ট ছল্যুচনছ লিমিটেড৷ এই তিনিটা ফাণ্ড মেনেজাৰৰ হাততে আছে সমূহ চৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক বৰঙণিৰ সকলো টকা বিনিয়োগ কৰাৰ দায়িত্ব৷ বৰ্তমানলৈকে থকা নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চৰকাৰী স্বতন্ত্ৰ নিকায়সমূহৰ কৰ্মচাৰীসকলে প্ৰান (পাৰ্মেনেন্ট ৰিটায়াৰমেন্ট একাউন্ট নাম্বাৰ) ফৰ্ম পূৰণ কৰোতে আঁচনি নিৰ্বাচনৰ সংক্রান্তত একো উল্লেখ কৰাৰ আৱশ্যক নাই৷ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে পূৰ্বনিৰ্ধাৰিত অনুপাতত তিনিওটা পেন্সন ফাণ্ড মেনেজাৰকে বৰঙণিৰ টকা ভাগ কৰি বিনিয়োগ কৰিবলৈ দিয়া হয়৷ একাউন্ট ষ্টেটমেন্টত এই বিষয়ে সবিশেষ উল্লেখ থাকে৷ ৰাজ্য চৰকাৰবিলাকেও নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে যে কি অনুপাতত বৰঙণি ফাণ্ড মেনেজাৰ তিনিটাক ভাগ কৰি দিয়া হ’ব৷
(খ) দ্বিতীয় শাৰীৰ বিনিয়োগৰ বাবে :- চাকৰিয়ালৰ ইচ্ছাধীন এই বিনিয়োগ আঁচনিখন সকলো নাগৰিকলৈ মুকলি কৰা সংস্কৰণটোৰ লগত মিলে৷ বৰ্তমানলৈকে ‘এন পি এছ’ৰ বাবে নিৰ্বাচিত ৭ টা পেন্সন ফাণ্ড মেনেজাৰ সংস্থাৰ মাজৰ পৰা এটা সংস্থাক নিৰ্বাচন কৰাৰ প্ৰয়োজন হয়৷ যিহেতু অহাবাৰ ক’ৰপৰেট চাকৰিয়াল আৰু সকলো নাগৰিকলৈ মুকলি ‘এন পি এছ’ আঁচনিৰ বিষয়ে আলোচনা কৰিম সেয়ে এইবাৰ বিতং আলোচনাৰ পৰা বিৰত থাকিলো৷
আয়কৰ সুবিধাৰ দিশৰ পৰা এন পি এছ :- এই আঁচনিলৈ আগবঢ়োৱা বৰঙণি আয়কৰ কমাবলৈ ব্যৱহাৰ কৰিব পাৰি৷ অৰ্থাৎ মুঠ আয়ৰ পৰা এই আঁচনিলৈ আগবঢ়োৱা বৰঙণি বিয়োগ কৰি কৰ দিব লগা আয় কম কৰিবলৈ সুবিধা দিয়া হয়৷ কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহা (বেচিক আৰু মৰগীয়া বানচ)ৰ ১০ শতাংশলৈকে কৰা বৰঙণি আয়কৰ ৰিটাৰ্নত মুঠ আয়ৰ পৰা বিয়োগ কৰি আয়কৰ কমোৱাৰ সুবিধা ল’ব পাৰে৷ ইনকম টেক্স এক্ট, ১৯৬১ ৰ অনুচ্ছেদ ৮০ চি চি ডি (১)ত সৰ্বোচ্চ ১,৫০,০০০ পৰ্যন্ত আৰু চি চি ডি (১ বি) অধীনত অতিৰিক্তভাৱে অন্য ৫০,০০০ লৈকে বিয়োগ কৰিব পাৰে এজন কৰ্মচাৰীয়ে৷ উল্লেখযোগ্য যে চি চি ডি (১ বি)ত কৰা বিনিয়োগৰ বাবে ‘দৰমহাৰ ১০ শতাংশৰ সীমাবদ্ধতা’টো নাথাকে৷ অৰ্থাৎ যি বিনিয়োগ কৰিব সেয়া ৫০,০০০ টকা পৰ্যন্ত মুঠ আয়ৰ পৰা বিয়োগ কৰিব পাৰিব৷ মুঠৰ ওপৰত ক’ব পাৰি যে এজন কৰ্মচাৰীয়ে এন পি এছত কৰা বিনিয়োগৰ জৰিয়তে ২ লাখ পৰ্যন্ত কৰ দিবলগীয়া আয় কমাব পাৰে৷ ইফালে নিয়োগকৰ্তাই অৰ্থাৎ চৰকাৰে দৰমহা (বেচিক আৰু মৰগীয়া বানচ)ৰ ১০ শতাংশ হিচাপত চাকৰিয়ালজনৰ এন পি এছৰ ফাণ্ডলৈ আগবঢ়োৱা বৰঙণিখিনিৰ বাবে কোনো উচ্চ সীমা নাই৷ সেয়ে নিয়োগকৰ্তাৰ সমূহ বৰঙণি অনুচ্ছেদ ৮০ চি চি ডি (২)ৰ অধীনত বিয়োগ কৰিব পাৰি৷
কেতিয়া আৰু কেনেকৈ বিনিয়োগৰ টকা উঠাব পাৰি :- প্ৰথম শাৰীৰ ‘এন পি এছ’ আঁচনিৰ পৰা এজন কৰ্মচাৰীয়ে চাকৰিকালত টকা উলিয়াবলৈ উৎসাহিত কৰা নহয়৷ কিন্তু নতুন নিয়ম অনুসৰি যিসকল চাকৰিয়ালৰ বৰঙণি অন্ততঃ ১০ বছৰ ধৰি এন পি এছত সম্পূৰ্ণ হৈছে তেওঁলোকে বৰঙণিৰ ২৫ শতাংশ পৰ্যন্ত ধন বিশেষ কাৰণত উলিয়াব পাৰিব৷ সেই বিশেষ কাৰণকেইটা হ’ল –
(১) সন্তানৰ উচ্চ শিক্ষা আৰু বিয়া-বাৰু৷
(২) প্ৰথম ঘৰ ক্রয় বা নিৰ্মাণ৷
(৩) নিজৰ, পতি বা পত্নীৰ, সন্তান আৰু মাক-দেউতাকৰ বাবে হোৱা চিকিৎসাজনিত কাৰণত৷ অৱশ্যে সেই চিকিৎসা ১৩ টা বিশেষ বেমাৰ অথবা জীৱনলৈ ভাবুকি অহা ধৰণৰ দুৰ্ঘটনাজনিত কাৰণ হ’ব লাগিব৷ এজন ব্যক্তিয়ে সমগ্ৰ চাকৰি জীৱনত ৩ বাৰ এনেদৰে টকা উঠাব পাৰিব৷ দুটা টকা উঠোৱা সময়ৰ মাজৰ ব্যৱধান অন্ততঃ ৫ বছৰ হ’ব লাগিব৷ অৱশ্যে চিকিৎসাজনিত কাৰণৰ ক্ষেত্ৰত এই ব্যৱধানৰ নিয়ম প্ৰযোজ্য নহয়৷
অৱসৰ লওঁতে যদিহে মুঠ টকা ২ লাখতকৈ কম হয় তেন্তে সমুদায় ধন মুঠকৈ একেবাৰতে প্ৰদান কৰা হয়৷কিন্তু এই সংখ্যা ২ লাখ অতিক্রম কৰিলেই এনুইটি কিনাৰ প্ৰয়োজন হয়৷
৬০ বছৰ আগতে চাকৰি এৰিলে ৮০ শতাংশ জমা ধনেৰে এনুইটি কিনাটো বাধ্যতামূলক আৰু বাকী ২০ শতাংশ টকা মুঠকৈ উঠাব পাৰিব৷ ৬০ বছৰ বয়সত অৱসৰ ল’লে তেখেতৰ যি পৰিমাণৰ ‘এন পি এছ’ পুঁজি হ’ব তাৰ অন্ততঃ ৪০ শতাংশ ধনেৰে বাধ্যতামূলকভাৱে ‘এল আই চি’ৰ নিচিনা বীমা কোম্পানীৰ পৰা এনুইটি কিনিব লাগিব৷ যাতে তেখেতৰ পৰিয়ালে আজীৱন খৰচ কৰিবলৈ মাহেকীয়া পেন্সনৰ ব্যৱস্থা এটা হয়৷ বাকী ৬০ শতাংশ পৰ্যন্ত ধন ব্যক্তিজনে অৱসৰৰ সময়ত মুঠকৈ উঠাই ল’ব পাৰে৷ এইখিনিতে এটা কথা উত্থাপন হ’ব পাৰে যে অৱসৰৰ সময়ত যদি বিনিয়োগ বজাৰৰ অৱস্থা বেয়া থাকে তেনে অৱস্থাত টকা উলিয়ালে বিনিয়োগকাৰীৰ বাবে লোকচান নহ’ব জানো? এই অসুবিধালৈ লক্ষ্য কৰি ব্যৱস্থাটোত কৰা সংশোধনীটো হ’ল – ৬০ ত অৱসৰ লোৱাৰ পাচতো আন ১০ বছৰ পৰ্যন্ত অৰ্থাৎ ৭০ বছৰ বয়সৰ ভিতৰত সেই জমা টকা মুঠকৈ বা পৰ্যায় ক্রমে উঠোৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ অন্যহাতে চাকৰিকালতে কৰ্মচাৰীজনৰ মৃত্যু হ’লে সমস্ত পুঁজি মনোনীত ব্যক্তি (নমিনি) লৈ হস্তান্তৰ কৰা হ’ব৷
‘এন পি এছ’ৰ পুঁজি ব্যৱস্থাপনাৰ খৰচ বৰ নগণ্য৷ এইটো ব্যৱস্থাটোৰ এটা লেখত ল’বলগীয়া ধনাত্মক দিশ৷ কিন্তু চৰকাৰী কৰ্মচাৰীৰ বাবে ইকুইটিত বিনিয়োগৰ অনুমতি মাত্ৰ ১৫ শতাংশতকৈ বেছি নোহোৱাটো আনহে নালাগে দুবছৰৰ আগতে ‘পি এফ আৰ ডি এ’ৰ তদানীন্তন সভাপতি যোগেশ আগৰৱালেও সমালোচনা কৰিছিল৷ তেওঁৰ মতে দীৰ্ঘম্যাদী বিনিয়োগত লাভৱান হ’বলৈ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো ইকুইটিত আৰু অধিক বিনিয়োগৰ অনুমতি চৰকাৰে দিয়া উচিত৷
Leave a Reply