ইউনিকম্ব বিলডিং, প্ৰথম মহলা
ৰহমান হাস্পতালৰ কাষত( ৰেণাল্টৰ শ্ব’ৰোমৰ বিপৰীতে),
ভি আই পি ৰ’ড, ছয় মাইল,
গুৱাহাটী, অসম
পিন-781022
ভ্ৰাম্যভাষ : 9954062095
ভাস্কৰ জ্যোতি বৰুৱাৰ লেখা মেলা
ইউনিকম্ব বিলডিং, প্ৰথম মহলা
ৰহমান হাস্পতালৰ কাষত( ৰেণাল্টৰ শ্ব’ৰোমৰ বিপৰীতে),
ভি আই পি ৰ’ড, ছয় মাইল,
গুৱাহাটী, অসম
পিন-781022
ভ্ৰাম্যভাষ : 9954062095
নমস্কাৰ, মোৰ নাম ভাস্কৰ জ্যোতি বৰুৱা। মই ব্যক্তিগত বিত্ত অৰ্থাৎ পাৰ্চনেল ফাইনেন্সৰ লগত জড়িত। বৃত্তিগত শিক্ষাৰ ফালৰ পৰা ফাইনেন্সিয়েল প্লেনিং ষ্টেণ্ডাৰ্ড ব’ৰ্ড ইণ্ডিয়াৰ চাৰ্টিফিকেট প্ৰাপ্ত “চাৰ্টিফাইড ফাইনেন্সিয়েল প্লেনাৰ”। বহুদিন ধৰি মিউচুৱেল ফাণ্ডৰ পৰিবেশক হিচাপে কাম কৰি আছোঁ। দীৰ্ঘদিন ধৰি এই বৃত্তিৰ লগত জড়িত হৈ এটা কথা উপলব্ধি কৰিছো যে আমাৰ সমাজত ফাইনেন্সিয়েল লিটাৰেচী অৰ্থাৎ বিত্তীয় সাক্ষৰতাত এতিয়াও যথাযথ গুৰুত্ব দিয়া হোৱা নাই। ২০১১ চনত প্ৰথম মই অসমীয়া প্ৰতিদিনত এই বিষয়ক এটা লেখা দিছিলো আৰু প্ৰকাশ হৈছিল। তেতিয়াৰ পৰা বিশেষকৈ অসমীয়া প্ৰতিদিনত বিত্তীয় সাক্ষৰতা বিষয়ক লেখা লিখি আহিছো।
সাধাৰণতে মই সন্মুখীন হোৱা এটা অন্যতম প্ৰশ্ন হৈছে- “ আপোনাৰ আগৰ লেখাবোৰ ক’ত পঢ়িবলৈ পাম ?”।যদিওবা ফেইচ বুকত নিয়মিত প্ৰকাশ কৰো বহুতে পুৰণি লেখা তাত পঢ়িবলৈ সুবিধা নাপাও বুলি জনোৱাত এই ব্লগটো আৰম্ভ কৰাৰ কথা ভাবিলো। এই ব্লগটো আপোনালোকৰ ‘কামত অহা’ কৰিবলৈ কি কি কৰাৰ প্ৰয়োজন মোক জনাব বুলি আশা ৰাখিলোঁ।
ইউনিকম্ব বিলডিং, প্ৰথম মহলা
ৰহমান হাস্পতালৰ কাষত( ৰেণাল্টৰ শ্ব’ৰোমৰ বিপৰীতে),
ভি আই পি ৰ’ড, ছয় মাইল,
গুৱাহাটী, অসম
পিন-781022
ভ্ৰাম্যভাষ : 9954062095
ধৰক, আশংকা কৰাৰ দৰেই এনে এটা দিন আহিল, কোম্পানীৰ চাকৰীটো আপোনাৰ নাথাকিলগৈ।মনৰ পচন্দৰ বেলেগ এটা চাকৰী গোটাবলৈ আপোনাক সময়ৰ প্ৰয়োজন হ’ব।হিচাপ কৰি আপুনি দেখিলে যে যিখিনি টকা বেংকত আছে সেইখিনিৰে তিনিমাহ চলি যাবলৈ অসুবিধা নহ’ব। কিন্তু আপুনি বিচাৰিছে অন্তত: ছমাহৰ পৰা এবছৰমান সময়ৰ এটা আপদকালীন পুঁজি গঠন হওক। কিন্তু কেনেকৈ? যিহেতু উপাৰ্জন নোহোৱা হ’ল নিশ্চিতভাৱে […]