হয়, ময়ো মানি লওঁ যে মুদ্ৰাস্ফীতিয়ে আমাক যথেষ্ট অসুবিধাত পেলায়৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আমাৰ ঘৰুৱা বাজেটখনত প্ৰায়েই প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷ কিন্তু মনোযোগেৰে লক্ষ্য কৰিলে দেখিব যে আমাৰ এই খৰচ বৃদ্ধিৰ বাবে একমাত্ৰ মুদ্ৰাস্ফীতিয়েই দায়ী নহয়৷ আমাৰ অলক্ষিতে ঘৰুৱা বাজেটত চাপ বৃদ্ধি কৰা আনটো কাৰণ হৈছে জীৱন যাপন (লাইফ ষ্টাইল)ৰ মান উন্নীতকৰণ৷ মন কৰকচোন নিজৰ খৰচৰ ধৰণটোলৈ৷ দহ বছৰ আগতে যাতায়াতৰ বাবে আপুনি যিখন ব্যক্তিগত বাহন ব্যৱহাৰ কৰিছিল আজি তাতোতকৈ উন্নত মানৰ এখনৰ গৰাকী আপুনি নহয়নে? যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহৃত আপোনাৰ ম’বাইল হেণ্ডছেটটো সময়ৰ লগে লগে উচ্চ মানবিশিষ্ট হৈ গৈ থকা নাইনে? আপোনাৰ খোৱা-বোৱা, পিন্ধা-উৰা, ঘৰত ব্যৱহৃত সামগ্ৰী ১০ বছৰৰ আগৰ দৰে একেই মানতে আছে জানো? খুব সম্ভৱ পৰিবৰ্তন সকলোতে আহিছে৷ কাৰণ আপোনাৰ উপাৰ্জন বৃদ্ধিৰ লগে লগে বাঢ়িছে আপোনাৰ ক্রয় ক্ষমতা আৰু সেই শক্তিক ব্যৱহাৰ কৰিছে আপোনাৰ আকাংক্ষা পূৰণ কৰিবলৈ৷ এয়াই স্বাভাৱিক৷ কিন্তু ইয়াৰ লগে লগে এটা কথা আপুনি বুজাটো একান্ত প্ৰয়োজন যে অকল মুদ্ৰাস্ফীতিয়েই নহয়, নিৰন্তৰ চলি থকা জীৱন যাপনৰ মান উন্নীতকৰণে আপোনাৰ ভৱিষ্যৎ পৰিকল্পনাসমূহক অধিক প্ৰত্যাহ্বানজনক কৰি নি আছে৷
অৱসৰ পৰিকল্পনাৰ কথাকে ধৰক, ৩৫ বছৰ বয়সত ৰাজীৱ শইকীয়াই ভাবিছে যে আজিৰ তাৰিখৰ ২৫ হেজাৰ টকা তেওঁৰ অৱসৰকালৰ মাহেকীয়া পেন্সনৰ বাবে যথেষ্ট হ’ব৷ মুদ্ৰাস্ফীতি ৮ শতাংশ গড় হিচাপে ধৰিলে ২৫ বছৰৰ পাচত তেওঁ যেতিয়া ৬০ বছৰীয়া হ’ব, তেতিয়া প্ৰথম মাহৰ পেন্সন হিচাপে তেওঁক লাগিব ১,৭১,২১২ টকা৷ এতিয়া লক্ষণীয় কথাটো হ’ল যে অহা ২৫ বছৰত শ্ৰীশইকীয়াৰ উপাৰ্জনো বৃদ্ধি পাব৷ পূৰামাত্ৰাই সম্ভাৱনা আছে গড় হিচাপে সেই বৃদ্ধি মুদ্ৰাস্ফীতিৰ হাৰতকৈ অধিক হ’ব৷ সেই মুদ্ৰাস্ফীতিৰ উপৰঞ্চি হোৱা বৃদ্ধিখিনি যদি অকল খৰচৰ ফালে নি থাকে তেন্তে তেওঁৰ ৬০ বছৰ বয়সত ১,৭১,২১২ টকা অৱসৰ কালৰ প্ৰথম মাহৰ পেন্সন হিচাপে যথাযথ কেতিয়াও নহ’ব৷ কাৰণ অৱসৰৰ আগে আগে তেওঁ যাপন কৰা জীৱনৰ মান আজিৰ দৰে হৈ নাথাকিবগৈ৷ ঠিক সেইদৰে একে হৈ নাথাকিব তেওঁ বিচৰা অৱসৰকালীন জীৱনৰ আকাংক্ষাও৷ মুদ্ৰাস্ফীতিক অতিক্রম কৰি জীৱন যাপনৰ মানৰ বাবে খৰচ যদি গড় হিচাপত বছৰি ৩ শতাংশকৈও বাঢ়ে, তেন্তে শইকীয়াক ২৫ বছৰৰ পাচত প্ৰয়োজন হ’বলগা প্ৰথম মাহৰ পেন্সনৰ সংখ্যাটো হ’বগৈ প্ৰায ৩ লাখ ৪০ হেজাৰ টকা৷ অকল মুদ্ৰাস্ফীতিক নিৰ্ভৰ কৰি কৰা পৰিকল্পনাৰ প্ৰায় দুগুন৷ তেনে পৰিস্থিতিত সেই দিনটোত ১,৭১,২১২ টকাৰে চলিবলৈ চেষ্টা কৰাৰ অৰ্থ হ’ব শ্ৰীশইকীয়াই জীৱন যাপনৰ মান হঠাৎ আধালৈ কমাই দিয়া৷ বৰ সহজ নহয় এই কাৰ্য৷ সেই পৰিস্থিতিটো তেওঁৰ বাবে শাস্তি যেন অনুভৱ হোৱাৰে সম্ভাৱনাই অধিক৷
তেন্তে উপায় কি? এইক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে আপোনাৰ বিত্তীয় নিয়মানুৱৰ্তিতাই, আপোনাৰ সংযমে৷ আপুনি অনুশীলন কৰিব লাগিব সক্ষমতাই অনুমতি দিলেও অপ্ৰয়োজনীয়ভাৱে জীৱন যাপনৰ মান বঢ়াই নিনিয়াৰ৷ এই ক্ষেত্ৰত আমেৰিকাৰ বিত্তীয় পৰিকল্পনাকাৰী মাইকেল কিট্চেছৰ উপদেশ আপোনাৰ কামত আহিব পাৰে৷ কিট্চেছ কয় আপোনাৰ প্ৰত্যেকটো বৰ্ধিত উপাৰ্জনৰ ৫০ শতাংশ ধন ভৱিষ্যতৰ বাবে বিনিয়োগ কৰক৷ ধৰক, আপোনাৰ মাহেকীয়া দৰমহা ১০০ টকা৷ দৰমহা বৃদ্ধি পালে ২০ শতাংশ অৰ্থাৎ আপোনাৰ দৰমহা হ’লগৈ ১২০ টকা৷ কিট্চেছৰ মতে আপোনাৰ বৰ্ধিত দৰমহা ২০ টকাৰ ১০ টকাই জমা বা বিনিয়োগৰ ফালে নিয়া উচিত৷ যদি কিবা কাৰণত ২০ টকাই খৰচৰ ফালে গুচি যায় আৰু সেই বছৰটোত ৮ শতাংশ মুদ্ৰাস্ফীতি আছিল তেন্তে তাৰ অৰ্থ হ’ব আপুনি প্ৰায় ১১ শতাংশ (১২ ÷ ১০৮ × ১০০) জীৱন যাপনৰ মান উন্নত কৰিলে৷ সাধাৰণতে বিত্তীয় পৰিকল্পনাত মানি চলা নিয়মটো হ’ল – শতাংশৰ হিচাপত বৰ্ধিত দৰমহাৰ অংশ এটা জমাৰ ফাললৈ লৈ যোৱা৷ ওপৰৰ উদাহৰণটো অনুসৰি যদি ১০০ টকা মাহেকীয়া দৰমহা পোৱা মানুহজনে আয়ৰ ১০ শতাংশ অৰ্থাৎ ১০ টকা পূৰ্বতে জমা বা বিনিয়োগৰ ফালে নিছিল, এতিয়া অতিৰিক্ত ২০ টকাৰ ১০ শতাংশ অৰ্থাৎ দুটকা জমা বা বিনিয়োগৰ ফালে নিলেই হ’ব৷ কিন্তু কিট্চেছৰ মতে এয়া যথেষ্ট নহয়৷ কাৰণ ২০ টকাৰ ৮ টকা মুদ্ৰাস্ফীতিয়ে গ্ৰাস কৰাৰ পিচত মাত্ৰ দুটকা জমা কৰা মানে ১০ টকাই নতুন খৰচৰ বাবে মুক্ত হৈ ৰ’ল৷ যাৰ অৰ্থ হ’ব আপুনি জীৱন যাপনৰ মান প্ৰায ৯ শতাংশ (১০ ÷ ১০৮ × ১০০) বঢ়াই ল’লে৷
যিসকলে সপ্তম দৰমহা আয়োগৰ পৰা উপকৃত হ’বলৈ গৈ আছে তেওঁলোকৰ বাবে এই ধাৰণাটো গ্ৰহণ কৰাৰ বাবে আটাইতকৈ সঠিক সময়৷ আনহাতে সপ্তম দৰমহা আয়োগৰ সুফলে যিসকলক স্পৰ্শ নকৰেগৈ তেওঁলোকৰো দৰমহা যদি বৃদ্ধি হয়, তেন্তে এই উপদেশ সমানেই ফলপ্ৰসূ হ’ব৷ ব্যৱসায়ী, স্বনিয়োজিত ব্যক্তিয়ে নিজৰ শেহতীয়া বাৰ্ষিক উপাৰ্জনক এবছৰ আগৰ আয়ৰ লগত তুলনা কৰিলেই নিজাববীয়াকৈ উত্তৰটো বিচাৰি পাব৷ এই প্ৰক্রিয়াৰে আচলতে আপুনি ভৱিষ্যতৰ স্বাৰ্থত নিজৰ পাখি কাটিবলৈ যত্ন কৰিছে আপোনাৰ ক্রয় ক্ষমতা সংকুচিত কৰি৷ নতুন বছৰটোত এটা বিত্তীয় সংকল্প হ’ব পৰাকৈ এই ধাৰণাটো আপোনাৰ বাবে গ্ৰহণযোগ্যনে? জনাবচোন৷ শেষত মোৰ সকলো পাঠক পাঠিকালৈ নৱবৰ্ষৰ অফুৰন্ত শুভকামনা যাচিলো৷ ২০১৬ আপোনাৰ বিত্তীয় দিশটোৰ বাবেও শুভ হওক৷
**************
৩১ ডিচেম্বৰ,২০১৫, অসমীয়া প্ৰতিদিন
Leave a Reply