আপুনি ৰিস্ক থকা বুলি জানিও ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব খুজিছে। কিয় ? নিশ্চয় বেছি ৰিটাৰ্নৰ আশাত, নহয় জানো ? বেংকৰ ফিক্সড ডিপ’জিট জাতীয় বিত্তীয় দ্ৰব্যবোৰে আগবঢ়োৱা ৰিটাৰ্নত সুখী হ’ব পৰা হ’লে আপুনি নিশ্চয় উত্থান-পতনৰ অনিশ্চয়তা থকা বাট এটাৰে ফল নিবিচাৰিলেহেঁতেন। বজাৰত উপলব্ধ ৰিস্ক নোলোৱাকৈ পাব পৰা ৰিটাৰ্নৰ তুলনাত যি অতিৰিক্ত ফল ফাণ্ড এটাই বিগত সময়ত দিছে, সেইখিনি পাবলৈ যাওঁতে বিনিয়োগকাৰীয়ে গ্ৰহণ কৰিবলগীয়া হোৱা প্ৰতি একক ৰিস্কৰ বিপৰীতে সেই ফলনো কেনেকুৱা তাক সংখ্যাত চাব পৰা এটা সঁজুলি হৈছে শ্বাৰ্প অনুপাত। ইয়াৰ উদ্ভাৱক হৈছে উইলিয়াম এফ শ্বাৰ্প। অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯০ চনৰ ন’বেল স্মাৰক বঁটা এওঁলৈ আগবঢ়োৱা হয় আৰু সন্মান হিচাপে এই অনুপাতটোৰ নামকৰণো শ্বাৰ্প অনুপাত ৰখা হয়। বিনিয়োগৰ পৃথিৱীত বহুলভাৱে ব্যৱহাৰ হোৱা এই অনুপাতটোৰ বিষয়ে অলপ জানো আহক।
ৰিস্ক নথকা ৰিটাৰ্ন বুলিলে আমি সেইবিলাক বিত্তীয় দ্ৰব্যৰ পৰা পোৱা ৰিটাৰ্নৰ কথা বুজো যিবিলাকৰ পিচত এখন সমৰ্থৱান দেশৰ গেৰাণ্টি থাকে। ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে ইছ্যু কৰা ট্ৰেজাৰি বিলবিলাকৰ কথা ক’ব পাৰি। ধৰা হওক, ৯১ দিনীয়া ট্ৰেজাৰি বিলৰ ইল্ড বৰ্তমান ৫ শতাংশ (৫ মে’ ২০১৭ত প্ৰকৃত ইল্ড আছিল ৬.২৩ শতাংশ) আৰু আমাৰ আজিৰ আলোচনাৰ বাবে ই হৈছে ৰিস্ক নথকা ৰিটাৰ্ন। ধৰক, ইকুইটি মিউচুৱেল ফাণ্ড ‘ক’ই যোৱা তিনিবছৰত গড়ে ২০ শতাংশ ফল দিছে। এতেকে এক কথাত আমি ক’ব পাৰো যে ৰিস্ক লৈ ‘ক’ ফাণ্ডত বিনিয়োগ কৰাৰ বাবে আমি অতিৰিক্ত ২০-৫=১৫ শতাংশ হাৰত ফল পাইছো। এই বিনিয়োগত ৰিস্ক কিমান আছিল বুলি সুধিলে সংখ্যাত প্ৰকাশ কৰিবলৈ আমি চাব পাৰো ষ্টেণ্ডাৰ্ড ডেভিয়েচনৰ ফালে। ধৰা হওঁক, ফাণ্ডটোৰ বিগত তিনি বছৰৰ ষ্টেণ্ডাৰ্ড ডেভিয়েচন ১৫। এতিয়া অলপ আগতে পোৱা অতিৰিক্ত ৰিটাৰ্নক ষ্টেণ্ডাৰ্ড ডেভিয়েচনৰে হৰণ কৰিলে আমি পাম ১৫ ÷ ১৫ = ১। এই একটোৱেই হৈছে আমাৰ শ্বাৰ্প অনুপাত।
যিহেতু ইকুইটি বজাৰকেন্দ্ৰিক ফলাফলৰ ভাল-বেয়া সদায় তুলনানিৰ্ভৰ, এই সময়ছোৱাত শ্বাৰ্প অনুপাত এক কেনেকুৱা বুলি সুধিলে একেষাৰতে ভাল বা বেয়া বুলি ক’বলৈ অসুবিধা। প্ৰকৃততে আন সমগোত্ৰীয় ফাণ্ড এটাই একে সময়ছোৱাত দেখুওৱা প্ৰদৰ্শনৰ লগত তুলনা কৰিবলৈহে এই অনুপাত সুবিধাজনক। ধৰা হওক, অন্য এটা সমগোত্ৰীয় ফাণ্ড ‘খ’ৰ বিগত তিনিবছৰৰ ৰিটাৰ্ন গড়ে ২২ শতাংশ। কিন্তু এই ফাণ্ডটোৰ উত্থান-পতন ‘ক’তকৈ বেছি আৰু সেয়া সাংখ্যিক ৰূপত প্ৰকাশ হৈছে বিগত তিনিবছৰৰ ইয়াৰ ষ্টেণ্ডাৰ্ড ডেভিয়চন ২০ ৰ মাজেৰে। এই তথ্যখিনিৰ পৰা নিৰ্ণয় কৰিবলগীয়া ‘খ’ৰ শ্বাৰ্প অনুপাত হ’ব ( ২২ – ৫)/২০= ০.৮৫।
শ্বাৰ্প অনুপাত যিমানে ডাঙৰ হয় সিমানে ভাল। ওপৰৰ গণনাত দেখা গ’ল ‘ক’ ফাণ্ডে ‘খ’তকৈ ২ শতাংশ ফল কম দিলেও নিজে লোৱা ৰিস্কৰ বিপৰীতে দিয়া ৰিটাৰ্নৰ ক্ষেত্ৰত ( যাক বিনিয়োগৰ ভাষাত ‘ৰিস্ক এডজাষ্টেট ৰিটাৰ্ন’ বোলা হয়।) ‘খ’তকৈ উন্নত ফল প্ৰদৰ্শন কৰিছে। এতিয়া ৰিস্ক কম লৈ ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব খোজা ব্যক্তিৰ বাবে ‘ক’ ফাণ্ডটো ‘খ’তকৈ বেছি উপযোগী। এইবাৰ অন্য এটা দৃষ্টিকোণৰ পৰা চাওক। ধৰক, সমগোত্ৰীয় দুটা ফাণ্ডৰ বিগত তিনিবছৰত ফল সমান, দুয়োটাৰে ১৫ শতাংশ। কিন্তু এটা ফাণ্ডৰ শ্বাৰ্প অনুপাত 0.৭৫ আৰু আনটোৰ ১.২৫ । তাৰ অৰ্থ হ’ব – একে ৰিটাৰ্ন দিবলৈ প্ৰথমটো ফাণ্ডে অধিক ৰিস্ক লৈছে বা বেছি উত্থান-পতনৰ মুখামুখি হৈছে। সেয়ে এই ক্ষেত্ৰত দ্বিতীয়টো ফাণ্ডৰ প্ৰদৰ্শন আকৰ্ষণীয়।
শ্বাৰ্প অনুপাতে ফাণ্ড একোটাক তুলনা কৰোতে প্ৰয়োজনীয় তথ্য যোগান ধৰিলেও ইয়াৰ সীমাবদ্ধতা নোহোৱা নহয়। প্ৰথম কথা, এইবোৰ বিগত দিনৰ পৰিসংখ্যাৰ পৰা নিৰ্ণয় কৰা হৈছে। ইয়াৰ ভিত্তিত ফাণ্ড একোটাৰ ৰিটাৰ্নৰ ভৱিষ্যদ্বাণী কৰিব নোৱাৰি। দ্বিতীয়তে বজাৰ বেয়া থাকিলে ঋণাত্মক ফল দি থকা সময়ত এই অনুপাতে সঠিক ছবিখন দাঙি ধৰিব নোৱাৰে। ৰিস্ক নথকা বিনিয়োগতকৈ বেছি ফল পালেহে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি। বেছি ৰিস্ক থকা ফাণ্ড এটাৰ শ্বাৰ্প অনুপাত ডাঙৰ হ’ব পাৰে যদিহে ৰিটাৰ্নৰ সংখ্যাটো যথেষ্ট ডাঙৰ হয়। কিন্তু এককভাৱে এই পৰিসংখ্যাৰ ভিত্তিতে বিনিয়োগৰ সিদ্ধান্ত ল’ব নোৱাৰি। কম ৰিস্ক ল’ব খোজা মানুহ এজনৰ বাবে উচ্চ শ্বাৰ্প অনুপাত থাকিলেও সেই ফাণ্ড উপযোগী নহ’বও পাৰে। সেয়ে বিনিয়োগকাৰীয়ে কেনেধৰণৰ ফাণ্ডত বিনিয়োগ কৰিব সেয়া আগতে ঠিক কৰি ল’ব লাগে। দুটা পৃথক শ্ৰেণীৰ ফাণ্ডৰ মাজত শ্বাৰ্প অনুপাতৰ তুলনাও বিভ্ৰান্তিকৰ। এটা লাৰ্জকেপ ফাণ্ডৰ লগত ছেক্টৰেল ফাণ্ড এটাৰ শ্বাৰ্প অনুপাতৰ তুলনা হোৱা অনুচিত।
******
Leave a Reply