আপুনি বিশ্বাস কৰে যে ম্যাদ উকলা সামগ্ৰী মানেই ব্যৱহাৰ অযোগ্য৷ সেয়ে বস্তু ক্রয় কৰাৰ আগতে লেবেল পঢ়িবলৈ আপুনি সাধাৰণতে নাপাহৰে৷ কিন্তু যোৱা মাহত ‘অফাৰ’ দেখি শ্বেম্পুৰ ডাঙৰ বটলটো কিনোতে ম্যাদ চাবলৈ নহ’ল৷ আজি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি উঠাৰ পাচতহে চকু গ’ল – ম্যাদচোন এই যাওঁ যাওঁ৷ এতিয়া ঘূৰাই দিয়াৰো সুযোগ নাই আৰু একো কথা নাই বুলি পাহৰিবলৈও দামটো তেনেই কম নহয়৷ কেনে অনুভৱ হ’ব আপোনাৰ? এবাৰ কল্পনা কৰকচোন৷ প্ৰথমেই সেইদিনা দোকানত দেখুওৱা অসাৱধানতাৰ বাবে টিঙিচকৈ খংটো নুঠিবনে? ম্যাদ উকলিবলৈ যোৱা শ্বেম্পুৰ বটলটোক কেন্দ্ৰ কৰি আপোনাৰ বিশ্বাস আৰু কৰ্মত হৈ যোৱা বিৰোধে মনোজগতত এক অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰিব৷ এই অস্বস্তিখিনি যিমান পাৰি সিমান সোনকালে প্ৰশমন কৰিবলৈ চেষ্টা চলোৱাটো হৈ উঠিব আপোনাৰ বাবে অপৰিহাৰ্য৷ ইয়াৰ বাবে তিনিটা বিকল্প পথ আপোনাৰ সন্মুখত খোলা আছে৷
(১) সামগ্ৰীৰ ম্যাদ সম্বন্ধীয় বিশ্বাসটোকে সলনি কৰক৷ অৰ্থাৎ ম্যাদ উকলিলেও সামগ্ৰী লগে লগে বেয়া হৈ নাযায় বুলি নতুন বিশ্বাস এটা আজিৰে পৰা ৰোপণ কৰক৷ নাইবা
(২) এই নতুন বটলটো ম্যাদ উকলা মাত্ৰকে দলিয়াই দিয়া হ’ব৷ ইয়াৰ বাবদ যি লোকচান হ’ব সেয়া আপোনাৰ অমনোযোগিতাৰ শাস্তি হিচাপে গ্ৰহণ কৰিব৷ নাইবা
(৩) মাত্ৰ শ্বেম্পুৰ ম্যাদ সম্বন্ধে আপোনাৰ পূৰ্বৰ ধাৰণা (পাৰ্চেপ্চন) সলনি কৰিব৷ আপুনি মনটোক বুজাব – শ্বেম্পুতো আৰু খাদ্য-সামগ্ৰী নহয় যে ম্যাদ উকলা মানেই বেয়া হৈ যাব৷
এইদৰে আমাৰ কোনো পূৰ্বৰ বিশ্বাস আৰু নতুনকৈ সম্পাদন কৰা কাৰ্য বা আগমন হোৱা নতুন তথ্যৰ মাজত সংহতি নোহোৱাৰ বাবে যি মানসিক অশান্তি অনুভৱ কৰো তাক ইংৰাজীত কগনিটিভ ডিজ’নেন্স বোলা হয়৷ ইয়াকে মই অসমীয়াত বোধৰ ঐক্যহীনতা বুলি কৈছো৷ যেতিয়াই আমাৰ মনত বোধৰ ঐক্যহীনতা উদ্ভৱ হয়, সেইখিনি আঁতৰাই ভাবৰ সমন্বয় আনিবলৈ মন তৎপৰ হৈ উঠে৷ কাৰণ আমাৰ মনৰ স্বভাৱ এয়ে যে সি একে সময়তে দুটা বিপৰীত বিশ্বাস বা তথ্যৰ বোজা কঢ়িয়াবলৈ ভাল নাপায়৷ কিন্তু সমস্যা হয় তেতিয়া, যেতিয়া মনত বোধৰ সমন্বয় অনাৰ স্বাৰ্থত ভুল বা অপকাৰী সিদ্ধান্তৰেও আমি বহুদূৰ গুচি যাওঁ৷ এই তত্বৰ আৱিস্কাৰক মনোবিজ্ঞানী লিয়ন ফেষ্টিংগাৰে ১৯৫৭ চনত তেওঁৰ কিতাপত ইয়াক বুজাবলৈ এটা সুন্দৰ উদাহৰণ দিছিল৷ চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি জনা ধূমপায়ীয়ে বোলে নিজকে প্ৰবোধ দিয়ে – ধূমপানৰ পৰা হোৱা লাভ তাৰ সেৱনৰ ফলত হ’ব পৰা স্বাস্থ্যহানিতকৈ বেছি মূল্যৱান৷
বিনিয়োগতো এই বোধৰ ঐক্যহীনতাৰ বাবে হোৱা পক্ষপাত বৰ সুলভ৷ যিহেতু বিনিয়োগকাৰীসকলে বেছিভাগ সময়তে সিদ্ধান্ত ল’বলগা হয় বহুকেইটা বিকল্পৰ মাজৰ পৰা আৰু নিৰ্বাচন নকৰা বিকল্প বেছি ভাল আছিল বুলি পিচত প্ৰমাণ হোৱাৰ অৱকাশো নোহোৱা নহয়৷ তদুপৰি নিৰ্বাচন কৰা বিনিয়োগ দ্ৰব্যবিধৰ বিষয়েও একে সময়তে সপক্ষে আৰু বিপক্ষে খবৰ বজাৰত উপলব্ধ হ’ব পাৰে৷ মুঠতে এজন বিনিয়োগকাৰীৰ মনোজগতত বোধৰ ঐক্যহীনতা সৃষ্টি কৰিব পৰা সমল পদে পদে৷ ধৰক, বিনিয়োগকাৰী এজনে এটা কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিছিল৷ সেই বিনিয়োগ বহুদিন ধৰি লোকচানতে আছে৷ তেওঁৰ বিত্তীয় উপদেষ্টাই কৈ আছে – বেচি দিয়ক আৰু আজিৰ তাৰিখত ভাল বুলি বিবেচিত হোৱা কোম্পানী এটাত বিনিয়োগ কৰক সেই টকা৷ কিন্তু বিনিয়োগকাৰীজনে সেইটো কাৰ্যকৰী কৰিব পৰা নাই৷ কাৰণ বিক্রী কৰি দিলেই পূৰ্বতে সেয়া ভুল সিদ্ধান্ত আছিল বুলি মানি লোৱা যেন হ’ব৷ বিনিয়োগ কৰা সময়ত তেওঁ কৰা পৰ্যালোচনা শুদ্ধ নাছিল বুলি মানি ল’বলৈ তেওঁ এতিয়াও প্ৰস্তুত হ’ব পৰা নাই৷ এনে পৰিস্থিতিত তেওঁ নিজকে দিয়া বুজনি – ‘এয়াতো মোৰ দীৰ্ঘম্যাদী বিনিয়োগ৷ লোকচান হ’লেও মই অপেক্ষা কৰিম’৷ ইকুইটি বিনিয়োগক সময় দিয়াটো এটা ভাল কৌশল৷ কিন্তু বিশেষ কোম্পানীটোৰ বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা আৰু একেটা খণ্ডৰ আন ভাল কোম্পানীৰ লগত তাৰ তুলনা নকৰাকৈ দীৰ্ঘম্যাদী বিনিয়োগৰ অংশ হ’ল বুলিয়েই বিনিয়োগ অব্যাহত ৰখা অনুচিত৷ কেতিয়াবা দেখা যায় কিছু বিনিয়োগকাৰীয়ে সেই লোকচানত থকা কোম্পানীটোতে অধিক বিনিয়োগ কৰি গড় দাম কমাবলৈ যায়৷ হয়, বজাৰ পৰি থাকোতে ভাল কোম্পানীত কম দামত বিনিয়োগ কৰিবলৈ পোৱাটো এটা সুযোগ৷ কিন্তু বেয়া কোম্পানীত সেয়া হ’ব অপচয়৷ মুঠৰ ওপৰত আজিৰ তাৰিখতো সেই কোম্পানীটো বিনিয়োগযোগ্য বুলি পতিয়ন যাব পৰাকৈ তথ্য সপক্ষে থকাটো গুৰুত্বপূৰ্ণ৷ অন্যথা বিনিয়োগত ইয়াক কোৱা হয় – ‘ভাল টকাই বেয়া টকাৰ পিচ লোৱা’৷
আচৰণ সম্বন্ধীয় বিত্তত থকা আন বহুকেইটা পক্ষপাতৰ আৰম্ভণি কাৰক হৈছে এই বোধৰ ঐক্যহীনতা৷ উদাহৰণস্বৰূপে অত্যধিক আত্মবিশ্বাস, সমৰ্থন পক্ষপাত, জাকৰ পিচ খেদা মানসিকতা ইত্যাদি৷ সেয়ে ভাল বিনিয়োগকাৰী হোৱাৰ স্বাৰ্থত প্ৰথম কাম হ’ব আপুনি বোধৰ এই ঐক্যহীনতাক উপলব্ধি কৰাটো৷ দ্বিতীয়তে সকলো বিনিয়োগতে আপোনাৰ এটা প্ৰক্রিয়া থকা উচিত৷ কেনে পৰিস্থিতিত কি সিদ্ধান্ত ল’ব সেয়া বিনিয়োগ পৰিকল্পনাৰ অংশ হ’ব লাগে৷ তৃতীয়তে নিজৰ বিশ্বাসৰ বিপৰীতে অহা তথ্যবোৰো গুৰুত্বসহকাৰে বিবেচনা কৰাৰ বাবে প্ৰয়োজনীয় ধৈৰ্য থকাটো বাঞ্ছনীয়৷
( অসমীয়া প্ৰতিদিন, ১৮ ফেব্ৰুৱাৰী,২০১৬ )
Leave a Reply