মিউচুৱেল ফাণ্ডৰ সংক্ষিপ্ত বুৰঞ্জী :- পৃথিৱীৰ দেশে দেশে বৰ্তমান জনপ্ৰিয় হোৱা বিনিয়োগৰ এই ব্যৱস্থাটোৰ উৎপত্তিৰ সম্বন্ধে সৰ্বজন গ্ৰহণীয় তথ্য নাই।বহুতে ক’ব খোজে নেদাৰলেণ্ডৰ ৰজা উইলিয়াম প্ৰথমে ১৮২২ চনত প্ৰতিষ্ঠা কৰা বিনিয়োগ কোম্পানীয়েই পৃথিৱীৰ প্ৰথম মিউচুৱেল ফাণ্ড।কিন্তু অন্য একাংশই এই তথ্য মানিব নোখোজে।তেওঁলোকে ক’ব খোজে যে ওলণ্ডাজ (Dutch) সদাগৰ এড্ৰিয়ান ভন কেটৱিছে ১৭৭৪ চনত গঠন কৰা বিনিয়োগ ট্ৰাষ্ট বা ন্যাসটোৱেহে ৰজা উইলিয়াম প্ৰথমক বিনিয়োগকাৰীৰ ধন একগোট কৰি ক’ৰবাত বিনিয়োগ কৰাৰ ধাৰণাটো দিছিল।কম ধনেৰে বিভিন্ন ঠাইত বিনিয়োগ কৰিব পৰা ধাৰণা এটাই সৰু বিনিয়োগকাৰীক আকৰ্ষণ কৰিব বুলি হয়তো আশা কৰিছিল কেটৱিছে।মন কৰিবলগীয়া যে তেওঁৰ ফাণ্ডটোৰ নামটোৰ অৰ্থ আছিল – একতাই গঢ়ে শক্তি (Unity Creates Strength)। এই ট্ৰাষ্টে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধন ৰাছিয়া, ডেনমাৰ্ক, জাৰ্মানী, স্পেইন, চুইডেন আদি বহুকেইখন দেশত বণ্ডত বিনিয়োগ কৰিছিল। মধ্য আৰু দক্ষিণ আমেৰিকাত থকা উপনিৱেশিক বাগানবোৰৰ ইউৰোপীয় মালিক প্ৰতিষ্ঠানৰ বণ্ডতো কেটৱিছৰ ট্ৰাষ্টটোৱে বিনিয়োগ কৰিছিল।
ইয়াৰ পাচত ১৮৪৯ চনত চুইজাৰলেণ্ডত আৰু ১৮৮০ৰ দশকত স্কটলেণ্ডত মিচুৱেল ফাণ্ড ধাৰণাটোৰ গোন্ধ থকা বিনিয়োগ ন্যাস গঠন হৈছিল।অৱশ্যে এই সকলোবিলাক আছিল ‘ক্ল’জ এণ্ডেড’ অৰ্থাৎ এবাৰ ধন বিনিয়োগ কৰাৰ পাচত উলিয়াই নিয়াত প্ৰতিবন্ধকতা থকাধৰণৰ ফাণ্ড।বহু বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি বিনিয়োগৰ ৰিস্ক সকলোকে ভগাই দিব পৰা এই ধাৰণাটো লাহে লাহে সমগ্ৰ ইউৰোপতে জনপ্ৰিয় হ’বলৈ ধৰিলে।গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স আদি দেশত জনপ্ৰিয় হোৱাৰ পাচত ধাৰণাটোৱে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰি আমেৰিকালৈও বিস্তাৰিত হ’ল। ইয়াৰ ফলশ্ৰুতিত বষ্টন চহৰত ১৮৯৩ চনত গঠন হ’ল আমেৰিকাৰ প্ৰথমটো ক্ল’জ এণ্ডেড ফাণ্ড – ‘দ্যা বষ্টন পাৰ্চনেল প্ৰপাৰ্টি ট্ৰাষ্ট’।ইয়াৰ পাচত আধুনিক মিউচুৱেল ফাণ্ডৰ ধাৰণাটোৰ ফালে এটা সবল খোজ আছিল ১৯০৭ চনত আমেৰিকাৰ ফিলাডেলফিয়াত গঠন হোৱা ‘আলেকজেণ্ডাৰ ফাণ্ড’।ইয়াৰ পিচত ১৯২৪ চনত বষ্টনত গঠন হোৱা ‘মাচাচুচেটছ ইনভেষ্টৰছ ট্ৰাষ্ট’ক আধুনিক মিউচুৱেল ফাণ্ডৰ আৰম্ভণি বুলি গণ্য কৰা হয়।
ভাৰতত মিউচুৱেল ফাণ্ডৰ আগমনৰ বৰ্ষটো হৈছে ১৯৬৩।সেই বৰ্ষটোতেই ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্যোগত ইউনিট ট্ৰাষ্ট অব্ ইণ্ডিয়া গঠন কৰা হয়।ইউনিট ট্ৰাষ্ট অব্ ইণ্ডিয়া, চমুকৈ ইউ টি আইৰ প্ৰথমখন মিউচুৱেল ফাণ্ড আঁচনি আছিল ইউনিট ষ্কীম ১৯৬৪।যিখন আঁচনি ইউ এছ ৬৪ জনপ্ৰিয় আছিল বিনিয়োগকাৰীৰ মাজত।১৯৭৮ চনত ইউ টি আইৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংক আঁতৰি যায় আৰু ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অব্ ইণ্ডিয়া, চমুকৈ আই ডি বি আয়ে নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব লয়।
১৯৮৭ চনত ইউ টি আইৰ বাদেও অন্য ৰাজহুৱা খণ্ডৰ মিউচুৱেল ফাণ্ডৰ ভাৰতত আত্মপ্ৰকাশ ঘটিল।এছ বি আই মিউচুৱেল ফাণ্ড দেশৰ প্ৰথমটো অ-ইউ টি আই মিউচুৱেল ফাণ্ড।ইয়াৰ পাচত কেইবাটাও ৰজহুৱা খণ্ডৰ বেংকৰ উদ্যোগত নতুন নতুন মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠানৰ জন্ম হয়। তাৰে কেইটামান হৈছে – কেনবেংক মিউচুৱেল ফাণ্ড, পাঞ্জাব নেচনেল বেংক মিউচুৱেল ফাণ্ড, ইণ্ডিয়ান বেংক মিউচুৱেল ফাণ্ড ইত্যাদি।
১৯৯৩ চনত ভাৰতীয় মিউচুৱেল ফাণ্ডৰ জগতলৈ ব্যক্তিগত খণ্ডৰ মিউচুৱেল ফাণ্ডৰ আগমন ঘটে।কোঠাৰী পায়নিয়াৰ আছিল ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠান (পাচত ই ফ্ৰেংকলিন টেম্পলটন মিউচুৱেল ফাণ্ডৰ লগত মিলি যায়)।লাহে লাহে দেশত মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠানৰ সংখ্যা বাঢ়িবলৈ ল’লে।বহুতো বিদেশী মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠানে ভাৰতত তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰে।এই সময়ছোৱাত কোনোবা মিউচুৱেল ফাণ্ডক আন কোনোবাই কিনা, দুটা প্ৰতিষ্ঠান মিলি যোৱা আদি কাৰ্যৰ জৰিয়তে মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠানসমূহে ভাৰতত তেওঁলোকৰ ব্যৱসায় শক্তিশালী কৰিবলৈ যত্নপৰ হোৱা দেখা যায়।
২০০৩ চনত ইউনিট ট্ৰাষ্ট অব্ ইণ্ডিয়া এক্ট ১৯৬৩ খাৰিজ হোৱাৰ পাচত ইউ টি আই দুটা ভাগত বিভক্ত হোৱাটো ভাৰতীয় মিউচুৱেল ফাণ্ড বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা।এটা ঠালে পূৰ্বৰ নামেৰেই ইউ এছ ৬৪ আৰু অন্যান্য কিছুমান আঁচনিৰ সৈতে ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনাৰে চলিবলৈ ধৰিলে।এই ঠালটোৰ কাম-কাজ অন্যান্য মিউচুৱেল ফাণ্ডৰ দৰে মিউচুৱেল ফাণ্ডৰ নিয়ন্ত্ৰকৰ অধীনলৈ নাহিল। আনটো ঠালে ইউ টি আই মিউচুৱেল ফাণ্ড নাম লৈ সম্পূৰ্ণভাৱে অন্যান্য মিউচুৱেল ফাণ্ডৰ নিচিনাকৈ মিউচুৱেল ফাণ্ডৰ বাবে থকা নীতি-নিয়মৰ মাজেৰে পৰিচালিত হ’বলৈ ধৰিলে।এই দ্বিতীয় ঠালটোৰ গৰাকী অৰ্থাৎ শ্বেয়াৰ হোল্ডাৰ সেই সময়ত আছিল- ভাৰতীয় ষ্টেট বেংক, পাঞ্জাব নেচনেল বেংক, বেংক অব্ বৰোডা আৰু ভাৰতীয় জীৱন বীমা নিগম।
বিভিন্ন সংশোধনী, পৰিবৰ্তনৰ মাজেৰে আহি আহি বৰ্তমান ভাৰতীয় মিউচুৱেল ফাণ্ড ভাৰতীয় বিনিয়োগ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ স্থান ল’বলৈ সক্ষম হৈছে।বৰ্তমান ভাৰতত ৪০ টাতকৈও অধিক মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠান আছে।অৱশ্যে এতিয়াও অতি নগন্য সংখ্যক ভাৰতীয় বিনিয়োগকাৰীকহে মিউচুৱেল ফাণ্ডে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।আশা কৰা যায় যে অনাগত দিনবোৰত ভাৰতৰ মিউচুৱেল ফাণ্ডৰ শ্ৰীবৃদ্ধি আৰু ক্ষিপ্ৰতৰ হৈ উঠিব।
******
Leave a Reply