শেহতীয়াকৈ আপোনালৈ অহা মিউচুৱেল ফাণ্ডৰ ষ্টেটমেণ্টত কোনোবা ফাণ্ডৰ নাম সলনি হোৱা লক্ষ্য কৰিছে নেকি? ধৰক ‘এইচ ডি এফ চি টপ ২০০ ফাণ্ড’টো আপোনাৰ প’ৰ্টফলিঅ’ত আছিল। কিন্তু শেহতীয়া ষ্টেটমেণ্টটোত সেই ফাণ্ডটোৰ নাম লিখা আছে – ‘এইছ ডি এফ চি টপ ১০০ ফাণ্ড’।কিন্তু কিয় এই পৰিবৰ্তন? ফাণ্ডটোৰ চৰিত্ৰত কিবা পৰিবৰ্তন আহিব নেকি? এইবিলাক নিশ্চয় যুক্তিসংগত প্ৰশ্ন।আহক, আজি এই বিষয়টোৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰোঁ।
একেষাৰে ক’বলৈ গ’লে ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব ইণ্ডিয়া, চমুকৈ ছেবিয়ে ৬ অক্টোবৰ ২০১৭ ত জাৰি কৰা এখন চাৰ্কুলাৰৰ বাবেই আহিছে এই পৰিৱৰ্তন।ভাৰতীয় মিউচুৱেল ফাণ্ড উদ্যোগৰ নিয়ন্ত্ৰক ছেবিয়ে লক্ষ্য কৰিলে যে ভাৰতত উপলব্ধ ৪০ টাতকৈ অধিক ফাণ্ড হাউছৰ বিভিন্ন ধৰণৰ ফাণ্ড আৰু সিহঁতৰ বেলেগ বেলগ নামকৰণত এজন সাধাৰণ বিনিয়োগকাৰীৰ বাবে এইটো কঠিন হৈ পৰিছে যে তেওঁ কেনেকুৱা ধৰণৰ ফাণ্ডত বিনিয়োগ কৰিছে তাক জনা আৰু সমগোত্ৰীয় ফাণ্ডৰ লগত তাৰ তুলনা কৰাটো।ধৰক দুটা কোম্পানীৰ দুটা ইকুইটি ফাণ্ড।কোম্পানী দুটাৰ নিজস্ব সংজ্ঞাত দুয়োটাই লাৰ্জ কেপ ফাণ্ড।এটাই বজাৰৰ মূলধনৰ ভিত্তিত প্ৰস্তুত কৰা অধোগামী তালিকা এখনৰ প্ৰথম এশটা কোম্পানীৰ ভিতৰত বিনিয়োগ কৰে আৰু আনটোৱে কৰে প্ৰথম দুশটাৰ ভিতৰত।এতিয়া দুয়োটাৰে মাজত তুলনা যুক্তিসংগতনে? যদি দ্বিতীয়টো ফাণ্ডত অধিকাংশ বিনিয়োগ তালিকাখনৰ ১০১ৰ পৰা ২০০ৰ ভিতৰত থকা কোম্পানীত আছে, তেতিয়া হ’লে নিশ্চয় নহয়।এনেধৰণৰ সমস্যাবোৰ দূৰ কৰিবলৈকে আহিল ওপৰত উল্লেখ কৰা ছেবিৰ চাৰ্কোলাৰখন।
চাৰ্কুলাৰখনত উল্লেখ কৰা অনুসৰি মিউচুৱেল ফাণ্ডৰ আঁচনিসমূহক মুলতঃ ৫ ভাগত বিভক্ত কৰা হৈছে।
১) ইকুইটি স্কীম (ইকুইটি আঁচনি)
২) ডেট স্কীম (ঋণ সম্পদৰ আঁচনি)
৩) হাইব্ৰীড স্কীম (সংকৰ আঁচনি)
৪) ছলিউচন অৰিয়েণ্টেড স্কীম (সমাধান ভিত্তিক আঁচনি) আৰু
৫)আদাৰ স্কীম (অন্যান্য আঁচনি)
ইকুইটি আঁচনি সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে ‘মাৰ্কেট কেপিটেলাইজেচন’ বা বজাৰ মূলধনীকৰণ ধাৰণাটোৰ সম্বন্ধে অৱগত হোৱাৰ প্ৰয়োজন হ’ব।কোনো এটা কোম্পানীৰ সমূহ শ্বেয়াৰৰ আজিৰ তাৰিখত বজাৰ মূল্য যিমান হ’ব তাকেই কোম্পানীটোৰ সম্পূৰ্ণ মাৰ্কেট কেপিটেলাইজেচন বোলা হয়।ধৰক, কোম্পানী এটাৰ মুঠ শ্বেয়াৰৰ সংখ্যা ১০,০০০, একোটা শ্বেয়াৰৰ মূল্য আজিৰ তাৰিখত যেনিবা ১০০ টকা।তেতিয়াহ’লে সেই কোম্পানীটোৰ সম্পূৰ্ণ মাৰ্কেট কেপিটেলাইজেচন ১০,০০০ X ১০০ = ১০,০০,০০০ টকা।
এতিয়া ছেবিৰ নতুন নীতি অনুসৰি –
১) লাৰ্জ কেপ ইকুইটি ফাণ্ড অৰ্থাৎ ডাঙৰ কোম্পানীৰ ফাণ্ড হ’বলৈ হ’লে কোনো এটা ফাণ্ডে তাৰ অন্ততঃ ৮০ শতাংশ সম্পদ ৰাখিব লাগিব মাৰ্কেট কেপিটেলাইজেচনৰ ভিত্তিত ডাঙৰৰ পৰা সৰুলৈ তৈয়াৰ কৰা তালিকাৰ প্ৰথম ১০০ টা কোম্পানীৰ শ্বেয়াৰত।
২) মিড কেপ ইকুইটি ফাণ্ড অৰ্থাৎ মধ্যমীয়া কোম্পানীৰ ফাণ্ড হ’বলৈ হ’লে সেই ফাণ্ডটোৱে কৰা বিনিয়োগৰ ৬৫ শতাংশ শ্বেয়াৰ হ’ব লাগিব উপৰোক্ত তালিকাখনৰ ১০১ ৰ পৰা ২৫০ নম্বৰত স্থান পোৱা কোম্পানীবোৰৰ ভিতৰত।
৩) স্মল কেপ বা সৰু কোম্পানীৰ ফাণ্ড হ’বলৈ হ’লে সেই ফাণ্ডে কৰা বিনিয়োগৰ অন্ততঃ ৬৫ শতাংশ শ্বেয়াৰ অধোগামী তালিকাখনৰ ২৫০ ৰ তলত স্থান পোৱা কোম্পানীত বিনিয়োগ হ’ব লাগিব ।
সেই তালিকাখন কোনে প্ৰস্তুত কৰিব? ছেবিৰ নিৰ্দেশ অনুসৰি তালিকাখন প্ৰস্তুত কৰিব লাগিব এছ’চিয়েচন অব মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া, চমুকৈ “এম্ফি” নামৰ সংস্থাটোৱে।সেই তালিকাখন প্ৰস্তুত কৰিবলৈ যাওঁতে এম্ফিয়ে মানি চলিবলগীয়া নিয়মসমূহ এনেধৰণৰ –
ক)যদিহে কোম্পানীটো একাধিক স্বীকৃতিপ্ৰাপ্ত ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হৈ থাকে তেন্তে মাৰ্কেট কেপিটেলাইজেনৰ বাবে গড় লোৱা হ’ব।উদাহৰণস্বৰূপে ৩১ ডিচেম্বৰ, ২০১৭ ৰ তালিকাখনৰ প্ৰথম স্থানত থকা ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড’ৰ ব’ম্বে ষ্টক এক্সচেঞ্জৰ হিচাপ অনুসৰি বিগত ছমাহৰ গড় মাৰ্কেট কেপিটেলাইজেচন – ৫,৪৪,৪০৬.৩৪ কোটি টকা আৰু নেচনেল ষ্টক এক্সচেঞ্জৰ হিচাপ মতে মাৰ্কেট কেপিটেলাইজেচন – ৫,৫২,৯৯৬.৮০ কোটি টকা। দুয়োটা এক্সচেঞ্জৰ মূল্যৰ গড় লৈ ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড’ৰ মাৰ্কেট কেপিটেলাইজেচন ধৰা হৈছে – ৫,৪৮,৭০২ কোটি টকা।
খ) যদিহে কোম্পানীটো এটা মাত্ৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হৈ থাকে তেতিয়া সম্পূৰ্ণ মাৰ্কেট কেপিটেলাইজেচন নিৰ্ণয় কৰিবলৈ সেই ষ্টক এক্সচেঞ্জৰ মূল্যকে গ্ৰহণ কৰা হ’ব।
গ)এম্ফিয়ে প্ৰতি বছৰৰ জুন আৰু ডিচেম্বৰৰ পাচত বিগত ছমাহৰ তালিকা এখন তেওঁলোকৰ ৱেবছাইটত ওলমাব লাগিব। এই কামটো হ’ব লাগিব ছমহীয়া কালটো শেষ হোৱাৰ ৫ দিনৰ ভিতৰত।
মিউচুৱল ফাণ্ডবোৰে নতুন তালিকা অনুসৰি প্ৰয়োজনীয় সালসলনিখিনি এমাহৰ ভিতৰত কৰিব লাগিব।এনেদৰেই ছেবিয়ে বিভিন্ন কোম্পানীৰ ইকুইটি মিউচুৱেল ফাণ্ডৰ আচঁনিবোৰক নতুন সংজ্ঞাৰ ভিত্তিত নতুনকৈ শ্ৰেণীবদ্ধ কৰিব খুজিছে।সেই বাবেই প্ৰয়োজন হৈছে বহু ফাণ্ডৰ বিনিয়োগ কৌশল সলনিকৰণ তথা প্ৰয়োজন সাপেক্ষে নতুন নামকৰণ।অহাবাৰ ওপৰত উল্লেখ কৰা প্ৰধান পাঁচটা শ্ৰেণীৰ ভিতৰত থকা উপ-শ্ৰেণীবোৰলৈ চকু দিম।
**********