মিউচুৱেল ফাণ্ডৰ আঁচনিসমূহৰ নতুনকৈ কৰা শ্ৰেণীবদ্ধকৰণ আৰু যুক্তিসংগতকৰণৰ অংশ হিচাপে ইকুইটি আঁচনিবোৰক ১০ টা উপভাগত বিভক্ত কৰা হৈছে। আজি আমি এই ইকুইটি গ্ৰুপটোত চকু দিম, লগতে ৰিস্ক আৰু ৰিটাৰ্ন সম্পৰ্কৰ ফালৰ পৰাও ইহঁতবোৰৰ পাৰ্থক্য চাবলৈ যত্ন কৰিম।ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্ক সমানুপাতিক।অৰ্থাৎ যি বিনিয়োগত ৰিটাৰ্নৰ সম্ভাৱনা বেছি, তাত ৰিস্কো অধিক।ৰিস্ক কম থাকিলে ৰিটাৰ্নৰ সম্ভাৱনাও কম হোৱাটো স্বাভাৱিক। আগৰ সংখ্যাটোত মই ছেবিৰ নতুন নিয়ম মতে লাৰ্জ কেপ ফাণ্ড, মিড কেপ ফাণ্ড আৰু স্মল কেপ ফাণ্ডৰ সংজ্ঞা দিছিলো (পূৰ্বৰ সেই সংখ্যাটো নপঢ়াসকলে মোৰ ব্লগ www.bhaskarjb.comত গৈ পঢ়িব পাৰে)। সেই অনুসৰি ক’ব পৰি যে লাৰ্জ কেপ ফাণ্ডত কৰা বিনিয়োগৰ ৰিস্ক মিড কেপ ফাণ্ডতকৈ কম আৰু মিড কেপ ফাণ্ডত কৰা বিনিয়োগৰ ৰিস্ক স্মল কেপ ফাণ্ডতকৈ কম। স্বাভাৱিকভাৱেই ৰিটাৰ্নৰ সম্ভাৱনাও একেটা ক্ৰমতেই থাকিব। এই তিনিটা উপভাগৰ বাহিৰেও আনকেইটা হ’ল –
মাল্টি কেপ ফাণ্ড : ইকুইটিত বিনিয়োগ সৰ্বনিম্ন ৬৫ শতাংশ। এইটো কেটেগৰী পূৰ্বৰ দৰেই আছে। লাৰ্জ কেপ, মিড কেপ, স্মল কেপ সকলো কোম্পানীতেই বিনিয়োগ কৰিবলৈ ফাণ্ড মেনেজাৰ স্বাধীন। সুযোগ-সুবিধা বুজি ফাণ্ড মেনেজাৰে সিদ্ধান্ত ল’ব। নিশ্চিতভাৱেই লাৰ্জ কেপ ফাণ্ডতকৈ ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্কত এইটো কেটেগৰী আগত থাকিব।
লাৰ্জ এণ্ড মিড কেপ ফাণ্ড : অন্ততঃ ৩৫ শতাংশ বিনিয়োগ লাৰ্জ কেপ কোম্পানীৰ শ্বেয়াৰ বা তেনেজাতীয় সম্পদত ৰাখিব লাগিব। সৰ্বনিম্ন ৩৫ শতাংশ বিনিয়োগ থাকিব লাগিব মিড কেপ কোম্পানীৰ শ্বেয়াৰ অথবা তেনেজাতীয় সম্পদত। মাল্টি কেপ ফাণ্ডতকৈ ৰিস্ক আৰু ৰিটাৰ্ন কম হ’ব।
ডিভিডেণ্ড ইল্ড ফাণ্ড : শ্বেয়াৰ বা ইকুইটিত বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে লাভাংশ বা ডিভিডেণ্ড পায়। যিবিলাক কোম্পানীৰ ডিভিডেণ্ড বিতৰণৰ হাৰ বেছি (ধৰক, ছেনচেক্স, নিফটি আদি সূচকাংকৰ গড় মানতকৈ)সিহঁতক উচ্চ ডিভিডেণ্ড ইল্ডৰ কোম্পানী বুলি কোৱা হয়। এইটো উপভাগৰ অন্তৰ্গত মিউচুৱেল ফাণ্ডে প্ৰধানকৈ বিনিয়োগ কৰিব উচ্চ ডিভিডেণ্ড ইল্ডৰ কোম্পানীত। কাৰণ এইবোৰ কোম্পানীৰ নগদ ধন প্ৰবাহ (কেছ ফ্ল’) সুস্থিৰ। শ্বেয়াৰ বজাৰৰ বেয়া দিনতো ডিভিডেণ্ড বিতৰণ কৰিবলৈ সক্ষম। অৱশ্যে বজাৰৰ ভালৰ দিনত উত্থান ইহঁতৰ কম হ’ব পাৰে।
ভেলু ফাণ্ড আৰু কণ্ট্ৰা ফাণ্ড: মিউচুৱেল ফাণ্ড হাউছবোৰে ইহঁতৰ যিকোনো এটাহে ৰাখিব পাৰিব। ভেলু ফাণ্ডৰ বিনিয়োগত ফাণ্ড মেনেজাৰে ‘ভেলু বিনিয়োগ কৌশল’ অৱলম্বন কৰিব লাগিব। অৰ্থৎ এনে শ্বেয়াৰত বিনিয়োগ কৰিব লাগিব যাৰ বজাৰ মূল্য আজিৰ তাৰিখত কমি আছে।কিন্তু সেই কোম্পানীৰ ভৱিষ্যত উজ্জ্বল।‘কণ্ট্ৰা বিনিয়োগ কৌশলো’ ভেলু বিনিয়োগ কৌশলৰ দৰেই। ভাল কোম্পানীক অস্থায়ী বেয়া দিনত সস্তাত কিনিবলৈ চেষ্টা কৰা হয়।
ফ’কাছড ফাণ্ড : সাধাৰণতে এটা ফাণ্ডে কিমান কোম্পানীত বিনিয়োগ কৰিব তাৰ উচ্চ সীমা বান্ধি দিয়া নাথাকে। কিন্তু এইটো উপভাগত উচ্চ সীমা ধৰি দিয়া হৈছে।সৰ্বোচ্চ ৩০ টা কোম্পানীৰ ষ্টক বা শ্বেয়াৰত বিনিয়োগ কৰিব পাৰিব। বিত্তীয় ভাষাত ‘ঘনীভূত বাজি’। ইকুইটি বা তেনেজাতীয় সম্পদত সৰ্ব নিম্ন ৬৫ শতাংশ বিনিয়োগ কৰিব লাগিব।
চেক্টৰেল আৰু থিমেটিক ফাণ্ড : কোম্পানীবোৰক তেওঁলোকৰ ব্যৱসায় অনুযায়ীও ভাগ কৰিব পাৰি। উদাহৰণস্বৰূপে বেংকবিলাক বেংকিং খণ্ড বা বেংকিং ছেক্টৰৰ অন্তৰ্গত, দৰৱ বনোৱা কোম্পানীবোৰক একেলগে কোৱা হয় ফাৰ্মা ছেক্টৰ। এতিয়া কোনো ফাণ্ডে যদি এটা বিশেষ ছেক্টৰতহে বিনিয়োগ কৰিব বিচাৰে তেন্তে সিহঁতক কোৱা হ’ব ছেক্টৰেল ফাণ্ড। ইকুইটি ফাণ্ডৰ আটাইতকৈ বেছি ৰিস্ক থকা কেটেগৰী হিচাপে ধৰা হয় এই ছেক্টৰেল ফাণ্ডক। কাৰণ নিৰ্দিষ্ট ব্যৱসায় খণ্ডটোৰ ভাল বা বেয়া দিনৰ ওপৰতেই ইহঁতৰ ৰিটাৰ্ন নিৰ্ভৰশীল। কিন্তু ইয়াৰ বিপৰীতে এটা বৈচিত্ৰ্যপূৰ্ণ বা ডাইভাৰচিফাইড ফাণ্ডে বিভিন্ন ব্যৱসায় খণ্ডত বিনিয়োগ কৰিব পাৰে। এটা খণ্ডৰ বেয়া দিনত আন এটাৰ ভাল দিনেৰে উপকৃত হয়। অৱশ্যে বিশেষ ব্যৱসায়িক খণ্ডটোলৈ সুদিন আহিলে সেই খণ্ডটোৰ নামত নিৰ্মাণ হোৱ ছেক্টৰেল ফাণ্ডলৈও খুব ভাল দিন আহে আৰু সি সাংঘাতিক ৰিটাৰ্ন লাভ কৰে।
থিমেটিক ফাণ্ডো ছেক্টৰেল ফাণ্ডৰ সমগোত্ৰীয়ই। এটা থিম বা বিষয়ৰ লগত জড়িত খণ্ডকেইটাত বিনিয়োগ কৰে।উদাহৰণস্বৰূপে আন্তঃগাঁথনিবিষয়ক ফাণ্ডে ইয়াৰ লগত জড়িত নিৰ্মাণ, আভিযান্ত্ৰিক, শক্তি, সৰবৰাহ আদি বিভিন্ন খণ্ডৰ কোম্পানীত বিনিয়োগ কৰে।
ইকুইটি লিংক ছেভিংছ স্কীম : মূলতঃ বছেৰেকীয়া আয়কৰ কমাবলৈ উপযোগী হোৱাকৈ এইখন আঁচনি তৈয়াৰ কৰা হৈছে।বিনিয়োগৰ পাচত তিনি বছৰলৈ সেই ধন উঠাব নোৱাৰি। আঁচনিখনৰ ৮০ শতাংশ সম্পদ ইকুইটি বা ইকুইটিৰ লগত জড়িত বিত্তীয় দ্ৰব্যত জমা থোৱাটো বাধ্যতামূলক।
**********