‘মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টছ আৰ ছাবজেক্ট টু মাৰ্কেট ৰিস্ক। প্লিজ ৰিড দা অফাৰ ডকুমেণ্ট কেয়াৰফুলি বিফ’ৰ ইনভেষ্টিং’ – এনে এষাৰ সতৰ্কবাণী প্ৰত্যেক মিউচুৱেল ফাণ্ড সম্পৰ্কীয় বিজ্ঞাপনত সংলগ্ন হৈ থাকে। বহুজনে আকৌ এই সতৰ্কবাণী পঢ়ি বা শুনিয়েই ভয় খাই মিউচুৱেল ফাণ্ডৰ পৰা নিজকে আঁতৰাই ৰাখে। মোৰ বোধেৰে এইখিনিত প্ৰকৃত সমস্যা হৈছে আমাৰ ৰিস্কৰ সম্বন্ধে স্পষ্ট ধাৰণা নথকাটোহে। তদুপৰি মিউচুৱেল ফাণ্ড মানেই মাত্ৰ ইকুইটি ফাণ্ড নহয় যে শ্বেয়াৰ বজাৰত পতন হ’লে সকলো মিউচুৱেল ফাণ্ডৰ আঁচনিয়েই বেয়া ফল দিব। ঋণ সম্পদ, মুদ্ৰা বজাৰ আদিৰ লগত সম্পৰ্ক থকা কম ৰিস্কৰ আঁচনিও মিউচুৱেল ফাণ্ডত আছে। বহু বিনিয়োগকাৰী এই সম্পৰ্কে অৱগত নহয়। যিহেতু মিউচুৱেল ফাণ্ডৰ আঁচনিৰ শ্ৰেণী বিভাগ আজিৰ মূল প্ৰসংগ নহয়, সেয়ে সবিশেষ পিচৰ খণ্ড এটালৈ ঠেলিলো।
বজাৰ সম্পৰ্কীয় ৰিস্কৰ বাদেও বিনিয়োগত এটা ডাঙৰ ৰিস্ক আছে – প্ৰতাৰিত হোৱাৰ ৰিস্ক। অসমৰ বিনিয়োগকাৰীক এই বিষয়ে নিশ্চয় নতুনকৈ ক’বলগা একো নাই।একোটা সময়ৰ ব্যৱধানত নতুন ভেশেৰে নতুন সপোন দেখুৱাই প্ৰতাৰণাৰ উদ্দেশ্য আগত ৰাখি নতুন নতুন প্ৰতিষ্ঠানে বজাৰত ভুমুকি মাৰে আৰু এদিন বিনিয়োগকাৰীৰ বিশ্বাসক মাধমাৰ সোধাই উধাও হয়। এনেবোৰ অভিজ্ঞতাৰ বাবেই বহু বিনিয়োগকাৰীয়ে মিউচুৱেল ফাণ্ডকো সেই পৰ্যায়ৰ বুলি সন্দেহ কৰি আঁতৰি থাকিবলৈ যত্ন কৰা দেখিছো। এতিয়া স্বাভাৱিকতেই প্ৰশ্ন আহিব, কিহে মিউচুৱেল ফাণ্ডক প্ৰতাৰণাৰ জাল গোঁঠা প্ৰতিষ্ঠানবোৰৰ পৰা পৃথক কৰে? উত্তৰত ক’ব লাগিব – মিউচুৱেল ফাণ্ডৰ ব্যৱস্থাটো এনে কঠোৰ নীতি-নিয়মেৰে বন্ধা যে বিনিয়োগকাৰীৰ ধনৰ অপব্যৱহাৰ ৰোধৰ নিমিত্তে যৎপৰোনাস্তি চেষ্টা কৰা হয়। ক’ৰবাত যদি সুৰুঙা আছে বুলি প্ৰমাণ হয়, মিউচুৱেল ফাণ্ডৰ নিয়ন্ত্ৰক ছেবি (SEBI)য়ে ক্ষিপ্ৰতাৰে সেই সুৰুঙা বন্ধ কৰিবলৈ উদ্যোগ হাতত লয়। মিউচুৱেল ফাণ্ডত কৰা বিনিয়োগ প্ৰতাৰণামুক্ত কৰি ৰাখিবলৈ ব্যৱস্থাটো কেনেদৰে নিৰ্মাণ কৰা হৈছে সেই দিশলৈ আজি চকু দিম।
ভাৰতবৰ্ষত সকলো মিউচুৱেল ফাণ্ড প্ৰতিষ্ঠানৰ আইনী মৰ্যাদা হৈছে সেইবোৰ একো একোটা ন্যাস (ট্ৰাষ্ট)। উদাহৰণ একোটা লৈ আগবাঢ়িলে কথাবোৰ বুজাত সুবিধা হ’ব, সেয়ে এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ কথাকে ধৰক। ইণ্ডিয়ান ট্ৰাষ্ট এক্ট, ১৮৮২ ৰ অধীনত এইচ ডি এফ চি মিউচুৱেল ফাণ্ড গঠন কৰা হৈছে। যিসকল ব্যক্তিৰ পৃষ্ঠপোষকতাত একোটা মিউচুৱেল ফাণ্ড গঠন হয় তেওঁলোকক স্পন্ছৰ বোলা হয়। সেয়া কোনো ব্যক্তি বা কোম্পানী হ’ব পাৰে। আমাৰ এই উদাহৰণত স্পন্ছৰ হৈছে – হাউছিং ডেভেল’পমেণ্ট ফাইনেন্স কৰ্প’ৰেচন লিমিটেড (চমুকৈ এইচ ডি এফ চি লিমিটেড) আৰু ষ্টেণ্ডাৰ্ড লাইফ ইনভেষ্টমেণ্টছ লিমিটেড। এতিয়া ন্যাসত দুটা পক্ষ গুৰুত্বপূৰ্ণ – ন্যাসৰক্ষী আৰু হিতাধিকাৰী। এইক্ষেত্ৰত এইচ ডি এফ চি ট্ৰাষ্টী কোম্পানী লিমিটেড নামৰ কোম্পানীটো হৈছে ন্যাসৰক্ষী। যিহেতু ই এটা কোম্পানী সেয়ে কোম্পানীৰ ব’ৰ্ডত থকা সঞ্চালকসকলে ন্যাসৰ কাম-কাজ চোৱা-চিতা কৰে। আনহাতে এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ বিভিন্ন আঁচনিত বিনিয়োগ কৰা সমূহ বিনিয়োগকাৰী ন্যাসটোৰ হিতাধিকাৰী।
কোনো মিউচুৱেল ফাণ্ডৰ আঁচনিসমূহ গঠন কৰি বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্তবোৰ ল’বৰ বাবে একোটাকৈ সম্পদ ব্যৱস্থাপনা কৰা কোম্পানী গঠন কৰা হয়। এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ বাবে এই সম্পদ ব্যৱস্থাপনা কৰা কোম্পানীটো হৈছে – এইচ ডি এফ চি এছেট মেনেজমেণ্ট কোম্পানী লিমিটেড। বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্তৰ উপৰি মিউচুৱেল ফাণ্ড হাউছটোৰ ব্যৱসায়িক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে প্ৰয়োজনীয় দিশবোৰ এই কোম্পানীটোৱে চোৱা-চিতা কৰে। এইখিনিতে এটা মন কৰিবলগীয়া কথা হৈছে যে মিউচুৱেল ফাণ্ডটোত থকা হিতাধিকাৰীৰ টকা ক’ত বিনিয়োগ কৰা হ’ব তাৰ সিদ্ধান্তহে সম্পদ ব্যৱস্থাপনা কৰা কোম্পানীটোৱে ল’ব পাৰে। কিন্তু তেওঁলোকৰ কোম্পানীৰ নিজা একাউণ্টত বিনিয়োগকাৰীৰ সেই টকা ৰখাৰ অনুমতি নাই। ইয়াৰ বাবে বেলেগ প্ৰতিষ্ঠানক তত্ত্বাৱধায়ক বা কাষ্টডিয়ান হিচাপে নিয়োগ কৰা হয়। এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত থকা তিনিটা তত্ত্বাৱধায়ক প্ৰতিষ্ঠান হৈছে -১) এইছ ডি এফ চি বেংক, ২) চিটি বেংক আৰু ৩) ডয়েছ বেংক। আন এটা অতি আকৰ্ষণীয় কথা হৈছে যদিহে কোনো প্ৰতিষ্ঠানত মিউচুৱেল ফাণ্ড গঠন কৰা পৃষ্ঠপোষকসকলৰ ৫০ শতাংশতকৈ বেছি অংশীদাৰিত্ব থাকে, তেনে প্ৰতিষ্ঠানক তত্ত্বাৱধায়ক হিচাপে নিয়োগ কৰিব নোৱাৰে। এইক্ষেত্ৰত এইচ ডি এফ চি বেংক তত্ত্বাৱধায়ক হিচাপে থাকিব পৰাৰ কাৰণ হৈছে বেংকটোৰ মুঠ শ্বেয়াৰৰ প্ৰায় ২৬.৪৩ শতাংশহে এইচ ডি এফ চি গ্ৰুপটোৰ লগত আছে। ইফালে এই নিয়মটোৰ বাবেই এছ বি আই মিউচুৱেল ফাণ্ডত বিনিয়োগকাৰীৰ ধনৰ তত্ত্বাৱধায়কৰ ৰূপত ভাৰতীয় ষ্টেট বেংক থাকিব পৰা নাই। মিউচুৱেল ফাণ্ডৰ নিয়মাৱলীয়ে বিচৰা নাই যে একেখিনি অংশীদাৰৰ সৰ্বাধিক দখল থকা দুটা প্ৰতিষ্ঠানে বিনিয়োগৰ সিদ্ধান্ত আৰু জমা ধনৰ তত্ত্বাৱধান দুয়োটা কামেই চম্ভালক।
ৰেজিষ্ট্ৰাৰ এণ্ড ট্ৰেন্সফাৰ এজেণ্ট, চমুকৈ ‘আৰ টি এ’ ৰ কাম হৈছে বিনিয়োগকাৰীৰ নথি-পত্ৰ ৰখা তথা বিনিয়োগৰ তথ্য-পাতি লিপিবদ্ধ কৰা। এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ বাবে এইখিনি কাম কৰা প্ৰতিষ্ঠানটো হৈছে কম্পিউটাৰ এজ মেনেজমেণ্ট ছাৰভিছেজ প্ৰাইভেট লিমিটেড। ইয়াৰ উপৰি আঁচনিৰ ধনৰ হিচাপ পৰীক্ষা কৰিবৰ বাবে ন্যাসৰক্ষীয়ে অ’ডিটৰ হিচাপে চাৰ্টাৰ্ড একাউণ্টেণ্ট নিয়োগ কৰে। এইচ ডি এফ চি ট্ৰাষ্টী কোম্পানী লিমিটেডে এই সংক্ৰান্তত নিয়োগ কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্মখন হৈছে ডেলইট হেছকিন্ছ এণ্ড ছেল্ছ।
**********
(লেখাটো অসমীয়া প্ৰতিদিনত ১ ছেপ্টেম্বৰ, ২০১৬ তাৰিখে প্ৰকাশ পাইছিল)
Leave a Reply