আপোনাক এক লাখ টকা দিয়া হ’ল বাজি লগাবলৈ। দুটা বিকল্পৰ মাজত এটাত ভাগ লোৱাটো জৰুৰী। (১)এটা মুদ্ৰা টছ কৰা হ’ব। হেড নে টেইল পৰিব ক’ব লাগে। মিলিলে দুই লাখ টকা আৰু হাৰিলে এক লাখ টকা হেৰুৱাব। (২) ইংলেণ্ডত আৰম্ভ হোৱা আই চি চি চেম্পিয়ন ট্ৰফীত গ্ৰুপ এৰ এখন খেলত ১০ জুন ২০১৭ তাৰিখে মুখামুখী হ’ব ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। কোন জিকিব পূৰ্বনুমানৰ ভিত্তিত ক’ব লাগে। অফাৰ একেই – মিলিলে দুই লাখ আৰু হাৰিলে এক লাখটো হেৰুৱাব। কোনটো বাজিৰ প্ৰতি আপুনি আগ্ৰহী ? যদিহে আপোনাৰ ক্ৰিকেট সম্পৰ্কীয় জ্ঞান তেনেই চালুকীয়া, ইংলেণ্ড-অষ্ট্ৰেলীয়াৰ দলীয় সামৰ্থ্য নালাগে ভাৰতীয় ক্ৰিকেট দলৰ ৫ জন সদস্যৰ নাম আপোনাৰ মনত নাই, প্ৰবল সম্ভাৱনা আছে আপুনি প্ৰথম বিকল্প বাচি ল’ব। কাৰণ ইয়াত সম্ভাৱনা অন্ততঃ ৫০ শতাংশ। অন্যহাতে যদিহে আপুনি এজন ক্ৰিকেটপ্ৰেমী, প্ৰতিখন দেশৰ ক্ৰিকেট দলৰ সামৰ্থ্য সম্পৰ্কে সম্যক ধাৰণা আপোনাৰ আছে বুলি নিজে বিশ্বাস কৰে, সম্ভাৱনা বেছি আপুনি দ্বিতীয় বিকল্প নিৰ্বাচন কৰিব।
যেতিয়া কোনো এটা বিষয়ত মানুহৰ ধাৰণা নাথাকে, তাত সম্ভাৱনাৰ সন্ধান কৰা কাৰ্যত তেওঁ আন্ধাৰত তীৰ চলোৱাৰ সমপৰ্যায়ৰ যেন অনুভৱ কৰে। সাধাৰণ অৱস্থাত মানুহে অনিশ্চয়তা ভাল নাপায়। ইয়াকে আচৰণ সম্বন্ধীয় বিত্তত ‘এম্বিগুইটি এভাৰ্চন বায়াছ’( Ambiguity Aversion Bias ) বোলা হয়। আমি অসমীয়াত ‘অস্পষ্টতা বিতৃষ্ণা পক্ষপাত’ বুলিব হয়তো পাৰো। ইফালে যেতিয়া কোনো বিষয়ত মানুহ যোগ্য বুলি স্ব-বিবেচনাত উত্তীৰ্ণ হয়, তেতিয়া তেওঁ ৰিস্ক ল’বলৈ মানসিকভাৱে প্ৰস্তুত হয় আৰু ল’ব খোজা ৰিস্কৰ সপক্ষে যুক্তি বিচাৰি পায়। এই প্ৰভাৱক ‘পাৰদৰ্শিতা প্ৰভাৱ’( Competence Effect) বুলি নামকৰণ কৰিছে মনোবিজ্ঞানীয়ে। ইয়াৰ অস্পষ্টতা বিতৃষ্ণা পক্ষপাতৰ লগত ওচৰ সম্পৰ্ক আছে।
বিনিয়োগৰ পৃথিৱীত সততেই মানুহ এই দুই ধৰণৰ মানসিক অৱস্থাৰ সন্মুখীন হয়। বিনিয়োগত অস্পষ্টতা বিতৃষ্ণাৰ এটা উদাহৰণ লওক। প্ৰথমবাৰৰ বাবে ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব খোজা বহু বিনিয়োগকাৰীৰ এটা মিল থকা প্ৰশ্নৰ প্ৰায়ে মুখামুখি হও – সকলো টকা ডুবি ভেলু শূন্য হৈ নাযায়তো ? কথা পাতি গ’লে ওলায় যে এনে কিছুমান আশংকাতে তেওঁ ইমান দিনে ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা নাছিল। তেতিয়া মই ওলোটাই প্ৰশ্ন কৰো – কি পৰিস্থিতিত ফাণ্ডটোৰ মূল্য শূন্য হ’ব আপুনি জানেনে ? যেতিয়া ফাণ্ডটোত থকা সকলো শ্বেয়াৰৰ মূল্য শূন্য হৈ যাব। এই ধৰক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য শূন্য, ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰ মূল্য শূন্য……..। আৰু সেইটো সম্ভৱ হ’ব যদিহে এই সকলোবোৰ কোম্পানী সমূলঞ্চে ধ্বংস হয়। তেনে পৰিস্থিতি আহিব পাৰে বুলি আপুনি ভাবে নে ? বা তেনে অৰ্থনৈতিক পৰিস্থিতিত টকা আন ঠাইতো সুৰক্ষিত হৈ থাকিব জানো ? বহুজনে তেতিয়া প্ৰশ্ন কৰে – তেন্তে কিদৰেনো শ্বেয়াৰ বজাৰত মানুহ সৰ্বস্বান্ত হয় ? ইয়াক বুজিবলৈ আৰু ব্যাখ্যাৰ প্ৰয়োজন হয়। ধৰক, আপোনাৰ হাতত ১০০ টকা আছে। আপোনাক ১০ শতাংশ অগ্ৰিম ধনৰ বিনিময়ত ১০০০ টকাৰ শ্বেয়াৰ দিয়া হ’ল। এতিয়া সেই শ্বেয়াৰে যদি দহ শতাংশ ফল লাভ কৰে তেন্তে আপুনি এশ টকা পাব। আপোনাৰ বাবে এশ টকা বিনিয়োগ কৰি এশ টকা লাভ। কিন্তু ইয়াৰ বিপৰীত পৰিস্থিতিটো ভাবকচোন, ১০ শতাংশ লোকচানৰ। এইবাৰ এশ টকা লোকচান মানে আপোনাৰ সমস্ত বিনিয়োগ ডুবিল। এনেধৰণৰ বিত্তীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিলেই সমস্ত টকা ডুবাৰ আশংকাৰ পৰাও সহজেই দূৰত থাকিব পাৰি। আচলতে প্ৰকৃত প্ৰয়োজনীয় তথ্য নথকাৰ বাবেই বহুজন মিউচুৱেল ফাণ্ডৰ পৰা আঁতৰত থাকে।উত্থান –পতনৰ বিনিয়োগ যাত্ৰাৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব নোৱাৰে।
এই পক্ষপাতৰ পৰা মুক্ত হ’বলৈ দৰব হৈছে বিষয়টোৰ সম্বন্ধে এটা সম্যক জ্ঞান আহৰণ কৰা। বিনিয়োগৰ ক্ষেত্ৰত কোনো এটা সম্পদ শ্ৰেণীৰ দোষ-গুণবোৰৰ বিষয়ে অৱগত হোৱা আৰু নিজৰ পৰিকল্পনাৰ লগত খাপ খোৱাকৈ ইহঁতক ব্যৱহাৰ কৰাৰ প্ৰয়োজন। বহু সময়ত এই পক্ষপাতত আবদ্ধ বিনিয়োগকাৰীয়ে ইকুইটি বিনিয়োগক জুৱাসদৃশ হিচাপে গণ্য কৰি এনে বিশাল ৰিটাৰ্ন আশা কৰে যে ইকুইটি বজাৰৰ দীৰ্ঘদিনৰ গড় ৰিটাৰ্নে তেওঁলোকক সুখী কৰিব নোৱাৰে। ফলত তেওঁলোকৰ বিনিয়োগবোৰ ৰক্ষণশীল বিত্তীয় দ্ৰব্য, যেনে বেংক ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট আদিতে আবদ্ধ হৈ থাকে। বহুতৰে আকৌ লাখ লাখ টকা ছেভিংছ একাউণ্টতে পৰি থাকে।
ইয়াৰ বিপৰীতে পাৰদৰ্শিতা প্ৰভাৱৰ ফলত বহু বিনিয়োগকাৰী কেতিয়াবা অত্যধিক সাহসী হৈ উঠিব পাৰে। প্ৰতক্ষ্যভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা বহুতে অতি বেছি কিনা-বেচাত জড়িত হৈ পৰে। হ্ৰস্বম্যাদত বজাৰৰ গতি-গোত্ৰ জনা সম্ভৱ বুলি বিশ্বাস জন্মে। বহুজনে নিজৰ দক্ষতা থকা বুলি বিশ্বাস কৰা খণ্ড বা সম্পদশ্ৰেণীটোতহে বিনিয়োগ কৰিবলৈ আগ্ৰহী হোৱা দেখা যায়। উদাহৰণস্বৰূপে বহুতে নিজৰ সমস্ত বিনিয়োগ ভূ-সম্পত্তিত কৰিবলৈ ভাল পায়। ফলত বিনিয়োগৰ ডাইভাৰ্চিফিকেচনৰ সু-ফলৰ পৰা বঞ্চিত হয় তেওঁলোক। ইয়াতো সঠিক জ্ঞানেহে এজন বিনিয়োগকাৰীক সু-সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে।
*******
Leave a Reply