: শ্বেয়াৰ বজাৰৰ সূচকাংক সদায় কিয় হ্ৰাস-বৃদ্ধি হয়? কোম্পানীবোৰৰ ব্যৱসায়িক লাভ-লোকচানৰ পৰ্যালোচনা জানো দৈনিক হয়?
চেপনৰ মাষ্টৰ নিচাদেউৰ মোলৈ চিধা প্ৰশ্ন৷ আশীৰ দেওনা পাৰ হোৱা মোৰ এই আত্মীয়জনৰ শ্বেয়াৰ বজাৰৰ লগত কোনো সম্পৰ্ক নাই৷ কিন্তু তেওঁ পঢ়া দৈনিক বাতৰি কাকতখন অথবা টিভিৰ বাতৰিৰ বাবে প্ৰায়ে মুখামুখি হ’বলগা হয় মূলধনী বজাৰ সম্পৰ্কীয় বিভিন্ন বা-বাতৰিৰ৷ কেতিয়াবা যদি শীৰ্ষ ৭ প্ৰতিষ্ঠানৰ মূলধন হ্ৰাস-বৃদ্ধিৰ খবৰ, আন কেতিয়াবা আকৌ শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থান-পতনৰ খবৰ৷ যাৰ বাবে নেকি তেওঁৰ এই কৌতূহল৷ প্ৰশ্নটো শুনাৰ পাচত মোৰ এনে লাগিল যে ইকুইটি বজাৰৰ লগত সম্পৰ্ক নাথাকিলেও আন বহুজনৰ মনত এনে প্ৰশ্ন উদয় হ’ব পাৰে৷ সেয়ে আজি তেনে ব্যক্তিসকলৰ কথা মনত ৰাখি শ্বেয়াৰ বজাৰখনৰ এটা প্ৰাথমিক ধাৰণা দিবলৈ যত্ন কৰিছো৷
আমি মুখামুখি হোৱা দৈনিক বজাৰখনত মূলতঃ দুই ধৰণৰ মানুহ থাকে৷ ক্রেতা আৰু বিক্রেতা৷ দুয়োটা ফৈদৰে বিভাজন সুস্পষ্ট৷ বিক্রেতা সামগ্ৰী লৈ ৰৈ থাকে আৰু ক্রেতাই বজাৰত প্ৰৱেশ কৰে সেই সামগ্ৰী ক্রয় কৰিবলৈ৷ কিন্তু শ্বেয়াৰ বজাৰত কোনো সুনিৰ্দিষ্ট ক্রেতা বা বিক্রেতা নাথাকে৷ থাকে বজাৰত ভাগ লওঁতা৷ অৰ্থাৎ এক মুহূৰ্তৰ আগৰ বিক্রেতাজন সলনি হ’ব পাৰে ক্রেতালৈ আৰু ক্রেতাজন বিক্রেতালৈ৷ লাভ-লোকচানৰ সম্ভাৱনীয়তাক মূল্যায়নৰ আধাৰ হিচাপে লৈ বজাৰৰ ভাগ লওঁতাই শ্বেয়াৰ কিনা-বেচা কৰে৷ শ্বেয়াৰ দালালৰ মাধ্যমেৰে এই কিনা-বেচা সম্পন্ন হয়৷ ক্রয়-বিক্রয়ৰ দৃষ্টিকোণৰ পৰা শ্বেয়াৰ বজাৰত ভাগ লওঁতাসকলক মূলতঃ দুভাগত ভগাব পাৰি৷ (১) বিনিয়োগকাৰী আৰু (২) অনুমানকাৰী (স্পেকুলেটৰ)৷ সাধাৰণতে বিনিয়োগকাৰীসকলে কোম্পানী একোটাক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰে৷ তেওঁলোকৰ চকু কোম্পানীৰ শ্ৰীবৃদ্ধিৰ জৰিয়তে হ’ব পৰা লাভালাভত৷ আনহাতে অনুমানকাৰীসকলে বজাৰৰ সাময়িক উত্থান-পতনৰ পৰা লাভৱান হ’বলৈ যত্ন কৰে৷ তেওঁলোকৰ শ্বেয়াৰ কিনা-বেচা প্ৰক্রিয়াটো বৰ সঘন৷ কোম্পানী এটাৰ বৰ্তমানৰ স্বাস্থ্য বা ভৱিষ্যৎ আয়ৰ সম্ভাৱনীয়তাৰ ওপৰত তেওঁলোকৰ বিশেষ দৃষ্টি নাথাকে৷ বহুতৰে ক্ষেত্ৰত আকৌ একেজন মানুহেই কেতিয়াবা বিনিয়োগকাৰী আৰু কেতিয়াবা অনুমানকাৰী হিচাপে বজাৰত অৱতীৰ্ণ হোৱা দেখা যায়৷
এতিয়া আহো কোম্পানীৰ দৰ শ্বেয়াৰ বজাৰত কিয় দৈনিক পৰিবৰ্তন হয় সেই প্ৰসংগলৈ৷ ধৰক, গৰুৰ খুঁটি এটাত ২০ জনী খীৰতী গাই আছে৷ খুঁটিৰ মালিকে আপোনাক ৫০ শতাংশ মালিকীস্বত্ব বেচিব খুজিছে আৰু আপুনিও এই লেনদেনটোত আগ্ৰহী৷ আপুনি কি কি কথা পৰ্যালোচনা কৰিব? নিশ্চয় প্ৰাথমিকভাৱে গাখীৰ কেইলিটাৰ দৈনিক পোৱা যায়, বজাৰত গাখীৰৰ মূল্য কিমান, খুঁটিটো চলাওঁতে মাহেকীয়া খৰচ কিমান হয় ইত্যাদি নহয়নে? এইবোৰ প্ৰশ্নৰ উত্তৰৰ মাজেৰে আপুনি জানিবলৈ চেষ্টা কৰিব আপোনাৰ সাম্ভাব্য লভ্যাংশৰ পৰিমাণ কিমান হ’ব আৰু তাৰ ভিত্তিত নিৰ্ধাৰণ কৰিব আপুনি দিব খোজা বৰ্তমানৰ মূল্যটো৷ কিন্তু এই কথাখিনিৰ ওপৰিও ভৱিষ্যতে খুঁটিটোৰ লাভ-লোকচানত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা ঘটনা কিছুমানেও আজি আপুনি দিবলৈ ওলোৱা দামটোত ভূমিকা গ্ৰহণ কৰাটো খাটাং৷ উদাহৰণস্বৰূপে ধৰক আপুনি জানিব পাৰিলে যে খুঁটিৰ ৫ জনী গাই গাভিনী হৈছে আৰু সিহঁতে মাইকী পোৱালি জন্ম দিয়াৰ সম্ভাৱনা প্ৰবল৷ আপোনাৰ বাবে খুঁটিটোৰ ভৱিষ্যৎ আৰু আকৰ্ষণীয় হৈ নুঠিবনে? কাৰণ ভাল জাতৰ মাইকী পোৱালি মানেই ভৱিষ্যৎ দিনত খুঁটিটোৰ গাখীৰৰ উৎপাদন বৃদ্ধি৷ আনহাতে আপুনি যদি গ’ম পাই যে আপুনি বিনিয়োগ কৰিবলৈ ওলোৱা খুঁটিটোৰ কাষৰে অন্য এটা খুঁটিত বহু গৰু সংক্রামক ৰোগত আক্রান্ত হৈছে৷ দুই-এজনী খীৰতী গাই বোলে ইতিমধ্যে মৰিছেও৷ এনে বাতৰিৰ প্ৰভাৱ আপুনি খুঁটি কিনিবলৈ ওলোৱা সিদ্ধান্তৰ ওপৰত বা আপুনি দিবলৈ ওলোৱা দামৰ ওপৰত নপৰিব জানো? ঠিক একেদৰে কোম্পানী একোটাৰ ভৱিষ্যতৰ লাভ-লোকচানত প্ৰভাৱ পেলাব পৰা বিভিন্ন খবৰ দৈনিক উদ্ভৱ হয় আৰু বজাৰৰ বতাহত উৰি থাকে৷ বজাৰত ভাগ লওঁতাৰ সিদ্ধান্তত সিহঁতৰ প্ৰভাৱ স্বাভাৱিকতেই পৰে৷ খবৰ কেতিয়াবা ধনাত্মক আৰু আন কেতিয়াবা ঋণাত্মক৷ কেতিয়াবা মোডী চৰকাৰৰ পৰা থকা প্ৰত্যাশাৰ বাবে উত্থান, আন কেতিয়াবা ইৰাকত আইছিছ বিদ্ৰোহীৰ কৰ্মকাণ্ডই আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ আশংকাত পতন৷ কেতিয়াবা যদি বিদেশী বিনিয়োগকাৰীৰ আগমনৰ বাবে হোৱা আশা, আন কেতিয়াবা মুদ্ৰাস্ফীতিৰ অমংগলীয়া ইংগিতৰ বাবে নিৰাশা৷ তদুপৰি বজাৰত ভাগ লওঁতাসকলৰ বজাৰ সম্বন্ধীয় পৰ্যালোচনা, বজাৰত কিনা-বেচা কৰাৰ কৌশল আদিৰ ক্ষেত্ৰত এজন আনজনতকৈ পৃথক হোৱাটো নিতান্তই স্বাভাৱিক৷ সেয়ে কেতিয়াবা একেখিনি ঘটনাৰ প্ৰতিক্রিয়া হিচাপে কোনোবাজনে যদি বজাৰৰ সম্ভাৱনীয়তাত আকৃষ্ট হৈছে, আন কোনোবাজনে ভয় খাই বজাৰৰ পৰা প্ৰস্থান কৰাৰ বাবে মন বান্ধিছে৷ কোনোটো বিশেষ কোম্পানীৰ ভৱিষ্যতৰ আয়ৰ সম্বন্ধে কোনোবাজন বজাৰত ভাগ লওঁতা যদি আজিৰ তাৰিখত অতি আশাবাদী, আন কোনোবাজন আকৌ সেই একে সময়তে বিশেষ কোম্পানীটোৰ সম্পৰ্কে অত্যন্ত সন্দেহবাদী৷ সেয়ে মুঠৰ ওপৰত ক’ব পাৰি যে বজাৰত ভাগ লওঁতাসকলৰ সামগ্ৰিক প্ৰত্যাশা আৰু আশংকাই শ্বেয়াৰ বজাৰক পৰিচালিত কৰে৷ শুদ্ধই হওক বা অশুদ্ধই হওক বজাৰৰ সংখ্যাগৰিষ্ঠ ভাগ লওঁতাই যিধৰণে ভাবিব কিছুদিনলৈ হ’লেও বজাৰ সেইফালেই ধাৱিত হ’ব৷ কিন্তু শেষ কথা – বজাৰৰ অৱস্থা ভাল হ’বলৈ হ’লে কোম্পানীবোৰৰ আয় বৃদ্ধি হ’ব লাগিব৷ তেহে বজাৰৰ উত্থানৰ যুক্তিযুক্ততা প্ৰমাণ হ’ব আৰু সেই কোম্পানীত কৰা বিনিয়োগ আকৰ্ষণীয় হৈ ৰ’ব৷ নহ’লে বজাৰত ভাগ লওঁতাই এদিন নহয় এদিন সেই কোম্পানীৰ শ্বেয়াৰক দাম নাযাচি বা সস্তাতে বেচি দি শাস্তি প্ৰদান কৰাটো ধুৰুপ৷ কিম্বদন্তি বিনিয়োগকাৰী ৱাৰেন বাফেটৰ গুৰু বেঞ্জামিন গ্ৰাহামে এই সংক্রান্তত এষাৰ অতি মূল্যৱান কথা কৈ গৈছে – ‘হ্ৰস্বকালত বজাৰ ভোটিং মেচিন৷ কিন্তু দীৰ্ঘকালত বজাৰ সদায় ওজন জোখা যন্ত্ৰ৷’
শ্বেয়াৰ বজাৰত হেজাৰ হেজাৰ সৰু-বৰ কোম্পানীৰ ষ্টক কিনা-বেচা হয়৷ কিন্তু সামগ্ৰিকভাৱে বজাৰৰ গতি-গোত্ৰ বুজিবলৈ আমাক প্ৰয়োজন হয় সূচকাংকৰ৷ যেনে- ছেনছেক্স৷ ব’ম্বে ষ্টক একচেঞ্জত পঞ্জীভুক্ত ৩০ টা বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠিত কোম্পানীৰ মুক্তভাৱে বেচা-কিনা কৰিব পৰা শ্বেয়াৰৰ বজাৰ মূলধনীকৰণ (মাৰ্কেট কেপিটেলাইজেচন)ৰ ভিত্তিত এই সূচকাংকটো নিৰ্মাণ কৰা হৈছে৷ বিশেষ দিন এটাত সেই ৩০ টা কোম্পানীৰ দামৰ পৰিৱৰ্তনৰ ভিত্তিত সামগ্ৰিকভাৱে চাবলৈ যত্ন কৰা হয় পূৰ্বৰ দিনটোৰ তুলনাত বজাৰ কোন দিশে গতি কৰিছে৷ অৰ্থাৎ ছেনছেক্স কিমান বাঢ়িল বা কিমান কমিল৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ১৭ জুলাই ২০১৪ তাৰিখে প্ৰকাশ পাইছিল)
Leave a Reply