বীমা হ’ল এনে এক ৰিস্ক ব্যৱস্থাপনা, য’ত আকস্মিকভাৱে অনিশ্চয়তাৰে ভৰা পৰিবেশ এটাৰ মাজত লোকচান হ’লে তাৰ সম্পূৰ্ণ অথবা আংশিক আৰ্থিক ক্ষতিপূৰণ পাব পাৰি৷ ‘অনিশ্চয়তা’ শব্দটোৰ এইখিনিতে যথেষ্ট গুৰুত্ব আছে৷ আনকি বীমাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰোতেও এই অনিশ্চয়তা কোন পৰ্যায়ৰ তাক পৰ্যালোচনা কৰা হয়৷ লোকচান যদি নিশ্চিতেই, তেন্তে কোন কোম্পানীয়েনো সৰু প্ৰিমিয়াম এটাৰ বিনিময়ত বীমাৰ বেষ্টনী দিবলৈ যাব? উদাহৰণস্বৰূপে দুৰাৰোগ্য ব্যাধিত আক্রান্ত হৈ মৃত্যুৰ ক্ষণ গণা ব্যক্তি এজনক কোনো কোম্পানীয়েই বীমা নেবেচিব৷ ঠিক একেদৰে ইচ্ছাকৃতভাৱে তিনি মহলীয়া ঘৰৰ ওপৰৰ পৰা জঁপিয়াই আঘাতপ্ৰাপ্ত হ’লে স্বাস্থ্য বীমা কোম্পানীয়ে ধন আদায় দিব নিবিচাৰিব৷ স্বাস্থ্য বীমা আঁচনি এখনত সোমাই থকা সকলো গ্ৰাহকৰ উমৈহতীয়া স্বাৰ্থ তথা কোম্পানীৰ লাভৰ কথা বিবেচনা কৰিয়েই আঁচনিখনত এনে কিছুমান চৰ্ত দিয়া থাকে যাতে কোনেও অতিৰিক্তভাৱে উপকৃত হ’বলৈ চেষ্টা কৰিব নোৱাৰে৷ এই চৰ্তসমূহক এক্সক্লুজন(Exclusion) বা বৰ্জন বোলা হয়৷ কি কাৰণত, কেনে পৰিস্থিতিত স্বাস্থ্য বীমাৰ ধন আদায় দিয়া নহ’ব সেই বিষয়ে লিখা থাকে এই এক্সকুজন শিতানটোত৷ বেলেগ বেলেগ কোম্পানীৰ ক্ষেত্ৰত অলপ বেলেগ হ’ব পাৰে চৰ্তসমূহ৷ সেয়ে কি পাম তাক চোৱাৰ লগতে কি কি নাপাম তাক জানিবলৈ এই শিতানটো প্ৰত্যেকজন বীমা ক্রয় কৰোতা বা কৰিব খোজা ব্যক্তিয়ে এবাৰ পঢ়া উচিত৷ আলোচনাটো আগবঢ়াই নিয়াৰ স্বাৰ্থত বৰ্তমান বজাৰত চলি থকা আঁচনি এখনৰ এক্সক্লুজন শিতানটোক কেন্দ্ৰ কৰিয়েই আগবাঢ়িম৷ আপোনাৰ আঁচনিখনৰ সৈতে সম্পূৰ্ণ একে নহ’লেও প্ৰায় ৯০ শতাংশ মিল থকাৰ সম্ভাৱনা প্ৰবল৷
(১) অপেক্ষাৰ কাল দৈৰ্ঘ্য :– (ক) স্বাস্থ্য বীমা আঁচনি এখন কিনা মাত্ৰকেই যে সকলো প্ৰয়োজনত আপোনাক বীমাৰ ধন আদায় দিয়া হ’ব, এনে নহয়৷ একমাত্ৰ দুৰ্ঘটনাজনিত কাৰণত হাস্পতালত চিকিৎসাধীন হৈ থাকিবলগীয়া হ’লেহে বীমা কিনা মাত্ৰকে চিকিৎসা খৰচ আদায় পোৱাৰ যোগ্য হ’ব৷ অন্যান্য বিশেষভাৱে উল্লেখ নথকা অসুখ-বিসুখত ৩০ দিনৰ পিচৰ পৰাহে বীমাৰ ধন আদায় পোৱাৰ যোগ্যতা লাভ কৰিব৷
(খ) বিশেষভাৱে উল্লেখ থকা কিছু চিকিৎসাত ২ বছৰপৰ্যন্ত অপেক্ষা কৰিব লাগে৷ উদাহৰণস্বৰূপে চাইনাচাইটিছ, টনচিলাইটিছ, বাত বিষ, অৰ্শ ৰোগ, ফিচটুলা, আলচাৰ, কিডনি ষ্টন, গল ব্লাডাৰ ষ্টন, চকুৰ কেটেৰেক্ট আদি বিভিন্ন অসুখত সাধাৰণতে বীমা ক্রয় কৰাৰ দুবছৰৰ পিচৰ পৰাহে বীমা কৰা ব্যক্তিয়ে বীমাৰ ধন পোৱাৰ যোগ্যতা লাভ কৰিব৷
(গ) বীমাৰ বাবে আবেদন কৰা ফৰ্মখনতে থকা এটা অন্যতম প্ৰশ্ন হৈছে – আপোনাৰ পূৰ্বৰ পৰা কোনো ব্যাধি আছে নেকি? কোৱা বাহুল্য যে প্ৰয়োজনত বীমাৰ ধন পাবলৈ হ’লে এই প্ৰশ্নৰ উত্তৰ সঠিককৈ দিয়াৰ প্ৰয়োজন৷ অৱশ্যে এটা কথা ঠিক যে আপুনি সত্যটো প্ৰকাশ কৰিলে সেই বেমাৰ সম্পৰ্কীয় আপোনাৰ পূর্বৰ কাগজ-পত্ৰ বিচৰাৰ লগতে নতুনকৈ ৰোগ নিৰ্ণয়ৰ বাবে অনুসন্ধান কৰিবলৈ ক’ব পাৰে৷ সকলো হৈ যোৱাৰপাচতো হয়তো আপোনাৰ আবেদন গ্ৰহণ নকৰিবও পাৰে৷ কিন্তু এবাৰ যদি আপুনি সঠিক তথ্য জনোৱাৰ পিচতো কোম্পানীয়ে আপোনাক বীমাৰ পলিচি বিক্রী কৰে তেন্তে ভৱিষ্যতে বীমাৰ দাবী তুলিলে অগ্ৰাহ্য কৰাৰ সম্ভাৱনা নাথাকিব৷ অৱশ্যে পূৰ্বৰে পৰা থকা ৰোগত বীমাৰ ধন পাবলৈ আপুনি ৩ বা ৪ বছৰ (বীমা কোম্পনী ভেদে বেলেগ বেলেগ হ’ব পাৰে) অপেক্ষা কৰিব লাগিব৷
(২) যুদ্ধ বা তেনেসদৃশ পৰিবেশতঃ– যুদ্ধ হ’লে অগণন মানুহ হতাহত হয়৷ সেয়ে তেনে সময়ৰ উপযোগীকৈ বীমাৰ আঁচনি এখন সজোৱাটো কঠিন৷ ধৰক বীমা কোম্পানীৰ হাতত থকা তথ্যমতে বছৰি প্ৰতি এশজন বীমা কিনোতাৰ বিপৰীতে ১০ জন মানুহক চিকিৎসা খৰচ আদায় দিবলগাত পৰে৷ সেইবাবে তেনেকুৱা পৰিস্থিতিৰ কথা ভাবিয়েই বীমাৰ প্ৰিমিয়াম ৰখা হ’ব৷ কিন্তু এখন যুদ্ধত এই স্বাভাৱিক অনুপাত খুব সহজেই অতিক্রম কৰিব আৰু সেয়া কিমান হ’ব তাক কোৱা টান৷ সেয়ে বীমা কোম্পানীয়ে এনে পৰিবেশত উদ্ভৱ হ’ব পৰা চিকিৎসা খৰচ এক্সক্লুজন বা বৰ্জনৰ শিতানত ৰাখে৷ অৰ্থাৎ যুদ্ধ বা যুদ্ধসদৃশ পৰিবেশত আহত হ’লে চিকিৎসা খৰচ কোম্পানীয়ে আদায় নিদিব৷ (আগলৈ)
Leave a Reply