মিউচুৱেল ফাণ্ড মানে কি :- এতিয়াও বহুতৰে বাবে মিউচুৱেল ফাণ্ড সম্পৰ্কীয় এইটোৱেই হৈছে প্ৰথম প্ৰশ্ন। যদিও আমাৰ দেশত এই বিনিয়োগ ব্যৱস্থা আৰম্ভ হোৱা ৫০ বছৰতকৈ বেছি হ’ল, এতিয়াও কিন্তু ব্যৱস্থাটোৱে অতি কমসংখ্যক মানুহকহে চুবগৈ পাৰিছে।আজিৰ এই লেখাটোত মই সেইসকল ব্যক্তিক উদ্দেশ্যি লিখিব খুজিছোঁ, যিসকলে এতিয়াও মিউচুৱেল ফাণ্ডৰ নাম শুনাই নাই বা শুনিছে যদিও সেই বিষয়ে এতিয়াও তেওঁলোকৰ ধাৰণা স্পষ্ট নহয়।
ধৰক, আমি এশজন মানুহে গাইপতি এহেজাৰ টকাকৈ উঠাই পুঁজি এটা গঢ়িলো।মুঠ টকা উঠিল এক লাখ।এতিয়া এই এক লাখ টকা দহজন ব্যক্তিক দহ হেজাৰকৈ ধাৰলৈ দিলোঁ বাৰ্ষিক ১০ শতাংশ সুতত।এবছৰৰ পাচত আমাৰ এক লাখটকীয়া পুঁজিটোৰ পৰা ঋণ লোৱা প্ৰতিজন ব্যক্তিয়ে এহেজাৰ টকা সুতসহ দহ হেজাৰ টকীয়া ঋণটো ঘূৰাই দিলে।অৰ্থাৎ আমি পালো দহজনৰ পৰা ১১ হাজাৰ টকাকৈ মুঠ এক লাখ দহ হাজাৰ টকা।এই টকাখিনি আমাৰ মাজত সমবিতৰণ কৰাত সকলোৱে পালো ১১০০ টকাকৈ।ব্যৱস্থাটো বাৰু অলপ চিনাকি যেন লাগিছে নেকি? হয়, আপোনাৰ চুবুৰিত বা ব্যৱসায়িক স্থানত বা অফিচত এনেদৰে সহমত পোষণ কৰা ব্যক্তিসকলে মিলি একোটা গোট খুলি টকা জমা কৰা ব্যৱস্থাটোৰ সম্বন্ধে নিশ্চয় আপুনি অৱগত। হয়তো আপুনি নিজেও জড়িত।এই গোটত সদস্যসকলে আগবঢ়োৱা বৰঙণিৰ টকা তেওঁলোকে নিজেও সুতৰ বিনিময়ত ধাৰলৈ লয় আৰু অতিৰিক্ত টকাখিনি অধিক সুতত গোটটোৰ বাহিৰৰ মানুহকো ধাৰলৈ দিয়ে।মিউচুৱেল ফাণ্ডৰ ধাৰণাটোও ইয়াৰ লগত খুব মিলে। মাত্ৰ মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীসকলে ঋণ নাপায়, বিনিয়োগহে কৰিব পাৰে।পৃথিৱীৰ দেশে দেশে কোটি কোটি মানুহ বিনিয়োগকাৰী হিচাপে জড়িত হৈ এই ব্যৱস্থাটোক বৰ্তমান সময়ৰ এটা অন্যতম জনপ্ৰিয় বিনিয়োগ ধাৰণালৈ ৰূপান্তৰ ঘটাইছে।
আমি কেনেকুৱাধৰণৰ সম্পদ শ্ৰেণীত বিনিয়োগ কৰিব খোজো তাৰ ওপৰত নিৰ্ভৰ কৰি মিউচুৱেল ফাণ্ডৰ আঁচনি নিৰ্বাচন কৰাৰ প্ৰয়োজন।আমি যদি কোম্পানীৰ অংশীদাৰ হৈ বিনিয়োগ কৰিব খোজো তেনেহ’লে ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব।কোনো কোম্পানী, বেংক অথবা ভাৰত চৰকাৰক টকা ধাৰলৈ দি সুতৰ ধন পাব বিচাৰো তেন্তে ডেট ফাণ্ড বা ঋণ ফাণ্ডত বিনিয়োগ কৰিব লাগিব।ইফালে বেংক ছেভিংছ একাউণ্টৰ নিচিনা দ্ৰব্যত যদি বিনিয়োগ কৰিব খোজো তেন্তে আমি নিৰ্বাচন কৰিব লগিব মিউচুৱেল ফাণ্ডৰ লিকুইড বা তৰল ফাণ্ড।যিসকল দক্ষ মানুহে মিউচুৱেল ফাণ্ডৰ আঁচনি একোখন পৰিচালনা কৰে তেওঁলোকক ফাণ্ড মেনেজাৰ বোলা হয়।তেওঁলোক এই টকা বিনিয়োগ কৰা কামটোৰ বাবে বিশেষভাৱে যোগ্য। এই দক্ষ ব্যক্তিসকল কিন্তু সম্পূৰ্ণ পেছাদাৰী।সেয়ে ফাণ্ড এটা চলোৱাৰো খৰচ আছে। মিউচুৱেল ফাণ্ডৰ আঁচনি একোখন চলোৱাৰ বাবদ বিত্তীয় প্ৰতিষ্ঠানটোৱে ব্যৱস্থাপনা কৰা টকাখিনিৰ পৰা এটা নিচেই সৰু অংশ মাচুল হিচাপে লয়।ইয়াৰ পৰাই ফাণ্ড মেনেজাৰক দৰমহা দিয়াৰ লগতে ফাণ্ড বা আঁচনি একোখন চলোৱাৰ বাবদ প্ৰয়োজনীয় খৰচ কৰা হয়। ৰৈ যোৱাখিনি প্ৰতিষ্ঠানটোৰ লাভ।
বিনিয়োগকাৰী সকলে বুজিব লগা প্ৰথম অংকটো :- টকা-পইচাৰ ক্ষেত্ৰত অংকৰ কথা এৰাই চলিব নোৱাৰোঁ।মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰতো একেই কথা।আপোনাৰ জমা ধন শ্ৰীবৃদ্ধি কিদৰে ঠাৱৰ কৰা হয় সেই বিষয়ে নাজানিলে ব্যৱস্থাটো যিমানেই ভাল নহওক কিয় আস্থাত লোৱাটো কঠিন হৈ পৰে।সেই কাৰণে এটা নিচেই সহজ অংকলৈ মন কৰক।ওপৰৰ উদাহৰণটোকে আকৌ এবাৰ লৈছোঁ। প্ৰতিজন ব্যক্তিয়ে এহেজাৰ টকাকৈ দিছিল। এই টকাক দুটা ভাগত ভগোৱা হয়।ইউনিট বা গোট আৰু নেভ (NAV)।এই ইউনিট আৰু নেভৰ পূৰণফলেই হৈছে আপোনাৰ বিনিয়োগ।এক মুহূৰ্ত্তৰ বাবে ধৰক উদাহৰণ হিচাপে কোৱা মিউচুৱেল ফাণ্ড আঁচনিখনৰ নেভ ১০।সেইবাবে আপুণি আঁচনিখনৰ ১০০ টা ইউনিট কিনিব পাৰিব। অৰ্থাৎ ১০(নেভ) X ১০০(ইউনিট)=১০০০(আপোনাৰ জমা টকা)।বা কথাখিনি এনেকৈও ক’ব পাৰি যে আপোনাৰ বিনিয়োগক ফাণ্ডটোৰ সেই দিনটোৰ নেভেৰে হৰণ কৰিলে আপুনি কিমান ইউনিট পাব তাক গণনা কৰিব পাৰি।
এতিয়া এটা নতুন প্ৰশ্ন আহিব। নেভ(NAV) মানেনো কি? নেট এছেট ভেল্যুক চমুকৈ নেভ বুলি মিউচুৱেল ফাণ্ডৰ কথা-বতৰাত ব্যৱহাৰ কৰা হয়।শুনি অখজা লাগিব পাৰে, কিন্তু অসমীয়াত আমি ইয়াক ক’ব পাৰো ‘প্ৰকৃত সম্পদ মূল্য’।প্ৰচলিত ব্যৱস্থাত আমাৰ ভাৰতত সাধাৰণতে যিকোনো মিউচুৱেল ফাণ্ডৰ নেভৰ আৰম্ভণি ১০ ৰে কৰা হয়।এই নেভৰ জৰিয়তে আমি লক্ষ্য কৰিব পাৰো ফাণ্ডটোৰ বিনিয়োগ যাত্ৰাৰ গতিবিধি।লেখাটোৰ আৰম্ভণিত উল্লেখ কৰা উদাহৰণটোলৈ আকৌ এবাৰ ঘূৰি যাওঁ আহক। প্ৰতিজন ব্যক্তিয়ে ১০০০ টকা বিনিয়োগ কৰি এবছৰৰ পিচত ১১০০ টকা পাইছিল।আৰম্ভণিত সেই ফাণ্ডটোৰ নেভ ১০ বুলি ধৰিলে এবছৰৰ পাচত নেভ হ’লগৈহেঁতেন ১১।এই ১১ সংখ্যাটো পুঁজিটোৰ সমস্ত সম্পদক সমগ্ৰ ইউনিটেৰে হৰণ কৰিলে পোৱা ফল।এবছৰীয়া বিনিয়োগৰ শেষত পুঁজি হৈছিলগৈ ১,১০,০০০ টকা আৰু সৰ্বমুঠ ইউনিট আছিল ১০,০০০ টা ( ১০০জন মানুহ X ১০০ ইউনিট )।ইকুইটি মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত শ্বেয়াৰ বজাৰ খোলা থকা প্ৰত্যেক দিনাই নেভ ঘোষণা কৰা হয়।ফাণ্ডটোত থকা সমস্ত সম্পদৰ সেই দিনটোৰ বজাৰ মূল্যক ফাণ্ডটোত থকা সমগ্ৰ ইউনিটেৰে ওপৰৰ উদাহৰণত দেখুওৱাৰ দৰে হৰণ কৰা হয়।ফলত নেভৰ উত্থান-পতনলৈ লক্ষ্য কৰি আমি ফাণ্ডটোত কৰা আমাৰ নিজা বিনিয়োগৰ সেই দিনটোত মূল্য কি তাক নিৰ্ধাৰণ কৰিব পাৰো। মন কৰিব, মিউচুৱেল ফাণ্ডত এবাৰ ক্ৰয় কৰা ইউনিট সদায় একে থাকে, মাত্ৰ নেভৰহে উত্থান-পতন জৰিয়তে সলনি হয়।
*****