আৰু কেইটামান মনত ৰাখিবলগীয়া এক্সক্লুজন –
(১) প্ৰচলিত আইন অমান্য :– প্ৰচলিত আইন অমান্য কৰি হাস্পতালত চিকিৎসাধীন হ’বলগা হ’লে বীমাৰ ধন আশা নকৰিব৷ উদাহৰণস্বৰূপে মাদক দ্ৰব্য সেৱন কৰি বাহন চলোৱাটো আইনমতে দণ্ডনীয়৷ আপুনি নিচাগ্ৰস্ত হৈ বাহন চলাই আঘাতপ্ৰাপ্ত হোৱাৰ ফলত হাস্পতালত ভৰ্তি হ’লেও বীমা কোম্পানীয়ে আপোনাক চিকিৎসা খৰচ দিবলৈ মান্তি নহ’ব৷ আনকি ইচ্ছাকৃতভাৱে নিজক জখম কৰি ল’লে বা আত্মঘাতীৰ চেষ্টাত আহত হ’লেও বীমা কোম্পানীয়ে ধন আদায় নিদিয়ে৷
(২) দুঃসাহসিক কাৰ্য :– সাধাৰণতে দুঃসাহসিক ক্রীড়াৰ লগত জড়িত ব্যক্তিসকলক স্বাস্থ্য বীমাই সামৰি নলয়৷ কাৰণ তেওঁলোকে আঘাত পোৱাৰ সম্ভাৱনা অধিক৷ পৰ্বতাৰোহণ, স্কুবা ডাইভিং, পেৰাচুটিং আদি দুঃসাহসিক ক্রীড়াৰ উদাহৰণ৷ কিছুমান স্বাস্থ্য বীমা আঁচনিত আনকি সামৰিক বাহিনীৰ লোক, পাইলট আদিকো সোমাবলৈ নিদিয়ে৷
(৩) চিকিৎসা খৰচ :– বহু চিকিৎসা খৰচ বীমা কোম্পানীয়ে আদায় নিদিয়ে৷ উদাহৰণ হিচাপে আগবঢ়োৱা এইকেইটা আপোনাৰ আঁচনিখনটো থকাৰ সম্ভাৱনা প্ৰবল৷
(ক) নিচামুক্তিৰ বাবে প্ৰয়োজন হোৱা চিকিৎসা,
(খ) এইচ আই ভি আৰু এইড্ছ সংক্রান্তীয় চিকিৎসা,
(গ) স্থুলতা বা দেহৰ ওজন নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা চিকিৎসা,
(ঘ) সৌন্দৰ্যবৰ্ধনৰ বাবে কৰা চিকিৎসা,
(ঙ) সাধাৰণতে এল’পেথিক পদ্ধতিৰ বাদে আন চিকিৎসাত বীমাৰ ধন আদায় নিদিয়ে,
(চ) অনুসন্ধানমূলক পৰীক্ষা, যদিহে ফলাফল ঋণাত্মক হয়,
(ছ) সাধাৰণতে ভিটামিন, টনিকজাতীয় দৰবৰ খৰচ বীমা কোম্পানীয়ে নিদিয়ে৷ বিশদভাৱে জানিবলৈ আপুনি ক্রয় কৰা বা ক্রয় কৰিব খোজা পলিচিখনত এই এক্সক্লুজনৰ শিতানটো ভালদৰে পঢ়ক৷
স্বাস্থ্য বীমাত পুনঃপ্ৰতিষ্ঠাপনৰ সুবিধা :-
ধৰক, হৰি কলিতাৰ স্বাস্থ্য বীমা আঁচনিখনৰ বেষ্টনী ৩ লাখ৷ বিগত বছৰকেইটাত বীমাৰ ধন দাবী নকৰা বাবে অতিৰিক্ত ৭৫ হেজাৰ টকা বোনাচ ক’ভাৰ হিচাপে পাইছে৷ আঁচনিখন ফেমিলি ফ্ল’টাৰ৷ কলিতাৰ লগতে তেওঁৰ পত্নী আৰু একমাত্ৰ সন্তানো তাত সোমাই আছে৷ ক’ব পাৰি বছৰটোৰ বাবে কলিতাৰ পৰিয়ালৰ মুঠ বেষ্টনী ৩ লাখ ৭৫ হেজাৰ টকা৷ ধৰক এইটো বছৰত বীমাৰ প্ৰিমিয়াম দিয়াৰ ৬ মাহৰ পাচতে কলিতা হৃদৰোগত আক্রান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগা হ’ল৷ মুঠ বিল হ’ল ৪ লাখ টকা৷ যদি বীমা পলিচিখনে একো খৰচ কৰ্তন নকৰে বুলি ধৰো তেন্তে কলিতাই ৩ লাখ ৭৫ হেজাৰ টকা ঘূৰাই পাব বা সিমান টকা হাস্পতালত দিবলগা নহ’ব(চিকিৎসালয়খনৰ লগত কেছলেছ বেনিফিটৰ বুজাবুজি থাকিলে)৷ কলিতা সুখী৷ কিন্তু এটা ৰিস্ক নতুনকৈ উদ্ভৱ হ’ব কলিতাৰ জীৱনত৷ বীমা বৰ্ষটো সম্পূৰ্ণ হ’বলৈ এতিয়াও ৬ মাহ বাকী৷ এই ৬ মাহ কলিতাৰ পৰিয়াল স্বাস্থ্য বীমাহীন হৈ থাকিব নালাগিব জানো? এই সমস্যাটো সন্দৰ্ভত বীমা কোম্পানীবোৰে আগবঢ়োৱা সমাধান হৈছে ৰি-ইনষ্টেট (Reinstate) অৰ্থাৎ বীমা পুনঃপ্ৰতিষ্ঠা কৰাৰ সুবিধা৷ সুবিধাৰ ক্ষেত্ৰত অলপ পৃথক হ’লেও এনে বীমা পুনঃপ্ৰতিষ্ঠাৰ ভিতৰত ‘ৰিচাৰ্জ’ আৰু ‘ৰিষ্ট’ৰেচন’য়েই বহুলভাৱে ব্যৱহৃত নামকৰণ৷ আজি ইয়াত অতি চমুকৈ এই বিষয়ে দুটামান কথা ক’ব খুজিছো৷
ওপৰৰ উদাহৰণটোত হৰ কলিতাই ক্রয় কৰা আঁচনিখনত যদি স্বয়ংক্রিয় ৰিষ্ট’ৰেচনৰ সুবিধা থাকে তেতিয়া লগে লগে অন্য তিনি লাখটকীয়া বীমাৰ বেষ্টনী বাকী ৬ মাহৰ বাবে কলিতাৰ পৰিয়ালে পাব৷ বাহ! খুব সুন্দৰ নহয়নে? কিন্তু এই সুবিধা পাবলৈ কিছুমান চৰ্ত আছে৷ যাৰ বাবে আপুনি এই মুহূৰ্তত ভবাৰ দৰে সুবিধাখিনি চমকপ্ৰদ নহ’বগৈও পাৰে৷ সাধাৰণতে ৰিষ্ট’ৰেচনৰ ক্ষেত্ৰত মূল চৰ্ত দুটা এনেধৰণৰ –
(১) একে ৰোগতে দ্বিতীয়বাৰ হাস্পতালত ভৰ্তি হৈ এজন ব্যক্তিয়ে ৰিষ্ট’ৰেচনৰ সুবিধা ভোগ কৰিব নোৱাৰিব৷ তাৰ অৰ্থ হ’ব হৃদৰোগজনিত অসুখত কলিতাই ৰিষ্ট’ৰেচনৰ সুবিধা ল’ব নোৱাৰিব৷ আন অসুখত বাধা নাই৷ অৱশ্যে তেওঁৰ পত্নী আৰু সন্তানৰ ক্ষেত্ৰত কোনো সীমাবদ্ধতা নাই৷ তেওঁলোকে যিকোনো ৰোগতে বীমাৰ ধন পাব৷ সেইকাৰণে কোৱা হয় একক বীমা আঁচনিতকৈ ফেমিলি ফ্ল’টাৰত ৰিষ্ট’ৰেচন সুবিধা বেছি আকৰ্ষণীয়৷
(২) বীমা পলিচিত যদি লিখা থাকে যে ৰিষ্ট’ৰেচনৰ সুবিধা পাবলৈ প্ৰথমে সম্পূৰ্ণভাৱে মূল বীমা আৰু বোনাচৰ ধন শেষ হোৱাটো আৱশ্যক, তেন্তে ই আপোনাক বহু সময়ত ভবাৰ দৰে উপকৃত নকৰিবও পাৰে৷ ওপৰৰ উদাহৰণটোকে ধৰক – বীমাৰ বেষ্টনী ৩ লাখ ৭৫ হেজাৰ৷ প্ৰথমবাৰৰ বিল যেনিবা ৩ লাখ ৫০ হেজাৰ টকা৷ কলিতাৰ সেইবাৰৰ হাস্পতাল ভৰ্তিৰ সমস্ত খৰচ বীমা কোম্পানীয়ে বহন কৰিলে৷ কিন্তু ধৰক, দুৰ্ঘটনাত পতিত হৈ কলিতাই পুনৰ হাস্পতালৰ বিছনা ল’লেগৈ৷ সেইবাৰ মুঠ বিল হ’ল ২ লাখ টকা৷ যদিও ৩ লাখ টকাৰ ৰিষ্ট’ৰেচনৰ সুবিধা কলিতাৰ পলিচিত আছে তেওঁ কিন্তু এইবাৰ সেই সুবিধা ল’বৰ বাবে যোগ্য নহ’ব৷ কাৰণ তেওঁৰ ক্ষেত্ৰত প্ৰথমবাৰ মূল বীমা আৰু বোনাচৰ ধন সম্পূৰ্ণকৈ মানে ৩ লাখ ৭৫ হেজাৰ টকা ব্যৱহাৰ হোৱা নাছিল৷ ২৫ হেজাৰ টকা তেতিয়াও বাকী আছিল৷ সেয়ে দ্বিতীয়বাৰ মাত্ৰ ২৫ হেজাৰ টকাহে কোম্পানীৰ পৰা পাব৷ বাকী ১ লাখ ৭৫ হেজাৰ টকাৰ বীমা দাবী অগ্ৰাহ্য হ’ব৷ কিন্তু আকৰ্ষণীয়ভাৱে ‘ৰিচাৰ্জ’ত সাধাৰণতে এই দ্বিতীয় চৰ্তটো নাথাকে৷ ৰিষ্ট’ৰেচনৰ পৰিৱৰ্তে ৰিচাৰ্জ হোৱা হ’লে কলিতাই দ্বিতীয়বাৰো সম্পূণ ২ লাখ টকাই বীমা কোম্পানীৰ পৰা পালেহেঁতেন৷