একক স্বাস্থ্য বীমা আঁচনি নে ফেমিলী ফ্ল’টাৰ আঁচনিঃ– পৰিয়ালক স্বাস্থ্য বীমাৰ বেষ্টনীত ৰাখিবলৈ যাওঁতে আপুনি ল’বলগীয়া হোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে – পৰিয়ালৰ প্ৰতিজন সদস্যৰ কাৰণে একোখনকৈ একক স্বাস্থ্য বীমা আঁচনি ক্রয় কৰিব নে এখন ফেমিলী ফ্ল’টাৰ আঁচনি কিনিব? কোনখন আঁচনি আপোনাৰ বাবে যথাযথ? প্ৰথমে চাওঁ আহক একক স্বাস্থ্য বীমা আঁচনি মানেনো কি? নামটোৱে নিৰ্দেশ কৰাৰ দৰে এই আঁচনিৰ জৰিয়তে মাত্ৰ এজন ব্যক্তিয়ে স্বাস্থ্য বীমা কৰাব পাৰে৷ একক স্বাস্থ্য বীমা আঁচনি এখনত ক’ভাৰ বা বেষ্টনী ৫ লাখ টকা থকা মানে বীমা ক্রয় কৰা ব্যক্তিজনে সেই বছৰটোত চিকিৎসা সেৱা ল’বলগীয়া হ’লে চৰ্ত অনুযায়ী কৰা চুক্তিমতে বীমা কোম্পানীয়ে ৫ লাখ টকাপৰ্যন্ত খৰচ বহন কৰিব৷ ইয়াৰ বিপৰীতে ফেমিলী ফ্ল’টাৰত এটা পৰিয়ালৰ একাধিক ব্যক্তি আঁচনিখনত সোমাই থাকিব পাৰে৷ অৱশ্যে এইক্ষেত্ৰত পৰিয়াল বুলিলে পতি,পত্নী আৰু সন্তানতে সীমাবদ্ধ৷ পতি,পত্নী আৰু দুই সন্তানৰ চাৰিজনীয়া পৰিয়াল এটাই ৫ লাখ টকাৰ ফেমিলী ফ্ল’টাৰ আঁচনি এখন ক্রয় কৰা মানে পৰিয়ালটোৰ যিকোনো এজন বা একাধিক সদস্যই সেই বৰ্ষটোত চৰ্ত অনুযায়ী কৰা চুক্তিমতে সৰ্বমুঠ ৫ লাখ টকাপৰ্যন্ত চিকিৎসা খৰচ আদায় পাব৷ কিন্তু বীমা বেষ্টনীত থকা পৰিয়ালৰ এজন ব্যক্তিৰ বাবে যদি চিকিৎসা খৰচৰ নামত বছৰৰ মাজভাগতে ৫ লাখ টকা বীমা কোম্পানীৰ পৰা আদায় কৰা হয় তেন্তে পলিচীখনত পুনঃপ্ৰতিষ্ঠাপন বা ৰি-ইনষ্টেট(এই বিষয়ে পিচত বহলাই লেখিম)ৰ সুবিধা নাথাকিলে বাকী সদস্যসকল বছৰটোৰ বাকীখিনি সময় বীমাহীন হৈ ৰ’ব৷
তেতিয়াহ’লে ফেমিলী ফ্ল’টাৰ আঁচনি মানুহে কিয় কিনে? মূল কাৰণটো হ’ল পৰিয়ালৰ চাৰিওজন সদস্যৰ বাবে একোটাকৈ ৫ লাখটকীয়া একক স্বাস্থ্য বীমা আঁচনি কিনোতে লগা দামৰ তুলনাত ই বহুত সস্তা৷ সাধাৰণতে দেখা যায় যে এটা পৰিয়ালত সকলো ব্যক্তি একে বছৰতে বেমাৰত পৰি হাস্পতালত ভৰ্তি হ’বলগা হোৱাৰ সম্ভাৱনা অতি কম৷ একমাত্ৰ দুৰ্ঘটনাজনিত কাৰণতহে এনে সম্ভাৱনা বৃদ্ধি পায়৷ সেয়ে কম বয়সীয়া স্বাস্থ্যৱান পৰিয়ালৰ বাবে ফেমিলী ফ্ল’টাৰ আঁচনি কম খৰচী তথা উপযুক্ত৷ কিন্তু ইয়াৰ বিপৰীতে পৰিয়ালত সততে অসুস্থ হৈ থকা কোনো ব্যক্তি থাকিলে তেওঁৰ বাবে এটা একক স্বাস্থ্য বীমা ক্রয় কৰি বাকী সদস্যসকলক ফেমিলী ফ্ল’টাৰ আঁচনিত ৰখাটো এটা ভাল স্বাস্থ্য বীমা পৰিকল্পনা হ’ব পাৰে৷
নেটৱৰ্ক হাস্পতালঃ– স্বাস্থ্য বীমা ক্রয় কৰাৰ এটা মূল কাৰণ হৈছে প্ৰয়োজনত চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে বিশেষ চিন্তা নকৰাকৈ থাকিব পৰাটো৷ কিন্তু সেই টকা প্ৰথমে আপুনি যোগাৰ কৰিবলগাত পৰিলেও যথেষ্ট অসুবিধাজনক পৰিস্থিতি হ’ব পাৰে৷ এই কথালৈ লক্ষ্য ৰাখি বীমা কোম্পানীবোৰে ভাল ভাল হাস্পতালবোৰৰ লগত চুক্তি কৰে যে তেওঁলোকৰ বীমা ক্রয় কৰা ৰোগীৰ খৰচ প্ৰত্যক্ষভাৱে হাস্পতালক আদায় দিব৷ ৰোগীজনে ধনৰ লেনদেনত জড়িত হ’বলগা নহয় বাবে এই সুবিধাক কোৱা হয় ‘কেছলেচ’ অৰ্থাৎ নগদ ধন নলগাকৈ হোৱা চিকিৎসা৷ সেয়ে স্বাস্থ্য বীমা ক্রয় কৰাৰ সময়ত আপোনাৰ চহৰ অথবা আপুনি চিকিৎসা গ্ৰহণ কৰিব বিচৰা চহৰত বীমা কোম্পানীটোৰ নেটৱৰ্ক হাস্পতাল কোন কেইখন তালৈ লক্ষ্য কৰাটো দৰকাৰ৷ কিয়নো সেই তালিকাত আপুনি বিচৰা হাস্পতালৰ নাম থকাটো যথেষ্ট সুবিধাজনক৷ ইয়াৰ বিপৰীতে নেটৱৰ্কত নথকা হাস্পতালত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হ’লে আপোনাক প্ৰথমে নগদ টকাৰ আৱশ্যক হ’ব৷ অৱশ্যে সেই খৰচ আপুনি বীমা কোম্পানীৰ পৰা ঘূৰাই পাব৷
হাস্পতালৰ কোঠাৰ ভাড়াঃ– কিমান দামী কোঠাত থাকি আপুনি হাস্পতালৰ চিকিৎসা কৰাব বিচাৰে? স্বাস্থ্য বীমা কিনিবলৈ যাওঁতে আপোনাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ব পাৰে৷ বহু স্বাস্থ্য বীমা কোম্পানীয়ে বীমাৰ প্ৰিমিয়াম কম কৰি ৰখাৰ স্বাৰ্থত হাস্পতালৰ কোঠা নিৰ্বাচনৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আৰোপ কৰে৷ যাক বীমাৰ ভাষাত ‘ছাব লিমিট’ বা উপ-সীমা বুলি কোৱা হয়৷ সাধাৰণতে হাস্পতালৰ কোঠা সম্পৰ্কীয় এই ছাব লিমিট তিনিধৰণে হ’ব পাৰে- (১) এটা নিৰ্দিষ্ট সীমা৷ যেনে – হাস্পতালৰ কোঠাৰ দৈনিক ভাড়া ৩ হেজাৰ টকাৰ ভিতৰত থাকিব লাগিব৷ (২) বীমাৰ ক’ভাৰ বা বেষ্টনীৰ শতাংশ হিচাপত৷ ধৰক ৩ লাখ টকাৰ বীমা বেষ্টনীৰ ২ শতাংশ অৰ্থাৎ দৈনিক ভাড়া ৬ হেজাৰ টকাৰ ভিতৰত হ’ব লাগিব৷ (৩) প্ৰথম আৰু দ্বিতীয়টোৰ সংমিশ্ৰণ৷ ধৰক বেষ্টনীৰ ২ শতাংশ বা ৫ হেজাৰ যিটো কম হয়৷ এতিয়া যদিহে আপোনাৰ পলিচীখনত এনে উপ-সীমা থাকে আৰু আপুনি হাস্পতালৰ তাতোতকৈ খৰচী কোঠাত থাকি চিকিৎসা গ্ৰহণ কৰে তেন্তে সেই উপ-সীমাৰ ওপৰৰ খৰচ আপুনি নিজে বহন কৰিব লাগিব৷ ধৰক, উপৰোক্ত তিনি নম্বৰত থকাধৰণে উপসীমা থকা ৩ লাখটকীয়া বেষ্টনীৰ আঁচনি এখন আপোনাৰ আছে৷ আপুনি চিকিৎসাৰ বাবে ভৰ্তি হোৱা হাস্পতালৰ কোঠাৰ ভাড়াৰ বাবদ দৈনিক ৫ হেজাৰ টকালৈহে আদায় পাবৰ যোগ্য৷ কিন্তু আপুনি থকা বিশেষ কোঠাটোৰ ভাড়া যেনিবা প্ৰতিদিনে ১০ হেজাৰ টকা৷ তেনে অৱস্থাত কোঠাটোৰ ভাড়াৰ ৫০ শতাংশ অৰ্থাৎ ৫ হেজাৰ টকা আপুনি বহন কৰিব লাগিব৷ কথা ইমানতেই শেষ হ’বনে? দুৰ্ভাগ্যক্রমে নহয়৷ পলিচীখন ভালকৈ পঢ়িলে দেখিব তাত এনেজাতীয় এষাৰ কথা লিখা থাকিব – ‘চিকিৎসাজনিত খৰচ হাস্পতালৰ কোঠাৰ ভাড়াৰ ক্ষেত্ৰত হোৱাৰ দৰে সমানুপাতিকভাৱে বিবেচনা কৰা হ’ব৷’ অৰ্থাৎ ৫ হেজাৰটকীয়া কোঠাৰ অনুমোদন থকা পলিচীৰ ব্যক্তিয়ে ১০ হেজাৰটকীয়া কোঠাত থাকি চিকিৎসা কৰালে অন্য চিকিৎসা খৰচ যদি ২ লাখ টকা হয় তেন্তে তাৰো আধা অৰ্থাৎ ১ লাখ টকা পোৱাৰহে যোগ্য হ’ব৷ পলিচীৰ প্ৰিমিয়াম কমকৈ দিয়াৰ স্বাৰ্থত এনে উপ-সীমা থকা পলিচী গ্ৰহণ কৰিলে এই কথাখিনি বুজি পোৱাটো আৰু সেই অনুসৰি হাস্পতালৰ কোঠা লোৱাটো অতি গুৰুত্বপূৰ্ণ৷ এনে আঁচনি ক্রয় কৰিলে আপুনি বিচৰা হাস্পতালত কোঠাৰ ভাড়া বৰ্তমান কিমান হৈ আছে তালৈ লক্ষ্য ৰাখি ২-৩ বছৰৰ মূৰে-মূৰে বীমা বেষ্টনী বঢ়াই নিবলগা হ’ব পাৰে৷ যদিহে এনেধৰণৰ অংকৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে প্ৰিমিয়াম বেছি হ’লেও এনে পলিচী আপুনি বিচাৰিব লাগিব য’ত এই কোঠা সংক্রান্তীয় উপ-সীমা নাথাকে৷ (আগলৈ)