যোৱা দুটা খণ্ডত আমি দেখিছিলো যে ২৫ বছৰীয়া জয়ন্তই ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ পিচত আৰু ৩০ বছৰ জীৱনকাল পাব বুলি ধৰিলে অৱসৰ পৰিকল্পনাৰ পথ মানচিত্ৰ কেনেধৰণে তৈয়াৰ কৰিব৷ ভৱিষ্যতৰ বহু অনিশ্চিত কাৰকক লৈ কৰা এনে পৰিকল্পনা সম্পূৰ্ণ অব্যৰ্থ বুলি দাবী কৰিব নোৱাৰি৷ কাৰণ এটা মাত্ৰ কাৰকৰ পৰিবৰ্তনেও এনে পৰিকল্পনাক আংশিকভাৱে বিফল কৰিব পাৰে৷ উদাহৰণস্বৰূপে জয়ন্তই অনুমান কৰিছিল ৯০ বছৰীয়া জীৱনকাল, কিন্তু জয়ন্তই যদি ১০০ বছৰ জীয়াই থাকে তেতিয়া? শেষৰ দহ বছৰৰ খৰচৰ বাবে জয়ন্ত আনৰ ওপৰত নিৰ্ভৰশীল নহ’বনে? অথবা ভবাতকৈ বেছি মুদ্ৰাস্ফীতিৰ বাবেই হওক বা বিনিয়োগত সম্পদে ঈপ্সিত ফল নিদিয়াৰ বাবেই হওঁক বা অত্যধিক খৰচৰ বাবেই হওঁক ৮০ বছৰ বয়সতে যদি জয়ন্তৰ সকলো টকা শেষ হয় তেতিয়াও তেওঁ বিপদত পৰিব পাৰে৷ কাৰণ তেনে বয়সত কামলৈ উভতি যোৱাৰ বাবে উপযোগী নহয়৷ তেন্তে এনে কি বিত্তীয় দ্ৰব্য আছে যি জয়ন্তক আজীৱন টকা পাই থকাৰ নিশ্চিতি প্ৰদান কৰিব? এই সমস্যাৰ আংশিক পৰিত্ৰাণৰ উপায় হৈছে বীমা কোম্পানীৰ পৰা আজীৱন পেন্সনৰ বাবে এটা এনুইটি দ্ৰব্য কিনা৷ যাক সাধাৰণ জীৱন বীমাৰ সম্পূৰ্ণ বিপৰীত উদ্দেশ্যে ক্রয় কৰা হয়৷ অৰ্থাৎ জীৱন বীমা কৰা হয় বীমা কৰোতাৰ অবৰ্তমানত তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীলসকলৰ আৰ্থিক নিৰাপত্তাৰ কথা ভাবি৷ ইফালে এনুইটি কিনা হয় কিনোতাই ভবাতকৈ বেছি দিন জীয়াই থাকিলেও আৰ্থিক বিপৰ্যয়ৰ পৰা আঁতৰি থাকিবলৈ৷ ব্যৱহাৰিক দিশৰ পৰা বিবেচনা কৰিলে দেখা যায় যে এই দ্ৰব্যবিধৰো সীমাবদ্ধতা নথকা নহয়৷ তথাপি অৱসৰৰ পৰিকল্পনাত এনে দ্ৰব্যৰ সঠিক ব্যৱহাৰে এজন ব্যক্তিক বৃদ্ধাৱস্থাত সম্পদতকৈ বেছি দিন জীয়াই থকাৰ সমস্যাৰ পৰা বহুখিনি সকাহ দিব পাৰে৷
এনুইটি দ্ৰব্যই ক’ৰ পৰা আজীৱন টকা দিব? প্ৰক্রিয়াটো ঠিক জীৱন বীমাৰ দৰেই৷ ধৰক, এদল মানুহৰ গড় জীৱনকাল ৮০ বছৰ বুলি অনুমান কৰি এটা হিচাপত টকা সংগ্ৰহ কৰা হ’ল৷ সেই দলটোৰ সকলোৰে জীৱনকাল কেতিয়াও সমান নহ’ব৷ কোনোবাজন যদি ৭০ বছৰ জীয়াই থাকিব, কোনোবাজন ৮০ বছৰ আৰু কোনোবাজন আকৌ জীয়াই থাকিব ৯০ বছৰ৷ এতেকে কব পাৰি ৭০ বছৰত ঢুকুৱাজনৰ টকাই ৯০ বছৰ জীয়াই থকাজনৰ পেন্সন প্ৰদানত সহায় কৰিব৷ এইটোৱেই এনুইটি দ্ৰব্য গঠনৰ মূল নীতি৷ এই দ্ৰব্যই কিনোতাক নির্ধাৰিত হিচাপত নিয়মিত ব্যৱধানৰ অন্তৰত পেন্সন প্ৰদান কৰে৷ এনুইটি নামটোৱে প্ৰকাশ কৰা অৰ্থ অনুসৰি বাৰ্ষিক ভাত্তা যদিও মাহেকীয়া, তিনিমহীয়া বা ছমহীয়া হিচাপেও পেন্সন ল’ব পাৰি৷ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পেন্সন পাবৰ নিমিত্তে বীমা কোম্পানীক প্ৰিমিয়াম বা অৰিহণা দিয়া প্ৰকাৰৰ দিশৰ পৰা এনুইটিক দুভাগত ভগাব পাৰি৷
তাৎক্ষণিক এনুইটি :- নগদ ধনেৰে সামগ্ৰী কিনাৰ নিচিনা কথা৷ আপোনাৰ হাতত টকা আছে৷ বীমা কোম্পানীক আপুনি গৈ সুধিব যে নিৰ্দিষ্ট পৰিমাণৰ টকাৰ আজীৱন পেন্সন পাবৰ বাবে একেলগে মুঠকৈ কিমান টকা দিয়াৰ প্ৰয়োজন হ’ব৷ বীমা কোম্পানীয়ে আপোনাৰ বয়সৰ কথা লক্ষ্য কৰি হিচাপটো দিব৷ টকা দিয়াৰ লগে লগে এনে আঁচনি কাৰ্যকৰী হোৱাৰ বাবে ইয়াৰ নাম তাৎক্ষণিক এনুইটি৷
বিলম্বিত এনুইটি :- ধৰক, বিশেষ কোম্পানী এটাৰ স্মাৰ্টফোন ভৱিষ্যতে কিনিবৰ বাবে এতিয়াৰ পৰাই দোকানীক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে টকা জমা দি গৈছে৷ আপুনি বিচৰা সময়ত সেই টকাৰে বিশেষ কোম্পানীটোৰ স্মাৰ্টফোন এটা ক্রয় কৰিব৷ ঠিক একেদৰেই বিলম্বিত এনুইটিৰ ক্ষেত্ৰত এছোৱা সময়ত বীমা কোম্পানীক আপুনি প্ৰিমিয়াম দি যাব আৰু ভৱিষ্যতৰ এটা বিশেষ দিনৰ পৰা আজীৱন পেন্সনৰ সুবিধা লাভ কৰিব৷
কোনটো সুবিধাজনক বুলি সুধিলে মোৰ ভোটটো যাব তাৎক্ষণিক এনুইটিৰ সপক্ষে৷ কাৰণ বিনিয়োগৰ সময়ছোৱাত ক’ত বিনিয়োগ কৰিম সেয়া আমাৰ কথা৷ পেন্সনৰ উদ্দেশ্যে জমা ‘এন পি এছ’তেই কৰো নে ‘পি পি এফ’তে কৰো নে ইকুইটিতে কৰো সেই সিদ্ধান্তৰ বাবে আমি মুক্ত৷ যেতিয়া পেন্সনৰ প্ৰয়োজন হ’ব সেই সময়ত নগদ টকাৰে মনে বিচৰা আঁচনিখন কিনিম৷ কোনো কোম্পানীৰ লগত আজিয়েই চুক্তিবদ্ধ হোৱাৰ প্ৰয়োজন নাই৷ সা-সুবিধাৰ দিশৰ পৰা বজাৰত উপলব্ধ তাৎক্ষণিক এনুইটি আঁচনিবোৰক কেইবাটাও প্ৰকাৰত ভাগ কৰিব পাৰি৷ উদাহৰণস্বৰূপে ভাৰতীয় জীৱন বীমা নিগমৰ ‘জীৱন অক্ষয় ৬ নামৰ এনুইটি দ্ৰব্যবিধৰ প্ৰকাৰবোৰ এনেধৰণৰ
(১) একেটা হাৰত আজীৱন এনুইটি প্ৰদান৷
(২) কিনোতাজন জীয়াই থাকক বা নাথাকক ক্রমে ৫, ১০, ১৫ বা ২০ বছৰলৈ নিশ্চিত এনুইটি প্ৰদান আৰু তাতোতকৈ বেছি দিন জীয়াই থাকিলে এনুইটি কিনোতাক আজীৱন এনুইটি প্ৰদান৷
(৩) আজীৱন এনুইটি প্ৰদান আৰু এনুইটি কিনোতাৰ মৃত্যুত এনুইটি কিনা দামটো ঘূৰাই দিয়া হয়৷ অৰ্থাৎ ৫০ লাখ টকাৰে যদি এনুইটি কিনিছিল তেন্তে এনুইটি কিনোতাৰ মৃত্যুত পৰিয়ালে ৫০ লাখ টকা ঘূৰাই পাব৷
(৪) বছৰি ৩ শতাংশ হাৰত বৃদ্ধিৰে আজীৱন এনুইটি প্ৰদান৷
(৫) আজীৱন এনুইটি প্ৰদান আৰু এনুইটি কিনোতাৰ মৃত্যুত জীৱিত স্ত্ৰী বা স্বামীক ৫০ শতাংশ হাৰত আজীৱন এনুইটি প্ৰদান৷
(৬) আজীৱন এনুইটি প্ৰদান আৰু এনুইটি কিনোতাৰ মৃত্যুত জীৱিত স্ত্ৰী বা স্বামীক ১০০ শতাংশ হাৰত আজীৱন এনুইটি প্ৰদান৷
(৭) আজীৱন এনুইটি প্ৰদান আৰু এনুইটি কিনোতাৰ মৃত্যুত জীৱিত স্ত্ৰী বা স্বামীক ১০০ শতাংশ হাৰত আজীৱন এনুইটি প্ৰদান৷ সেই দম্পতীৰ শেষৰজনৰ মৃত্যুৰ পিচত এনুইটি কিনা দামটো উত্তৰাধিকাৰীক ঘূৰাই দিয়া হয়৷
মূলতঃ এই ৭ টা প্ৰকাৰৰ মাজৰ পৰাই নিজৰ বাবে উপযোগী প্ৰকাৰটো নিৰ্বাচন কৰাৰ প্ৰয়োজন৷ কোৱা বাহুল্য যে প্ৰত্যেকটো প্ৰকাৰত নিৰ্দিষ্ট পৰিমাণৰ টকাৰ বিপৰীতে এনুইটি অৰ্থাৎ পেন্সন প্ৰাপ্তিৰ সংখ্যাবোৰ বেলেগ বেলেগ হ’ব৷ এতিয়া আপোনাৰ অৱসৰকালীন জীৱনৰ বাবে থকা আছুতীয়া উৎসৰ কিমান শতাংশ এনেধৰণৰ এনুইটি হোৱা উচিত তাৰো সূক্ষ্ম পর্যালোচনাৰ আৱশ্যক৷ কাৰণ অকল এনুইটিয়ে আপোনাক প্ৰকৃত মুদ্ৰাস্ফীতিৰ পৰা সম্পূৰ্ণ নিৰাপত্তা দিব নোৱাৰে৷ একেটা হাৰত পোৱা এনুইটিৰ টকা এতিয়া যথাযথ যেন লাগিলেও ২০-৩০ বছৰৰ পিচত মুদ্ৰাস্ফীতিৰ বাবে টকাৰ মূল্য হ্ৰাস হোৱাৰ ফলত সেই সংখ্যাটো তেনেই নগণ্য হোৱাৰ সম্ভাৱনা প্ৰকট৷ উদাহৰণস্বৰূপে এতিয়া যদি কোনো সদ্যঅৱসৰপ্ৰাপ্ত ব্যক্তিয়ে মাহেকীয়াকৈ ২৫ হেজাৰ টকাৰ এনুইটি গ্ৰহণ কৰি আছে আৰু সেই এনুইটিৰ সংখ্যাটো যদিহে বৃদ্ধি নহয় তেন্তে ৮ শতাংশ বাৰ্ষিক মুদ্ৰাস্ফীতি গণ্য কৰিলে ২০ বছৰৰ পিচত অৰ্থাৎ ২০১৫ + ২০ = ২০৩৫ চনৰ ২৫ হেজাৰ টকাৰ মূল্য আজিৰ তাৰিখত ৫,৩৬৪ টকাৰ সমান হ’ব৷ এই পৰিমাণৰ টকা সেই বয়সত প্ৰয়োজনীয় খা-খৰচৰ বাবে যথাযথ নে? এই প্ৰশ্ন এৰাই চলিব নোৱাৰি৷ বিশেষ কাৰণত মুঠকৈ একেলগে বহু টকাৰ প্ৰয়োজন হোৱাৰ সময়তো এনুইটি উত্তৰ হ’ব নোৱাৰে৷