মানুহজন সাংঘাতিকভাৱে বিৰক্ত হ’ল মোৰ বিত্তীয় উপদেশত৷ তেওঁ ইকুইটি ফাণ্ডত চিপৰ জৰিয়তে বিনিয়োগ কৰিব নোখোজে৷ লাৰ্জ কেপ ফাণ্ড তেওঁৰ অপছন্দ৷ তেওঁৰ দীৰ্ঘদিনৰ বাবে ইকুইটিত বিনিয়োগ কৰাৰো কোনো ইচ্ছা নাই৷ মোক আৰু ব্যাখ্যা কৰিবলৈ সুযোগ নিদি অধৈৰ্যভাৱে অচিনাকি মানুহজনে ফোনতে কৈ উঠিল
:শুনক শুনক৷ আপুনি মাত্ৰ মোক সেই বিশেষ ফাণ্ড হাউছটোৰ এনে দুটা ফাণ্ডৰ নাম কওক যাৰ প্ৰদৰ্শন বৰ্তমান অতি ভাল৷ বাকীখিনি মই চিন্তা কৰিম৷
কথাৰ পৰা বুজিব পাৰিলো, তেওঁ এজন উদ্যমী ডেকা ল’ৰা৷ ইকুইটি বিনিয়োগৰ পৰা তেওঁ চমকপ্ৰদ ফলাফল আশা কৰে৷ বৰ্তমান তেওঁ অত্যন্ত আশাবাদী শ্বেয়াৰ বজাৰৰ উত্থানৰ প্ৰসংগত৷ ফোনত কথা শেষ কৰি তেওঁ কোৱা কথাবোৰ পাগুলি থাকোতে মোৰ মনত পৰিল অন্য এজন ডেকা বিনিয়োগকাৰীৰ সৈতে যোৱা বছৰত হোৱা কথা-বতৰাৰ এছোৱালৈ৷ যিজন ডেকাই মোৰ জৰিয়তে বিনিয়োগ কৰিছিল চিপৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডৰ ইকুইটি আঁচনি এখনত৷ সেই সময়ত বজাৰৰ গতিহীনতাত প্ৰচণ্ডভাৱে ক্ষুব্ধ আছিল তেওঁ৷ এহেজাৰকৈ কৰা মাহেকীয়া চিপ তেওঁ বন্ধ কৰি দিছিল ডেৰ বছৰমান চলাই৷ মোৰ বহু বুজনিত তেওঁ অন্ততঃ বিনিয়োগ হৈ থকা টকাকেইটা উলিয়াই নিয়া নাছিল৷ কিন্তু আৰু ৭ মাহমানৰ পিচতো যেতিয়া লাভৰ মুখ নেদেখিলে তেওঁৰ ধৈৰ্যচ্যুতি ঘটিল৷ ফোনতে হোৱা কথোপকথনৰ মাজত এদিন কঠোৰভাৱে মোক কৈ উঠিল –
: আচ্ছা, আপুনি মোক কওকচোন ইকুইটিত কৰা বিনিয়োগ আৰু তিনি পাট্টি খেলাৰ মাজত কি পাৰ্থক্য আছে? এইবোৰ যতচব ভণ্ডামি নহয়নে? কোনে ক’ত মেনুপুলেচন কৰিছে তাৰো একো ঠিক নাই৷ মই এনে বিনিয়োগৰ পৰা হাত ধুব খোজো৷
এটা বৰষুণমুখৰ দুপৰীয়া তেওঁ মোৰ কাৰ্যালয়লৈ আহি ৰিডেম্প্চন ফৰ্মত চহী কৰি থৈ গ’ল৷ ২২/০৮/২০১৩ ত হোৱা এই ৰিডেম্প্চনত তেওঁৰ ফালৰ পৰা হোৱা ১৮ হেজাৰ টকাৰ বিনিয়োগৰ বিপৰীতে পালে ১৬,৭০০ টকা৷ অৰ্থাৎ ১,৩০০ টকাৰ লোকচান৷ এই লেখাটো যুগুত কৰা পৰত মই চাইছিলো – যদিহে তেওঁ বৰ্তমানলৈকে সেই টকা উলিয়াই নিনিলেহেঁতেন তেতিয়া তেওঁৰ ফাণ্ডৰ মূল্য হ’লগৈহেঁতেন ২৯ হেজাৰ টকা৷
প্ৰিয় পাঠক, দুয়োজন ব্যক্তিৰ চিন্তা-চৰ্চালৈ মন কৰকচোন৷ ভিন্ন সময়ত ভিন্ন পৰিবেশত দুয়োৰে দুটা সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগী ইকুইটি বিনিয়োগৰ সম্বন্ধে৷ তথাপি কিন্তু কিবা এটা সাদৃশ্য দেখা পাইছেনে দুয়োজনৰ কৰ্মকাণ্ডত? হয়, দুয়োজনেই আক্রান্ত নিজৰ নিজৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা সাম্প্ৰতিক সময়ৰ ইকুইটি বজাৰৰ ফলাফলত৷ তেওঁলোক দুয়োজনেই অগ্ৰাহ্য কৰিছে ইকুইটি বজাৰৰ দীৰ্ঘদিনৰ ঐতিহাসিক তথ্যক৷ এজনৰ প্ৰত্যাশা আৰু আনজনৰ হতাশাৰ ভিত্তি কেৱল মাত্ৰ তেওঁলোকে শেহতীয়াভাৱে মুখামুখি হোৱা ব্যক্তিগত অভিজ্ঞতা৷ এনেদৰে অতি সাম্প্ৰতিক ঘটনা বা পৰিঘটনাৰ ওপৰত ভিত্তি কৰি নিজস্ব সিদ্ধান্ত বা দৃষ্টিভংগী নিৰ্মাণ কৰা কাৰ্যকে কোৱা হয় সাম্প্ৰতিকতাৰ ভিত্তিত হোৱা পক্ষপাত (ৰিচেঞ্চি বায়াছ )৷
এজন বিনিয়োগকাৰীক সাংঘাতিকভাৱে অনিষ্ট কৰিব পৰা এটা প্ৰধান কাৰক হিচাপে গণ্য কৰা হয় এই সাম্প্ৰতিকতাৰ ভিত্তিত হোৱা পক্ষপাতক৷ কাৰণ ইয়াৰ প্ৰভাৱত বিনিয়োগকাৰীয়ে দূৰ অতীতলৈ দিঙি মেলি চাব নোৱৰা হয়৷ কিন্তু আমি পাহৰিলে ভুল হ’ব যে সকলো সম্পদ শ্ৰেণীৰে এটা দীঘলীয়া ইতিহাস আছে৷ ইতিহাসক উলাই কৰি অতি সাম্প্ৰতিক তথ্যৰ ভিত্তিত কৰা পৰ্যালোচনা আধৰুৱা হ’বলৈ বাধ্য৷ যোৱা ৩৫ বছৰত ছেনছেক্সে দিয়া ফল গড় হিচাপে বছৰি প্ৰায় ১৬ শতাংশ৷ কিন্তু শ্বেয়াৰ বজাৰৰ উত্থানৰ সময়ত আমাৰ বহুতৰে প্ৰত্যাশা ইয়াতকৈ বহু বেছি হয় আৰু এনে দীঘলীয়া সময়ৰ গড় মান বহুজনৰ বাবে তেনেই অনাকৰ্ষণীয় হৈ পৰে৷ সেয়ে তেনে অৱস্থাত শেহতীয়াভাৱে আটাইতকৈ ভাল ফলাফলৰ উদাহৰণটোৰ পুনৰাবৃত্তি নিজৰ বিনিয়োগত বিচাৰি বহুজনে জুৱাৰীসদৃশ কাম-কাজত লিপ্ত হয়৷ ইয়াৰ বিপৰীতে যেতিয়া বজাৰ পৰি একেবাৰে তল পাইগৈ, মানুহে ভাবিবলৈ ধৰে এইবাৰ সকলো শেষ৷ বজাৰ চিৰদিনৰ বাবে পৰি নাথাকে বুলি তথ্যসহকাৰে বুজালেও তেনে বুজনি ঠগনসদৃশ লাগে৷ সেই সময়ত মানুহে ইকুইটি আঁচনিক ফিক্সড ডিপ’জিটৰ সৈতে তুলনা কৰি নিজৰ মনোকষ্ট আৰু বৃদ্ধি কৰে৷ কিন্তু সেই সময়ত পাহৰি যায় এনে তুলনা যুক্তিসংগত নহয়৷ এটা হৈছে বজাৰনিৰ্ভৰ দ্ৰব্য আৰু আনটো হৈছে বিনিয়োগৰ পূৰ্বেই নিৰ্দিষ্ট হাৰত চুক্তিবদ্ধ হোৱা এক বিনিয়োগ৷ এটা ইকুইটি, আনটো ঋণ সম্পদ৷ মোৰ এজন ব্যক্তিগত বন্ধু এই সাম্প্ৰতিকতাৰ ভিত্তিত হোৱা পক্ষপাতত এনেকৈ আক্রান্ত যে তেওঁ একোটা সম্পদ শ্ৰেণীত দীৰ্ঘদিন বিনিয়োগ কৰি ৰ’ব নোৱাৰে৷ ২০০৮ ৰ আগলৈকে তেওঁ আছিল ইকুইটি ভক্ত৷ কিন্তু ২০০৮ ত হোৱা শ্বেয়াৰ বজাৰৰ গৰাখহনীয়া প্ৰতক্ষ্য কৰাৰ পাচত তথা সোণত কৰা বিনিয়োগ সেই সময়ত জনপ্ৰিয় হৈ উঠাৰ লগে লগে তেওঁ হৈ উঠিল সোণালী ধাতুবিধৰ নিৰ্ভেজাল প্ৰেমিক৷ যেতিয়া সোণত কৰা বিনিয়োগে সৌন্দৰ্য হেৰুৱালে তেওঁ হৈ পৰিল ঋণজাতীয় সম্পদৰ একনিষ্ঠ সমৰ্থক৷ মন কৰক, শেহতীয়া অভিজ্ঞতাৰ ভিত্তিত তেওঁৰ বিনিয়োগ এটা সম্পদ শ্ৰেণীৰ পৰা অন্য এটা সম্পদ শ্ৰেণীলৈ গতিহে কৰিছে, বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰি সঠিক সম্পদ আৱণ্টনৰ জৰিয়তে দীৰ্ঘদিনৰ বাবে কোনোটো সম্পদ শ্ৰেণীতেই বিনিয়োগ অব্যাহত ৰাখিব পৰা নাই৷
আমাৰ দেশত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দৌৰাত্ম্যৰ এটা প্ৰধান কাৰণ হ’ল এই সাম্প্ৰতিকতাৰ ভিত্তিত হোৱা পক্ষপাতেই৷ যেতিয়া দুজনমান অত্যধিক পৰিমাণে লাভৱান হোৱাৰ খবৰ প্ৰচাৰ হয, তেতিয়া সেইকেইজনৰ স্থানত নিজক উপৱিষ্ট কৰাৰ দুৰ্বাৰ বাসনাত পূৰ্বৰ সকলো তিক্ত অভিজ্ঞতা পাহৰি বহুজনে এনে দ্ৰব্যত জঁপিয়াই পৰে৷ অৱধাৰিতভাৱেই ইয়াৰ পাচত এনে ভণ্ড আঁচনিৰ সৈতে জড়িত কৰোৱায় যিখিনি মানুহে তেওঁলোকক বিশ্বাস কৰে৷ এনে সময়ত পঞ্জী আঁচনিৰ অন্তৰালত থকা ঠগন সূত্ৰ আৰু পিৰামিড আঁচনি দীৰ্ঘদিন আশা কৰাধৰণে প্ৰসাৰ হ’ব নোৱৰাৰ তথ্য গুৰুত্ব দিবৰ মন নাযায়৷ যিজনে এইবোৰ কথা সোঁৱৰাই দিবলৈ চেষ্টা কৰে তেওঁকো শত্ৰু যেন বোধ হয়৷ সাম্প্ৰতিক অভিজ্ঞতাৰ ভিত্তিত এটা বদ্ধমূল ধাৰণা গঢ় লৈ উঠে – ‘এইবাৰৰ কথা আগতকৈ বেলেগ৷’ যেতিয়া সত্যৰ উপলব্ধি হয়, তেতিয়া বহুত দেৰি হৈ যায়৷ সেয়ে এই পক্ষপাতৰ পৰা নিজকে মুক্ত কৰাটো এজন বিবেচকী বিনিয়োগকাৰীৰ বাবে অপৰিহাৰ্য৷ কোনো বিত্তীয় দ্ৰব্যৰ পৰ্যালোচনাৰ বাবে লোৱা তথ্যৰ নমুনাটো যিমানে ডাঙৰ হয় সিমানে ভাল৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ২৮ আগষ্ট, ২০১৪ত প্ৰকাশ পাইছিল)