খাদ্য আমিষ নে নিৰামিষ সেয়া যেনেকৈ তৈয়াৰ কৰা উপাদানৰ ওপৰত নিৰ্ভৰশীল, মিউচুৱেল ফাণ্ডৰ আঁচনি এখনৰ চৰিত্ৰ কেনেকুৱা হ’ব, সেয়া প্ৰকৃততে নিৰ্ভৰ কৰে সেই আঁচনিখনে ক’ত বিনিয়োগ কৰে তাৰ ওপৰত। বিত্তীয় সম্পদৰ শ্ৰেণী বিভাজনত দুটা প্ৰধান ভাগ হৈছে – ১) ইকুইটি বা শ্বেয়াৰ আৰু (২) ডেট বা অসমীয়াত ঋণসম্পদ।ব্যৱসায়ৰ মালিকীস্বত্ব ল’বলৈ টকা খটুৱালে সেয়া ইকুইটিত বিনিয়োগ আৰু টকা ধাৰলৈ দি সুতৰ আশা কৰিলে সেয়া ঋণ সম্পদত বিনিয়োগ।মিউচুৱেল ফাণ্ডেও এই দুয়োবিধ সম্পদ শ্ৰেণীতে বিনিয়োগ কৰাৰ সুযোগ দিয়ে।সাধাৰণতে মিউচুৱেল ফাণ্ড সম্পৰ্কীয় আমাৰ কথা-বতৰাত ইকুইটিয়ে প্ৰাধান্য পায়।আজি ঋণ সম্পদত বিনিয়োগ কৰা মিউচুৱেল ফাণ্ড অৰ্থাৎ ডেট মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু কথা আলোচনা কৰিম।
আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিয়ে বা বেংকত টকা ফিক্সড ডিপ’জিট কৰে তেন্তে বিনিয়োগৰ পূৰ্বে মানুহজনে বা বেংকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সেই সুত বাহাল থাকে।কিন্তু ঋণৰ বজাৰত ঘটা সুতৰ হ্ৰাস-বৃদ্ধিৰ লগত সংগতি থকা প্ৰভাৱ ডেট মিউচুৱেল ফাণ্ডৰ আঁচনিত পৰে।কিয়? সেইটোৱেই ডেট মিউচুৱেল ফাণ্ডৰ বিষয়ে বুজিবলগা প্ৰথম কথা।ধৰক, এখন বজাৰ, য’ত বেংক ফিক্সড ডিপ’জিট কিনা-বেচা হয়।অৰ্থাৎ মানুহক কোনো বেংকৰ ফিক্সড ডিপ’জিট মেচিঅ’ৰ হোৱাৰ আগতে সেই টকাৰ প্ৰয়োজন হ’লে বেংকত গৈ ভঙোৱাৰ পৰিবৰ্তে এই বজাৰত আন এজন গ্ৰাহকক বিক্ৰী কৰি দিব পাৰে।আকৌ ধৰা হওক যে আপুনি যিদিনা এক লাখ টকা বেংকত ৫ বছৰলৈ ফিক্সড ডিপ’জিট কৰিবলৈ গৈছিল, সেইবদিনা বেংকে আপোনাক প্ৰদান কৰা সুত আছিল চক্ৰবৃদ্ধি হাৰত বাৰ্ষিক ৮ শতাংশ।ভৱিষ্যতে বেংকৰ সুত বাঢ়ক বা কমক, আপোনাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আপুনি পাঁচ বছৰলৈ সুত পাব ৮ শতাংশ হাৰত। আপুনি বিনিয়োগ কৰাৰ ঠিক পাচদিনাখনেই যেনিবা বেংকে ৫ বছৰীয়া ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৯ শতাংশলৈ বঢ়ালে। এতিয়া আপোনাৰ ৮ শতাংশ হাৰৰ সুত থকা ৫ বছৰীয়া ফিক্সড ডিপ’জিটটো আগদিনাৰ সমান আকৰ্ষণীয় হৈ ৰ’বনে? ফিক্সড ডিপ’জিটৰ বজাৰত বেচিবলৈ গ’লেও আপুনি আগদিনা বিনিয়োগ কৰা এক লাখ টকা ঘূৰাই পাবনে ? উত্তৰ ঋণাত্মক। কাৰণ মানুহে আপোনাৰ পৰা এক লাখ টকা দি ৮ শতাংশ সুত থকা ফিক্সড ডিপ’জিট কিনাতকৈ পোনে পোনে বেংকৰ পৰা ৯ শতাংশ সুত থকা ফিক্সড ডিপ’জিট কিনিব।মানুহক আপোনাৰ ফিক্সড ডিপ’জিটৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অন্ততঃ ইমান দাম জৰুৰ কমাব লাগিব যাতে বিনিয়োগকাৰীজনৰ বাবে সুতৰ হাৰ পাঁচ বছৰৰ বাবে ৯ শতাংশ হয়।এদিনৰ আগ –পিচৰ হিচাপ এৰিলে অংকই কয় প্ৰায় ৯৫,৫০০ টকাত কিনিব পাৰিলেহে সেই ৮ শতাংশ সুতৰ পাঁচ বছৰীয়া ফিক্সড ডিপ’জিটটো পিচৰ দিনা বেংকে ঘোষণা কৰা ৯ শতাংশ বাৰ্ষিক সুত থকা ৫ বছৰীয়া ফিক্সড ডিপ’জিটটোৰ সমান হ’ব।অৰ্থাৎ আপুনি বজাৰত ৯৫,৫০০ টকাতকৈ বেছি পোৱাৰ সম্ভাৱনা নাই।বজাৰৰ লগত বিনিয়োগৰ এই সম্পৰ্কটোকে ‘মাৰ্ক টু মাৰ্কেট’ বুলি কোৱা হয়।এতিয়া উদাহৰণৰ পৰা ফিক্সড ডিপ’জিট আঁতৰাই ডেট মিউচুৱেল ফাণ্ডৰ আঁচনি এখন লওক।একে কাৰণত যেতিয়া সুত বাঢ়ে ডেট মিউচুৱেল ফাণ্ডৰ আঁচনি এখনৰ মূল্য হ্ৰাস পায়। আকৌ যেতিয়া সুত কমে ফাণ্ডৰ মূল্য বৃদ্ধি পায়।অৰ্থাৎ সুত আৰু ফাণ্ডৰ মূল্যৰ সম্পৰ্ক অসমানুপাতিক।
সকলো ডেট মিউচুৱেল ফাণ্ডত একেই সমান প্ৰভাৱ পৰে নেকি ? নপৰে।কাৰণ ইয়াৰ লগত ফাণ্ডটোত বিনিয়োগ হৈ থকা ঋণ সম্পদসমূহৰ গড় মেচিঅ’ৰিটি পিৰিয়ডৰ বা পূৰঠ হোৱা কালৰ ওপৰত নিৰ্ভৰ কৰিব। আকৌ এবাৰ ফিক্সড ডিপ’জিটৰ উদাহৰণৰ গইনা লৈ কথাটো পৰীক্ষা কৰো আহক। ধৰক, ওপৰৰ উদাহৰণটোত পাঁচ বছৰীয়া ফিক্সড ডিপ’জিট নহৈ যদি এবছৰীয়া ফিক্সড ডিপ’জিট হোৱা হ’লে প্ৰভাৱ কেনে হ’লহেঁতেন ? অংকই কয় এক লাখ টকীয়া ফিক্সড ডিপ’জিটখনৰ বজাৰ মূল্য প্ৰায় ৯৯,১০০ টকা হ’লহেঁতেন। এই উদাহৰণটোৰ পৰা এটা কথা স্পষ্ট যে ফাণ্ডৰ সম্পদসমূহৰ গড় মেচিঅ’ৰিটি যিমানে দীঘল হ’ব ইণ্টাৰেষ্ট ৰেট বা সুতৰ হাৰৰ পৰিবৰ্তনৰ বাবে পৰিবলগীয়া প্ৰভাৱ সিমানে বেছি হ’ব।কিন্তু একে সময়তে সাধাৰণ অৱস্থাত যেনেকৈ কম দিনৰ ফিক্সড ডিপ’জিটৰ তুলনাত দীৰ্ঘসময়ৰ ফিক্সড ডিপ’জিটত সুতৰ হাৰ বেছি হয়, গড় মেচিঅ’ৰিটি কম থকা ডেট মিউচুৱেল ফাণ্ডৰ তুলনাত গড় মেচিঅ’ৰিটি বেছি থকা ডেট ফাণ্ডৰ ৰিটাৰ্নৰ সম্ভাৱনা বেছি। ৰিস্ক বাঢ়িলে ৰিটাৰ্নৰ সম্ভাৱনাও বাঢ়ে। এক কথাত ডেট ফাণ্ডতো ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্ক সমানুপাতিক।কেতিয়া কেনেধৰনৰ ডেট ফাণ্ড উপযোগী সেই কথা পিচলৈ থ’লো।
*************
( লেখাটো আজি ২৯-০৯-২০১৬ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে )