ৰবীন দত্তৰ মতে উৰুকাৰ বাবে চিতল মাছ আগদিনাই কিনি থ’ব লাগে৷ অলপ কম দামতে পোৱা যায়৷ পিচদিনা দাম কি পৰ্যায় পায়গৈ কোনো ঠিক নাই৷ ভালকৈ কুটি-বাছি ফ্ৰীজত ভৰাই থ’লেই হ’ব৷ দত্তৰ বন্ধু কৃষ্ণ কলিতাৰ কিন্তু এই সম্পৰ্কে দ্বিমত আছে৷ কলিতাৰ মতে উৰুকাৰ দিনা আবেলিলৈহে চিতল মাছ কিনিব লাগে৷ তেতিয়ালৈ মাছ উভৈনদী হৈ পৰে৷ তাতে দূৰৰ পৰা অহা বেপাৰীয়ে তেতিয়া বেছি লাভলৈ চিন্তা নকৰি তুলনামূলকভাৱে কম দামতে বাকী থকা মাছ বিক্রী কৰি ঘৰলৈ উভতিব বিচাৰে৷ দুই বন্ধুৱে ঠিক কৰিলে, এইবাৰ উৰুকাত চোৱা যাওক কাৰ কথা খাটে৷
উৰুকাৰ আবেলি কৃষ্ণ কলিতাৰ পূৰ্বানুমানেই সঁচা বুলি প্ৰমাণিত হ’ল৷ সন্তুষ্টিৰ হাঁহি মাৰি কলিতাই দত্তক বুজালে –
:চোৱা মই আগতেই জানিছিলো৷ উৰুকাৰ বিশেষ দিনটোৰ বাবে সকলো মহলদাৰ আৰু মৎস্যপালকেই চিতল মাছ ৰাখি থয়৷ সেয়ে এনে নহৈ নোৱাৰেহে, বুজিছা?
দত্তই একো নামাতিলে৷ মাত্ৰ ভাবি থাকিল এইবাৰ কেনেকৈ এইটো হ’ল? যোৱা বছৰ উত্তম অধিকাৰীৰ লগত হোৱা এই বিষয়ক বাজিত তেওঁ জিকিছিল৷ পিচত অধিকাৰীক বুজাইছিল কেনেকৈ চিতল মাছৰ চাহিদা উৰুকাৰ দিনা বৃদ্ধি হয় আৰু কিয় চিনাকি বেপাৰীৰ পৰা আগদিনাই কিনি থোৱাটো বুদ্ধিমানৰ কাম৷
প্ৰিয় পাঠক, যোগান আৰু চাহিদাৰ বিষয়ত তথ্যহীন বা অতি সীমিত তথ্যৰ ভিত্তিত আপোনাৰ স্থানীয় মাছৰ বজাৰখনত ভৱিষ্যতৰ বিশেষ দিন এটাত কি হ’ব তাক নিৰ্ভুলকৈ আগতে জনা সম্ভৱনে? দুটা বছৰত দুই বিপৰীত ফল৷ অথচ এইবাৰৰ অভিজ্ঞতাৰ ভিত্তিত কৃষ্ণ কলিতাই অহাবাৰ যে বাজি লগাবলৈও পিচনুহুঁহকিব সেয়া খাটাং৷ তেওঁৰ কথাৰ সুৰলৈ মন কৰক৷ এই যে যিকোনো সম্ভাৱনীয়তা থকা ঘটনা এটা ঘটি যোৱাৰ পিচত ফলাফল পূৰ্বানুমানৰ লগত মিলি গ’লে ‘মই আগতেই জানিছিলো’ বুলি যি ভ্ৰান্ত বিশ্বাস জন্মে তাক ইংৰাজীত কোৱা হয় হাইণ্ডছাইট বায়াছ (Hindsight Bias)৷ অসমীয়াত আমি ক’ব পাৰো ঘটনা ঘটাৰ পিচৰ উপলব্ধিত থকা পক্ষপাত৷ বিনিয়োগৰ পৃথিৱীতো ইয়াৰ উপস্থিতি বিদ্যমান৷ এই পক্ষপাতৰ ফলত এজন বিনিয়োগকাৰীয়ে পূৰ্বতে সঁচা প্ৰমাণিত হোৱা নিজস্ব পূৰ্বানুমানক ভৱিষ্যতে সিদ্ধান্ত লোৱাৰ সময়ত প্ৰয়োজনাধিক গুৰুত্ব দিবলৈ প্ৰৰোচিত হয়৷ তেওঁৰ স্ব-বিশ্লেষণত গুৰুত্ব হেৰুৱাই সেইবোৰ সম্ভাৱনীয়তাই যিবোৰে কিবা কাৰণত বাস্তৱ হ’ব পৰা নাছিল তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণৰ সময়ত৷ উদাহৰণস্বৰূপে বহু বিনিয়োগকাৰী শ্বেয়াৰ বজাৰৰ মতি-গতিক কেন্দ্ৰ কৰি পূৰ্বানুমানৰ ভিত্তিত অত্যধিক আক্রমণাত্মকভাৱে কিনা-বেচাত জড়িত হয়৷ এনে অত্যুৎসাহৰ অন্তৰালত এই পক্ষপাতৰ যথেষ্ট অৱদান থাকে৷ যি বিনিয়োগকাৰীক অতিৰিক্তভাৱে আত্মবিশ্বাসী কৰি তোলে৷ তেওঁ অগ্ৰাহ্য কৰিবলৈ আৰম্ভ কৰে সেইবোৰ সম্ভাৱনীয়তাক যিবোৰ তেওঁৰ প্ৰত্যাশাৰ ঠিক বিপৰীত৷
হাইণ্ডছাইট বায়াছৰ আৰু এটা দিশ আছে৷ আচৰণ সম্বন্ধীয় বিত্তলৈ আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটাপ্ৰাপ্ত মনোবিজ্ঞানী ডেনিয়েল কাহ্নেমেনে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘থিংকিং ফাষ্ট এণ্ড শ্ল’ ’(Thinking fast and slow)ত কোৱাৰ দৰে এই পক্ষপাতৰ ক্ষতিকাৰক প্ৰভাৱত এজন পর্যালোচক আক্রান্ত হ’ব পাৰে যেতিয়া তেওঁ অন্য এজন ব্যক্তিৰ সিদ্ধান্তক মূল্যায়ন কৰিবলৈ যায়৷ এই পক্ষপাতৰ প্ৰভাৱত পৰ্যালোচক প্ৰৰোচিত হয় সিদ্ধান্তৰ ঔচিত্যৰ বিচাৰ শেষ ফলাফলৰ ভিত্তিত কৰিবলৈ৷ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে সিদ্ধান্ত লওঁতাৰ চিন্তাৰ প্ৰক্রিয়াটো কিমান সুবিবেচনাপূৰ্ণ আছিল তাৰ ওপৰত কিন্তু নহয়৷ ফলাফল ভাল হ’লে সিদ্ধান্তই প্ৰশংসা পায় আৰু বেয়া হ’লে তিৰস্কাৰ৷ দেশৰ দলে খেলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল এখনৰ কথাকে ভাবক৷ শেষ অ’ভাৰ৷ জিকিবলৈ ৬ ৰান লাগে বিপক্ষক৷ কোটা বাকী থকা বলাৰজনে পূৰ্বতে যথেষ্ট ৰান দিছে৷ অধিনায়কে কাৰ হাতত বল তুলি দিয়া উচিত? সকলোৰে উৎকন্ঠা৷ অধিনায়কে বল তুলি দিলে এজন অনিয়মিত বলাৰৰ হাতত৷ যদি দল জিকে সমগ্ৰ দেশবাসীয়ে অধিনায়কৰ সিদ্ধান্তৰ বিচক্ষণতাক প্ৰশংসা কৰিব৷ ইয়াৰ বিপৰীতে যদি অ’ভাৰৰ প্ৰথম বলটোত ৬ মাৰি প্ৰতিপক্ষ জিকে অধিনায়ক সমালোচিত হ’ব, নিন্দিত হ’ব৷ অৰ্থাৎ অধিনায়কে ভাল কৰিলে নে বেয়া কৰিলে তাৰ মাপকাঠী হ’লগৈ মাত্ৰ ফলাফল৷ ৰাজনীতিৰ পথাৰতো ইয়াৰ প্ৰভাৱ দেখা যায়৷ মই ভাবো হাইণ্ডছাইট বায়াছৰ শেহতীয়া ধুনীয়া ৰাজনৈতিক উদাহৰণ হ’ল – যোৱা দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখ্যমন্ত্ৰিত্বৰ প্ৰাৰ্থী কিৰণ বেদীৰ প্ৰক্ষেপণকেন্দ্ৰিক বিতৰ্ক৷ ফলাফল ওলোৱাৰ পিচত কিৰণ বেদীৰ নিৰ্বাচন ভুল সিদ্ধান্ত আছিল বুলি গভীৰ প্ৰত্যয়েৰে কৈ থকাসকলৰ বহুতেই বিজেপি জিকা হ’লে ক’লেহেঁতেন ‘অমিত শ্বাহৰ এয়া মাষ্টাৰ ষ্ট্ৰোক’৷
বিনিয়োগ জগততো ফাণ্ড মেনেজাৰৰ পৰা বিত্তীয় উপদেষ্টালৈকে যিসকলে আনৰ সম্পদ ব্যৱস্থাপনাৰ লগত জড়িত হয়, তেওঁলোকে প্ৰায়ে এনেধৰণৰ ফলাফলনিৰ্ভৰ সমালোচনাৰ মুখামুখি হোৱা দেখা যায়৷ ধৰক, এজন ফাণ্ড মেনেজাৰে খুব কম দামত ভাল ভাল বেংকৰ শ্বেয়াৰ কিনি থৈছিল৷ কিন্তু অভাৱনীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বজাৰত ভাৰতীয় টকাৰ মূল্য হোৰাহোৰে কমিবলৈ লোৱাত ৰিজাৰ্ভ বেংকে যি সিদ্ধান্ত ল’লে তাৰ ফলত সামগ্ৰিকভাৱে বেংকৰ শ্বেয়াৰৰ মূল্য কমিবলৈ ধৰিলে৷ ফলত ফাণ্ডটোৰ তাৎক্ষণিক ফলাফলত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিলে৷ এতিয়া প্ৰশ্ন হ’ল সেই ভাল বেংকৰ শ্বেয়াৰ কম দামতে কিনা সিদ্ধান্তটো উচিত আছিল নে অনুচিত আছিল? আমি মাত্ৰ হ্ৰস্বকালৰ ফলাফলৰ ভিত্তিত ফাণ্ডটো বা ফাণ্ড মেনেজাৰজনক পৰ্যালোচনা কৰা উচিতনে? কেতিয়াবা আকৌ ইয়াৰ ঠিক বিপৰীতটো প্ৰত্যক্ষ কৰা যায়৷ সৌভাগ্যৰ বাবে ঘটা ঘটনা এটাৰ বাবদো ফাণ্ড মেনেজাৰে প্ৰশংসা পায়৷ আন কেতিয়াবা কথাটো এনেধৰণৰো হ’ব পাৰে – ধৰক, আপুনি ভাবিছিল বিশেষ কাৰণ এটাৰ বাবে শ্বেয়াৰ বজাৰে গতি লাভ কৰিব৷ আপুনি ভবাৰ দৰে বজাৰৰ উত্থানো ঘটিল৷ কিন্তু আপুনি ভবা কাৰণটোৰ বাবে নহয়, অন্য এটা কাৰকেহে বজাৰক গতি প্ৰদান কৰিলে৷ সেই সময়তো নিজৰ ভৱিষ্যদ্বাণীক অযথা প্ৰশংসা কৰিব নেকি? বিনিয়োগকাৰীক বহু সময়ত বিপথে পৰিচালিত কৰা এই পক্ষপাতক আচৰণ সম্বন্ধীয় বিত্তৰ অন্যতম গুৰুত্বপূৰ্ণ পক্ষপাত বুলি গণ্য কৰা হয়৷ সেয়ে ইয়াক উপলব্ধি কৰাটো আৰু ইয়াৰ ফান্দত নপৰাকৈ বিত্তীয় বিশ্লেষণ কৰিবলৈ শিকাটো প্ৰতিজন সচেতন বিনিয়োগকাৰীৰ বাবেই কাম্য হোৱা উচিত৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ৫ মার্চ, ২০১৫ত প্ৰকাশ পাইছিল)