আপোনাৰ প্ৰিয় বাহনখন দুচকীয়াই হওক বা চাৰিচকীয়াই হওক, চালক হিচাপে নিজকে আপুনি কোন পৰ্যায়ৰ বুলি ভাবে? যিসকলে এই লেখাটো পঢ়িছে, সেইসকলৰ ভিতৰত চালক হিচাপে আপুনি নিজকে কোনটো ভাগত ৰাখিব – (ক) উত্তম, (খ) মধ্যমতকৈ উচ্চ, (গ) মধ্যম, (ঘ) মধ্যমতকৈ নিম্ন, (ঙ) নিম্নখাপৰ আৰু (চ) ক’ব পৰা নাযায়৷ উত্তৰটো নিজকে দিয়ক আৰু পিচৰ দফাটোলৈ আগবাঢ়ক৷
১৯৬৫ চনত দুজন মনোবিজ্ঞানী কেৰ’লিন প্ৰেষ্টন (Caroline Preston) আৰু ষ্টেনলি হেৰিছ (Stanley Harris) য়ে এটা গৱেষণামূলক সমীক্ষা চলাইছিল৷ আমেৰিকাৰ চিয়াটল অঞ্চলৰ ৫০ জন গাড়ীচালকক তেওঁলোকৰ শেহতীয়া ভ্ৰমণটোত চালক হিচাপে তেওঁলোকৰ দক্ষতা আৰু সজাগতা তেওঁলোকৰ দৃষ্টিত কেনে আছিল তাৰ উত্তৰ বিচাৰিছিল৷ দুই তৃতীয়াংশ চালকে মত প্ৰকাশ কৰিলে যে তেওঁলোক অন্ততঃ আনদিনাৰ সমানেই সক্ষম তথা সতৰ্ক আছিল৷ কিছুসংখ্যকে ক’লে যে তেওঁলোকৰ গাড়ীচালনা অতি উচ্চখাপৰ আছিল৷ আচৰিত হ’বলগা কথাটো কি জানেনে? প্ৰিষ্টন আৰু হেৰিছে এই সকলো সাক্ষাৎকাৰ লৈছিল হাস্পতালত৷ অৰ্থাৎ এই সকলো ড্ৰাইভাৰেই শেষৰটো যাত্ৰা দুৰ্ঘটনা এটাৰে সামৰি এম্বুলেন্সত উঠি হাস্পতালৰ বিছনা অধিগ্ৰহণ কৰিছিলগৈ৷
ড্ৰাইভাৰকেইজন উন্মাদ আছিল নেকি? নে মিছা কথাৰে নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰিছিল? নাই, তেওঁলোক উন্মাদো নাছিল, মিছা কথাৰে আভুৱা ভাঁৰিবলৈও যত্ন কৰা নাছিল৷ তেওঁলোক আছিল আপোনাৰ আৰু মোৰ দৰেই সম্পূৰ্ণ স্বাভাৱিক আৰু যি কৈছিল সেয়া তেওঁলোকে বিশ্বাস কৰিছিল৷ এনেধৰণৰ অসংখ্য সম্পৰীক্ষাৰ ভিত্তিত মনোবিজ্ঞানীসকলে ক’ব খোজে যে সকলো সুস্থ মানুহৰ এটা অন্যতম মৌলিক চাৰিত্ৰিক বৈশিষ্ট্য হ’ল তেওঁলোক যিমানৰ মানুহ তাতোতকৈ নিজকে উচ্চখাপৰ বুলি বিশ্বাস কৰে৷ এই ধৰক, ভাস্কৰ জ্যোতি বৰুৱা আচলতে যিমান ভাল বিত্তীয় উপদেষ্টা, তাতোতকৈ নিজকে বেছি ভাল বুলি গণ্য কৰে৷ তেওঁৰ লেখাবোৰ যি পৰ্যায়ৰ তাতোতকৈ উচ্চ পৰ্যায়ৰ বুলি ভ্ৰান্ত ধাৰণা এটা কঢ়িয়াই লৈ ফুৰে৷ এতিয়া আহকচোন, মই লেখাটোৰ আৰম্ভণিতে সোধা প্ৰশ্নটোলৈ উভতি যাওঁ৷ যদিহে আপুনি সংখ্যাগৰিষ্ঠৰ ভাগটোৰ এজন, তেন্তে আপোনাৰ উত্তৰটো ‘উত্তম’ অথবা ‘মধ্যমতকৈ উচ্চ’ হ’ব লাগে৷ কিন্তু আপুনিয়েই এবাৰ ভাবি চাওকচোন – এই লেখাটো কোনে কোনে পঢ়ি আছে তাক জানো আপুনি জানে? তেন্তে কেনেকৈ নিজৰ স্তৰ নিৰূপণ কৰিলে? হয়তো আপোনাৰ অত্যধিক আত্মবিশ্বাসেই তেনেকৈ ভাবিবলৈ আপোনাক বাধ্য কৰিলে৷ লেখাটোৰ শিৰোনামেও কিজানি তেনেদৰে ভবাত ইন্ধন যোগালে৷ সেই প্ৰৰোচনা আছিল ইচ্ছাকৃত৷
মনোবিজ্ঞানীয়ে কয় যে হাইণ্ডচাইট বায়াছ (মই আগতেই জানিছিলো!) আৰু আশাবাদৰ পক্ষপাতৰ লগ লাগি অত্যধিক আত্মবিশ্বাসে আপোনাক নিজৰেই আটাইতকৈ ডাঙৰ শত্ৰুলৈ পৰ্যবসিত কৰিব পাৰে৷ কিন্তু এইটো কথাও সমান্তৰালভাৱে শুদ্ধ যে এই অত্যধিক আত্মবিশ্বাসেই আমাক আমাৰ সীমাবদ্ধতা ভাঙিবলৈ সুযোগ দিয়ে৷ নতুন কিবা এটা কৰিবলৈ প্ৰেৰণা যোগায়৷ অন্যথা ব্যৱসায় নাইবা ধন উপাৰ্জনৰ ক্ষেত্ৰত অনিশ্চয়তা থকা পেছা এটা গ্ৰহণ কৰি সপোন খেদিবলৈ মানুহ আগ্ৰহী নহ’লহেঁতেন৷ ডেনিয়েল কাহ্নেমেনৰ কিতাপ ‘থিংকিং, ফাষ্ট এণ্ড শ্ন’ (Thinking, Fast and Slow)’ত উল্লেখ থকা এটা সমীক্ষামতে আমেৰিকাৰ দৰে পুঁজিবাদৰ স্বৰ্গ বুলি বিবেচিত হোৱা দেশ এখনতো এজন ক্ষুদ্ৰ উদ্যোগীয়ে নতুন ব্যৱসায়ত ৫ বছৰ সফলতাৰে অতিক্রম কৰাৰ সম্ভাৱনা মাত্ৰ ৩৫ শতাংশ৷ অৰ্থাৎ প্ৰতি এশটা নতুন ক্ষুদ্ৰ ব্যৱসায়ৰ ৩৫ টাইহে ৫ বছৰ পূৰ কৰে৷ বাকীবোৰৰ ৫ বছৰৰ পূৰ্বেই মৃত্যু ঘটে৷ এই তথ্য নিশ্চিতভাৱে ন-উদ্যোগীক অনুপ্ৰাণিত কৰিব পৰাকৈ আকৰ্ষণীয় নহয়৷ কিন্তু আমেৰিকাৰ উদ্যোগীক এনেধৰণৰ সমীক্ষাই নিৰুৎসাহো কৰিব পৰা নাই৷ গড় হিচাপে তেওঁলোকে বোলে নিজৰ সম্ভাৱনীয়তা ৬০ শতাংশ বুলি ভাবে৷ তথ্যতকৈ প্ৰায় দুগুণ বেছি প্ৰত্যাশা৷ এইখিনিতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আত্মবিশ্বাস আৰু অত্যধিক আত্মবিশ্বাসৰ সীমাৰেখাডাল কিন্তু স্পষ্ট নহয়৷ সেয়ে ইয়াক অনুধাৱণ কৰাৰ স্বাৰ্থত নিজেই নিজৰ সুক্ষ্ম বিশ্লেষক হোৱাৰ প্ৰয়োজন হয় অধিক৷ কাৰণ আনে কৰা মূল্যায়ণত সততেই দেখা যায় যে সফলতাৰ ওপৰতেই যেন নিৰ্ভৰ কৰে আত্মবিশ্বাসৰ সংজ্ঞা৷ বিফল হ’লে যিখিনি বিশ্বাসে অত্যধিক আত্মবিশ্বাস বুলি সমালোচিত হয়, সফল হ’লে কিন্তু সেই একেখিনিয়েই আত্মবিশ্বাস বুলি প্ৰশংসিত হয়৷ সেয়ে আমাৰ চিৰসংগী ‘অত্যধিক আত্মবিশ্বাস’কণ ক’ত ব্যৱহাৰ কৰিম আৰু ক’ত পৰিহাৰ কৰিম সেই বিষয়ে সচেতন হোৱাটোহে সাৰ কথা৷
বিনিয়োগৰ প্ৰসংগত যিসকলৰ উদ্দেশ্য ভৱিষ্যতৰ উদ্দেশ্য পূৰণ বা যিসকলে দুঃসাহসিক অভিযানৰ উত্তেজনাকণ বিচাৰি বিনিয়োগৰ পৃথিৱীত প্ৰৱেশ কৰা নাই, তেওঁলোকৰ অত্যধিক আত্মবিশ্বাসৰ কবলত নপৰিবলৈ অতিৰিক্ত সাৱধানতা লোৱাৰ প্ৰয়োজন হয়৷ এজন অত্যধিক আত্মবিশ্বাসী বিনিয়োগকাৰীয়ে ভাবে যে পূর্বানুমান কৰাত তেওঁ সিদ্ধহস্ত আৰু নিজৰ সকলো সিদ্ধান্ত নিখুঁট বুলি প্ৰয়োজনতকৈ বেছি প্ৰত্যয়ৰে বিশ্বাস কৰে৷ অত্যধিক আত্মবিশ্বাসে বিনিয়োগকাৰীক বিধ্বস্ত কৰা উদাহৰণেৰে ভৰি আছে বিনিয়োগৰ জগতখন৷ সেয়ে সফল বিনিয়োগকাৰীয়ে অনুশীলন তথা অনুশাসনৰ জৰিয়তে অত্যধিকভাৱে আত্মবিশ্বাসী নহ’বলৈ যত্ন কৰে৷ এই ক্ষেত্ৰত কিম্বদন্তি বিনিয়োগকাৰী ‘ৱাৰেন বাফেট’ক আমি উদাহৰণ হিচাপে ল’ব পাৰো৷ তেওঁৰ অন্যতম বিনিয়োগ কৌশল হ’ল সুৰক্ষাৰ সীমা (Margin of Safety) ৰ ধাৰণাটো৷ যিটো ধাৰণাৰ উদ্ভাৱক আছিল তেওঁৰেই গুৰু বেঞ্জামিন গ্ৰাহাম৷ এই ধাৰণা অনুসৰি বিনিয়োগ কৰিব খোজা কোম্পানীটোৰ শ্বেয়াৰৰ উচিত মূল্য তেওঁৰ বিশ্লেষণত ১০০ টকা বুলি যদি বিবেচিত হয়, তেন্তে ১০০ টকাই নহয়, সেই কোম্পানীৰ শ্বেয়াৰ ৯৮ টকা হ’লেও কিনিবলৈ তেওঁ আগ্ৰহী নহয়৷ কিন্তু কিয়? বাফেটে নিজৰ বিশ্লেষণ আৰু ভৱিষ্যৎ দৃষ্টিক শতাংশৰ হিচাপত কম মূল্য দিব খোজে৷ অৰ্থাৎ তেওঁ যদি সেই হাৰ ২৫ শতাংশ বুলি নিৰ্ধাৰণ কৰে তেন্তে সেই বিশেষ কোম্পানীটোৰ শ্বেয়াৰ কিনাৰ ক্ষেত্ৰত তেওঁ দিব বিচৰা সৰ্বোচ্চ দাম হ’ব ৭৫ টকা৷ ৭৫ ৰ পৰা ১০০ ৰ মাজৰ এই ২৫ টকাৰ ব্যৱধানটোক তেওঁ সুৰক্ষাৰ সীমা বুলি গণ্য কৰে৷ নিজৰ বিশ্লেষণত থাকি যাব পৰা ভুল-ত্ৰুটিৰ বাবে তেওঁৰ বিনিয়োগৰ সিদ্ধান্তই শাস্তি নাপাবলৈ কৰা এক প্ৰচেষ্টা৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ৭ মে’, ২০১৫ত প্ৰকাশ পাইছিল)