নামটোৱেই নিৰ্দেশ কৰে যে ইয়াত ভাৰসাম্যৰ কথা কোৱা হৈছে। প্ৰথমেই প্ৰশ্ন আহিব মিউচুৱেল ফাণ্ড বিনিয়োগত কেনেধৰণৰ এই ভাৰসম্যতা ? মূলতঃ ইকুইটি আৰু ডেট ফাণ্ডৰ ই এক সংমিশ্ৰণ।এনেধৰণৰ আঁচনিত বিভিন্ন অনুপাতত ইকুইটি আৰু ডেট বা ঋণ সম্পদ সংমিশ্ৰণ ঘটোৱা হয়।ফলত সম্পূৰ্ণ ইকুইটি ফাণ্ডৰ তুলনাত এনে আঁচনিয়ে ইকুইটি বজাৰকেন্দ্ৰিক উত্থান-পতনৰ প্ৰাবল্যৰ পৰা বহুখিনি মুক্তি পায়।অৰ্থাৎ ৰিস্ক কমে। এনে ফাণ্ডৰ অন্য এটা নাম – হাইব্ৰিড ফাণ্ড।যিসকল বিনিয়োগকাৰীয়ে সম্পূৰ্ণ ইকুইটিত বিনিয়োগ কৰিবলৈ সাহস নকৰে তেওঁলোকৰ বাবে এনে ফাণ্ড উপযোগী। বিশেষকৈ নতুন ইকুইটি বিনিয়োগকাৰীয়ে এনে ফাণ্ডৰ জৰিয়তে ইকুইটি বিনিয়োগৰ আৰম্ভণি কৰিব পাৰে।কাৰোবাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে সময় নাথাকিলেও এনে ফাণ্ড উপযোগী হৈ উঠিব পাৰে।
ইকুইটি আৰু ঋণ সম্পদৰ অনুপাতৰ ওপৰত ভিত্তি কৰি ইয়াক কেইবাটাও শ্ৰেণীত বিভক্ত কৰা হয়।
ইকুইটি অৰিয়েণ্টেড হাইব্ৰিড বা বেলেন্সড ফাণ্ড : এনেধৰণৰ ফাণ্ডত ইকুইটিৰ ভৰটো বেছি থাকে। সাধাৰণতে ৬৫ শতাংশতকৈ বেছি পৰিমাণে ইকুইটি ৰখা হয় আয়কৰৰ সুবিধা পাবলৈ।উল্লেখযোগ্য যে কোনো ফাণ্ডত ৬৫ শতাংশ বা তাতকৈ বেছি ইকুইটি থাকিলে আমাৰ দেশত সেই ফাণ্ডক আয়কৰ নিৰ্ধাৰণ কৰা সময়ত ইকুইটি আঁচনিৰ মৰ্যাদা দিয়া হয়।ফলত এনে ইকুইটি অৰিয়েণ্টেড হাইব্ৰিড ফাণ্ডত ৩৫ শতাংশপৰ্যন্ত ডেট বা ঋণ সম্পদ থাকিলেও এবছৰৰ ওপৰৰ সময়ৰ বাবে বিনিয়োগ কৰিলে মূলধনী কৰ শূন্য।
ডেট অৰিয়েণ্টেড হাইব্ৰিড বা বেলেন্সড ফাণ্ড : যিসকল বিনিয়োগকাৰীয়ে ৬৫ শতাংশ ইকুইটি থকা মিউচুৱেল ফাণ্ডতো বিনিয়োগ কৰা ৰিস্কখিনি ল’বলৈ অসুবিধা পায় তেওঁলোকৰ বাবে এই শ্ৰেণীৰ মিউচুৱেল ফাণ্ড উপযোগী।বজাৰত উপলব্ধতা অনুসৰি ইয়াকো দুটা ভাগত ভগাব পাৰি। প্ৰায় ৪০-৫০ শতাংশ ইকুইটি থকা আৰু ২০-৩০ শতাংশ ইকুইটি থকা বেলেন্সড ফাণ্ড।আয়কৰৰ দিশৰ পৰা এই দুই উপশ্ৰেণীক ডেট ফাণ্ডৰ সমপৰ্যায়ত স্থান দিয়া হয়। অৰ্থাৎ ৩ বছৰতকৈ অধিক সময়ৰ কাৰণে বিনিয়োগ কৰিলে দীৰ্ঘ্ম্যাদী মূলধনী কৰ আৰোপ হয় আৰু তাতকৈ কম দিন হ’লে হ্ৰস্বম্যাদী মূলধনী কৰ।
ইয়াৰ উপৰিও এছেট এল’কেচন ফাণ্ড বা সম্পদ আবণ্টন ফাণ্ড আৰু আৰ্বিট্ৰেজ ফাণ্ডকো হাইব্ৰিড ফাণ্ড হিচাপে গণ্য কৰা হয়।
এতিয়া কথা হ’ল কিমান ৰিটাৰ্ন আশা কৰাটো যুক্তিসংগত বেলেন্সড ফাণ্ডৰ পৰা ? যেনেকৈ ইকুইটিয়ে কোনোবা এবছৰ ৫০ শতাংশ ৰিটাৰ্ন দিলেও দীৰ্ঘ সময়ত আমি এনে ৰিটাৰ্ন প্ৰত্যেক বছৰেই আশা কৰা উচিত নহয়, ঠিক একেদৰে বেলেন্সড বা হাইব্ৰিড ফাণ্ডৰ পৰাও বিগত এক-দুই বছৰৰ ৰিটাৰ্ন চাই প্ৰত্যাশা স্থিৰ নকৰাই ভাল। আপুনি যদি ইকুইটিৰ পৰা ১৪ শতাংশ আৰু ঋণ সম্পদৰ পৰা ৮ শতাংশৰ আশে-পাশে ফল আশা কৰে তেতিয়া এটা ৫০-৫০ শতাংশ ভাৰসাম্য থকা বেলেন্সড ফাণ্ডৰ পৰা (১৪ X ৫০% + ৮ x ৫০%) ১১ শতাংশৰ আশে-পাশে ফল আশা কৰাটো যুক্তিসংগত। বেলেগ অনুপাততো এইধৰণেই নিজৰ প্ৰত্যাশা ঠিক কৰা উচিত।
এতিয়া আমি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতত হাইব্ৰিড ফাণ্ডৰ বিভিন্ন উপশ্ৰেণীৰ বিগত সময়ত ৰিটাৰ্ন কেনেধৰণ তাক চাওঁ আহক –
ইকুইটি অৰিয়েণ্টেড হাইব্ৰিড বা বেলেন্সড কেটেগৰী : ৩১ মাৰ্চ, ২০১৭ তাৰিখত ভেলু ৰিছাৰ্চ অনলাইন নামৰ প্ৰতিষ্ঠানটোৰ ৰেকৰ্ডত থকা ৫৩ খন এনে আঁচনিৰ যোৱা এবছৰ, তিনি বছৰ আৰু পাঁচ বছৰৰ গড় চক্ৰবৃদ্ধি হাৰত ৰিটাৰ্ন হৈছে ক্ৰমে ১৭.৯৯%, ১৬.৩৬% আৰু ১৪.৩৮% ।
ডেট অৰিয়েণ্টেড হাইব্ৰিড-এগ্ৰেছিভ কেটেগৰী : ৩১ মাৰ্চ, ২০১৭ তাৰিখত ভেলু ৰিছাৰ্চ অনলাইন নামৰ প্ৰতিষ্ঠানটোৰ ৰেকৰ্ডত থকা ৪৭ খন এনে আঁচনিৰ বিগত এবছৰ, তিনি বছৰ আৰু পাঁচ বছৰৰ গড় ৰিটাৰ্ন হৈছে ক্ৰমে ১২.৭৬%, ১০.২৪% আৰু ৯.৪৪% ।
ডেট অৰিয়েণ্টেড হাইব্ৰিড-কনজাৰভেটিভ কেটেগৰী : উপৰোক্ত একে তাৰিখত ভেলু ৰিছাৰ্চ অনলাইন নামৰ প্ৰতিষ্ঠানটোৰ ৰেকৰ্ডত থকা ৩১০ খন এনে আঁচনিৰ বিগত এবছৰ, তিনি বছৰ আৰু পাঁচ বছৰৰ গড় ৰিটাৰ্ন হৈছে ক্ৰমে ৮.৮৩%, ৯.১৮% আৰু ৯.১৫% ।
**********