আপুনি যদি এই আঁচনিখনত ১০ বছৰৰ আগতে ১০ লাখ টকা বিনিয়োগ কৰি বিচাৰিলেহেঁতেন যে প্ৰতি মাহৰ দহ তাৰিখে ইয়াৰ পৰা ৭,০০০ টকাকৈ আপোনাৰ বেংকৰ একাউণ্টলৈ যাওক, আজিৰ তাৰিখত বিত্তীয় ছবিখন হ’লহেঁতেন এনেকুৱা – ইয়াৰ বাবদ প্ৰথম বৰ্ষৰ বাদে আন বছৰবোৰত কোনো আয়কৰ দিবলগা নহ’লহেঁতেন আপুনি, দহ বছৰত আপুনি মুঠ ৮ লাখ ৪০ হেজাৰ টকা আঁচনিখনৰ পৰা উঠালে হয় আৰু যোৱা ৩১ আগষ্টত আঁচনিখনৰ মূল্য হ’লহেঁতেন প্ৰায় ১০ লাখ ৭৫ হেজাৰ টকা।
হয়, মই মিউচুৱেল ফাণ্ডৰ আঁচনি এখনত বিনিয়োগ কৰি ছিষ্টেমেটিক উইড্ৰৱেল প্লেন বা চমুকৈ এছ ডব্লিউ পিৰ জৰিয়তে মাহিলি টকা উঠোৱাৰ কথা কৈছো। এক কথাত ক’ব পাৰে যে বাৰ্ষিক ৮.৪ শতাংশ হাৰত টকা আপোনাৰ বেংক একাউণ্টলৈ গৈ আছে প্ৰতিমাহে।আকৰ্ষণীয় ? নিশ্চিতভাৱে।কিন্তু এটা কথা লক্ষ্য কৰক – মই আপোনাক যাত্ৰা পথ এতিয়াও বৰ্ণনা কৰা নাই।ভৱিষ্যতৰ পথ অতীতৰ দৰে ঠিক একেই হ’ব বুলি দাবী কৰিব নোৱাৰিলেও ইয়াৰ চৰিত্ৰ কেনে হ’ব পাৰে তাৰ এটা উমান পোৱা যায়।এটা কথা অন্ততঃ মানি লোৱা ভাল যে যদিহে বিগত দিনৰ উত্থান-পতন আমি সহ্য কৰিবলৈ অসুবিধা পাওঁ, তেন্তে তেনে বিনিয়োগেৰে নিজৰ বিত্তীয় যাত্ৰা অব্যাহত ৰখা কঠিন কাম।বিশেষকৈ পতনৰ সময়ত।সেয়ে বিনিয়োগৰ পূৰ্বে বিত্তীয় বাহনৰ বিগত দিনৰ যাত্ৰা পথ লক্ষ্য কৰাটো এটা উপযোগী ধাৰণা।
মই যিখন আঁচনিৰ জৰিয়তে আলোচনা আগবঢ়াব খুজিছো সেইখন প্ৰকৃততে এখন কৃত্ৰিম আঁচনি। ই হৈছে ভাৰতৰ ২৯ টা ফাণ্ড হাউছৰ ৫৬ খন ইকুইটি অৰিয়েণ্টেড বেলেন্সড ফাণ্ড আঁচনিৰ গড় বা ছেক্টৰ এভাৰেজ। ছেক্টৰটোৰ নাম – ইণ্ডিয়া ভেলু ৰিচাৰ্ছ হাইব্ৰিড – ইকুইটি অৰিয়েণ্টেড।বিগত দিনৰ এখন সফল আঁচনি লোৱাৰ পৰিবৰ্তে এই গড়মানৰ জৰিয়তে আমি ছেক্টৰটোৰ চৰিত্ৰ বুজিবলৈ যত্ন কৰো আহক।
৩ চেপ্টেম্বৰ, ২০০৭।ছেনছেক্স – ১৫৪২২.০৫।ধৰক, সেইদিনা ৰঞ্জন দত্তই ওপৰত উল্লেখ কৰা কৃত্ৰিম আঁচনিখনত বিনিয়োগ কৰিলে দহ লাখ টকা। উদ্দেশ্য প্ৰতিমাহৰ দহ তাৰিখে তেওঁৰ বেংকলৈ ৭০০০ টকাকৈ ট্ৰেন্সফাৰ হ’ব লাগে এই আঁচনিখনৰ পৰা।
৩১ ডিচেম্বৰ, ২০০৭।ছেনছেক্স – ২০২৮৬.৯৯।ৰঞ্জন দত্তৰ ফাণ্ডৰ মূল্য ১২,১৫,৯৯১ টকা। মাত্ৰ ৪ মাহতে পোৱা এনে ৰিটাৰ্নত দত্ত বহুত সুখী।বাতৰি কাকত –টিভি সকলোতে শ্বেয়াৰ বজাৰৰ উত্থানৰ বাতৰি। সকলো আশাবাদী।
২৭ ফেব্ৰুৱাৰী, ২০০৯।ছেনছেক্স – ৮৮৯১.৬১।দত্তৰ ফাণ্ডৰ মূল্য – ৬,৪০,৩৫৯ টকা।প্ৰতিমাহে তেওঁ বাৰু ৭০০০ টকা পাই আছে।চৌদিশে শ্বেয়াৰ বজাৰ সম্পৰ্কে ঋণাত্মক কথা-বতৰা।
২৯ অক্টোবৰ, ২০১০। ছেনছেক্স – ২০০৩২.৩৪।ৰঞ্জন দত্তৰ ফাণ্ডৰ মূল্যই আকৌ বিনিয়োগ মূল্য অতিক্ৰম কৰিলে। সেইদিনটোত ফাণ্ডৰ মূল্য – ১০,১৯,৮৬৬.১০।
৩০ ডিচেম্বৰ, ২০১১। ছেনছেক্স – ১৫৪৫৪.৯২।শ্বেয়াৰ বজাৰৰ ভাল খবৰে নৱবৰ্ষক আদৰাৰ কোনো ইংগিত নাই। সৰ্বত্ৰ হতাশজনক কথা-বতৰা। ৰঞ্জন দত্ত আকৌ চিন্তিত।তেওঁৰ ফাণ্ডৰ মূল্য ৭,৬৯,৬২৫ টকা।
৩০ জানুৱাৰী, ২০১৫।ছেনছেক্স – ২৯১৮২.৯৫।শ্বেয়াৰ বজাৰত আনন্দৰ লহৰ।বিগত দিনবোৰে বিনিয়োগকাৰীক যথেষ্ট সুখী আৰু আশাবাদী কৰি তুলিছে।আমাৰ দত্তও সুখী।তেওঁৰ ফাণ্ডৰ মূল্যই আকৌ বিনিয়োগ মূল্য অতিক্ৰম কৰিলে – ১০,৯৩,২৪৯ টকা।
২৯ ফেব্ৰুৱাৰী, ২০১৬। ছেনছেক্স – ২৩০০২।দত্তৰ ফাণ্ডৰ মূল্য আকৌ দহ লাখৰ তললৈ নামিল।আজিৰ মূল্য – ৯,০৮,১৭৯ টকা।প্ৰতি মাহৰ দহ তাৰিখে বাৰু ৭ হেজাৰ টকাকৈ দত্তই পাই আছে।
৩১ আগষ্ট, ২০১৭।ছেনছেক্স – ৩১৭৩০.৪৯।দত্তৰ ফাণ্ডৰ মূল্য -১০,৭৪,৬৭১।
প্ৰিয় পাঠক, আপুনি সহিব পাৰিবনে এনেধৰণৰ উত্থান পতন? যদি পাৰে তেন্তে এনেধৰণৰ ৬৫ শতাংশ ইকুইটি থকা আঁচনিত আপুনি বিনিয়োগ কৰিবলৈ সক্ষম।প্ৰকৃততে বিনিয়োগৰ ঠিক পিচতেই দত্তৰ টকাই শ্বেয়াৰ বজাৰৰ মহামন্দা অৱস্থাৰ সৈতে মোকাবিলা কৰিবলগা হোৱা বাবেই এনে উত্থান-পতন। যদি বিনিয়োগৰ দিন ৩ চেপ্টেম্বৰ ২০০৭ নহৈ ৩ চেপ্টেম্বৰ ২০১২ হোৱা হ’লে আৰু একেইধৰণে টকা উঠাই থকা হ’লে ৩১ আগষ্ট, ২০১৭ তাৰিখে দত্তৰ ফাণ্ডৰ মূল্য কিমান হ’লহেঁতেন আপুনি জানেনে ? ১৪,৬৭,৬৬০ টকা।কাৰণ তেতিয়া তেওঁৰ টকাই সাংঘাতিক বেয়া দিন নেদেখিলে হয়। কিন্তু আমি বিনিয়োগৰ পূৰ্বে ১০০ শতাংশ নিশ্চিত হ’ব নোৱাৰো যে আমি ২০০৭ নে ২০১২ চনত আৰম্ভ কৰা বিনিয়োগ অভিজ্ঞতা পাবলৈ গৈ আছো। যদি ২০০৭ চনৰ পৰা এই বিনিয়োগে লাভ কৰা অভিজ্ঞতা আপোনাক নালাগে তেনেহ’লে আপুনি ইয়াতকৈ কম ইকুইটি থকা বা একেবাৰে ইকুইটি নথকা ফাণ্ডত এছ ডব্লিউ পি ব্যৱহাৰ কৰাই মংগল। কাৰণ মানসিক অশান্তি ভুগি বেয়া দিনত বিনিয়োগৰ পৰা ওলাই আহিলে লোকচান বেছিহে হয়।
******