ছেভিংছ একাউণ্ট, বেংক ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট আদিৰ সমতুল্য মিউচুৱেল ফাণ্ডত কি আছে বুলি প্ৰশ্ন কৰিলে আপুনি চাব লাগিব মিউচুৱেল ফাণ্ডৰ ডেট ফাণ্ডৰ কেটেগৰীটোলৈ।অনাগত সময়বোৰত এইটো কেটেগৰীৰ কোনবোৰ ফাণ্ড আপোনাৰ বাবে উপযোগী হ’ব তাক বিচাৰ কৰাৰ বাবে ইয়াৰ উপভাগবোৰৰ বিষয়ে জনাটো একান্ত প্ৰয়োজন। ঋণজতীয় সম্পদৰ মিউচুৱেল ফাণ্ডবোৰক শেহতীয়াভাৱে ছেবিৰ নিৰ্দ্দেশত হোৱা শ্ৰেণীবদ্ধকৰণত মুঠ ১৬ টা উপভাগত বিভক্ত কৰা হৈছে আৰু সেইবোৰ হ’ল –
অভাৰ-নাইট ফাণ্ড : বেংকৰ কাৰেণ্ট বা ছেভিংছ একাউণ্টৰ প্ৰায় সমপৰ্যায়ৰ ফাণ্ড।আটাইতকৈ কম ৰিস্ক থকা মিউচুৱেল ফাণ্ডৰ কেটেগৰী। ফাণ্ডৰ টকা মাত্ৰ এটা দিনৰ মেচিঅ’ৰিটি থকা বিত্তীয় দ্ৰব্যতহে বিনিয়োগ কৰিব পাৰিব।সুতৰ হাৰৰ উত্থান-পতনৰ ফলত হ’ব পৰা লাভ-লোকচানৰ সম্ভাৱনা ন্যূনতম, প্ৰায় নাই বুলিবই পাৰি।
লিকুইড ফাণ্ড : এইটো উপভাগৰ ফাণ্ডে যিবিলাক ঋণজাতীয় বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিব, সেইবিলাকৰ মেচিঅ’ৰিটি বা পূৰঠ হোৱাৰ সময় ৯১ দিনতকৈ বেছি হ’ব নোৱাৰিব।বিনিয়োগৰ যি অংশ আপুনি ছেভিংছ একাউণ্টতকৈ অলপ বেছি ৰিটাৰ্নৰ বাবে ৰাখিব বিচাৰে এইটো উপ-বিভাগ সেইটো উদ্দেশ্যৰ বাবে উপযোগী।
ইয়াৰ পাচৰ উপভাগকেইটা আলোচনা কৰাৰ পূৰ্বে আমি এটা নামৰ বিষয়ে অলপ জানি লোৱাটো আৱশ্যক হ’ব – ‘মেক’লে ডিউৰেচন’।বণ্ডজাতীয় বিত্তীয় দ্ৰব্যৰ চৰিত্ৰ প্ৰকাশ কৰা ই এটা সংখ্যা, যাক বছৰত প্ৰকাশ কৰা হয়।খুব চমুকৈ ক’বলৈ গ’লে এটা বণ্ডত বিনিয়োগ কৰা ধন বা ধাৰলৈ দিয়া ধন সুতে-মূলে যিটো ‘নগদ ধনৰ প্ৰবাহ’ বা কেশ্ব ফ্ল’ত উভতি আহিব, তাৰ ‘ভৰযুক্ত গড় সময়’কে মেক’লে ডিউৰেচন বোলা হয়।অধিক গভীৰতালৈ নগৈ ব্যৱহাৰিক দিশলৈ লক্ষ্য ৰাখি এটা কথা জানিলেই যথেষ্ট যে কোনো ফাণ্ডৰ মেক’লে ডিউৰেচন যিমানে বেছি হ’ব, সেই ফাণ্ড সিমানেই অধিক সুতৰ হাৰৰ পৰিবৰ্তনত সংবেদনশীল হ’ব।অৰ্থাৎ চলিত সুতৰ হাৰ বৃদ্ধি ঘটিলে ফাণ্ডৰ মূল্য কমিব আৰু কমিলে ফাণ্ডৰ মূল্য বাঢ়িব।কাৰণ ফাণ্ডৰ মূল্য আৰু সুতৰ হাৰৰ সম্পৰ্ক ব্যস্তানুপাতিক।এতিয়া আহক বাকী উপভাগকেইটালৈ আগবাঢ়ো –
আলট্ৰা ছৰ্ট ডিউৰেচন ফাণ্ড : এইটো উপভাগত বিনিয়োগকাৰীৰ ধন ডেট আৰু মনি মাৰ্কেটৰ দ্ৰব্যত বিনিয়োগ কৰা হয়। নতুন নিয়ম অনুসৰি প’ৰ্টফলিঅ’টোৰ মেক’লে ডিউৰেচন তিনি মাহৰ পৰা ছমাহৰ ভিতৰত থাকিব লাগিব।
ল’ ডিউৰেচন ফাণ্ড(Low Duration Fund) : এই উপভাগটোৰ বাবে ডেট আৰু মনি মাৰ্কেটৰ দ্ৰব্যত বিনিয়োগ কৰিবলগীয়া প’ৰ্টফলিঅ’টোৰ মেক’লে ডিউৰেচন ছমাহৰ পৰা এবছৰৰ ভিতৰত হ’ব লাগিব।
মনি মাৰ্কেট ফাণ্ড : সৰ্বাধিক এবছৰৰ ভিতৰত পূৰঠ হ’বলগীয়া মনি মাৰ্কেটৰ বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিব লাগিব।
ছৰ্ট ডিউৰেচন ফাণ্ড : এইটো উপভাগত থাকিবলগীয়া ফাণ্ডবিলাকৰ ঋণ সম্পদসমূহৰ গড় মেক’লে ডিউৰেচন একৰ পৰা তিনি বছৰৰ ভিতৰত থাকিব লাগিব।
মিডিয়াম ডিউৰেচন ফাণ্ড : মেক’লে ডিউৰেচন তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত থাকিব লাগিব।
মিডিয়াম টু লং ডিউৰেচন : মেক’লে ডিউৰেচন চাৰিৰ পৰা সাত বছৰৰ ভিতৰত ৰাখিব লাগিব।
লং ডিউৰেচন ফাণ্ড : প’ৰ্টফলিঅ’ৰ মেক’লে ডিউৰেচন ৭ বছৰতকৈ অধিক ৰাখিব লাগিব।
ডাইনেমিক বণ্ড ফাণ্ড : যিকোনো ডিউৰেচনৰ প’ৰ্টফলিঅ’ ৰাখিবলৈ এই ফাণ্ড স্বাধীন।পৰিবেশ পৰিস্থিতি চাই ফাণ্ড মেনেজাৰে সিদ্ধান্ত ল’ব।
ক’ৰ্পৰেট বণ্ড ফাণ্ড : সৰ্বনিম্ন ৮০ শতাংশ প’ৰ্টফলিঅ’ সৰ্বোচ্চ ৰেটিংপ্ৰাপ্ত ক’ৰ্পৰেটত বণ্ডত বিনিয়োগ হ’ব লাগিব।
ক্ৰেডিট ৰিস্ক ফাণ্ড : উচ্চ মানৰ ৰেটিং থকা ঋণপত্ৰবোৰৰ সুতৰ পৰিমাণ কম।যিমানে ৰেটিং কমি যাব সুত বাঢ়ি যায়।এতিয়া এইটো উপভাগত ফাণ্ড মেনেজাৰে অন্ততঃ ৬৫ শতাংশ বিনিয়োগ কৰিব লাগিব সৰ্বোচ্চ ৰেটিং নোপোৱা বণ্ড বা ঋণপত্ৰত।কম ৰেটিংপ্ৰাপ্ত অথচ নিৰ্ভৰযোগ্য কোম্পানী নিৰ্বাচন কৰিব পৰাতেই ফাণ্ড মেনেজাৰৰ দক্ষতা আৰু বিনিয়োগকাৰীৰ অতিৰিক্ত লাভ নিৰ্ভৰশীল।
বেংকিং এণ্ড পি এছ ইউ ফাণ্ড : বেংক আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগক টকা ধাৰলৈ দিয়ে এই ফাণ্ডে।উল্লিখিত খণ্ডৰ ঋণপত্ৰত নিম্নতম ৮০ শতাংশ বিনিয়োগ বাধ্যতামূলক।ৰিস্ক কম।
গিল্ট ফাণ্ড : বিভিন্ন মেচিঅ’ৰিটি পিৰিয়ড থকা চৰকাৰী খণ্ডৰ বা ‘জিচেক’ বণ্ডত অন্ততঃ ৮০ শতাংশ বিনিয়োগ কৰিব লাগিব।
গিল্ট ফাণ্ড উইথ টেন ইয়েৰ কণষ্টেণ্ট ডিউৰেচন : অন্ততঃ ৮০ শতাংশ বিনিয়োগ চৰকাৰী বণ্ডত হ’ব লাগিব। পৰ্টফলিঅ’ৰ মেক’লে ডিউৰেচন ১০ বছৰ হ’ব লাগিব।
ফ্ল’টাৰ ফাণ্ড : অন্ততঃ ৬৫ শতাংশ ধন ‘ফ্লটিং ৰেট ইনষ্ট্ৰুমেণ্ট’(Floating Rate Instrument)ত বিনিয়োগ কৰিব লাগিব।
*************