দাও জ’নছ ইণ্ডাষ্ট্ৰীয়েল এভাৰেজ নামৰ আমেৰিকাৰ ইকুইটি বজাৰৰ সূচকাংকটো আৰম্ভ কৰিছিল ১৬ ফেব্ৰুৱাৰী ১৮৮৫ চনত অৰ্থাৎ ১৩৪ বছৰ পুৰণি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্য এটা বহুল ব্যৱহৃত সূচকাংক ষ্টেণ্ডাৰ্ড এণ্ড প’ৰ ৫০০ (S&P 500)ৰো আৰম্ভ হোৱা ৬২ বছৰ হ’ল। ভাৰতৰ ইকুইটি বজাৰৰ সূচকাংক ইমান পুৰণি নহয়। তথাপিও ভাৰতত বিগত ৪০ বছৰে ইকুটি বজাৰত হোৱা গতি-বিধিৰ নিৰ্দেশনা ছেনছেক্স নামৰ সূচকাংকটোৱে আমাক দিয়ে। ছেনছেক্সৰ তথ্যৰ ভিত্তিত আমি বিভিন্ন পৰিসৰৰ সময় সীমাৰ ভিতৰত ইকুইটি বজাৰখনৰ ৰিটাৰ্ন চাব পাৰো।
ছেনছেক্সৰ আৰম্ভণি হৈছিল ১৯৭৯ চনৰ এক এপ্ৰিল তাৰিখে ১০০ পইণ্টেৰে। ১৯৮০ চনৰ ৩১ মাৰ্চত ইয়াৰ মূল্য হৈছিল ১২৯। অৰ্থাৎ ১৯৭৯-৮০ বিত্তীয় বৰ্ষত ছেনছেক্সৰ ৰিটাৰ্ন ২৯%। এনেকৈ যদি পৰবৰ্তী প্ৰত্যেকটো ৩১ মাৰ্চ তাৰিখে আমি ছেনছেক্সৰ সামৰণি পইণ্টটো লওঁ ( যদি ৩১ তাৰিখ বন্ধ তেনেহ’লে তাৰ আগৰ খোলা তাৰিখটো লোৱা হৈছে) তেন্তে আমি ৩১ মাৰ্চ ২০১৯ লৈকে আন ৩৯ টা বিত্তীয় বৰ্ষত ছেনছেক্সে দিয়া ৰিটাৰ্ন গণনা কৰিব পাৰিম। এই লেখাটো সংখ্যা নিৰ্ভৰ। সেয়ে নতুন বিনিয়োগকাৰী এজনৰ বাবে অলপ আমনিদায়ক হ’ব পাৰে। কিন্তু এই সংখ্যাবোৰে অঁকা ছবিখন বিনিয়োগ ক্ষেত্ৰখনক বুজাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে আহক, বিৰক্তি অতিক্ৰম কৰি একেলগে আগবাঢ়ো।
৪০ বছৰীয়া ছেনছেক্সৰ যদিও বিত্তীয় বৰ্ষ কেন্দ্ৰিক এবছৰীয়া ৰিটাৰ্নৰ গড় ২৩.২৭ শতাংশ, এই ৪০ টা এবছৰীয়া বিত্তীয় বৰ্ষৰ ভিতৰত সৰ্বোচ্চ ৰিটাৰ্ন আছিল প্ৰায় ২৬৭ শতাংশ আৰু সৰ্বনিম্ন প্ৰায় ৪৭ শতাংশ লোকচান। অৰ্থাৎ প্ৰায় জুৱা সদৃশ কাৰবাৰ। বিস্তৰ প্ৰাথক্য। তদুপৰি বিগত এই ৪০ বছৰত ১৩ টা এনে বিত্তীয় বৰ্ষ আছে য’ত ৰিটাৰ্ন আছিল ঋণাত্মক। ইকুইটি যে হ্ৰ্স্বম্যাদী বিনিয়োগৰ কাৰণে উপযোগী নহয়, সেই কথা সমৰ্থন কৰিবলৈ এইখিনি তথ্যই যথেষ্ট। এই সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰিটাৰ্নৰ বছৰ দুটা আৰু সেই সময়ছোৱাত সংঘটিত হোৱা ঘটনাক্ৰমে আমাক এনে ৰিটাৰ্নৰ পৃষ্ঠভূমিৰ বিষয়ে বুজাত সহায় কৰে।
নৰসিংহ ৰাও চৰকাৰৰ আমোলত মনমোহন সিঙে বিত্ত মন্ত্ৰী হিচাপে প্ৰথমখন বাজেট সংসদত উত্থাপন কৰিছিল ২৪ জুলাই, ১৯৯১ চনত। সেইখন ভাৰতীয় অৰ্থনীতিৰ বাবে যুগান্তৰকাৰী পদক্ষেপ বুলি এতিয়া বিবেচিত হয়। লগতে ১৯৯১ চনৰ উদ্যোগিক নীতিয়ে প্ৰায় সকলোবোৰ খণ্ডতে ব্যক্তিগত বিনিয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰে। ফলত কোম্পানীবোৰৰ পৰা বিনিয়োগকাৰীৰ প্ৰত্যাশা অভুতপূৰ্বভাৱে বৃদ্ধি পায়। ফলাফল – ৩১ মাৰ্চ ১৯৯১ চনত ১,১৬৮ পইণ্টত থকা ছেনছেক্স ৩১ মাৰ্চ ১৯৯২ চনত হৈগৈ ৪,২৮৫ পইণ্ট। ২৬৭ শতাংশ উত্থান। মন কৰিব – এই সময়চোৱাত ছেনছেক্সত থকা কোম্পানীবোৰৰ গড় লাভ এনেধৰণৰ শতাংশত হোৱা নাছিল। কিন্তু আহিবলগীয়া সময়ত লাভৱান হ’ব পৰাকৈ সুবিধাজনক অৱস্থানত আছে বুলি ভাবিয়েই বিনিয়োগকাৰীৰ সেই কোম্পানীবোৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছিল। লক্ষণীয়ভাৱে ইয়াৰ পাছৰ বিত্তীয় বৰ্ষ – ১৯৯২-৯৩ হৈছে ছেনছেক্সৰ বাবে নিকৃষ্টত্বম বৰ্ষ। ৪৭ শতাংশ লোকচান। হৰ্ষদ মেহেতাই কৰা কেলেংকাৰীৰ বাবে মানুহৰ আস্থা শ্বেয়াৰ বজাৰৰ প্ৰতি নোহোৱা হোৱাটোৱেই ইয়াৰ মূল কাৰণ। বিনিয়োগকাৰীৰ প্ৰ্ত্যাশা আৰু হতাশাই হৈছে শ্বেয়াৰ বজাৰক ওপৰলৈ বা তললৈ নিয়াৰ ইন্ধন। এতিয়ালৈকে ছেনছেক্সৰ বাবে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিত্তীয় বৰ্ষ ক্ৰমে ২০০৯ – ১০ আৰু ১৯৮৮-৮৯ চন। এই বৰ্ষ দুটাত ৰিটাৰ্ন আছিল ক্ৰমে ৮০.৫৩ শতাংশ আৰু ৭৯.৪০ শতাংশ। মই গণনাৰ সুবিধাৰ বাবে ইয়াত ৩১ মাৰ্চৰ ছেনছেক্সৰ পইণ্ট লৈছোঁ। দ্বিতীয় আৰু তৃতীয় আটাইতকৈ বেয়া ফল দিয়া বিত্তীয় বৰ্ষ দুটা হ’ল ক্ৰমে ২০০৮-০৯ আৰু ২০০১-০২। এই দুটা বৰ্ষত লোকচানৰ পৰিমাণ ক্ৰমে ৩৭.৯৪ আৰু ২৭.৯৩ শতাংশ।
লক্ষ্য কৰক – ক’ত তিনিটা শ্ৰেষ্ঠ আৰু ক’ত তিনিটা নিকৃষ্ট বৰ্ষ। সংখ্যাত যদি অনুভৱ কৰিব খুজিছে তেন্তে শ্ৰেষ্ঠত্বম বৰ্ষটোত ১ লাখ টকাৰ বিনিয়োগ বাঢ়ি গৈ হৈছিলগৈ ২ লাখ ৬৭ হাজাৰ টকা। ইফালে নিকৃষ্টত্বম বৰ্ষটোত বিনিয়োগকাৰীৰ ১ লাখ টকা হৈছিলগৈ প্ৰায় ৫৩ হাজাৰ টকা। গড় ৰিটাৰ্নৰ পৰা দূৰত্ব দুয়োফালেই অতি বেছি। ইফালে মাত্ৰ শ্ৰেষ্ঠত্বম সময়খিনিতহে ইকুইটিত বিনিয়োগ কৰা আৰু বেয়া দিনৰ আগে আগে তাৰ পৰা আঁতৰি অহাৰ পৰিকল্পনা বাস্তৱসন্মত নহয়। অহাবাৰ আমি এবছৰতকৈ অধিক দিনৰ বাবে ছেনছেক্সত কৰা বিনিয়োগৰ জৰিয়তে মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী ইকুইটি বিনিয়োগৰ ছবিখন চাম।
*****