ধৰা হওক এজন ব্যক্তিয়ে ৩১ মাৰ্চ, ১৯৯৮ ত ছেনছেক্সত এক লাখ টকা বিনিয়োগ কৰিছিল। যদিহে এই বিনিয়োগত কোনো ধৰণৰ খৰচ নাছিল বুলি ধৰা হয় তেন্তে ৫ বছৰৰ পাছত ৩১ মাৰ্চ, ২০০৩ ত সেই বিনিয়োগ কিমান হৈছিলগৈ আপুনি জানেনে? ৭৮,৩১৯ টকা। ২১,৬৮১ টকাৰ লোকচান। চক্ৰবৃদ্ধি হাৰত এই লোকচানৰ হাৰ ৪.৭৭ শতাংশ। ৫ বছৰীয়া ইকুইটি বিনিয়োগেও যে বিনিয়োগকাৰীক লোকচানত ৰাখিব পাৰে বা তেনেধৰণৰ উদাহৰণ আছে বহু মানুহেই নাজানে। কিন্তু ইকুইটি সম্পদ শ্ৰেণীটোক বুজাৰ স্বাৰ্থতে এনেবোৰ কথালৈ আমি মন দিয়া উচিত। লক্ষণীয় যে এই সময় পৰিসৰত একমাত্ৰ এইটোৱেই ঋণাত্মক ৰিটাৰ্নৰ শেষ উদাহৰণ নহয়। ছেনছেক্সৰ ৪০ বছৰীয়া ইতিহাসত ৫ বছৰীয়া বিনিয়োগৰ আৰু দুটা ঋণাত্মক ৰিটাৰ্ন আছে – ৩১ মাৰ্চ, ১৯৯৭ আৰু ১৯৯৯ত শেষ হোৱা পাঁচ বছৰীয়া সময় পৰিসৰ দুটাত। ৰিটাৰ্ন ক্ৰমে – (-৪.৭৪) আৰু (-০.২১) শতাংশ। অৱশ্যে এবছৰীয়া বিনিয়োগত থকা ১৩ টা ঋণাত্মক ৰিটাৰ্নৰ তুলনাত ই যথেষ্ট কম। পৰিমাণৰ ফালৰ পৰাও ৫ বছৰীয়া ইকুইটি বিনিয়োগত হোৱা লোকচান যথেষ্ট কম (সৰ্বোচ্চ এবছৰীয়া লোকচান আছিল ৪৬.৭৭ শতাংশ)। এতিয়া অধোগামী ক্ৰমত একে সময় পৰিসৰৰ সৰ্বোচ্চ ৰিটাৰ্ন তিনিটা চাওক – ৫৩.০৭, ৪১.৭৯ আৰু ৩৯.৫৫ শতাংশ। সময়খিনি ওচৰা-ওচৰি। সেয়া ক্ৰমে ১৯৮৭-৯২, ১৯৮৮-৯৩ আৰু ১৯৮৯-৯৪ চন।
আমি সাধাৰণতে দীৰ্ঘম্যাদী বিনিয়োগৰ কথা ক’বলৈ গ’লে ১০ বছৰমানৰ উদাহৰণ দিওঁ। কিন্তু ছেনছেক্সৰ ইতিহাসত ১০ বছৰীয়া বিনিয়োগতো এটা উদাহৰণ আছে, য’ত ৰিটাৰ্ন আছিল ঋণাত্মক। অবিশ্বাস্য? ৩১ মাৰ্চ ১৯৯২, যিটো বিত্তীয় বৰ্ষৰ সামৰণিত ছেনছেক্সৰ ইতিহাসৰ সৰ্বোচ্চ এবছৰীয়া ৰিটাৰ্ন ২৬৬.৮৭ শতাংশ ৰাইজে পাইছিল, সেই একেই দিনটোতে যদি কোনোবাই এক লাখ টকা বিনিয়োগ ১০ বছৰলৈ কৰা হ’লে ৩১ মাৰ্চ ২০০২ চনত সেই বিনিয়োগৰ বজাৰ মূল্য হ’লগৈহেঁতেন ৮০,৯৬০ টকা। ১৯,০৪০ টকাৰ লোকচান। শতাংশৰ হিচাপত এয়া ২.০৯ শতাংশ লোকচান। ১০ বছৰীয়া বিনিয়োগৰ বাবে ছেনছেক্সৰ দ্বিতীয় আৰু তৃতীয় বেয়া ফল আছিল ২.৯৪ আৰু ৩.৯৯ শতাংশ। ক্ৰমে ১৯৯৩-০৩ আৰু ১৯৯৪-০৪ সময় পৰিসৰত। ধনাত্মক হ’লেও আজিৰ তাৰিখৰ বেংকৰ ছেভিংছ একাউণ্টৰ সুততকৈও এই ফল কম। ১০ বছৰীয়া বিনিয়োগৰ ভাল ফল তিনিটা অধোগামী ক্ৰমত ৩৪.৬৯, ৩১.৪৭ আৰু ২৬.৮২ শতাংশ। সময়ৰ পৰিসৰ ক্ৰমে ১৯৮২-৯২, ১৯৮৪-৯৪ আৰু ১৯৮৩-৯৩।
১৫ আৰু ২০ বছৰৰ সময় পৰিসৰৰ বিনিয়োগৰ ক্ষেত্ৰত এতিয়ালৈকে ছেনছেক্সৰ ইতিহাসত ঋণাত্মক ৰিটাৰ্নৰ উদাহৰণ নাই। ১৫ বছৰীয়া বিনিয়োগৰ সৰ্বনিম্ন ৰিটাৰ্ন তিনিটা হৈছে ক্ৰমে ৬.৪৯, ৭.৭২ আৰু ১১.০৮। সৰ্বোচ্চ তিনিটা হৈছে ক্ৰমে ২৭.৪০, ২৪.০৩ আৰু ২১.৮৮ শতাংশ। ২০ বছৰীয়া বিনিয়োগৰ সৰ্বনিম্ন তিনিটা ছেনছেক্সৰ ৰিটাৰ্ন ক্ৰমে ৭.২৬, ৯.৩০ আৰু ১০.৬২ শতাংশ। ইফালে সৰ্বোচ্চ তিনিটা অধোগামী ক্ৰমত ২০.১৫, ২০.০৭ আৰু ১৯.৮৫ শতাংশ।
এতিয়া একেলগে এই এবছৰীয়া, পাঁচ বছৰীয়া, দহ বছৰীয়া, ১৫ বছৰীয়া আৰু ২০ বছৰীয়া ৰিটাৰ্নৰ সৰ্বোচ্চ, গড় আৰু সৰ্বনিম্ন সংখ্যাকেইটা চাওঁ আহকচোন। সৰ্বোচ্চ ক্ৰমে – ২৬৬.৮৭, ৫৩.০৭, ৩৪.৬৯, ২৭.৪০ আৰু ২০.১৫ শতাংশ। গড় ক্ৰমে – ২৩.২৭, ১৬.৪৫, ১৬.১৩, ১৫.৪৩ আৰু ১৪.৪০ শতাংশ। একেই ক্ৰমত সৰ্বনিম্নখিনি হ’ল – (-৪৬.৭৭), (-৪.৭৭), (-২.০৯), ৬.৪৯ আৰু ৭.২৬ শতাংশ। এটা কথা ভালদৰে মন কৰক – বিনিয়োগৰ সময় সীমা বাঢ়ি যোৱাৰ লগে লগে সৰ্বোচ্চ ৰিটাৰ্ন আৰু গড় ৰিটাৰ্ন কমিবলৈ লৈছে। কিন্তু তাৰ বিপৰীতে সৰ্বনিম্ন ৰিটাৰ্ন ক্ৰমাৎ বাহিবলৈ লৈছে। হয়, গড় ৰিটাৰ্নৰ দুয়োফালে সৰ্বোচ্চ আৰু সৰ্বনিম্নৰ দূৰত্ব বিনিয়োগৰ বছৰবোৰ বঢ়াৰ লগে লগে ক্ৰমাৎ হ্ৰাস হ’বলৈ ধৰিছে। বিনিয়োগ পৰিকল্পনাত যিহেতু ৰিটাৰ্নৰ লগেলগে ৰিস্ক কমোৱাৰ কথাও বিবেচনা কৰা দৰকাৰ, ইকুইটি সম্পদ শ্ৰেণীটোৰ বেলিকা দীৰ্ঘম্যাদী বিনিয়োগে আপোনাক তেনে সুবিধা প্ৰদান কৰি আহিছে। এটা কথা ঠিক যে কম সময়ৰ ইকুইটি বিনিয়োগত যি চমৎকাৰী ৰিটাৰ্নৰ সম্ভাৱনা, সেয়া দীৰ্ঘম্যাদী ইকুইটি বিনিয়োগত নাথাকে। কিন্তু আপুনিওতো নিশ্চয় জুৱা, লটাৰী সদৃশ উত্তেজনা প্ৰাপ্তিৰ বাবে ইকুইটি সম্পদ শ্ৰেনীত বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈ উঠা নাই। নে কি কয়?
*****
(তালিকা -১ খন আগৰ লেখাটোত আছিল। চোৱাত সুবিধা হোৱাৰ বাবে তলত আকৌ দিয়া গ’ল)