দেশত লক ডাউন এতিয়াও শেষ হোৱা নাই। চকুৰে নেদেখা শত্ৰুৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই সৰ্ব শক্তিৰে যুঁজিছে।জনস্বাস্থ্যৰ গুৰুত্ব এতিয়া সৰ্বোচ্চ। এৰা, দেহা থাকিলেহে বেহা।কিন্তু এই দুঃসময় অতিক্ৰম কৰি আমি আগুৱাই যাবলৈ কৰা পৰিকল্পনাত অৰ্থনীতিৰ কথাও সমান্তৰালভাৱে চকু ৰাখিব লাগিব। সেয়ে এই সময়ত আমাৰ বিত্তীয় স্বাস্থ্যৰ কথাও চিন্তা চৰ্চালৈ অনাটো আৱশ্যক।
প্ৰথম কথা – অনাগত সময়ত আপোনাৰ উপাৰ্জনত কভিড-১৯ য়ে পেলাব পৰা প্ৰভাৱ কেনেকুৱা? যদি উপাৰ্জন কম হোৱাৰ সম্ভাৱনা আছে, প্ৰথমে চকু দিয়ক আপোনাৰ আপদকালীন পুঁজিত বৰ্তমান কিমান টকা আছে। যিসকল পাঠক এই ‘আপদকালীন পুঁজি’ ধাৰণাটোৰ সম্বন্ধে অবগত নহয় তেওঁলোকৰ বাবে অলপ বৰ্ণনাৰ আৱশ্যক হ’ব। কিবা কাৰণত আমাৰ উপাৰ্জন হঠাতে বন্ধ হ’লেও খৰচৰ প্ৰয়োজনখিনি কিন্তু প্ৰায় একেই থাকে। সেয়ে এক নিদিষ্ট দিনলৈ নিয়মীয়া উপাৰ্জন নহ’লেও চলিব পৰাকৈ এটা পুঁজি আমাৰ থকা উচিত।ব্যক্তিগত বিত্তীয় কথা-বতৰাত ইয়াকে আপদকালীন পুঁজি বোলা হয়।
এতিয়া স্বাভাবিকতে প্ৰশ্ন আহিব – কিমান দিনৰ খৰচৰ বাবে সাজু হোৱা উচিত? দুজন ব্যক্তিৰ ক্ষেত্ৰত এই সময় ভিন্ন হ’ব পাৰে। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিয়োজিত দুজন চাকৰিয়ালৰ কথাকে ধৰক। চৰকাৰী খণ্ডৰ নিয়মীয়া চাকৰিয়াল এজনৰ সময়মতে দৰমহা পোৱাৰ নিশ্চয়তা এজন ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিতকৈ বেছি। সেয়ে চৰকাৰী চাকৰীয়ালজনে আপদকালীন পুঁজিৰে অলপ কম দিনৰ বাবে সাঁজু হ’লেও সেয়া যথাযথ বুলি ক’ব পাৰি। সাধাৰণতে ৩ মাহৰ পৰা ৬ মাহলৈকে আমাৰ খৰচৰ পৰিমাণটো এই পুঁজিৰ অন্তঃগত হোৱা উচিত।আপোনাৰ ঘৰখন চলিবলৈ মাহেকত যদি ৩০ হাজাৰ টকাৰ প্ৰয়োজন আৰু আপুনি ৬ মাহৰ খৰচেৰে আপদকালীন পুঁজি তৈয়াৰ কৰিব খোজে তেন্তে আপোনাক প্ৰয়োজন হ’ব ৩০,০০০ X ৬ = ১,৮০,০০০/- টকা।
এইখিনিতে উত্থাপন হ’ব পৰা প্ৰশ্নটো হ’ল – ক’ত থম এই পুঁজি? উত্তৰ – এই ধন সহজে পাব পৰা হ’ব লাগে। অৰ্থাৎ এই পুঁজিৰ ধন ইকুইটিৰ দৰে দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে উপযোগী সম্পদ শ্ৰেণীত ৰখা উচিত নহয়।এই সময়ৰ কথাকেই ধৰক।বিশ্বজুৰি শ্বেয়াৰ বজাৰ মন্দা।এতিয়া যদি কিবা প্ৰয়োজনত আপোনাৰ ইকুইটি সম্পদশ্ৰেণীত থকা বিনিয়োগ ভাঙিব লগা হয় তেন্তে লোকচান হোৱাৰ সম্ভাৱনাই অধিক। আপদকালীন পুঁজি বেংকৰ ছেভিংছ একাউণ্ট, লিকুইড মিউচুৱেল ফাণ্ড, হ্ৰ্স্বকালীন ফিক্সড ডিপ’জিট, হ্ৰস্বকালীন ডেট ফাণ্ড আদিত ৰখা উচিত।অন্য এটা গুৰুত্বপূৰ্ণ কথা হ’ল – এই বিনিয়োগত আমি ৰিটাৰ্নৰ কথাটো একেবাৰে কম গুৰুত্ব দিয়া ভাল। সৰ্বোচ্চ গুৰুত্ব পোৱা উচিত এই পুঁজি যেন লাগ বুলিলেই পাব পাৰো আৰু দেশৰ অৰ্থনীতিৰ বেয়া সময়তো ঋণাত্মক ৰিটাৰ্ন যাতে চাবলগীয়া নহয়।
এতিয়াও যদি আপদকালীন পুঁজিৰ আপুনি পৰিকল্পনা কৰা নাই তেন্তে আৰম্ভ কৰক। ব্যক্তিগত বিত্তীয় পৰিকল্পনাত প্ৰথম কামটোৱেই হৈছে এই আপদকালীন পুঁজি গঠন। ইয়াৰ অৱৰ্তমানত আপোনাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে কৰা বিনিয়োগবোৰত বেয়া সময়ত হাত দিব লগা হোৱাৰে সম্ভাৱনা প্ৰকট হৈ পৰে। প্ৰথমে চকু দিয়ক আপোনাৰ ছেভিংছ একাউণ্টলৈ। ধৰক, আপুনি এজন অসম চৰকাৰৰ চাকৰীয়াল। বেংকৰ ছেভিংছ একাউণ্টত মাত্ৰ এমাহৰ জোখাৰে অতিৰিক্ত টকা আছে।অৰ্থাৎ অহা মাহত দৰমহা নাপালেও চলিব পাৰিব। আপুনি বিচাৰিছে অন্তত: তিনিমাহৰ জোখাৰে এই পুঁজি গঠন হওক যাতে কিবা কাৰণত তিনিমাহ দৰমহা নাপালেও আপোনাৰ ঘৰখন চলোৱাত অসুবিধা নহয়। উপায়? যিহেতু আয় বঢ়াৰ সম্ভাৱনা নাই আমি খৰচত হাত ধৰিব লাগিব। লক ডাউনৰ সময়ত কৃষি, উদ্যোগ আদি সকলো খণ্ড সাংঘাতিক লোকচানৰ সন্মুখীন হৈছে। সেয়ে আহিবলগীয়া সময়ত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰো দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। এতেকে এৰাব নোৱৰা খৰচবোৰ বৃদ্ধি হ’ব অনাগত সময়ত।সেয়ে যিবোৰ খৰচত হাত ধৰিব পাৰি সেইবোৰ কম কৰিবলৈ চেষ্টা কৰক।
অত্যাৱশ্যকীয় কামকাজ চলাই দেশৰ অৰ্থনীতিৰ ইঞ্জিনটো চৰকাৰে ঘূৰাবলৈ যত্ন কৰিলেও কিছুমান খণ্ডত যে ভাল দিন ঘূৰি আহিবলৈ যথেষ্ট সময়ৰ আৱশ্যক হ’ব সেয়া নিশ্চিত। উদাহৰণ স্বৰূপে নাম ল’ব পাৰি পৰ্যটন খণ্ডটোৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়বোৰ। এনে খণ্ডৰ বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰীয়াল এজনে সাময়িকভাৱে সংস্থাপন হেৰুৱাব লগা হ’ব পাৰে। এনে সম্ভাৱনা থকা ব্যক্তিয়ে বৰ্তমান অন্ততঃ এবছৰীয়া আপদকালীন পূঁজি গঠন কৰাটো আৱশ্যক বুলি মই ভাবো। এই ক্ষেত্ৰত নিশ্চিতভাৱে অন্য লক্ষ্যলৈ বুলি জমা কৰা পুঁজিত আপুনি হাত দিব লগা হ’ব পাৰে। উদাহৰণ স্বৰূপে নতুন গাড়ী এখন কিনাৰ বাবে যদি টকা সঞ্চয় কৰিছিল, এই লক্ষ্যৰ সময় পিচলৈ ঠেলক। টকাকেইটা খৰচ কৰি নেপেলাব। এতিয়াও নহ’বগৈ? আপুনি ইঞ্চুৰেন্স আৰু বিনিয়োগবোৰ বন্ধ কৰি দিয়াৰ কথা ভাবিছে নেকি? ৰ’ব, পৰিকল্পনাৰ আৱশ্যক আছে। অহা খণ্ডত এই বিষয়ে আলোচনা কৰিম।
*********