এগৰাকী মাকৰ মুখত এনে এটা ক্ষোভ মিহলি অভিব্যক্তি কেতিয়াবা হয়তো আপুনিও শুনিছে – ‘এহ্, ল’ৰা-ছোৱালীৰ কিবা এটা ভাল হ’লে সেয়া বাপেকৰ গৌৰৱ, কিন্তু তেওঁ নিবিচৰা কিবা এটা কৰিলেই সৱ মাকৰ দোষ’৷ অথবা পৰীক্ষাগৃহৰ পৰা ওলাই আহি পৰীক্ষা ভাল হ’লে – ‘ফালি দিছো’ আৰু বেয়া হ’লে প্ৰশ্নকাকত টান হোৱা বা বিশেষ অধ্যায়কেইটা শিক্ষকে ভালদৰে নপঢ়োৱাৰ পৰীক্ষাৰ্থী অভিযোগ নশুনাকৈ নিশ্চয় আপুনি থকা নাই৷ প্ৰথম উদাহৰণটোত দেউতাকজন আৰু দ্বিতীয় উদাহৰণটোত পৰীক্ষাৰ্থীজনৰ মানসিকতাৰ কাৰণ মনোবিজ্ঞানৰ ব্যাখ্যামতে ‘ছেলফ্ এট্ৰিবিউচন বায়াছ’৷ অসমীয়াত মই কৈছো – ‘স্ব-আৰোপণ পক্ষপাত’৷ এই পক্ষপাতমূলক দৃষ্টিভংগীৰ প্ৰৰোচনাত এজন ব্যক্তিয়ে সফলতাৰ কৃতিত্ব নিজে দাবী কৰাৰ বিপৰীতে বিফলতাৰ বোজা কিন্তু ল’ব নোখোজে৷ বিফলতাৰ কাৰণ তেতিয়া হৈ পৰে আন বাহিৰা শক্তিৰ প্ৰভাৱ, য’ত তেওঁৰ অলপো দোষ নাই৷
বিনিয়োগকাৰীৰ মাজতো এই স্ব-আৰোপণ পক্ষপাতৰ প্ৰভাৱ বৰ সুলভ৷ বিনিয়োগৰ সিদ্ধান্তই যদি সফলতা আনে তেতিয়া সেয়া হৈ পৰে তেওঁৰ নিজস্ব দক্ষতা, জ্ঞান আদিৰ ফল৷ কিন্তু যেতিয়া সিদ্ধান্তই আকাংক্ষিত ফল দিয়াত ব্যৰ্থ হয, তেতিয়া তাৰ কাৰণ হৈ পৰে ‘শ্বেয়াৰ মাৰ্কেট’, বিশেষ আঁচনিখন অথবা আন কোনো বাহিৰা কাৰকৰ প্ৰভাৱ৷ বহু সময়ত প্ৰাৰম্ভিক সফলতা এজন বিনিয়োগকাৰীৰ বাবে আশীৰ্বাদৰ পৰিবৰ্তে অভিশাপলৈ সলনি হোৱা দেখা যায়৷ বিশেষকৈ যেতিয়া বিনিয়োগকাৰীজনে ধৰিব নোৱাৰে সেই সুফল তেওঁৰ ব্যক্তিগত দক্ষতাৰ বাবে নে সৌভাগ্যৰ বাবে৷ ভাগ্যৰ ঠেলাত অহা সুফলকো ‘স্ব-আৰোপণ পক্ষপাত’ত বন্দী হৈ তেওঁ ব্যাখ্যা কৰিবলৈ লয় সেয়া নিজৰ দক্ষতাৰ বাবেহে সম্ভৱ হ’ল৷ এনেদৰে অহা প্ৰথম দুই-এটা সফলতাই তেওঁক অত্যধিক আত্মবিশ্বাসী কৰি তোলে৷ যিটো ট্ৰেণ্ড বা প্ৰৱণতাৰ বাবে তেওঁ উপকৃত হৈছে বিনিয়োগৰ দীঘলীয়া ইতিহাসলৈ ভুমুকি নমৰাকৈয়ে তেওঁ ভাবিবলৈ ধৰে সেয়া চিৰস্থায়ী৷ তেওঁৰ বিনিয়োগৰ পৰিমাণ ডাঙৰ হৈ গৈ থাকে৷ ট্ৰেণ্ড সলনি হ’লেই তেওঁৰ আটাইতকৈ ডাঙৰ বিনিয়োগটোৱে লোকচানৰ মুখ দেখে৷ বহুজনে এনে প্ৰক্রিয়াতে সমস্ত হেৰুৱাই৷
মানৱসৃষ্ট কোনো ট্ৰেণ্ডেই চিৰস্থায়ী নহয়৷ গুৱাহাটীৰ অভিজ্ঞতাৰ পৰা উদাহৰণ এটা দিছো – বিগত নিৰ্বাচনত ভোটদানৰ দিনা ৰাইজৰ এটা ট্ৰেণ্ড মনত পেলাওকচোন৷ পুৱাৰ ভাগত সৰহসংখ্যক ভোটদান কেন্দ্ৰতে ভীষণ ভীৰ, ইফালে দুপৰীয়া তেনেই সেৰেঙা৷ এয়া হৈছিল বেছিভাগ ভোটদাতাই পুৱাই মানুহ কম আৰু ৰ’দ কোমল হৈ থাকোতেই ভোট দি আহো বুলি ওলাই অহাৰ বাবেই৷ কিন্তু ভৱিষ্যতে যদি অধিকাংশ মানুহে এইবাৰৰ অভিজ্ঞতা মনত পেলাই পুৱাৰ পৰিবৰ্তে দুপৰীয়া ওলাই আহে তেন্তে ছবিখন একেবাৰে সলনি হৈ যাব৷ বিনিয়োগতো একেই কথা খাটে৷ এটা ট্ৰেণ্ডৰ সৃষ্টি হয় যেতিয়া বেছিভাগ বিনিয়োগকাৰীয়ে একেধৰণে কথাবোৰ ভাবিবলৈ আৰম্ভ কৰে৷ অৱশ্যে বিনিয়োগত ট্ৰেণ্ডৰ সোঁতত উটি গ’লে এজন বিনিয়োগকাৰী কেতিয়াবা সাময়িকভাৱে উপকৃত হব পাৰে৷ ধৰক কোনো এটা কোম্পানীৰ শ্বেয়াৰৰ ওপৰত অধিকাংশ বিনিয়োগকাৰীয়েই আস্থা তথা কিনাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ তেতিয়া সম্ভাৱ্য ক্রেতাৰ সংখ্যাৰ বৃদ্ধিৰ লগে লগে সেই কোম্পানীটোৰ শ্বেয়াৰৰ দাম বজাৰত ঊৰ্ধ্বমুখী হ’ব৷ যেতিয়ালৈকে কোম্পানীটোৰ কিবা বেয়া খবৰ বা অত্যধিক দাম হোৱা বুলি মানুহে কিনিবলৈ আগ্ৰহ নকৰা নহয় তেতিয়ালৈকে সেই দৌৰ অব্যাহত থাকিব৷ কিন্তু যেতিয়া কিবা কাৰণত ট্ৰেণ্ড সলনি হয় তেতিয়া অকল ট্ৰেণ্ডক বিশ্বাস কৰি অত্যধিক ৰিস্ক লৈ কৰা বিনিয়োগবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়৷ স্ব-আৰোপণত আৰম্ভ হৈ অত্যধিক আত্মবিশ্বাসলৈ সলনি হোৱা বিনিয়োগকাৰীৰ স্বভাৱটোও এই ক্ষেত্ৰত অন্যতম প্ৰধান দোষী৷
স্ব-আৰোপণ পক্ষপাতে প্ৰৰোচিত কৰা বিনিয়োগকাৰীৰ দুটা কাৰ্যকলাপৰ সম্পৰ্কে ইয়াত চমুকৈ বৰ্ণনা কৰিছো-
অত্যধিক ক্রয়–বিক্রয়ঃ– সকলোৱে জানে বিনিয়োগত লাভ হ’বলৈ হ’লে কম দামত কিনিব লাগে আৰু অধিক দামত বিক্রী কৰিব লাগে৷ শ্বেয়াৰ বজাৰৰ পৰা কোনো কোম্পানীৰ শ্বেয়াৰ কিনা মানে সেই কোম্পানীটোৰ মালিকীস্বত্বৰ এটা অংশ ক্রয় কৰা৷ সাধাৰণ অৱস্থাত যিকোনো ব্যৱসায়ত সম্ভাব্য লাভৰ কথা ভাবি কৰা বিনিয়োগক সময় দিয়াৰ প্ৰয়োজন হয়৷ কিন্তু ইয়াৰ বিপৰীতে অতি সাম্প্ৰতিক ট্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি শ্বেয়াৰ বজাৰত কৰা অত্যধিক কিনা-বেচাই এজন ব্যক্তিক দীৰ্ঘসমযজুৰি উপকৃত কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ তদুপৰি লাভ হওক বা নহওক প্ৰতিটো কিনা-বেচাত কিন্তু খৰচ হৈ থাকিব৷ সেয়ে শ্বেয়াৰ বজাৰত অত্যধিক ক্রয়-বিক্রয় প্ৰকৃত বিনিয়োগতকৈ সাম্প্ৰতিক ট্ৰেণ্ডক লৈ বাজী লগোৱাৰ দৰেহে হয়৷
গাঢ় বা ঘনীভূত প’ৰ্টফলিঅ’ :- ক্ষতিভয় বা ৰিস্ক কমোৱাৰ বাবে আমি ইকুইটি বিনিয়োগত ভিন্নতাকৰণ বা ডাইভাৰচিফিকেচনক কৌশল হিচাপে ব্যৱহাৰ কৰো৷ ইয়াৰ ঠিক ওলোটা কামটো আমি কৰো যেতিয়া নিজৰ সক্ষমতাৰ ওপৰত অত্যধিক আত্মবিশ্বাসী হৈ উঠো৷ তেতিয়া আমি মাত্ৰ কেইটামান শ্বেয়াৰতে সমস্ত ইকুইটি বিনিয়োগ কৰিব খোজো যাতে আমাৰ লাভ সৰ্বাধিক হয়৷ ইয়াকে ঘনীভূত প’ৰ্টফলিঅ’ (Concentrated Portfolio ) বোলা হয়৷ ই বৰ আক্রমণাত্মক কৌশল৷ সাধাৰণতে নিজে কাম কৰা কোম্পানী অথবা ভিতৰুৱা খবৰ জানো বুলি বিশ্বাস কৰা কোম্পানীৰ শ্বেয়াৰৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে এনে স্থিতি লয়৷ আন কেতিয়াবা বিগত দিনৰ উদাহৰণকে একমাত্ৰ সম্বল হিচাপে লৈয়ো বহু বিনিয়োগকাৰীয়ে এনে কৰে৷
বস্তুনিষ্ঠ পৰ্যালোচনাই আপোনাক এই পক্ষপাতৰ পৰা অব্যাহতি দিব পাৰে৷ একোটা সময়ৰ অন্তৰে অন্তৰে কৰা পৰ্যালোচনাবোৰত বিগত দিনৰ বিনিয়োগৰ সফলতা আৰু বিফলতাৰ কাৰণ সম্বন্ধে আপোনাৰ উপদেষ্টাৰ লগত আলোচনা কৰক৷ বিনিয়োগ কৰাৰ সময়ত থকা প্ৰত্যাশা আৰু পৰ্যালোচনা কৰা সময়ৰ উপলব্ধিৰ মাজত যদি তফাৎ আছে তেন্তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক৷
Leave a Reply