অনুতাপ এক পীড়াদায়ক আৱেগ৷ সাধাৰণ ‘ধেৎতেৰি’টোৰ পৰা মূৰৰ চুলি খামুচি বাক্হীন হোৱালৈকে ইয়াৰ বিস্তৃতি৷ ঘটনা এটা ঘটি যোৱাৰ পাচত ‘আস! এনেকৈ যদি কৰিলোহেঁতেন বা নকৰিলোহেঁতেন’ধৰণৰ ভাব কিছুমানে ব্যক্তিজনক সাংঘাতিকভাৱে অসুখী কৰি তুলিব পাৰে৷ জীৱনত এবাৰৰ বাবে হ’লেও গভীৰভাৱে অনুতপ্ত হোৱা মানুহে জানে অনুতাপে প্ৰদান কৰা শাস্তিৰ বিষয়ে৷ আনকি অনুতাপ কৰিবলগীয়া পৰিবেশ এটাৰ কল্পনাতো মানুহে যন্ত্ৰণা অনুভৱ কৰে৷ সেয়ে সচেতনভাৱে চেষ্টা কৰে অনুতপ্ত হ’বলগীয়া কোনো পৰিস্থিতিৰ মুখামুখি নহ’বলৈ৷ এই অনুতাপৰ পৰা আঁতৰি থাকিবলৈ কৰা প্ৰৱণতাটোকে কোৱা হয় অনুতাপ বিতৃষ্ণা, ইংৰাজীত ৰিগ্ৰেট এভাৰছন৷ অনুতাপ বিতৃষ্ণাই বিনিয়োগক কেনেদৰে প্ৰভাৱান্বিত কৰে সেই বিষয়টোলৈ যোৱাৰ পূৰ্বে অনুতাপ সম্বন্ধীয় দুটামান কথা কৈ ল’ব বিচাৰিম৷
দোষ আৰু অনুতাপৰ এটা সম্পৰ্ক আছে৷ ওপৰোৱাকৈ চালে ভাব হয় ই সদায় সমানুপাতিক৷ কিন্তু আন দহজন মানুহৰ বিশ্লেষণত এজন মানুহ কিমান দোষী সেই ব্যাখ্যা বা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ নকৰে ব্যক্তিজনৰ অনুতাপৰ মাত্ৰা৷ তেওঁ নিজে কিদৰে ঘটনাটো বিশ্লেষণ কৰে তাৰ ওপৰতহে বহু পৰিমাণে নিৰ্ভৰশীল ব্যক্তিজনৰ অনুতাপৰ দহন৷ ধৰক, দুজন ব্যক্তি৷ প্ৰথমজনে সদায় হেলমেট পিন্ধি মটৰ চাইকেল চলায়৷ কিন্তু মূৰত দুখ পোৱাকৈ দুৰ্ঘটনাটো ঘটাৰ দিনা তেওঁৰ মূৰত হেলমেট নাছিল৷ দ্বিতীয়জন ব্যক্তিয়ে কোনোদিনেই হেলমেট নিপিন্ধে৷ দুৰ্ঘটনাটোত মূৰত আঘাত পোৱাৰ দিনাও আনদিনাৰ দৰে তেওঁ হেলমেট পিন্ধা নাছিল৷ কোনজন বেছি অনুতপ্ত হ’ব আৰু আপোনাৰ দৃষ্টিত কাৰ দোষ বেছি? এনেধৰণৰ সম্পৰীক্ষাত পোৱা গৰিষ্ঠসংখ্যক উত্তৰৰ মতে প্ৰথমজন অনুতপ্ত হোৱাৰ সম্ভাৱনা বহুত বেছি৷ কাৰণ তেওঁ সচৰাচৰ আনদিনা নকৰা কাম এটা সেইদিনা কৰিছিল৷ তেওঁ অনুতপ্ত হ’ব কিয় যে সেইদিনা আনদিনাৰ দৰে হেলমেট পিন্ধা নাছিলো বুলি ভাবি৷ ইফালে আপোনাৰ আৰু মোৰ দৃষ্টিত দ্বিতীয়জনহে বেছি দোষী, নহয়নে? কাৰণ তেওঁ যে কোনোদিনেই হেলমেট নিপিন্ধে৷ সুৰক্ষাৰ দিশটো তেওঁ সদায় অৱহেলা কৰে৷ প্ৰথমজন আমাৰ দৃষ্টিত দুৰ্ভগীয়া, তেওঁৰ আঘাত এদিনৰ অসাৱধানতাৰ বাবে পোৱা শাস্তি মাত্ৰ৷
আন একধৰণৰ মনোবৈজ্ঞানীক ব্যাখ্যামতে কোনো কাৰ্য সম্পাদন নকৰাৰ বাবে হ’ব পৰা অনুতাপতকৈ কাৰ্য সম্পাদনৰ বাবে হোৱা অনুতাপৰ পীড়া অধিক৷ সেয়ে আমি কিবা কৰাৰ সিদ্ধান্ত ল’বলৈ সংকোচ কৰো৷ যাতে কাম এটা কৰাৰ পাচত পস্তাবলগীয়া নহয়৷ উদাহৰণ হিচাপে ধৰক – মিউচুৱেল ফাণ্ডৰ ‘ক’ আঁচনিখনত আপোনাৰ বিনিয়োগ আছিল৷ আপোনাক কোৱা হ’ল সেই ‘ক’ আঁচনিখনৰ পৰা ওলাই আহি ‘খ’ আঁচনিখনত বিনিয়োগ কৰক৷
(১) আপুনি নকৰিলে৷ এবছৰৰ পাচত দেখা গ’ল ‘ক’ আঁচনিখনৰ ফল আপোনাক বিনিয়োগ কৰিবলৈ কোৱা ‘খ’ আঁচনিখনতকৈ ১০ শতাংশ কম৷
(২) আপোনাক উপদেশ দিয়ামতে আপুনি কাৰ্য সম্পাদন কৰিলে৷ কিন্তু কাৰ্যত দেখা গ’ল যে আপোনাৰ নতুন ‘খ’ আঁচনিখনে ফলাফলৰ দৃষ্টিকোণৰ পৰা এবছৰৰ পিচত পূৰ্বতে বিনিয়োগ হৈ থকা ‘ক’ আঁচনিখনৰ তুলনাত ১০ শতাংশ কম ফল দিলে৷
কোনটো পৰিস্থিতি বেছি পীড়াদায়ক? আপোনাৰ উত্তৰ যদি এইবাৰো গৰিষ্ঠসংখ্যকৰ দৰে একে, তেনেহ’লে দ্বিতীয় বিকল্পই অনা পৰিস্থিতিটোৱে আপোনাক বেছি অনুতপ্ত কৰিব৷ এনে মনোভাবৰ অন্তিম অৱস্থাটো হৈছে ষ্টেটাছ ক’বায়াছ, (Status Quo Bias) অৰ্থাৎ যেনেকৈ চলি আছে তেনেকৈ থাকিবলৈ দিয়া৷
আচৰণ সম্বন্ধীয় অৰ্থনীতিৰ বিশ্ববিশ্ৰুত মনোবিজ্ঞানী ডেনিয়েল কাহ্নেমেনে কৰা এটা ব্যাখ্যামতে কৰ্ম কৰা-নকৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে মানুহ এজনে সাধাৰণ অৱস্থাত লোৱা স্থিতিটোহে৷ সাধাৰণ অৱস্থাত লোৱা স্থিতিৰ পৰা বিচ্যুতিয়েহে মানুহ এজনক অনুতপ্ত কৰে৷ সেয়া কেতিয়াবা হ’ব পাৰে কাৰ্য কৰা(Action) আৰু কেতিয়াবা হ’ব পাৰে কাৰ্য নকৰা (Inaction)৷ ধৰক, আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰি ডাক্তৰে আপোনাক দুদিনমান জিৰণি ল’বলৈ ক’লে৷ কিন্তু ব্যস্ততাৰ দুহাই দি কামৰ পৰা সাময়িক অব্যাহতি আপুনি নল’লে৷ ফলত গুৰুত্বৰভাৱে অসুস্থ হৈ বেচ দীঘলীয়াকৈ আপুনি ঘৰত বন্দী হ’বলগা হ’ল৷ এইক্ষেত্ৰত অনুতাপৰ কাৰণ হ’ব আপোনাৰ কাৰ্য সম্পাদন৷ আনহাতে ধৰক আপোনাৰ সহকৰ্মী এজনৰ দেউতাক ঢুকাল৷ আপুনি মাত এষাৰ লগাবলৈ তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথা ভাবি আছে, কিন্তু কিবা কাৰণত হৈ উঠা নাই৷ এইক্ষেত্ৰত কাৰ্য কৰিব নোৱৰাটোতহে আপুনি মনোকষ্ট পাব৷ কাৰণ সাধাৰণ অৱস্থাত আপুনি চিনাকিজনৰ ঘৰত কোনোবা ঢুকালে মাত দিবলৈ নোযোৱাকৈ কেতিয়াও নাথাকে৷
বিনিয়োগৰ ক্ষেত্ৰতো মানুহে অনুতপ্ত নহ’বলৈ পাৰ্যমানে চেষ্টা কৰে৷ কিন্তু বহু সময়ত মানুহে অনুতাপ বিতৃষ্ণাৰ পৰা হাত সাৰিবলৈ লোৱা সিদ্ধান্তবোৰ তেওঁৰ বিনিয়োগৰ প্ৰাথমিক উদ্দেশ্যৰ পৰিপন্থী হৈ পৰা দেখা যায়৷ এই বিষয়ত বিনিয়োগকেন্দ্ৰিক উদাহৰণেৰে আলোচনা অহাবাৰলৈ ৰাখিলো৷ থোৰতে ক’বলৈ গ’লে দুটা কাৰ্য কৰা আৰু এটা কাৰ্য নকৰাতে সীমাবদ্ধ আমাৰ বিনিয়োগকেন্দ্ৰিক কাম-কাজ৷
(১) বিনিয়োগ কৰা (কাৰ্য কৰা)
(২) বিনিয়োগ অব্যাহত ৰখা (কাৰ্য নকৰা অৰ্থাৎ নিষ্ক্ৰিয়তা)
(৩) বিনিয়োগ বিক্রী কৰা (কাৰ্য কৰা)৷
কিন্তু ভুল সময়ত গ্ৰহণ কৰিলে এই তিনিটাই আপোনাৰ বিনিয়োগক আপোনাৰ সপক্ষে কাম কৰাত বাধা প্ৰদান কৰে৷ আপুনি যদি মোৰ আচৰণ সম্বন্ধীয় বিত্তৰ আগৰ লেখাবোৰ পঢ়ি আহিছে তেন্তে দেখিব বিভিন্নধৰণৰ পক্ষপাতবোৰে কিন্তু এই তিনি বিকল্পৰ যিকোনো একোটাক ভুল সময়ত গ্ৰহণ কৰিবলৈ আমাক উচটনি দিয়ে আৰু আমি বিনিয়োগৰ উদ্দেশ্যৰ মূল ছবিখন পাহৰি যাত্ৰাপথৰ তাৎক্ষণিক অনুভৱৰ ভিত্তিত সিদ্ধান্ত লৈ পেলাও৷ মন কৰক, আমাৰ দেহৰ অস্বাভাৱিক উত্তাপ বৃদ্ধি হোৱা মানেই জ্বৰ হোৱা৷ কিন্তু যিদৰে জ্বৰ হোৱাৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে, ঠিক একেদৰে বিনিয়োগতো একেধৰণৰ সিদ্ধান্তৰ পিচত লুকাই থকা আমাৰ চিন্তা, যুক্তি আদি বেলেগ বেলেগ হ’ব পাৰে৷ সেয়ে এনেধৰণৰ চৰ্চাৰ জৰিয়তে আমাৰ বিনিয়োগৰ সিদ্ধান্তবোৰক বাস্তৱসন্মত তথা আমাৰ বাবে আধিক উপযোগী কৰি তুলিবলৈ যত্ন কৰিব পাৰো৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ২৪ ছেপ্তেম্বৰ, ২০১৫ত প্ৰকাশ পাইছিল)
Leave a Reply