তিনি বছৰ পূৰ্বে ক্ৰয় কৰা বেংক ফিক্সড ডিপ’জিটটোৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ বাবে পুনৰ বিনিয়োগ কৰিবলৈ গৈ বীৰেন শইকীয়া আচৰিত হ’ল। ২০১৩ চনত বেংকে তিনি বছৰীয়া ফিক্সড ডিপ’জিটৰ বিপৰীতে সুত দিছিল বাৰ্ষিক হিচাপত ৮.৭৫ শতাংশ।কিন্তু বেংকে কৈ আছে বৰ্তমান তিনি বছৰীয়া ফিক্সড ডিপ’জিটৰ বিপৰীতে সুত মাত্ৰ ৭ শতাংশ। শইকীয়া ডাঙৰীয়াই হিচাপ এটা কৰিলে – যিহেতু তেওঁ ৩০ শতাংশ হাৰত আয়কৰ দিব লাগে, আয়কৰ দিয়াৰ পাচত তেওঁৰ হাতত যি সুত ৰ’বগৈ সেই হাৰ মোটামুটি ৪.৯ শতাংশহে। তেওঁ পঢ়িবলৈ পোৱা এক তথ্যমতে ২০১৬ চনটোত ভাৰতত উপভোক্তা দৰ সূচকাংক অনুসৰি গড মুদ্ৰাস্ফীতি প্ৰায় ৫.৭১ শতাংশ।তাৰ মানে তেওঁৰ হাতলৈ অহা সুতেৰে মুদ্ৰাস্ফীতি ৰুধিব পৰা নাযাব। তেওঁ চিন্তা কৰিবলৈ ধৰিলে- ঋণ সম্পদতে বিনিয়োগ কৰি কিদৰে ইয়াতকৈ অলপ বেছি ৰিটাৰ্ন পোৱা সম্ভৱ? সেইদিনাই ৭ শতাংশ হাৰত পুনৰ তিনি বছৰৰ কাৰণে ফিক্সড ডিপ’জিট কৰাৰ পৰিবৰ্তে আন কিবা বিকল্প আছে নেকি তাক ভালদৰে চাবলৈ অলপ সময় লোৱাটো বেয়া নহ’ব বুলি ভাবি তেওঁ ঘৰলৈ ঘূৰি আহিল।
এই ক্ষেত্ৰত বীৰেন শইকীয়াৰ বাবে এটা বিকল্প হ’ব পাৰে ডেট মিউচুৱেল ফাণ্ড।কিন্তু বেংকে চুক্তিমূলক সুত দিয়াৰ বিপৰীতে মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ন বজাৰ নিৰ্ভৰ। সুতৰ উত্থান-পতনৰ ওপৰত ডেট মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ন নিৰ্ভৰশীল। ফিক্সড ডিপ’জিটৰ নিদিৰ্ষ্ট কাল দৈৰ্ঘ্যৰ বিপৰীতে প্ৰায় সমান এভাৰেজ মেচিঅ’ৰিটি থকা ডেট মিউচুৱেল ফাণ্ডত ০.৫ বা ১ শতাংশ বেছি ৰিটাৰ্নৰ সম্ভাৱনা থাকিলেও প্ৰকৃত লাভ কিন্তু আয়কৰৰ দিশৰ পৰাহে হয়।৩ বছৰতকৈ বেছি সময় ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী মূলধনী লাভৰ ওপৰত যি কৰ দিব লাগে তাত ইনডেক্সেচনৰ সুবিধা ল’ব পাৰি। এই সুবিধা গ্ৰহণ কৰাৰ পাচত বিনিয়োগকাৰীজনে দিবলগা কৰ চকুত লগাকৈ কম হয়।এটা উদাহৰণৰ সহায়ত কথাখিনিৰ অলপ ভিতৰলৈ সোমাও আহকচোন।
২০১৩ চনত কৰা তিনি বছৰীয়া বেংক ফিক্সড ডিপ’জিটত বীৰেন শইকীয়াৰ আয়কৰৰ পাচত ৰৈ যোৱা সুতৰ হাৰ শতাংশৰ হিচাপত ৬.১৩ (৮.৭৫ – ২.৬২)।ধৰক, তেওঁ ইয়াৰ পৰিবৰ্তে যদি মিউচুৱেল ফাণ্ডৰ ডেট ফাণ্ডত তিনি বছৰৰ বাবে বিনিয়োগ কৰিলেহেঁতেন আৰু সেই একেই ৮.৭৫ শতাংশ হিচাপত ৰিটাৰ্ন পাব বুলি ধৰিলেও টেক্সৰ পাচত ৰৈ যোৱা ৰিটাৰ্ন কিন্তু ৮.২৫ শতাংশ হ’লহেঁতেন।কিয়নো ২০১৩-১৪ বিত্তীয় বৰ্ষত বিনিয়োগ কৰা ১০ হেজাৰ টকা বৃদ্ধি হৈ ২০১৬-১৭ চনত ১২,৮৬১ হ’লেও মুদ্ৰাস্ফীতিৰ বাবে থকা ইনডেক্সেচনৰ সুবিধা ল’লে দীৰ্ঘ্যম্যাদী মূলধনী লাভৰ ওপৰত দিবলগা টেক্স হ’লহেঁতেন মাত্ৰ ১৭৬ টকা (কষ্ট অব ইনফ্লেচন ইনডেক্স ২০১৩-১৪ = ৯৩৯ আৰু ২০১৬-১৭ = ১১২৫)।এতেকে এইটো কোৱা ভুল নহ’ব যে ডেট মিউচুৱেল ফাণ্ডত কৰা বিনিয়োগ বীৰেন শইকীয়াৰ বাবে আয়কৰৰ দৃষ্টিকোণৰ পৰা যথেষ্ট উপযোগী।মন কৰিব, মই এইটো কোৱা নাই যে তেওঁ সকলো ফিক্সড ডিপ’জিট ভাঙি ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰক। কিন্তু তেওঁৰ বিনিয়োগৰ এটা অংশ ডেট মিউচুৱেল ফাণ্ডত থকাটো নিশ্চিতভাৱে ফলদায়ক হ’ব।অৱশ্যে ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ পূৰ্বে তলৰ এইকেইটা কথালৈও মন কৰা ভাল –
১) সুতৰ হাৰ :- সামগ্ৰিকভাৱে সুতৰ হাৰ অনাগত দিনবোৰত বঢ়াৰ নে কমাৰ সম্ভাৱনা আছে তাৰ অনুমানে ডেট মিউচুৱেল ফাণ্ডৰ বিনিয়োগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।কাৰণ সুতৰ হাৰ কমিলে ডেট মিউচুৱেল ফাণ্ডৰ দাম বাঢ়ে আৰু সুতৰ হাৰ বাঢ়িলে তেনে ফাণ্ডৰ দাম কমে।এই অসমানুপাতিক সম্পৰ্কটোৰ ওপৰত নিৰ্ভৰ কৰি বিনিয়োগকাৰীয়ে কেনেধৰণৰ গড় মেচিঅ’ৰিটি পেপাৰ থকা ডেট মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব সেয়া থিৰাং কৰাটো দৰকাৰ।
২) গড় মেচিঅ’ৰিটি : ডেট মিউচুৱেল ফাণ্ড এটাৰ গড় মেচিঅ’ৰিটি যিমানেই বেছি হ’ব সুতৰ হাৰৰ উত্থান-পতনৰ প্ৰভাৱ সিমানে বাঢ়িব। এতেকে নিজৰ বিনিয়োগৰ বাবে থকা সময়লৈ লক্ষ্য কৰি উপযুক্ত গড় মেচিঅ’ৰিটিৰ ফাণ্ড নিৰ্বাচন কৰা দৰকাৰ। বিশেষকৈ যিসকলে কম ৰিস্ক ল’ব খোজে তেওঁলোকে বিনিয়োগ কৰা ডেট মিউচুৱেল ফাণ্ডটোৰ গড় মেচিঅ’ৰিটি তেওঁলোকৰ নিজা বিনিয়োগৰ সময় দৈৰ্ঘ্যৰ আশে-পাশে থকা উচিত।
৩) ইল্ড টু মেচিঅ’ৰিটি (Yield to Maturity):ফাণ্ডটোৱে যিবোৰ বণ্ড বা পেপাৰত বিনিয়োগ কৰিছে সেইবিলাক ম্যাদ সম্পূৰ্ণ হোৱা দিনটোলৈকে থ’লে কিমান ৰিটাৰ্ন পোৱা যাব তাৰ গাণিতিক প্ৰকাশ হৈছে ইল্ড টু মেচিঅ’ৰিটি। অৱশ্যে এই অংকত দুটা ধৰি লোৱা কথা হ’ল – ১) বণ্ডবোৰ ম্যাদ সম্পূৰ্ণ হোৱা দিনটোলৈকে বিনিয়োগ হৈ থাকিব। অৰ্থাৎ মাজত কিনা-বেচা নহয়। ২) সুত বা কুপন সময়মতে পাব আৰু একেটা হাৰতে পুনৰ বিনিয়োগ হ’ব।
৪) ম’ডিফাইড ডিউৰেচন (Modified Duration):-কোনো ডেট ফাণ্ডৰ মূল্য সুতৰ হাৰৰ পৰিবৰ্তনৰ লগত কিমান সংবেদনশীল তাক নিৰূপন কৰা এক বিশেষ বিত্তীয় সঁজুলি হৈছে এই ম’ডিফাইড ডিউৰেচন।ধৰক, ফাণ্ড এটাৰ ম’ডিফাইড ডিউৰেচন ৫। তাৰ অৰ্থ হ’ব সুতৰ হাৰ ১ শতাংশ কমিলে, ফাণ্ডটোৰ মূল্য ৫ শতাংশ বাঢ়িব।
৫) ক্ৰেডিট ৰেটিং :- চৰকাৰক ধাৰলৈ দিয়া ধন আটাইতকৈ বেছি নিৰাপদ। কিন্তু কোনো প্ৰতিষ্ঠান এটাক দিয়া ধাৰৰ ক্ষেত্ৰত কথাটো একে নহয়।ধাৰ বিচৰা প্ৰতিষ্ঠান একোটা সুতে-মূলে ধন সময়মতে ঘূৰাই দিয়াৰ ক্ষেত্ৰত কিমান বিশ্বাসযোগ্য, সেই যোগ্যতা নিৰ্ধাৰণ কৰি একোটা শ্ৰেনীত স্থান দিয়ে ৰেটিং এজেন্সিবোৰে।অহাবাৰ এই দিশটোলৈ অলপ বিতংকৈ চকু দিম।
***********
Leave a Reply