কোনো ব্যৱসায়ত বিনিয়োগ কৰি মালিকৰ দৰে লাভৱান্বিত হ’ব খোজে ? কোন কোন প্ৰতিষ্ঠানত বিনিয়োগ কৰিব ? য’ত লাভৰ সম্ভাৱনা থকিব, কিন্তু ক্ষুদ্ৰ বিনিয়োগকাৰী প্ৰতাৰিত নহ’ব।কোম্পানী ভাল হ’ব লাগিব, কিন্তু বিনিয়োগৰ বাবে বহু টকা একেলগে প্ৰয়োজন নহ’ব।বিনিয়োগ কৰিব বিচৰা প্ৰতিষ্ঠান এটাৰ স্থিতি আৰু মতিগতি ভাল হ’ব লাগিব, কিন্তু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থাকিবলৈ আপোনাৰ হাতত সময় নহ’লেও চলিব। এনেবোৰ পৰিস্থিতিত মিউচুৱেল ফাণ্ডৰ ইকুইটি আঁচনি আপোনাৰ বাবে উত্তৰ হ’ব পাৰে।অতি কম খৰচৰ বিনিময়ত আপোনাৰ টকাক অভিজ্ঞ মানুহৰ হাতেদি, এক সুশৃংখল ব্যৱস্থাপনাৰ মাজেৰে বিনিয়োগ কৰাৰ এক সুযোগ হৈছে ইকুইটি মিউচুৱেল ফাণ্ড।৫ হেজাৰ টকাৰে ৫০ টা কোম্পানীত বিনিয়োগ কৰাৰ সুযোগ মাত্ৰ ইকুইটি মিউচুৱেল ফাণ্ডতহে আপুনি পাব।
ইকুইটি মিউচুৱেল ফাণ্ডবোৰক কেইবা প্ৰকাৰেও শ্ৰেণীবিভাজন কৰিব পৰা যায়। আমি থূলমূলকৈহে ইয়াত সেই ভাগবোৰৰ বিষয়ে আলোচনা কৰিম।
লাৰ্জ কেপ ফাণ্ড : যিবিলাক কোম্পানীৰ ব্যৱসায়িক মূলধন বেছি সেইবিলাক কোম্পানীতহে মাত্ৰ বিনিয়োগ কৰা মিউচুৱেল ফাণ্ডৰ আঁচনিবোৰক বৃহৎ মূলধনৰ ফাণ্ড বা চমুকৈ লাৰ্জ কেপ ফাণ্ড বোলা হয়।অৱশ্যে কিমান মূলধন থাকিলে এটা কোম্পানী লাৰ্জ কেপ ফাণ্ডৰ আওতালৈ আহিব সেই সম্বন্ধে সকলো মিউচুৱেল ফাণ্ড কোম্পানীৰ বাবে সৰ্বসন্মত সীমা নাই। প্ৰত্যেকে নিজ নিজ সংজ্ঞাৰে এই সীমা নিৰ্ধাৰণ কৰা দেখা যায়।কিন্তু বুজিবৰ বাবে ক’ব পাৰি যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড, ভাৰতীয় ষ্টেট বেংক, টাটা কনচালটেন্সি ছাৰ্ভিচেজ আদি ভাৰতৰ বিভিন্ন খণ্ডৰ অতি ডাঙৰ কোম্পানী। সেয়ে এইবোৰৰ স্থান লাৰ্জ কেপ ফাণ্ডত স্বাভাৱিকতেই থাকিব।
মিড কেপ ফাণ্ড : যিবিলাক ফাণ্ডে মধ্যমীয়া মূলধনৰ কোম্পানীক মূল লক্ষ্য কৰি বিনিয়োগৰ কৌশল ৰচনা কৰে, সেইবিলাকক মিড কেপ বা মধ্যমীয়া মূলধনৰ ফাণ্ড বুলি কোৱা হয়।ৰিস্ক আৰু ৰিটাৰ্নৰ দিশৰ পৰা লাৰ্জ কেপ ফাণ্ডবোৰৰ তুলনাত ইহঁতৰ স্থান ওপৰত ৰখা হয়। সেয়ে ৰিস্ক লৈ লাৰ্জ কেপ ফাণ্ডতকৈ বেছি ফল বিচৰা বিনিয়োগকাৰীৰ বাবে এনেজাতীয় ফাণ্ড আকৰ্ষণীয়।
স্মল কেপ ফাণ্ড : নামেই চিহ্নিত কৰে যে সৰু সৰু কোম্পানী, যাৰ মূলধন যথেষ্ট কম, তেনে প্ৰতিষ্ঠানত মূলতঃ বিনিয়োগ কৰা ফাণ্ডবোৰকে স্মল কেপ ফাণ্ড বোলা হয়।উদ্দেশ্য স্পষ্ট, অধিক ৰিস্ক লৈ অধিক ৰিটাৰ্নৰ প্ৰত্যাশা।দোহাৰিছো, কিমান মূলধনৰ কোম্পানীত বিনিয়োগ কৰিলে ফাণ্ড একোটাক স্মল কেপ বোলা হ’ব সেয়া বেলেগ বেলেগ ফাণ্ড হাউছৰ সংজ্ঞাত বেলেগ বেলেগ হোৱা দেখা যায়।
মাল্টি কেপ ফাণ্ড : এই ইকুইটি ফাণ্ডবোৰত কোনো বিশেষ মূলধনৰ কোম্পানীক লক্ষ্য কৰাৰ বিপৰীতে সেই বিশেষ সময়ত যিধৰণৰ কোম্পানীত ফাণ্ড মেনেজাৰে গুৰুত্ব দিয়া উচিত বুলি ভাবে তেনেধৰণেৰে বিনিয়োগ কৰে।কেতিয়াবা যদি লাৰ্জ কেপ ষ্টকত বেছি বিনিয়োগ কৰিছে, কেতিয়াবা মিড কেপ ষ্টকত গুৰুত্ব দিছে অধিক।উদাহৰণস্বৰূপে বৰ্তমান পৰিস্থিতিত বেছিভাগ মাল্টি কেপ ফাণ্ডে ডাঙৰ কোম্পানীত বিনিয়োগ কৰিছে।মিড কেপৰ তুলনাত বৰ্তমান লাৰ্জ কেপ ফাণ্ড সস্তা দৰত বজাৰত উপলব্ধ হোৱাৰ বাবে মাল্টি কেপ ফাণ্ডৰ মেনেজাৰসকলক সেই দিশত আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে।
ছেক্টৰেল আৰু থিমেটিক ফাণ্ড : ওপৰৰ বিভাগবোৰত থকা আঁচনিসমূহে সাধাৰণতে বিভিন্ন ক্ষেত্ৰৰ কোম্পানীত বিনিয়োগ কৰে। বিভিন্ন অনুপাতত বিনিয়োগ হোৱা সেই খণ্ডবোৰ হ’ব পাৰে অট’মবাইল, বিত্তীয়, অতি গতিশীল উপভোক্তা দ্ৰব্য(FMCG), দৰব বনোৱা কোম্পানী, চফ্টৱেৰ, শক্তি ইত্যাদি।কিন্তু যেতিয়া এটা ফাণ্ডে মাত্ৰ এটা খণ্ডহে বিনিয়োগ কৰে, তেনে ফাণ্ডক চেক্টৰেল ফাণ্ড বোলা হয়। আহিবলগীয়া সময়ত ব্যৱসায়ৰ যিটো খণ্ডই সৰ্বাধিক লাভৱান্বিত হোৱাৰ সম্ভাৱনা থকা বুলি বিনিয়োগকাৰীয়ে বিশ্বাস কৰে এনে আঁচনিৰ যোগেদি বিনিয়োগ কৰে।উল্লেখনীয় যে ইকুইটি ফাণ্ডৰ আটাইতকৈ ৰিস্ক থকা বিভাগ বুলি গণ্য কৰা হয় এই ছেক্টৰেল ফাণ্ডক।থিমেটিক হৈছে কোনো বিশেষ বিষয়ক কেন্দ্ৰ কৰি কৰা আঁচনি।ইয়াত সেই বিশেষ বিষয়টোত প্ৰভাৱ থকা একাধিক খণ্ডত বিনিয়োগ হয়।উদাহৰণ হিচাপে আন্তঃগাঁথনি, গ্ৰাম্য ভাৰত আদি বিষয়ৰ কথা উনুকিয়াব পাৰি।
বিনিয়োগৰ পদ্ধতি অনুসৰিও একোখন মিউচুৱেল ফাণ্ডৰ আঁচনিৰ বিনিয়োগ দৰ্শন বুজিব পাৰি।প্ৰধানকৈ নিম্নোক্ত দুটা কৌশল বা তাৰ সংমিশ্ৰণ লক্ষ্য কৰা যায়।
গ্ৰোথ ষ্টাইল : এই কৌশলত সেইবোৰ কোম্পানীত বিনিয়োগ কৰা হয়, যিবিলাকৰ উপাৰ্জনৰ সম্ভাৱনা অন্যান্য বা সমগোত্ৰীয় কোম্পানীৰ গড়তকৈ বেছি।লাভৰ সম্ভাৱনা থকা কোম্পানীক অতিৰিক্ত দাম দি হ’লেও কিনিবলৈ চেষ্টা কৰা হয় এই কৌশলত।
ভেলু ষ্টাইল : বিনিয়োগ গুৰু ৱাৰেন বাফেটে অনুসৰণ কৰা কৌশল।য’ত বিনিয়োগ কৰিব খোজা কোম্পানী এটাৰ উপাৰ্জনৰ সম্ভাৱনা বেছি হোৱাতকৈ প্ৰাথমিক গুৰুত্ব দিয়া হয় সেই কোম্পানীৰ বজাৰ দৰ তাৰ প্ৰকৃত মূল্যতকৈ কম হৈ থাকিব লাগিব।ভাল কোম্পানীক সস্তাত কিনিবলৈ চেষ্টা কৰা হয় এই কৌশলত।
পিটাৰ লিন্স নামৰ আমেৰিকাৰ বিখ্যাত ফাণ্ড মেনেজাৰজনে এই দুই ষ্টাইলক সংমিশ্ৰণ কৰিছিল।তেওঁৰ কৌশলটোক কোৱা হয় – ন্যায্য দামত বৃদ্ধি (Growth at a reasonable Price)।
*********
Leave a Reply