‘ছেনছেক্স’ হৈছে ব’ম্বে ষ্টক এক্সচেঞ্জৰ এটা চিনাকি সূচক।বিভিন্ন ক্ষেত্ৰৰ ৩০ টা কোম্পানীৰ ষ্টক বিভিন্ন অনুপাতত লৈ ইয়াক নিৰ্মাণ কৰা হৈছে (ষ্টক এক্সচেঞ্জত ক্ৰয়-বিক্ৰয় চলা প্ৰতিটো দিনতে এই অনুপাত সলনি হয়)।যিসকল বিনিয়োগকাৰীয়ে ছেনছেক্সৰ অনুপাতত সেই বিশেষ ৩০ টা কোম্পানীত বিনিয়োগ কৰি যাব খোজে আৰু ছেনছেক্সৰ আশে-পাশে থকা ৰিটাৰ্নত সুখী হোৱাৰ পৰিকল্পনা কৰে, তেওঁলোকে মিউচুৱেল ফাণ্ডৰ ছেনছেক্স ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব পাৰে।য’ত ফাণ্ড মেনেজাৰৰ ষ্ট’ক কিনা-বেচাত কোনো ভূমিকা নাথাকে। সেয়ে এনেধৰণৰ বিনিয়োগ পদ্ধতিক নিষ্ক্ৰিয়(পেছিভ)ব্যৱস্থাপনা বা নিষ্ক্ৰিয় বিনিয়োগ বুলি কোৱা হয়।ইয়াৰ বিপৰীতে যিবিলাক মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰ থাকে আৰু বিনিয়োগৰ লক্ষ্য নিজৰ বাবে নিৰ্ধাৰিত বেন্সমাৰ্কতকৈ উন্নত ফলাফল দাঙি ধৰা, তেনে পদ্ধতিক সক্ৰিয় (এক্টিভ) ব্যৱস্থাপনা বা সক্ৰিয় বিনিয়োগ বুলি কোৱা হয়। কাৰণ প্ৰতিটো কিনা-বেচাৰ সিদ্ধান্তৰ বাবে ফাণ্ড মেনেজাৰৰ সক্ৰিয় ভূমিকা থাকে।ছেনছেক্সক ইয়াত মাত্ৰ উদাহৰণ হিচাপেহে লোৱা হৈছে ইনডেক্স ফাণ্ডৰ কথা বুজাবলৈ।
এতিয়া যিবিলাক মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰৰ সক্ৰিয় ভূমিকা থাকে, সেই ফাণ্ডবিলাকৰ ৰিটাৰ্নত ফাণ্ড মেনেজাৰৰ অৰিহণা কিমান তাক জনাটো গুৰুত্বপূৰ্ণ।ধৰক, ‘ক’ ছেনছেক্সক বেন্সমাৰ্ক হিচাপে লোৱা এটা সক্ৰিয় ব্যৱস্থাপনাৰ মিউচুৱেল ফাণ্ড। এতিয়া আমি কেনেকৈ জানিম ফাণ্ডটোৱে বিগত বৰ্ষটোত যি ৰিটাৰ্ন দিছে তাত ফাণ্ড মেনেজাৰৰ ধনাত্মক অৰিহণা আছে নে নাই ? আৰু আছে যদি সেয়া কিমান ?
এইক্ষেত্ৰত আপুনি উত্তৰ পাবলৈ এটা পৰিসংখ্যা বা অনুপাতলৈ চকু দিব লাগিব।যাক কোৱা হয় আলফা।যোৱাবাৰৰ লেখাত আমি ‘বিটা’ আৰু ‘আৰ স্কুৱাৰ্ড’ৰ বিষয়ে আলোচনা কৰিছিলো।এতিয়া আলফাৰ নিৰ্ণয় ইয়াৰ পাচৰ স্তৰ বুলি ধৰক। এটা উদাহৰণ লৈ আমি আগবাঢ়ো আহক। ধৰক, যোৱা বছৰটোত ছেনছেক্সে ৰিটাৰ্ন দিছে ১০ শতাংশ।এতিয়া দুটা মিউচুৱেল ফাণ্ড কল্পনা কৰক যাৰ বেন্সমাৰ্ক হৈছে ছেনছেক্স।‘ক’ ফাণ্ডটোৱে ৰিটাৰ্ন দিছে ১১ শতাংশ আৰু ‘খ’ ফাণ্ডটোৱে ৰিটাৰ্ন দিছে ১৩ শতাংশ।‘ক’ ফাণ্ডৰ বিটা মূল্য ০.৮ আৰু ‘খ’ৰ ১.৫০। ‘আৰ স্কুৱাৰ্ড’ দুয়োটাৰে যেনিবা ০.৯০।বিটাৰ মূল্যই নিৰ্দেশ কৰে যে ‘ক’ ফাণ্ডৰ পৰা ৰিটাৰ্নৰ প্ৰত্যাশা ১০ x ০.৮ = ৮ শতাংশ আৰু ‘খ’ৰ পৰা ১০ X ১.৫ = ১৫ শতাংশ।লক্ষ্য কৰক, প্ৰত্যাশাৰ বিপৰীতে প্ৰকৃত ফল হিচাপে আমি কিন্তু ‘ক’ৰ পৰা পালো ১১ শতাংশ আৰু ‘খ’ৰ পৰা ১৩ শতাংশ। ‘ক’ৰ ক্ষেত্ৰত বিটাই নিৰ্দেশ কৰা প্ৰত্যাশাতকৈ ১১-৮=৩ শতাংশ যি বেছি ৰিটাৰ্ন পালো, তাক আপুনি ফাণ্ড মেনেজাৰৰ ধনাত্মক কাম বুলিব পাৰে। এই যে অতিৰিক্ত ৩ শতাংশ ৰিটাৰ্ন ফাণ্ড মেনেজাৰৰ ভাল কামৰ বাবে পোৱা গ’ল, ইয়াকে বিত্তীয় ভাষাত কোৱা যাব – বিগত বৰ্ষৰ ৰিটাৰ্নত ‘ক’ ফাণ্ডৰ আলফা তিনি। ইয়াৰ বিপৰীতে যদিওবা বেন্সমাৰ্কতকৈ ৩ শতাংশ বেছি অৰ্থাৎ ১৩ শতাংশ ফল ‘খ’ ফাণ্ডটোৱে দিছিল, বিটাই নিৰ্দেশ কৰা অনুসৰি ফাণ্ডটোৱে আহৰণ কৰিব লাগিছিল অন্ততঃ ১৫ শতাংশ ফল। এই যে বিটাই নিৰ্দেশ কৰা ফলতকৈ ২ শতাংশ কম ফল ফাণ্ডটোৱে গোটাব পাৰিলে, ইয়াৰ বাবে আলফা অনুপাত এই ক্ষেত্ৰত হ’ব ঋণাত্মক দুই। ‘ক’ৰ ক্ষেত্ৰত ফাণ্ড মেনেজাৰে ধনাত্মক মূল্য সংযোজন কৰিছে আৰু তাৰ বিপৰীতে ‘খ’ৰ ক্ষেত্ৰত ফাণ্ড মেনেজাৰৰ ভূমিকাৰ বাবে মূল্য বিয়োজনহে ঘটিছে।
একমাত্ৰ ৰিটাৰ্নৰ দৃষ্টিকোণৰ ফালৰ পৰা চালে প্ৰকৃত ছবিখন সকলো সময়তে দেখা পোৱা নাযায়। গম পোৱা নাযায় যিধৰণৰ ৰিটাৰ্ন আপুনি পাইছে সেয়া অতিৰিক্ত ৰিস্কৰ বাবে নে ফাণ্ড মেনেজাৰৰ ভাল কামৰ বাবে। ওপৰৰ উদাহৰণত উল্লেখ কৰা ‘খ’ ফাণ্ডে ‘ক’তকৈ যদিও ২ শতাংশ অধিক ফল দিছে, তাত কিন্তু অতিৰিক্ত ৰিস্ক সোমাই আছে।ফাণ্ড মেনেজাৰৰ সু-ব্যৱস্থাপনাৰ বাবে এই ফল ‘খ’ ফাণ্ডে পোৱা নাই।আন এক কথাত পাৰিসাংখ্যিক অনুপাত আলফাক মিউচুৱেল ফাণ্ডত জড়িত থকা ফাণ্ড মেনেজাৰৰ কৰ্মদক্ষতা নিৰূপণৰ এক সঁজুলি বুলি আপুনি ক’ব পাৰে। সংখ্যাটো যিমানেই ডাঙৰ হ’ব, সিমানেই ফাণ্ড মেনেজাৰৰ কৃতকাৰ্যতা চিহ্নিত হ’ব। সমগোত্ৰীয় মিউচুৱেল ফাণ্ডৰ আঁচনি এখিনিৰ মাজৰ পৰা আপোনাৰ ফাণ্ডটো নিৰ্বাচন কৰিবলৈ যাওঁতে এই অনুপাতটোৱে আপোনাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিব পাৰে।
*******
Leave a Reply