২৫ বছৰীয়া জয়ন্তৰ ৩৫ বছৰৰ পিচত আৰম্ভ হ’বলগা অৱসৰ জীৱনৰ পৰিকল্পনাৰ বাবে দৰকাৰী সতৰ্কতা আৰু অহা বছৰ অৱসৰ ল’বলৈ সাজু হোৱা ৫৯ বছৰীয়া বিনন্দ দত্তৰ অৱসৰ পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় সতৰ্কতাৰ মাজত পাৰ্থক্য আছে৷ জয়ন্তৰ সম্পদ আহৰণৰ দশা আৰম্ভ হৈছেহে আৰু বিনন্দ দত্তৰ সম্পদ আহৰণৰ দশা শেষ হৈ সম্পদ বিতৰণৰ দশা আৰম্ভ হওঁ হওঁ৷ এই অনাগত অৱসৰৰ জীৱনটোত সঞ্চিত ধনেৰে আজীৱন খৰচ কৰিব পৰাকৈ যথেষ্ট হ’বনে? বিনন্দ দত্তৰ বাবে প্ৰথম দৰকাৰী প্ৰশ্ন৷ তেওঁৰ দ্বিতীয় প্ৰশ্নটো হ’ব পাৰে অৱসৰৰ বাবে সঞ্চিত ধন যিমানেই নহওক কিয় সম্পদ বিতৰণৰ দশাত অৱসৰ পুঁজিৰ পৰা কি হিচাপত খৰচ হোৱা উচিত? এই দ্বিতীয় প্ৰশ্নৰ উত্তৰ সন্ধানৰ ফচল হৈছে ‘৪ শতাংশৰ নিয়ম’৷ এই নিয়ম অনুসৰি কোৱা হয় যে ইকুইটি আৰু ঋণ সম্পদেৰে গঠিত এটা অৱসৰ পুঁজিৰ পৰা প্ৰথম বছৰ মুঠ পুঁজিৰ ৪ শতাংশ আৰু তাৰ পিচত মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি প্ৰতিবছৰে টকা উঠোৱাটো যদি বঢ়াই নিয়া হয় তেন্তে সেই পুঁজিৰে ৩০ বছৰ কাল এজন মানুহে খৰচ কৰি যাবলৈ সক্ষম হ’ব৷ এইটো আমেৰিকাৰ মুদ্ৰাস্ফীতি, সম্পদৰ ফল তথা বজাৰৰ উত্থান-পতনৰ ঐতিহাসিক তথ্যৰ ওপৰত গৱেষণা কৰি পোৱা উত্তৰ৷ সম্প্ৰতি খোদ আমেৰিকাতেই প্ৰচণ্ড সমালোচনাৰ সন্মুখীন হ’বলগা হোৱা এই নিয়ম ভাৰতৰ পটভূমিত কিমান উপযোগী সেই বিষয়ে সন্দেহৰ অৱকাশ নথকা নহয়৷ তথাপি মই ভাবো যে ভাৰততো এই নিয়ম অৱসৰপ্ৰাপ্ত ব্যক্তি এজনৰ ‘খৰচ পৰিকল্পনা’ৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চাৰ বাবে এক দৃষ্টিকোণ হ’ব পাৰে৷ সেয়ে আজিৰ এই অৱতাৰণা ৷
‘জাৰ্ণাল অৱ ফাইনেন্সিয়েল প্লেনিঙ’ৰ ১৯৯৪ চনৰ অক্টোবৰৰ সংখ্যাত কেলিফ’ৰ্নিয়াৰ ফাইনেন্সিয়েল প্লেনাৰ ‘উইলিয়াম বেনজেন’য়ে ‘ডিটাৰমাইনিং উইদ্ৰৱেল ৰেটছ ইউজিং হিষ্টৰিকেল ডেটা’ শীৰ্ষক এক গৱেষণাধৰ্মী প্ৰবন্ধ লিখিছিল৷ ১৯২৬ চনৰ পৰা তথ্য বিশ্লেষণ কৰি তেওঁ মন্তব্য কৰিছিল যে ৫০ শতাংশতকৈ অধিক ইকুইটি আবন্টন থকা প’টফলিঅ’ এটাৰ পৰা প্ৰথম বছৰ প’টফলিঅ’টোৰ চাৰি শতাংশ উলিয়াই আৰু পিচৰ বছৰবোৰত মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি খৰচ বঢ়াই সম্পদ উলিয়াই থাকিলেও ৩০ বছৰীয়া কাল-দৈৰ্ঘ্যত সেই পুঁজি উদং নহ’ব৷ ইয়াৰ পিচত ১৯৯৮ চনত ট্ৰিনিটি ইউনিভাৰছিটিৰ তিনিজন প্ৰফেছৰে এই একে বিষয়ত ১৯২৫ চনৰ পৰা ১৯৯৫ চনলৈকে ইবটছন এছ’চিয়েটছৰ বিভিন্ন তথ্য বিশ্লেষণ কৰাৰ পিচত ইকুইটি আৰু ঋণসম্পদক বিভিন্ন অনুপাতত সংমিশ্ৰণ কৰি ১৫ ৰ পৰা ৩০ বছৰৰ কালদৈৰ্ঘ্যৰ বাবে কিমান হাৰত খৰচ কৰা উচিত হ’ব তাক বিভিন্ন ধৰণে উপস্থাপন কৰাৰ লগতে মন্তব্য কৰিছিল যে ইতিহাস যদি ভৱিষ্যতৰ পথ প্ৰদৰ্শক হয় তেন্তে প্ৰথম বছৰ ৩ ৰ পৰা ৪ শতাংশৰ হাৰত অৱসৰ পুঁজিৰ পৰা খৰচ কৰিলে আৰু পিচৰ বছৰবোৰত ক্ৰমান্বয়ে মুদ্ৰাস্ফীতিৰ হাৰত খৰচ বঢ়াই নি থাকিলেও এজন ব্যক্তিৰ জীৱিতকালত সম্পদৰ পুঁজি শেষ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ ট্ৰিনিটি ইউনিভাৰছিটিৰ প্ৰফেছাৰে কৰা গৱেষণা হোৱা হেতুকে এই অধ্যয়নক অনানুষ্ঠানিকভাৱে ‘ট্ৰিনিটি ষ্টাডি’ বুলিও জনা যায়৷
বেনজেন বা ট্ৰিনিটি ষ্টাডিৰ গভীৰতালৈ নোযোৱাকৈও ভাৰতৰ পটভূমিত আমাৰ সদ্য অৱসৰপ্ৰাপ্ত ব্যক্তি এজনে অৱসৰ পুঁজিৰ কিমান শতাংশ খৰচ কৰা উচিত এনেধৰণৰ চিন্তাই খৰচৰ বাজেটক লেকাম লগোৱাত যথেষ্টখিনি ধনাত্মক অৰিহণা যোগাব পাৰে৷ বিশেষকৈ সেইসকল ব্যক্তিৰ, যিসকলে যথেষ্ট মোটা অংকৰ ধনলৈ অৱসৰ লয় আৰু অৱসৰৰ পৰিকল্পনাৰ দ্বায়িত্ব সম্পূৰ্ণ নিজৰ হাতত থাকে৷ এগালমান টকা লৈ অৱসৰ লোৱাৰ পিচতো দশকটো নৌঘূৰোতেই যাৱতীয় খৰচৰ বাবে টকাৰ অভাৱ ঘটা লোকৰ সংখ্যা তেনেই তাকৰ নহয়৷ ধৰক এক কোটিমান টকা লৈ অৱসৰ লোৱা মানুহ এজনেও যদি সেই টকাৰ এক বুজন অংশৰে নিজৰ বাবে আটক ধুনীয়া অথচ উৎপাদনহীন ঘৰ এটা নিৰ্মাণ কৰে আৰু বিনিয়োগৰ নামত য’তে-ত’তে টকা ছটিয়াই বাকী থকা টকাকেইটা হাত খুলি খৰচ কৰিবলৈ ধৰে তেন্তে বেয়া দিন আহিবলৈ বেছি সময় নালাগিব৷
পূৰ্বতে উল্লেখ কৰাৰ দৰে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ৪ শতাংশৰ নিয়ম’ও এতিয়া গভীৰ সংকটত৷ অৱশ্যে ভৱিষ্যতৰ অনিশ্চয়তা থকা প্ৰসংগত এনে মোটামুটি হিচাপৰ নিয়মক অলংঘনীয় বুলি ভবাৰ কথা নাহে৷ বহু বিশেষজ্ঞই বৰ্তমান একবিংশ শতিকাৰ অৰ্থনৈতিক পটভূমিত ক’বলৈ কুন্ঠাবোধ কৰা নাই যে ৪ শতাংশৰ সূত্ৰক বিদায় দিয়া ভাল৷ ইয়াৰ অন্যতম কাৰণ হ’ল বজাৰৰ লগত সম্পৰ্ক থকা বিনিয়োগ সামগ্ৰীত চিপ পদ্ধতিৰে বিনিয়োগ কৰিলে যি সুফল পোৱা যায় তাৰ ঠিক বিপৰীত সত্যটো ৪ শতাংশৰ নিয়মত প্ৰযোজ্য হয়৷ অৰ্থাৎ বজাৰৰ অৱস্থা যেনেকুৱাই নহওক কিয় এই ৪ শতাংশৰ নিয়মত আমি প্ৰতিবছৰে খৰচ বঢ়াই নি থাকো মুদ্ৰাস্ফীতিৰ গইনা লৈ৷ বিনিয়োগৰ সময়ত বজাৰৰ অৱস্থা বেয়া হ’লে বিনিয়োগ দ্ৰব্যবোৰ সস্তাতে কিনাৰ দৰে হয় আৰু বজাৰৰ বেয়া দিনত টকা বেছিকৈ উঠাই ললে বিনিয়োগৰ পুঁজিটোৰ অনিষ্ট হয় বেছি৷ আকৌ ইফালে অৱসৰ পুঁজি এটাৰ পৰা টকা উঠোৱাৰ আৰম্ভণিছোৱাত বজাৰৰ অৱস্থা কেনে আছে তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে পুঁজিটোৰ জীৱনকাল৷ অৰ্থাৎ এটা অৱসৰ পুঁজিয়ে যদি খৰচৰ আৰম্ভণিতে দীঘলীয়া সময়ৰ বাবে বজাৰৰ বেয়া দিনৰ সন্মুখীন হয় তেন্তে তেনে পুঁজিৰ জীৱনকাল আৰম্ভণিতে ভাল বজাৰৰ সঁহাৰি পোৱা অৱসৰ পুঁজিতকৈ কম হোৱাটোৱেই স্বাভাৱিক৷ আমেৰিকাৰ বিনিয়োগ ফাৰ্ম ‘টি ৰ’জ প্ৰাইচ গ্ৰুপ’য়ে তেনে এটা গৱেষণাৰ আঁত ধৰি দিয়া এটা উদাহৰণ এনেধৰণৰ ধৰক এজন ব্যক্তিয়ে ২০০০ চনৰ এক জানুৱাৰীত অৱসৰ ললে৷ তেওঁৰ অৱসৰৰ পুঁজিটো ৫৫ শতাংশ ইকুইটি আৰু ৪৫ শতাংশ ঋণ সম্পদেৰে গঠিত আৰু প্ৰতিমাহে ইকুইটি আৰু ঋণ সম্পদৰ অনুপাত পুনঃসন্তুলিত (ৰি-বেলেন্স) কৰা হয়৷ অৱসৰৰ প্ৰথম বছৰত যদি সেই পুঁজিৰ ৪ শতাংশ খৰচ কৰিলেহেঁতেন আৰু পিচৰ প্ৰতিটো বছৰতে ৩ শতাংশকৈ খৰচ বঢ়াই নি থাকিলেহেঁতেন (আমেৰিকাৰ মুদ্ৰাস্ফীতিৰ হিচাপত) তেন্তে তেওঁৰ অৱসৰৰ পুঁজিটো ২০১০ চনত এক তৃতীয়াংশ হ্ৰাস পালেহেঁতেন আৰু অনাগত দুটা দশকত এই পুঁজিৰে একে হাৰত খৰচ কৰি চলি যাব পৰাৰ সম্ভাৱনীয়তা মাত্ৰ ২৯ শতাংশ (এনে সম্ভাৱনীয়তাক মন্টি কাৰ্লো ছিমোলেটৰৰ জৰিয়তে জোখা হয় আৰু সম্ভাৱনীয়তা ৭৫ শতাংশতকৈ অধিক হ’লে যথাযথ বুলি গণ্য কৰা হয়)৷
এইখিনি আলোচনাৰ পৰা অন্ততঃ দুটা কথা আমি গ্ৰহণ কৰিব পাৰো
(১) অৱসৰকালীন খৰচক নাকী লগোৱাৰ স্বাৰ্থত শতাংশৰ হিচাপতো পৰ্যালোচনা কৰা ভাল৷ কিন্তু এই সীমা আমেৰিকাৰ হিচাপতকৈ কম হোৱাটো বাঞ্ছনীয়৷ কাৰণ ভাৰতত মুদ্ৰাস্ফীতি আৰু বিনিয়োগৰ ফলৰ উত্থান-পতন আমেৰিকাতকৈ বেছি৷ মই ব্যক্তিগতভাৱে এই পৰিসৰ ২.৫ শতাংশৰ পৰা ৩.৫ শতাংশৰ ভিতৰত থকা উচিত বুলি ভাবো৷
(২) বজাৰৰ লগত সম্পৰ্ক থকা সম্পদত বিনিয়োগ কৰিলে বজাৰৰ বেয়া সময়ত খৰচ কমাবলৈ আন্তৰিকভাৱে চেষ্টা কৰা উচিত৷
অৱশ্যে সকলো খৰচে বাজেট নামানে৷ যেনে স্বাস্থ্য সংক্রান্তীয় খৰচ ৷ যাৰ প্ৰয়োজন বৃদ্ধ অৱস্থাত বৃদ্ধি হোৱাৰহে সম্ভাৱনা বেছি৷ সেয়ে য’ত পাৰি তাতে লেকাম ধৰা ভাল৷ শেষত ক’ব পাৰি যে এজন অৱসৰপ্ৰাপ্ত মানুহে এনুইটি, ইকুইটি আৰু ঋণ সম্পদৰ সঠিক সংমিশ্ৰণৰ জৰিয়তে নিজৰ উপযোগীকৈ অৱসৰৰ পুঁজিটো গঠন কৰা আৰু মিতব্যয়ীভাৱে খৰচ কৰাৰ কৌশল আয়ত্ত কৰাটো প্ৰয়োজন৷