ছেভিংছ একাউণ্টত টকা থ’লে ভাল নে বেংকত ফিক্সড ডিপ’জিট কৰিলে ভাল ? নাইবা এবছৰীয়া ফিক্সড ডিপ’জিট ভাল নে ৫ বছৰীয়া ফিক্সড ডিপ’জিট ভাল ? এনে প্ৰশ্নৰ যি দৰে এশৰীয়া উত্তৰ সম্ভৱ নহয়, মিউচুৱেল ফাণ্ডৰ ডেট ফাণ্ডৰ ক্ষেত্ৰতো একেই কথা খাটে।যিদৰে সঞ্চয় বা বিনিয়োগৰ উদ্দেশ্য, কালদৈৰ্ঘ্য,সুতৰ হাৰ আদি বিভিন্ন কথাৰ ওপৰত ভিত্তি কৰি আমাৰ টকা ছেভিংছ একাউণ্টত থকিব নে ফিক্সড ডিপ’জিট কৰা হ’ব সেয়া ঠিক কৰো, ঠিক একেকেইটা কথাৰ ওপৰত ভিত্তি কৰি কেনেকুৱাধৰণৰ ডেট ফাণ্ডত আমি বিনিয়োগ কৰিম সেয়া নিৰ্ধাৰণ কৰা উচিত।ওপৰঞ্চি আৰু যিটো কাৰকৰ প্ৰতি আপুনি সজাগ হ’ব লাগিব, সেয়া হৈছে ডেট ফাণ্ডত নিহিত হৈ থকা ৰিস্ক।প্ৰাথমিক শ্ৰেণী বিভাজন অনুসৰি আমি আগ বাঢ়ো আহক –
লিকুইড বা তৰল ফাণ্ড : বেংকৰ কাৰেণ্ট বা ছেভিংছ একাউণ্টৰ বিকল্প বুলি ক’ব পাৰে ডেট ফাণ্ডৰ এই উপ-বিভাগটোক।আপোনাৰ হাতত টকা আছে। কিন্তু আপুনি নাজানে সেই টকা কেতিয়া প্ৰয়োজন হ’ব বা খুব কম সময় যেনে ১০-১২ দিনলৈ সেই টকা আপোনাৰ প্ৰয়োজন নাই। এনে অৱস্থাত বিশেষকৈ কাৰেণ্ট একাউণ্টত সুত অবিহনে নিষ্ক্ৰিয় হৈ পৰি থকা টকাৰ বাবে উত্তম স্থান হ’ল এই লিকুইড বা তৰল ফাণ্ড।ৰিস্কৰ ফালৰ পৰা মিউচুৱেল ফাণ্ডৰ একেবাৰে তলৰ ভাগটোৱেই হৈছে এই লিকুইড ফাণ্ড।লিকুইড ফাণ্ডক সঁচা অৰ্থত লিকুইড বা তৰল কৰি ৰাখিবলৈ বা বজাৰৰ উত্থান-পতনৰ পৰা সৰ্বনিম্ন ক্ষতিগ্ৰস্ত হ’বৰ বাবে মিউচুৱেল ফাণ্ডৰ নিয়ন্ত্ৰকৰ নীতি-নিৰ্দেশনাও স্পষ্ট। লিকুইড ফাণ্ডত জমা হোৱা টকাৰে এনে কোনো বিত্তীয় দ্ৰব্য কিনিব নোৱাৰিব যাৰ অৱশিষ্ট কালদৈৰ্ঘ্য বা মেচিঅ’ৰিটি ৯১ দিনতকৈ বেছি হ’ব।ফলত সেই প’ৰ্টফলিঅ’ত থকা দ্ৰব্যসমূহৰ গড় মেচিঅ’ৰিটি সকলো সময়তে ৯১ দিনতকৈ কম হ’বলৈ বাধ্য।সেয়ে সুতকে ধৰি বজাৰকেন্দ্ৰিক উত্থান-পতনৰ আন কাৰকবোৰৰো প্ৰভাৱ লিকুইড ফাণ্ডত সৰ্বনিম্ন। ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ লিকুইড ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ৭.২, ৭.২, ৭.৮, ৮.৬ আৰু ৮.৭ শতাংশ।তথ্যই কয় যে কাৰেণ্ট একাউণ্টতো বাদেই, ছেভিংছ একাউণ্টৰ সুততকৈও লাভজনক মিউচুৱেল ফাণ্ডৰ এই লিকুইড ফাণ্ড।উল্লেখযোগ্য যে ডাঙৰ ডাঙৰ কোম্পানীবোৰেও তেওঁলোকৰ হাতত কমদিনলৈ অহা টকাও নিষ্ক্ৰিয় হৈ পৰি থাকিবলৈ নিদিয়ে।আজিকালি জনাবুজা বহু ব্যক্তিয়েও বিনিয়োগৰ এই সুবিধা গ্ৰহণ কৰে।
আল্ট্ৰা চৰ্ট টাৰ্ম ডেট ফাণ্ড : ৰিস্ক আৰু ৰিটাৰ্নৰ দিশৰ পৰা লিকুইড ফাণ্ডৰ ঠিক ওপৰৰ উপ-বিভাগটো। এনে ফাণ্ডে ইচ্ছা কৰিলে ৯১ দিনতকৈ বেছি অৱশিষ্ট কালদৈঘ্যৰ বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিব পাৰে। অৱশ্যে সেয়া নিৰ্ভৰ কৰিব ফাণ্ড মেনেজাৰে সেই সময়ত তেনে সিদ্ধান্ত উচিত বুলি ভাবিব নে নাভাবে।ধৰক, সুতৰ হাৰ কমাৰ সম্ভাৱনা প্ৰবল।তেনে অৱস্থাত যিবিলাক প’ৰ্টফ’লিঅ’ৰ গড় মেচিঅ’ৰিটি বেছি সেইবিলাকে সুত কমিলে আটাইতকৈ বেছি উপকৃত হ’ব।এনে পৰিস্থিতিত ফাণ্ড মেনেজাৰে নীতি-নিৰ্দেশনাৰ এই শিথিলতাৰ সুযোগ ল’ব পাৰে। ইফালে বিপৰীত পৰিস্থিতিত এই শিথিলতা থাকিলেও ফাণ্ড মেনেজাৰে তেনে সিদ্ধান্ত কেতিয়াও নল’ব।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ আল্ট্ৰা চৰ্ট টাৰ্ম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ৮.৪, ৯.২, ৮.৫, ৯.২ আৰু ৯ শতাংশ।দুটা কথা লক্ষ্য কৰক- প্ৰথম, লিকুইড ফাণ্ডৰ তুলনাত এই শ্ৰেণীত ৰিটাৰ্ন বেছি।দ্বিতীয়, একেটা শ্ৰেণীতে সময় দীঘলীয়া হ’ল বুলিয়েই ৰিটাৰ্নো যে বেছি হ’ব তেনে কথা নাই।বিভিন্ন সময়ত বিনিয়োগৰ পৰা পোৱা সুতৰ পাৰ্থক্যই ইয়াৰ কাৰণ।
ছৰ্ট টাৰ্ম ডেট ফাণ্ড : ৰিস্ক আৰু ৰিটাৰ্নৰ দিশৰ পৰা আল্ট্ৰা ছৰ্ট ডেট ফাণ্ডৰ ওপৰৰ শ্ৰেণী।ইয়াত সাধাৰণতে ফাণ্ড মেনেজাৰ এজনে বিনিয়োগৰ পৰিবেশলৈ লক্ষ্য ৰাখি ফাণ্ডত থকা বিনিয়োগ দ্ৰব্যৰ এভাৰেজ মেচিঅ’ৰিটি একৰ পৰা চাৰি বছৰমানৰ ভিতৰত ৰাখে ।সাধাৰণতে ৬ মাহমানলৈ টকাৰ আৱশ্যক নহ’লে এনে ফাণ্ড বিনিয়োগকাৰীৰ বাবে উপযোগী।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ ছৰ্ট টাৰ্ম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১০.৮, ৯.২, ৯.১, ৯.৮ আৰু ৯ শতাংশ।
ইনকাম ফাণ্ড : মধ্যম বা দীঘলীয়া সময়ৰ বাবে এই শ্ৰেণীটো উপযোগী।ফাণ্ড মেনেজাৰে প্ৰয়োজন অনুসাৰে দীঘলীয়া ঋণ জাতীয় বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিবলৈ স্বাধীনতা পায়। ছৰ্ট টাৰ্ম ফাণ্ডতকৈ ইয়াত ৰিস্ক আৰু ৰিটাৰ্নৰ সম্ভাৱনা বেছি।সাধাৰণ অৱস্থাত এবছৰতকৈ কম সময়ৰ বাবে এনে ফাণ্ড উপযোগী নহয়।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ ইনকাম ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১৩.২, ১৬.৪, ১০.৪, ১০.৬ আৰু ৯.১ শতাংশ।
মিডিয়াম আৰু লং টাৰ্ম গিল্ট ফাণ্ড : এইবিলাক ফাণ্ডে মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ চৰকাৰী ঋণ সম্পদতহে বিনিয়োগ কৰে।যিহেতু চৰকাৰী দীৰ্ঘম্যাদী ঋণ সম্পদসমূহৰ কালদৈৰ্ঘ্য ১০ ৰ পৰা ৩০ বছৰপৰ্যন্ত হ’ব পাৰে সেয়ে সুতৰ উত্থান-পতনৰ দিশৰ পৰা এই ফাণ্ড সমূহ অতি সংবেদনশীল।ভেলু ৰিচাৰ্চ অনলাইন ডট কমৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় মিউচুৱেল ফাণ্ড জগতৰ সমূহ মিডিয়াম আৰু লং টাৰ্ম গিল্ট ফাণ্ডৰ গড় ৰিটাৰ্ন বাৰ্ষিক হিচাপত যোৱা এমাহ, তিনিমাহ, এবছৰ, তিনিবছৰ আৰু পাঁচ বছৰত ক্ৰমে ১৮, ২৪, ১২.৯, ১১.৯ আৰু ৯.৯ শতাংশ।
ইয়াৰ ওপৰিও চৰ্ট টাৰ্ম গিল্ট ফাণ্ড, ক্ৰেডিট অপৰ্চুনিটি ফাণ্ড, ডাইনেমিক বণ্ড ফাণ্ড আদি উপ-বিভাগো ভাৰতীয় মিউচুৱেল ফাণ্ডত আছে।প্ৰয়োজন আৰু ল’ব পৰা ৰিস্ক অনুযায়ী এইবোৰ ফাণ্ড বিনিয়োগকাৰীয়ে গ্ৰ্হণ কৰিব পাৰে।
**************