মিউচুৱেল ফাণ্ডৰ আঁচনি এখন কেতিয়া ভাল বুলি ক’ম ? যেতিয়া ভাল ৰিটাৰ্ন দিয়ে, নহয় জানো ? কিমান শতাংশ ৰিটাৰ্নক ভাল বুলি ধৰিম ? বিশেষকৈ যেতিয়া বজাৰ দীৰ্ঘসময়ৰ বাবে বেয়া থাকে তেতিয়া ভাল ইকুইটি আঁচনি এখন কেনেকৈ নিৰ্বাচন কৰিম ? এনেধৰণৰ সমস্যাৰ মুখামুখি হ’বলগাত পৰে মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰী।যিহেতু বেংক ফিক্সড ডিপ’জিটজাতীয় বিত্তীয় দ্ৰব্যৰ দৰে পূৰ্বনিৰ্ধাৰিত ৰিটাৰ্ন মিউচুৱেল ফাণ্ডত ঘোষণা কৰিব নোৱাৰে, অৰ্থাৎ ৰিটাৰ্ন বজাৰনিৰ্ভৰ, সেয়ে ইয়াত ভাল-বেয়া সেয়া মাত্ৰ তুলনাৰ জৰিয়তেহে সম্ভৱ।সেই তুলনা সাধাৰণতে দুটা ৰিটাৰ্নৰ লগত কৰিব পাৰি।(১) সেই বিশেষ ফাণ্ডটোৰ বেন্সমাৰ্কৰ লগত আৰু (২) সেই শ্ৰেণীটোৰ সমস্ত ফাণ্ডৰ গড় ৰিটাৰ্নৰ লগত।যদি বেন্সমাৰ্ক আৰু সমগোত্ৰীয় আঁচনিসমূহৰ গড় ৰিটাৰ্নতকৈ দীৰ্ঘ সময়ত ফাণ্ডটোৱে বেছি ৰিটাৰ্ন দিয়ে, তেন্তে তেনে আঁচনি আকৰ্ষণীয়।কিন্তু তেনে ৰিটাৰ্ন দিবলৈ যাওঁতে ফাণ্ডটোৱে কেনেধৰণৰ ৰিস্ক লৈছে সেয়া ফাণ্ড এটাৰ পাৰদৰ্শিতা নিৰূপণ কৰোতে চাবলগীয়া অন্য এটা দিশ।
ফাণ্ড একোটাৰ ৰিটাৰ্নৰ বিপৰীতে থকা ৰিস্কক সংখ্যাত বুজাবলৈ ব্যৱহাৰ কৰা অন্যতম সঁজুলি হৈছে ষ্টেণ্ডাৰ্ড ডেভিয়েচন।ফাণ্ড এটাই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিয়া ৰিটাৰ্ন তাৰ নিজৰ গড় ৰিটাৰ্নৰ পৰা কিমান দূৰত্বত অৱস্থান কৰিছে সেই প্ৰাথমিক তথ্যৰ পৰাই ষ্টেণ্ডাৰ্ড ডেভিয়েচনৰ মান নিৰ্ণয় কৰা হয়। ভেলু ৰিছাৰ্চ নামৰ প্ৰতিষ্ঠানটোৱে ইকুইটি ফাণ্ডৰ কাৰণে ষ্টেণ্ডাৰ্ড ডেভিয়েচন গণনা কৰে বিগত তিনি বছৰীয়া সময়ৰ গড় ৰিটাৰ্নৰ পৰা মাহেকীয়া ৰিটাৰ্ন কিমান দূৰত সেই প্ৰাথমিক তথ্যৰ পৰা।যিমানেই সংখ্যাটো ডাঙৰ হ’ব, বুজা যাব যে ৰিটাৰ্ন আহৰণ কৰিবলৈ যাওঁতে ফাণ্ডটোৰ উত্থান-পতন বেছি।ধৰক, দুটা সমগোত্ৰীয় ফাণ্ড ‘ক’ আৰু ‘খ’। দুয়োটাৰে ৰিটাৰ্ন যোৱা তিনি বছৰত বাৰ্ষিক হাৰত ১৫ শতাংশ। কিন্তু ‘ক’ ফাণ্ডটোৰ সেই সময়ছোৱাত ষ্টেণ্ডাৰ্ড ডেভিয়েচন ১৫ আৰু ‘খ’ ফাণ্ডটোৰ ২০। ইয়াৰ অৰ্থ হ’ব একে সমান ৰিটাৰ্ন দিবলৈ যাওঁতে ‘ক’ ফাণ্ডটোৰ তুলনাত ‘খ’ ফাণ্ডটোৱে বেছি উত্থান-পতনৰ সন্মুখীন হৈছে। সেইফালৰ পৰা ‘ক’ ফাণ্ডটো ‘খ’ৰ তুলনাত অধিক আকৰ্ষণীয়।অৱশ্যে একমাত্ৰ ষ্টেণ্ডাৰ্ড ডেভিয়েচন একমাত্ৰ সঁজুলি নহয় ফাণ্ড এটাক পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত। তদুপৰি দুটা পৃথক শ্ৰেণীৰ ফাণ্ডৰ মাজত ষ্টেণ্ডাৰ্ড ডেভিয়েচন তুলনা কৰা নাযায়। উদাহৰণস্বৰূপে লাৰ্জ কেপ ফাণ্ডৰ উত্থান-পতন স্মল কেপ ফাণ্ডৰ তুলনাত কম। সেয়ে অৱধাৰিতভাৱে স্মল কেপ ফাণ্ডৰ ষ্টেণ্ডাৰ্ড ডেভিয়েচন সাধাৰণ অৱস্থাত লাৰ্জ কেপ ফাণ্ডৰ তুলনাত বেছি হোৱাতো স্বাভাৱিক।
আন এটা পৰিসংখ্যা হৈছে বিটা।বেন্সমাৰ্কৰ তুলনাত ফাণ্ড এটাৰ ৰিটাৰ্ন কেনে হ’ব পাৰে তাক এই পৰিসংখ্যাৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা হয়।ধৰা হওক, ‘ক’ আৰু ‘খ’ দুটা সমগোত্ৰীয় ফাণ্ডৰ বেন্সমাৰ্ক হৈছে ছেনছেক্স। বেন্সমাৰ্কৰ বিটা মূল্য এক বুলি ধৰা হয়। ‘ক’ আৰু ‘খ’ ফাণ্ডৰ বিটা মূল্য যেনিবা ক্ৰমে ০.৭৫ আৰু ১.২৫ । এতিয়া ছেনছেক্সে যদি অনাগত এবছৰত ১০ শতাংশ ৰিটাৰ্ন দিয়ে তেন্তে ‘ক’ ফাণ্ডৰ পৰা আশা কৰা উচিত ১০ X o.৭৫ = ৭.৫ শতাংশ ৰিটাৰ্ন আৰু ‘খ’ ফাণ্ডৰ পৰা ১০ x ১.২৫ = ১২.৫০ শতাংশ ৰিটাৰ্ন।ঠিক একেদৰে বজাৰ মন্দা অৱস্থাত একতকৈ অধিক বিটা মূল্য থকা ফাণ্ডৰ বেন্সমাৰ্কতকৈ বেছি লোকচান হ’ব আৰু একতকৈ কম বিটা মূল্য থকা ফাণ্ডৰ ক্ষেত্ৰত সেই লোকচান বেন্সমাৰ্কতকৈ কম হ’ব
এতিয়া কথা হ’ব এটা ফাণ্ডৰ এই বিটা মূল্য গ্ৰহণযোগ্য হয় নে নহয় তাক জনাটো।অৰ্থাৎ ফাণ্ডৰ ৰিটাৰ্ন আৰু বেন্সমাৰ্কৰ ৰিটাৰ্নৰ মাজত সম্পৰ্ক কেনেকুৱা তাক বুজাটো। ইয়াক নিৰ্ণয় কৰিবলৈ আৰ স্কুৱাৰ্ড (R- Squared)নামৰ অন্য এটা পাৰিসংখ্যালৈ লক্ষ্য কৰা হয়।বেন্সমাৰ্কৰ লগত ফাণ্ডটোৰ সম্পৰ্কৰ নিকটতা জুখিবলৈ এই পৰিসাংখ্যিক সঁজুলি ব্যৱহাৰ কৰা হয়।শূন্যৰ পৰা একৰ ভিতৰত থাকে এই স্কেল। শূন্য মানে ফাণ্ডৰ ৰিটাৰ্ন আৰু বেন্সমাৰ্কৰ ৰিটাৰ্নৰ মাজত কোনো সম্পৰ্ক নাই আৰু এক মানে এশ শতাংশ মিল থকা সম্পৰ্ক।ভেলু ৰিছাৰ্চ নামৰ সংস্থাটোৰ মতে ০.৮ ৰ পৰা একৰ ভিতৰত আৰ স্কুৱাৰ্ড থাকিলে এটা ডাইভাৰ্ছিফাইড ইকুইটি ফাণ্ড আৰু তাৰ বেন্সমাৰ্কৰ নিকট সম্পৰ্ক থকা বুলি গণ্য কৰিব পাৰি।যদি আৰ স্কুৱাৰ্ড মূল্য তেনেই সৰু হয় তেন্তে সেই ফাণ্ডৰ বিটা আৰু বেন্সমাৰ্কৰ ভিত্তিত ৰিটাৰ্নৰ প্ৰত্যাশা নিৰ্মাণ কৰিব নোৱাৰি।
*******