ক্ৰিকেটৰ ফিল্ডত কেপ্টেইনে প্ৰতিপক্ষ আৰু দৰ্শকৰ চকু কপালত তুলিব পৰা এক অভাৱনীয় সিদ্ধান্ত লোৱাৰ দৰে চৰকাৰে বিমুদ্ৰাকৰণৰ আঁচনি ঘোষণা কৰে।সিদ্ধান্তৰ উচিত্য চৰ্চাৰ বিপৰীতে ভাৰতীয়সকলে বিনিয়োগৰ সময়ত আটাইতকৈ বেছি পছন্দ কৰা ঘৰ-মাটি আৰু সোণৰ ওপৰত অনাগত দিনত এই সিদ্ধান্তৰ প্ৰভাৱ কি হ’ব পাৰে, সেই বিষয়ে কিছু কথা ক’ব খুজিছো।কিন্তু এইটো প্ৰথমেই স্বীকাৰ কৰা উচিত হ’ব যে সম্ভাৱনীয়তা থকা বহু ঘটনা ভূমিষ্ঠ নহয়।আন এটা বিপৰীতমুখী কাৰকৰ উৎপত্তিয়ে চৰ্চিত কাৰকৰ গুৰুত্ব নোহোৱা কৰে। তথাপি বেঙামেলি ভৱিষ্যতক চাবলৈ প্ৰয়াস কৰিছো এই চুটি বিশ্লেষণৰ মাজেৰে।
ঘৰ-মাটি : ঘৰ-মাটিৰ বজাৰখনত চাহিদা আৰু যোগানৰ উপৰি আন এটা গুৰুত্বপূৰ্ণ কাৰক হ’ল – ক্ৰেতাই ঢুকি পোৱা দামৰ ভিতৰত সম্পত্তি পোৱাৰ অৱস্থাত আছে নে নাই।বিগত ভালেমান বছৰৰ আগৰ পৰাই এইটো প্ৰায় নিয়মৰ দৰেই আছিল যে ঘৰ-মাটি কিনিবলৈ এটা অংশ নগদ ধন দিব লাগিব যাৰ তথ্য লেনদেনৰ চুক্তিত নাথাকিব, অৰ্থাৎ ক’লা টকাৰ ব্যৱহাৰ হ’ব।যথেষ্টসংখ্যক মানুহৰ হাতত এই অংশটো বেছি থাকিলে তেওঁলোকৰ বৰ্ধিত ক্ৰয় ক্ষমতাই বজাৰত স্বভাৱিকতেই প্ৰভাৱ বিস্তাৰ কৰে। এতিয়া কথা হ’ল বিমুদ্ৰাকৰণে এই ক’লা টকাক ভৱিষ্যতৰ লেনদেনৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হ’ব নে নাই ? যদি সৰ্বসাধাৰণে আশা কৰাধৰণে চৰকাৰ সফল হয়, তেন্তে তাৰ সুফল তাৎক্ষণিকভাৱে নহলেও ৬ মাহৰ পৰা এবছৰৰ ভিতৰত ক্ৰেতাই পাব লাগে।বহু বিশেষজ্ঞৰ মতে এই দাম ৩০ শতাংশপৰ্যন্ত কমিব পাৰে। কিন্তু কাৰ্যত কেতিয়াবা এনেকুৱাও হ’ব পাৰে যে দাম নকমিল, কিন্তু আজিৰ দাম দুই-তিনি বছৰপৰ্যন্ত একেই থাকিল।মুদ্ৰাস্ফীতিৰ লগে লগে দাম বাঢ়ি নোযোৱা, সেয়াও ক্ৰেতাৰ বাবে লাভেই।অৱশ্যে বিক্ৰেতাৰ বাবে হ্ৰস্বকালীনভাৱে লোকচানদায়ক।
আই চি আই চি আই বেংকৰ ভূতপূৰ্ৱ অধ্যক্ষ কে ভি কামাথৰ অনুমানমতে এই বিমুদ্ৰাকৰণৰ জৰিয়তে ভাৰত চৰকাৰৰ প্ৰায় আঢ়ৈ লাখ কোটি টকা লাভ হ’ব।তেনে অৱস্থাত ইচ্ছা কৰিলে চৰকাৰে আয়কৰৰ সীমা বঢ়াই বা কৰ কমোৱাৰ সুযোগ দি(যেনে নিজে থাকিবলৈ ক্ৰয় কৰা ঘৰৰ ক্ষেত্ৰত ঋণৰ সুদ আয়ৰ পৰা বিয়োগ কৰিব পৰা সীমা বৰ্তমানৰ দুই লাখৰ পৰা বৃদ্ধি কৰা)কৰদাতাক উপকৃত কৰিব পাৰে।আয়কৰ কমা মানেই মানুহৰ গৃহ ঋণ আদিৰ কিস্তি মাৰিবলৈ সামৰ্থ বঢ়া।আনহাতে ভাৰতীয় বেংকীয় ব্যৱস্থাত ইমান টকাৰ আগমন ঘটিছে যে দেশত মুদ্ৰাস্ফীতি বৰ্তমানৰ দৰে কমি থাকিলে ৰিজাৰ্ভ বেংকে অনাগত দিনত সুদৰ হাৰ কম কৰিবলৈ বাধ্য।সুদৰ হাৰ এক শতাংশও যদি কমে গৃহ ঋণ লওঁতাসকল উপকৃত হোৱাটো নিশ্চিত।
সোণ : ভাৰতীয় মানুহৰ মনস্তত্ত্বলৈ লক্ষ্য কৰিলে দেশত যে কেতিয়াবা সোণৰ চাহিদা কমিব তেনে নালাগে।এক তথ্যমতে ভাৰতৰ ২৫ শতাংশ অলংকাৰ ব্যৱসায়ীহে সুসংগঠিত। কিন্তু এই ২৫ শতাংশ ব্যৱসায়ীয়ে দেশৰ ৮০ শতাংশ অলংকাৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে।এই সুসংগঠিত ব্যৱসায়ত বিমুদ্ৰাকৰণে সাংঘাতিক বিৰূপ প্ৰভাৱ পেলাব বুলি মনে নধৰে।কিন্তু সোণৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰতহে বেছি নিৰ্ভৰশীল আৰু টকা ডলাৰৰ বিপৰীতে অৱমূল্যায়ন হোৱা-নোহোৱা বেছি গুৰুত্বপূৰ্ণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভে অনাগত দিনত আশা কৰাধৰণে যদি সুত বঢ়াই তেন্তে ঐতিহাসিক তথ্য অনুসৰি সোণৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত কমাৰ সম্ভাৱনা অধিক।সেই সময়ত যদি টকাৰ মূল্য ডলাৰৰ বিপৰীতে নকমে ভাৰততো সোণৰ দাম কমিব।
*****