সাধাৰণতে আশাই হওক বা আশংকাই হওক আমাক অধিক প্ৰভাৱাম্বিত কৰে শেহতীয়া অভিজ্ঞতাই। আচৰণ সমন্ধীয় বিত্তীয় চৰ্চাত ইয়াক কোৱা হয় ৰিচেন্সি বায়াছ বা সাম্প্ৰতিকতা পক্ষপাত। অতি শেহতীয়াভাৱে যদি ইকুইটিৰ ৰিটাৰ্ন ঋণাত্মক হয় তেন্তে আমি এই সম্পদশ্ৰেণীটোক সন্দেহ কৰিবলৈ লওঁ আৰু যদি শেহতীয়াভাৱে অভাৱনীয়ৰূপত ইকুটি বিনিয়োগকাৰী লাভৱান হোৱা বুলি জানিব পাৰো সামগ্ৰিকভাৱে ইকুইটি শ্ৰেণীটোৰ ওপৰতেই আমি অতি বেছি আশাবাদী হৈ উঠো। কোৱা বাহুল্য যে এনে অভিজ্ঞতা নিৰ্ভৰ বিনিয়োগ সিদ্ধান্তই প্ৰায়েই বিনিয়োগকাৰীক পাছত অসুখী কৰে। যি বিনিয়োগকাৰীজনৰ দীৰ্ঘম্যাদী বিনিয়োগ দৰ্শনত ঋণাত্মক প্ৰভাৱ পেলায়।
মই যদি ইকুইটি মিউচুৱেল ফাণ্ড এটাত বিনিয়োগ কৰো কিমান ৰিটাৰ্ন আশা কৰা উচিত? এইটো এজন নতুন বিনিয়োগকাৰীৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু ইয়াৰ উত্তৰ একেষাৰে দিবলৈ অসুবিধা। এই লেখাটোত সেয়ে ইকুইটি মিউচুৱেল ফাণ্ডৰ এজন নতুন বিনিয়োগকাৰীৰ কথা মনত ৰাখি লিখিবলৈ যত্ন কৰিছোঁ। ধৰক, প্ৰশ্ন কৰোঁতাক মই এটা পৰিসৰ ধৰি দিলোঁ – দীৰ্ঘম্যাদী বিনিয়োগকাৰীয়ে ইকুইটি মিউচুৱেল ফাণ্ডৰ পৰা বছৰি চক্ৰবৃদ্ধি হাৰত ১২ ৰ পৰা ১৫ শতাংশ আশা কৰিব পাৰে। ইয়াৰ পাছত আপোনাৰ প্ৰশ্নবোৰ নিশ্চয় হ’ব – দীৰ্ঘম্যাদী মানে কিমান দিন? এনে প্ৰত্যাশাৰ ভিত্তি কি? আদি ইত্যাদি।
প্ৰথমে চাওঁ আহক ইকুইটিত বিনিয়োগ কৰিলে আমালৈ ৰিটাৰ্ন কেনেকৈ আহে। ধৰক মোৰ এটা ব্যৱসায় আছে। মই আপোনাৰ পৰা এটা পৰিমাণৰ টকা বিচাৰিলো আৰু তাৰ বিপৰীতে মোৰ ব্যৱসায়ৰ এটা অংশ আপোনাক দিয়াৰ প্ৰস্তাব দিলোঁ। আপুনি যদি মোৰ প্ৰস্তাবটো গ্ৰহণ কৰে, তেতিয়া ব্যৱসায়ত লাভ হ’লে লাভাংশ নিয়মীয়াকৈ আপোনালৈ গৈ থাকিব আৰু লোকচানত কিন্তু আপুনিও হেৰুৱাবলৈ সাজু থাকিব লাগিব। এইবাৰ ধৰক ব্যৱসায়ৰ অংশ কিনা-বেচা ব্যক্তিগত স্থানত নহৈ এখন বজাৰত হয়। গাঁৱৰ সাপ্তাহিক বজাৰখনলৈ মনত পেলাওক। য’ত গাঁৱলীয়া মানুহে নিজৰ বাৰীৰ উৎপাদিত সামগ্ৰী আনে বিক্ৰী কৰিবলৈ, গ্ৰাহক আহে কিনিবলৈ আৰু কোনোবাই ইচ্ছা কৰিলে ঠাইতে কিনি ঠাইতে বিক্ৰী কৰিব পাৰে। মোৰ ব্যৱসায়ৰ এটা অংশ তেনে এখন হাটত বিক্ৰী কৰিবলৈ আহিলোঁ। দাম শুনালোঁ। গ্ৰাহকে কিনিব খুজিলে মোৰ ব্যৱসায়ৰ অংশ কিনিব পাৰে। লক্ষ্য কৰক, এজন গ্ৰাহকে মোক দিব খোজা দাম নিৰ্ভৰ কৰিব ভৱিষ্যতে ব্যৱসায়টোৱে কি পৰ্যায়ত লাভ কৰাৰ সম্ভাৱনা তেওঁ দেখে তাৰ ওপৰতহে। গাখীৰৰ আশাত মাইকী গৰু কিনাৰ নিচিনা কথা। অতীতৰ লাভ-লোকচানৰ তথ্যই মাত্ৰ ব্যৱসায়টোত হ’ব পৰা লাভ-লোকচানৰ এটা ধাৰণাহে দিব। আহিবলগীয়া সময়ত মোৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা উজ্জ্বল দেখিলে অধিক দাম দিবলৈ গ্ৰাহকে কুণ্ঠাবোধ নিশ্চয় নকৰিব। অৱশ্যে গ্ৰাহকভেদে প্ৰত্যাশা বেলেগ বেলেগ হ’ব। এনেদৰে নিজৰ টকাৰ প্ৰয়োজনতেই হওক বা লাভ-লোকচানৰ নিজস্ব সমীকৰণৰ বাবেই হওক শ্বেয়াৰৰ কিনা বেচা বজাৰত হৈ থাকে। ধৰক, বজাৰত বেলেগ এজন মানুহৰ পৰা আপুনি মোৰ ব্যৱসায়ৰ অংশ এটা কিনিলে। ইয়াৰ ফলত সেই বিনিয়োগকাৰীজনে বিগত সময়চোৱাত মোৰ ব্যৱসায়ৰ পৰা লাভাংশ পোৱাৰ ওপৰিও অন্য এটা ফালৰ পৰাও লাভবান হ’ব যদিহে মোৰ ব্যৱসায়ৰ অংশটো মোৰ পৰা কিনা দামতকৈ তেখেতে আপোনাক অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হয়। অৰ্থাৎ তেওঁ লাভৱান হোৱাৰ উৎস দুটা – (১) ইতিমধ্যেই পোৱা ব্যৱসায়ৰ লাভাংশ আৰু (২) শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে হোৱা মূলধনী লাভ। এই বজাৰখনৰ সকলো কিনা বেচা একো একোজন দালালৰ যোগেদিয়েই হয়।
ধৰক, বজাৰখনত বিক্ৰী হোৱা বিভিন্ন খণ্ডৰ কিছুমান গুৰুত্বপূৰ্ণ কোম্পানীৰ শ্বেয়াৰৰ বিশেষ অনুপাতত মিহলাই এনে এটা কৃটিম কোম্পানীৰ শ্বেয়াৰ নিৰ্মাণ কৰা হৈছিল যাতে বজাৰখনত ক্ৰয়-বিক্ৰয় হোৱা শ্বেয়াৰৰ মূল্য উত্থান–পতনৰ ইংগিত সামগ্ৰিকভাৱে পোৱা যায়। এই কৃটিম কোম্পানীটোৰ শ্বেয়াৰক সূচকাংক বোলা হয়। বোম্বাই চিকিঅ’ৰিটি একচেঞ্জৰ ‘ছেনছেক্স’ তেনে এটা সূচকাংক। এতিয়া এই সূচকাংকটোৰ সূদীৰ্ঘ দিনৰ বুৰঞ্জী লক্ষ্য কৰিলে আমি সেই বজাৰখনত মানে বম্বে ষ্টক একচেঞ্জত শ্বেয়াৰে দিয়া ৰিটাৰ্নৰ এটা ধাৰণা পাম। ছেনছেক্স আৰম্ভ কৰা হৈছিল ১০০ পইণ্টেৰে ১৯৭৯ চনৰ এক এপ্ৰিল তাৰিখে। ২৯ মাৰ্চ ২০১৯ শুকুৰবাৰে ইয়াৰ মূল্য হৈছিলগৈ ৩৮,৬৭২.৯১।অৰ্থাৎ ৪০ বছৰত বছৰি চক্ৰবৃদ্ধি হাৰত এই উত্থান হৈছে – ১৬.০৬ শতাংশ। এইছোৱা সময়ত ভাৰতে কাৰ্গিল যুদ্ধ, বিভিন্ন অৰ্থনৈতিক মন্দা অৱস্থা আদিৰ মাজেৰে পাৰ হৈ আহিছে। কোনো এজন বিনিয়োগকাৰীয়ে যদি অহা দহ বছৰ সময় লৈ ইকুইটিত বিনিয়োগ আৰম্ভ কৰে এই দীৰ্ঘদিনীয়া ঐতিহাসিক ৰিটাৰ্নৰ আশে-পাশে বা ওপৰত মই উল্লেখ কৰা ১২-১৫ শতাংশ হাৰত ৰিটাৰ্ন পোৱাৰ সম্ভাৱনা আছে নে? অহা সংখ্যাত অন্য কিছুমান তথ্যৰ ভিত্তিত ছবিখন চাবলৈ যত্ন কৰিম।
******