অৱসৰ! সাজুনে আপুনি সেই দিনবোৰৰ বাবে? যেতিয়া আৰু আপুনি আজিৰ দৰে উপাৰ্জনক্ষম হৈ নাথাকিব৷ জীৱনৰ শেষ দিনটোলৈকে নিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব বিগত দিনৰ সঞ্চিত ধনৰ ওপৰত৷ অৱশ্যে আপুনি যদি ১ জানুৱাৰী ২০০৪ ৰ আগতে চৰকাৰী চাকৰিত সোমাইছিল বা দেশৰ সেনা বাহিনীত কৰ্মৰত, তেন্তে হয়তো ক’ব পৰা অৱস্থাত আছে যে সেইবিলাক কথা আপুনি চিন্তা নকৰিলেও হ’ব, চৰকাৰে ভাবিব৷ কিন্তু যদিহে আপুনি চৰকাৰী চাকৰিয়াল যি ১ জানুৱাৰী ২০০৪ ৰ পিচত চাকৰিত সোমাইছে বা বেচৰকাৰী চাকৰিয়াল নাইবা স্ব-নিয়োজিত ব্যক্তি, তেন্তে এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত আপুনি ইমান উদাসীন হ’ব নোৱাৰে৷ অৰ্থাৎ আপুনি যদি অৱসৰৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে বুজিবলৈ চেষ্টা নকৰে, তেন্তে সেই বিশেষ দিনবোৰ সোণোৱালী হোৱাৰ পৰিবৰ্তে বিষময় হ’ব পাৰে৷ কিয়নো পেন্সন ব্যৱস্থাৰ ক্ষেত্ৰত দেশ বৰ্তমান সংজ্ঞা নিৰূপিত বৰঙণিৰ যুগত৷
প্ৰথমে চাওঁ আহক পেন্সন ব্যৱস্থাত সংজ্ঞা নিৰূপিত উপকাৰ আঁচনি (ডিফাইণ্ড বেনিফিট প্লান) আৰু সংজ্ঞা নিৰূপিত বৰঙণি আঁচনি (ডিফাইণ্ড কনট্ৰিবিউচন প্লান) মানে কি? সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিত আজীৱন পেন্সন প্ৰাপ্তিৰ ক্ষেত্ৰত পূৰ্বনির্ধাৰিত হিচাপত নিয়োগকৰ্তাই নিশ্চিতি প্ৰদান কৰে৷ কিমান পেন্সন পাব তথা কেনেকৈ বৃদ্ধি হ’ব সকলো সংজ্ঞাবদ্ধ হৈ থাকে পূৰ্বতেই৷ মুঠৰ ওপৰত পেন্সন পাওঁতাই ভবাৰ দৰকাৰ নাই ক’ৰ পৰা টকা আহিব বা তেওঁলোকৰ নামত জমা পুঁজিয়ে কি হাৰত ফল লাভ কৰিছে৷ এই সকলো কথা চিন্তা কৰাৰ দায়িত্ব নিয়োগকর্তাৰ৷ নিয়োগকৰ্তাই বৰ্তমানৰ উপাৰ্জনৰ পৰাও এই খৰচ বহন কৰিবলগা হ’ব পাৰে৷ অন্যহাতে সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিত পেন্সনৰ বাবে বৰঙণি কিমান হ’ব সেয়াহে নিৰ্ধাৰিত হৈ থাকে৷ অৰ্থাৎ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ বৰঙণি কিমান হ’ব তাকহে জানিব পৰা যায়৷ কিন্তু শেষ ফলাফল মানে পেন্সন কিমান পাব সেয়া নিৰ্ভৰ কৰিব বৰঙণি তথা সেই বৰঙণিৰে ক্রয় কৰা সম্পদে কেনেধৰণৰ ফল দিব তাৰ ওপৰত৷ বৰঙণি যোগানতেই নিয়োগকৰ্তাৰ দায়িত্ব শেষ৷ কোনখন আঁচনি ভাল বুলি সুধিলে একেষাৰে ক’ব পাৰি যে চাকৰিয়ালৰ বাবে সংজ্ঞা নিৰূপিত উপকাৰ পেন্সন আঁচনি ভাল আৰু নিয়োগকৰ্তাৰ বাবে সংজ্ঞা নিৰূপিত বৰঙণি পেন্সন আঁচনি সুবিধাজনক৷ কি কাৰণতনো আমাৰ দেশে এই বৰঙণিমূলক পেন্সন ব্যৱস্থা গ্ৰহণ কৰিবলগা হ’ল? ইয়াৰ উত্তৰত যিকেইটা যুক্তি উলাই কৰিব নোৱাৰাধৰণৰ, সেইকেইটা হ’ল এইক্ষেত্ৰত আমাৰ দেশেই একমাত্ৰ নহয় যি বৰঙণিমূলক পেন্সন ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ দেখা গৈছে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ আয়ুস চকুত লগাকৈ বৃদ্ধি পাবলৈ ললে৷ তদুপৰি জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিয়া দেশ একোখনত লাহে লাহে বৃদ্ধ লোকৰ অনুপাত বাঢ়ি যোৱাটোৱেই স্বাভাৱিক৷ এনে পৰিস্থিতিত পেন্সন ব্যৱস্থাৰ নামত বৰ্তমানৰ উপাৰ্জনৰ পৰা অৱসৰপ্ৰাপ্ত লোকসকল পেন্সন দিবলগীয়া হোৱা আৰু সেই পেন্সন মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বঢ়াই নিয়া সহজ নহয়৷ এক কথাত পুৰণি প্ৰজন্মৰ স্বাৰ্থত নতুন প্ৰজন্মৰ ওপৰত চাপ বৃদ্ধি কৰি নি থকা যেন হ’ব৷ অৱশ্যে এইখিনিতে মই এইটো স্পষ্ট কৰিব খোজো যে মোৰ এই লেখাটোৰ উদ্দেশ্য বৰঙণিমূলক পেন্সন ব্যৱস্থাৰ সমৰ্থন কৰাৰ বাবে নহয়৷ মোৰ মূল উদ্দেশ্য হৈছে এই বৰঙণিমূলক পেন্সন ব্যৱস্থাৰ যুগত মানুহে কেনেকৈ সাজু হ’ব লাগিব তাক আলচ কৰাহে৷
বৰঙণিমূলক পেন্সন ব্যৱস্থাত এজন মানুহে বৰঙণি যোগাই যোৱা দিনবোৰত এটা প্ৰশ্ন কেতিয়াও এৰাই চলিব নোৱাৰে আৰু সেই প্ৰশ্নটো হ’ল সেই বৰঙণি অৱসৰৰ দিনবোৰ ভবাৰ দৰে কটাব পৰাকৈ যথাযথ হয় নে নহয়? এই প্ৰশ্নটোৰ উত্তৰ সন্ধান কৰিবলৈ যাওঁতে বহু কাৰকক আমি অনুমানৰ আধাৰত ল’বলৈ বাধ্য৷ যেনে – মুদ্ৰাস্ফীতি, বিনিয়োগৰ ফলাফল, মানুহজনৰ জীৱনকাল ইত্যাদি৷ কাৰণ গোটেইখিনি ভৱিষ্যতৰ গৰ্ভত৷ সেয়ে জমাৰ সময়ছোৱাতেই হওক নাইবা খৰচৰ সময়ছোৱাতেই হওক সুক্ষ্ম পৰ্যবেক্ষণৰ আৱশ্যক৷
আজি জয়ন্ত বৰাৰ অৱসৰৰ প্ৰয়োজন বিশ্লেষণৰ জৰিয়তে আমি আগবাঢ়ো আহক৷ জয়ন্ত এজন ২৫ বছৰীয়া যুৱক৷ নতুনকৈ চাকৰিত সোমাইছে৷ ৬০ বছৰ বয়সত তেওঁ অৱসৰ লব বিচাৰে৷ এতিয়া জয়ন্তৰ অৱসৰ সমন্ধীয় মূল প্ৰশ্নটো হৈছে ৬০ বছৰ বয়সত তেওঁক কিমান টকা লাগিব যাৰে নেকি জয়ন্তই মৃত্যু পৰ্যন্ত টকাৰ অসুবিধা নোপোৱাকৈ চলি যাব পাৰে৷ জয়ন্তই বংশ-পৰিয়ালৰ মানুহৰ জীৱনকাললৈ লক্ষ্য কৰি অনুমান কৰিছে যে তেওঁৰ অন্ততঃ ৯০ বছৰ জীয়াই থাকিম বুলি পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে৷ কাৰণ পৰিয়ালৰ অগ্ৰজ বেছিভাগ লোকেই দীৰ্ঘ জীৱন পোৱাৰ উদাহৰণেৰে পূৰ্ণ৷ যিহেতু জয়ন্তই এতিয়াও বিয়া পতা নাই৷ সেয়ে পত্নী সম্বন্ধীয় তথ্য আমাৰ প্ৰয়োজন বিশ্লেষণত এতিয়াই অন্তৰ্ভূক্ত নহ’ব৷ যেতিয়া জয়ন্তই বিয়া পাতিব তেতিয়া প্ৰয়োজনীয় সংশোধনীৰ সহায় লোৱা হ’ব৷ সদ্যঅৱসৰপ্ৰাপ্ত দেউতাকক সুধি জয়ন্তই গ’ম পাইছে যে বৰ্তমান ২০ হেজাৰ টকাৰে দেউতাকৰ অৱসৰ জীৱন আউল নলগাকৈ চলি গৈছে৷ জয়ন্তই ভাবিছে যে নিজৰ ক্ষেত্ৰত সংখ্যাটো ২৫ হেজাৰ হ’লে বেছি ভাল হ’ব৷
এতিয়া অৰ্থ সমন্ধীয় দৃষ্টিকোণৰ পৰা জয়ন্তৰ জীৱনটোক আমি দুটা ভাগত ভগাব পাৰো৷ বৰ্তমানৰ পৰা ৬০ বছৰ বয়সলৈকে কোৱা হয় সম্পদ আহৰণৰ দশা আৰু ৬০ ৰ পৰা মৃত্যু পৰ্যন্ত কোৱা হ’ব সম্পদ বিতৰণৰ দশা৷ অর্থাৎ প্ৰথম দশাত টকা ঘটিব আৰু দ্বিতীয় দশাত তাৰ ব্যৱহাৰ কৰিব৷ অৱসৰৰ অংকৰ প্ৰথম স্তৰত আমি উলিয়াব লাগিব আজিৰ ২৫ হেজাৰ টকাই সমপৰিমাণৰ ক্রয় ক্ষমতা ৰাখিবলৈ হ’লে ৬০ – ২৫ ৩৫ বছৰৰ পিচত কিমান হ’ব লাগিব যদিহে ৮ শতাংশ মুদ্ৰাস্ফীতি গণ্য কৰো৷ উত্তৰটো হ’ব প্ৰায় ৩ লাখ ৭০ হেজাৰ টকা৷ অৰ্থাৎ ২০১৫ + ৩৫ = ২০৫০ চনত যেতিয়া জয়ন্তই অৱসৰ ল’ব প্ৰথম মাহটোত আজিৰ ২৫ হাজাৰ টকাৰ স্বচ্ছলতাৰে চলিবলৈ হলে তেওঁক প্ৰয়োজন হ’ব এই উপৰোক্ত পৰিমাণৰ টকা৷ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল জয়ন্তই অৱসৰৰ সময়ত অৰ্থাৎ ৬০ বছৰ বয়সত কিমান টকা একেলগে মুঠকৈ গোটাব লাগিব যাৰে নেকি ৯০ বছৰ বয়সলৈকে তেওঁ খৰচ কৰি চলি যাব পাৰে৷ ধৰা হ’ল অৱসৰৰ পিচত কৰা বিনিয়োগৰ পৰা জয়ন্তই ১০ শতাংশ ফল পাব আৰু সেই দিনবোৰতো ৮ শতাংশ মুদ্ৰাস্ফীতি অব্যাহত থাকিব৷ উত্তৰ প্ৰায় ১০ কোটি ০২ লাখ টকা৷ ৰ’ব, ৰ’ব! সংখ্যাটো দেখিয়েই চকু কপালত নুতুলিব৷ এয়া ২০৫০ চনৰ টকা৷ আজিৰ তাৰিখত সেই টকাৰ বৰ্তমান মূল্য হ’ব প্ৰায় ৬৭ লাখ ৭৭ হেজাৰ টকাহে৷ অহাবাৰ আমি এই লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় হিচাপ-নিকাচখিনিত চকু দিম৷
* * * *