নাই, এই উদাহৰণটোৰ বাবে আপোনাৰ গাত ভেঁজা নলওঁ৷ মানে ল’বলৈ সংকোচ হৈছে৷ সেয়ে মোৰ মাজেৰেই ঘটনাটো লক্ষ্য কৰক৷ ধৰক, অফিচৰ পৰা গধূলি ঘৰলৈ ঘূৰোতে মনত পৰিল মাছ অলপ লৈ যোৱাৰ ফৰমাইচ এটা আছিল৷ সেয়ে ৰ’লো দৈনিক বজাৰৰ সন্মুখত৷ মাছৰ বজাৰত সোমায়েই পালো নহয, বহু দিন লগ নোপোৱাকৈ থকা পুৰণি বন্ধু এজনক৷ মাছ নিৰ্বাচনৰ বিষয়টো হৈ পৰিল গৌণ৷ বন্ধুৰ লগত কথা পাতি পাতিয়েই মাছ চালো, ওজন কৰালো আৰু বেপাৰীক টকা দি মাছৰ টোপোলা হাতত ল’লো৷ হাতত টোপোলা লৈও আমাৰ কথা চলিল বহুপৰ৷ ঘৰলৈ উভতি অহাৰ পিচত শ্ৰীমতীয়ে মাছখিনি চাই দেখুওৱা অভিব্যক্তিৰ পৰা ধাৰণা কৰিলো – আজিৰ বজাৰখন সিমান ভাল নহ’ল কিজানি৷ কিন্তু মই কৰা ধাৰণাতকৈও উচ্চ পৰ্যায়ৰ নিশ্চিতিৰ মোহৰ পৰিল পাকঘৰৰ পৰা ভাহি অহা ভজা মাছৰ গোন্ধত৷ মই বোলো একো নহয় দিয়া, মাত্ৰ অলপ বেছিকৈ ভাজিবা৷ নিশা ভাতৰ টেবুলত ঘৰৰ বাকী সদস্যসকলে মাছখিনিৰ প্ৰতি প্ৰদৰ্শন কৰা আগ্ৰহহীনতাই মোক ক্ষুণ্ণ কৰিলে৷ ঘোষণা কৰিলো – আনে নাখালেও নাই, মই খাম৷ দামত কিনি অনা মাছ, লোকচান হ’বলৈতো দিব নোৱাৰি৷ বহুখিনি মাছ উদৰস্থ কৰি পাচদিনা ৰাতিপুৱা দৰবৰ টেমাৰ পৰা ন’ফ্লক্স টি জেদ টেবলেট এটা খাই শ্ৰীমতীক সুধিছো – হেৰা, ঘৰত কাঁচকল আছেনে নাইহে? মচন্দৰী শাক অলপো তুলি থ’বাচোন৷ পেটটো ভাল নহয় দেখোন!
এই যে গেলা মাছ বুলি জানিও ৰন্ধালো, আনে নোখোৱাত লোকচান হ’ব বুলিয়েই ভাল নোপোৱা স্বত্ত্বেও মাছখিনি খাই থ’লো, এই কথাবোৰে বাৰু কি সুচায়? কিহে বাৰু মোক প্ৰৰোচিত কৰিলে? উত্তৰটো দিয়াৰ আগতে বিষয়টোত এইবাৰ আপোনাকো জড়িত কৰিব খুজিছো অন্য এটা প্ৰশ্নৰ মাধ্যমেৰে৷ ধৰক, ভ্ৰাম্যমাণ থিয়েটাৰ এখন আহিছে আপোনালোকৰ অঞ্চললৈ৷ আপুনি সাংঘাতিক নাট্যপ্ৰেমী নহ’লেও ৰাতিৰ দৰ্শনীৰ নাটক এখনৰ টিকট এটা পুৱাই কাটি থৈছে৷ গধূলিৰ আগে আগে ক’ৰ পৰা জানো মেঘ আহি আকাশ ওন্দোলাই তুলিলে৷ থিয়েটাৰৰ নাটক চাবলৈ যোৱা মানেই ধুমুহা-বৰষুণৰ মুখামুখি হোৱাৰ প্ৰবল সম্ভাৱনা৷ এতিয়া আপুনি কওক – এক, থিয়েটাৰৰ নাটক চাবলৈ যাব নে নাই? দুই, সেই টিকটটো নিজৰ টকা খৰচ নকৰাকৈ উপহাৰ হিচাপে পোৱা হ’লে আপোনাৰ সিদ্ধান্ত একেই হ’লহেঁতেননে? যদি আপুনি টিকটটোৰ বাবে হোৱা খৰচৰ কাৰণেই নাটক চাবলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে তেন্তে সেই মানসিকতা মই গেলা মাছ একমাত্ৰ লোকচান হ’ব বুলিয়েই খোৱাৰ সমপৰ্যায়ৰ বুলিব পাৰি৷ এই যে ইতিমধ্যেই খৰচ হৈ যোৱা টকাকেইটাৰ কথা ভাবি সাধাৰণ অৱস্থাত অযুক্তিকৰ যেন লগা কাম কিছুমান কৰিবলৈ প্ৰৰোচিত হওঁ, এই প্ৰৱনতাটোক ইংৰাজীত ‘চাংক কষ্ট্ ফেলেচি’ বুলি নামকৰণ কৰিছিল মনোবিজ্ঞানী ৰিচাৰ্ড থেলাৰে৷ অসমীয়াত ক’ব পাৰি ‘ডুব যোৱা খৰচৰ ভ্ৰম’৷ আমি যিখিনি খৰচ কৰিলো, সেইখিনি কেতিয়াও উভতাই পোৱাৰ সম্ভাৱনা নাই৷ কিন্তু মই খাবলৈ প্ৰৰোচিত হৈছো মাছ বেপাৰীক দিয়া দামটোৰ বাবে আৰু আপুনি প্ৰৰোচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা টিকটৰ বাবদ ভৰা দামৰ বাবে৷ মোক যদি আনে আয়োজন কৰা ভোজত তেনে মাছ খাবলৈ দিয়া হ’লে আৰু আপুনিও থিয়েটাৰৰ আয়োজক কমিটীৰ পৰা বিনামূলীয়া গে’ট পাছ পোৱা হ’লে আমাৰ দুয়োৰে সিদ্ধান্ত বেলেগ হোৱাৰ সম্ভাৱনা প্ৰবল৷ এইটো বিষয়তে মনোবিজ্ঞানী হেল আৰ আৰ্কছ আৰু কেথেৰিন ব্লামাৰে চলোৱা এটা সম্পৰীক্ষা আছিল বৰ আকৰ্ষণীয়৷ অহিঅ’ ইউনিভাৰ্ছিটি থিয়েটাৰৰ ১৯৮২-৮৩ ছিজনৰ কিছুমান টিকট ৰেহাই মূল্যত বিতৰণ কৰা হ’ল৷ টিকটৰ মূল্য আছিল ১৫ ডলাৰ৷ কিছুমান মানুহৰ পৰা লোৱা হ’ল ১৩ ডলাৰকৈ, ২ ডলাৰ ৰেহাই৷ আন কিছুমান মানুহৰ পৰা ৮ ডলাৰকৈ, ৭ ডলাৰৰ ৰেহাই৷ ৰেহাই দিয়াসকলক কোৱা হ’ল থিয়েটাৰ বিভাগৰ উত্তৰণৰ পৰিকল্পনাৰ লগত সংগতি ৰাখি এই ৰেহাই ব্যৱস্থা কৰা হৈছে৷ শেষত দেখা গ’ল যিসকল ব্যক্তিয়ে কোনো ৰেহাই পোৱা নাছিল, তেওঁলোকৰ উপস্থিতিৰ হাৰ সৰ্বোচ্চ আৰু সৰ্বাধিক ৰেহাই পোৱা দলটোৰ উপস্থিতিৰ হাৰ সৰ্বনিম্ন৷ মনোবিজ্ঞানীদ্বয়ে কৰা ব্যাখ্যামতে দৰ্শনী চাবলৈ যাব নোৱৰাটোকহে টিকট কিনা ব্যক্তিসকলে লোকচান বুলি গণ্য কৰিছিল৷ সেয়ে অৱধাৰিতভাৱে যিসকলে টিকটৰ মূল্য অধিক ভৰিলে তেওঁলোকৰ মনত লোকচানৰ সংখ্যাটো ডাঙৰ হৈ ধৰা দিলে আৰু পাৰ্যমানে চেষ্টা কৰিলে এই লোকচানৰ পৰা হাত সাৰিবলৈ৷
বিনিয়োগৰ ক্ষেত্ৰটো এই ‘ডুব যোৱা খৰচৰ ভ্ৰম’ বৰ অপকাৰী হিচাপে বিবেচিত হৈ আহিছে৷ নিজে অতীতত কৰা বিনিয়োগ বৰ্তমানৰ বিশ্লেষণত সেয়া বেয়া সিদ্ধান্ত আছিল বুলি প্ৰত্যয় জন্মাৰ পাচতো তেনে বিনিয়োগ ৰাখি থোৱা বা তাত অধিক বিনিয়োগ কৰাৰ যি মানসিকতা তাৰ কাৰণ হৈছে এই ভ্ৰম৷ যি বহু সময়ত বিনিয়োগকাৰীক বেয়া বিনিয়োগত বন্দী কৰা দেখা যায়৷ উদাহৰণহিচাপে বহু মানুহে নিজে বেয়া বুলি উপলব্ধি কৰা কোম্পানী এটাৰ শ্বেয়াৰ বেচি নিদি লোকচানতে ৰৈ থাকে আকৌ দাম বাঢ়িবলৈ৷ কোনো কোনোৱে আকৌ তাত আৰু অধিক বিনিয়োগহে কৰে গড় দাম কম কৰিবলৈ৷ বহুতে আকৌ নিজে বেয়া বুলি গালি পাৰি পাৰিও বিনিয়োগ আঁচনি এখন বন্ধ নকৰি বছৰৰ পিচত বছৰ ধন দি যায়৷ যুক্তি – তেওঁৰ ইতিমধ্যেই বহু ধন দিয়া হৈ গৈছে৷ এনেধৰণৰ ঘটনাবোৰক বিনিয়োগৰ পৃথিৱীত ‘ভাল টকাই বেয়া টকাৰ পিচ লোৱা’ বুলিও অভিহিত কৰা হয়৷ লক্ষ্য কৰক, সেই নতুন টকাবোৰক আজি ভাল বুলি বিবেচিত ঠাইত বিনিয়োগ কৰাৰ সুযোগ বিনিয়োগকাৰীজনৰ আছে৷ কিন্তু সেয়া তেওঁ ল’ব পৰা নাই পুৰণি বিনিয়োগৰ পৰা হ’ব পৰা লোকচান হজম কৰিব নোৱৰাৰ বাবেই৷ সেয়ে এই প্ৰৱণতাকো একধৰণৰ লোকচান বিতৃষ্ণা (Loss Aversion) বুলিব পাৰি৷ এনে সিদ্ধান্তৰ সংকটত পৰিলে লিটমাছ পৰীক্ষা হিচাপে নিজকে প্ৰথমে সোধক – যদিহে পূৰ্বৰ বিনিয়োগ নাথাকিলেহেঁতেন, তেন্তে আজিৰ পৰিস্থিতিত সেই কোম্পানীৰ ষ্টক বা আঁচনিখনত বিনিয়োগ কৰিবলৈ আপুনি আগ্ৰহী হ’লহেঁতেননে? যদিহে উত্তৰ ঋণাত্মক, তেন্তে আপুনি ‘ডুব যোৱা খৰচৰ ভ্ৰম’ৰ চিকাৰ হৈছে৷ মন কৰিব – মই কিন্তু ক’ব খোজা নাই যে বিনিয়োগত লোকচান হোৱা মাত্ৰাকে তাৰ পৰা ওলাই আহিব লাগিব৷ বহু সময়ত তেনে পৰিস্থিতিত বিনিয়োগ কৰি যোৱাটোৱেই উত্তম সিদ্ধান্ত হিচাপে বিবেচিত হ’ব পাৰে৷ মই মাত্ৰ ক’ব খুজিছো যে বিনিয়োগ কৰি যোৱাৰ একমাত্ৰ কাৰণ ইতিমধ্যে হৈ যোৱা বিনিয়োগ হোৱা উচিত নহয়৷ অৰ্থাৎ বৰ্তমান বা ভৱিষ্যতৰ সিদ্ধান্তবোৰৰ ওপৰত অতীতৰ খৰচ বা বিনিয়োগৰ সিদ্ধান্তক অদৰকাৰীভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ দিয়া অনুচিত৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ৩০ আৰু ৩১ জুলাই, ২০১৫ত দুটি খণ্ডত প্ৰকাশ পাইছিল)