লক্ষ্য : ১০ কোটি ২ লাখ
দূৰত্ব : ৩৫ বছৰ৷
হয়, যোৱাবাৰ আমি গণনা কৰি পাইছিলো যে জয়ন্ত বৰাই ২০৫০ চনত অৱসৰ গ্ৰহণ কৰিব পৰাকৈ সেই চনত আহৰণ কৰিবলগীয়া টকাৰ পৰিমাণ ১০ কোটি ২ লাখ৷ চাকৰিয়াল হিচাপে স্বাভাৱিকতেই জয়ন্তৰ বাবে বিনিয়োগৰ সুবিধাজনক পদ্ধতিটো হ’ব প্ৰতিমাহে দৰমহাৰ পৰা এক অংশ একাষৰীয়াকৈ ৰাখি জমা কৰি যোৱাটো৷ এতিয়া জয়ন্তই যদি ৮ শতাংশ হাৰত ফল পোৱা বিত্তীয় দ্ৰব্যত জমা কৰে তেন্তে মাহেকীয়াকৈ জমা কৰিব লগা হ’ব ৪৩,৩৯২ টকা৷ যদিহে ফলৰ হাৰ ১০ শতাংশ হয় তেন্তে বিনিয়োগৰ মাহেকীয়া সংখ্যাটো হ’ব ২৬,১৭৩ টকা৷ ১২ শতাংশ হাৰত ফল লাভ কৰিলে মাহেকীয়া কিস্তিটো কমি হ’বগৈ ১৫,৪২৭ টকা৷ ১৪ শতাংশ ফলৰ হাৰ হ’লে মাহেকীয়া কিস্তিটো হ’ব মাত্ৰ ৮,৯২০ টকা৷ দেখা গ’ল ফলৰ হাৰ যিমানেই বাঢ়ি যাব মাহেকীয়া কিস্তিৰ পৰিমাণ সিমানেই কমি যাব৷
এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে প্ৰতিবছৰে কৰ্মচাৰীৰ দা-দৰমহাবোৰ বাঢ়ি যায়৷ সেয়ে প্ৰতিবছৰেই উপাৰ্জন বৃদ্ধিৰ লগে লগে অৱসৰৰ বাবে কৰিবলগীয়া বিনিয়োগো বঢ়াই নিব পৰা হয়৷ সেই দৃষ্টিকোণৰ পৰা প্ৰতিবছৰে ১০ শতাংশ বিনিয়োগ যদি বঢ়াই নিয়া হয় তেন্তে প্ৰথম বছৰটোত কিমান টকাৰে বিনিয়োগ আৰম্ভ কৰিব লাগিব তালৈ আমি চকু দিব পাৰো৷ এইক্ষেত্ৰত প্ৰথম বছৰটোত মাহেকীয়াকৈ ১১,১৭৫ টকাৰে আমি আৰম্ভ কৰিব পাৰো যদিহে ৮ শতাংশ ফল বিনিয়োগৰ পৰা পাঁও৷ দ্বিতীয় বছৰত এই সংখ্যাটো হ’ব ১২,২৯২ টকা, তৃতীয় বছৰত ১৩,৫২২ টকা – – – – – – আৰু এনেকৈ প্ৰতিবছৰে বিনিয়োগ বঢ়াই নি থাকিব লাগিব৷ ৰিটাৰ্ন বা ফল যদি ১০ শতাংশ হয়, তেন্তে প্ৰথম বছৰৰ মাহেকীয়া বৰঙনি হ’ব মাহে ৮,২৫৪ টকা৷ ১২ শতাংশ ফল লাভ কৰিলে প্ৰথম বছৰটোত মাহেকীয়া সংখ্যাটো হ’ব ৫,৯১৭ টকা আৰু ১৪ শতাংশ ফল লাভ কৰিব পাৰিলে প্ৰাৰম্ভিক বছৰৰ মাহেকীয়া বৰঙণি হ’ব মাত্ৰ ৪,১২৭ টকা৷ পিচে ক’ত বিনিয়োগ কৰিব? ইতিমধ্যেই হয়তো বহুজনৰ মনত এই প্ৰশ্ন উদয় হৈছে৷ মই আজিৰ লেখাত বিত্তীয় দ্ৰব্যৰ বিষয়ে নহয় দুটা সম্পদ শ্ৰেণীৰ কথাহে উনুকিয়াম যি দুটাক লৈয়েই প্ৰায়বোৰ বিত্তীয় দ্ৰব্য গঠন কৰা হয়৷ হয়, মই ইকুইটি আৰু ঋণ জাতীয় সম্পদৰ কথা কৈছো৷ যিদৰে অচিনাকি খাদ্যৰ ক্ষেত্ৰত নামটোতকৈ বেছি প্ৰয়োজন খাদ্য আমিষ নে নিৰামিষ তাক জনাৰ ঠিক সেইদৰে বিনিয়োগৰ ক্ষেত্ৰতো বিত্তীয় দ্ৰব্যটোৰ নামটোতকৈ বেছি প্ৰয়োজন তাত থকা সম্পদ শ্ৰেণীৰ বিষয়ে জনাৰ৷ আমি জনাৰ আৱশ্যক হয় কোন সম্পদ শ্ৰেণীত কিমান বিনিয়োগ কৰিম আৰু কেনেকুৱা ফলৰ আশা তথা ক্ষতিভয় (ৰিস্ক)ৰ আশংকা কৰিম৷ দীর্ঘম্যাদী বিনিয়োগত ইকুইটিৰ পৰা আমি ১২ৰ পৰা ১৫ শতাংশৰ ভিতৰত ফল আশা কৰাৰ যুক্তিসংগত কাৰণ আছে৷ কিন্তু এই সম্পদ শ্ৰেণীৰ ডাঙৰ দুৰ্বলতা হ’ল সেই ফল সকলো সময়তে পাম বুলি আশা কৰিব নোৱাৰো৷ উদাহৰণস্বৰূপে ১৭ নৱেম্বৰ ২০১৫ক শেষ দিন বুলি ধৰিলে যোৱা এবছৰত ছেনছেক্সৰ সূচকাংকৰ ফল ঋণাত্মক ৮.০৯ শতাংশ৷ যোৱা তিনিবছৰত ছেনছেক্স সূচকাংকৰ ফল চক্রবৃদ্ধি হাৰত বছৰি ১২.০৪ শতাংশ, যোৱা পাঁচ বছৰত চক্রবৃদ্ধি হাৰত ৫.৩৩ শতাংশ আৰু যোৱা ১০ বছৰত চক্রবৃদ্ধি হাৰত ১১.৫৯ শতাংশ (ভেল্যু ৰিচাৰ্চৰ তথ্য অনুসৰি)৷ এতিয়া যদি কোনোবাই যোৱা এবছৰত ১২ ৰ পৰা ১৫ শতাংশ ফল আশা কৰি ইকুইটিত বিনিয়োগ কৰি আছে তেন্তে তেখেতক ইকুইটি বজাৰে ঈপ্সিত ফল দিব পৰা নাই৷ ইকুইটি বিনিয়োগকাৰীয়ে বছৰত কেতিয়াবা ৮০-১০০ শতাংশ ফলৰ লাভেৰে চমৎকৃত হয় আৰু কেতিয়াবা ৪০-৫০ শতাংশ লোকচানত হতাশ হয়৷ এই সম্পদ শ্ৰেণীৰ চৰিত্ৰই এনেকুৱা৷ মাত্ৰ ঐতিহাসিক তথ্য তথা যুক্তিসংগত কাৰণ এই সম্পদশ্ৰেণীৰ সপক্ষে আছে যে দীৰ্ঘ দিনত ইকুইটিৰ ফলে আন সকলো সম্পদশ্ৰেণীৰ ফলক পৰাভূত কৰাৰ সক্ষমতা ৰাখে৷ যিসকলৰ এনে তথ্য আৰু বিশ্লেষণৰ ওপৰত আস্থা আছে তেওঁলোকেহে ইকুইটিত আশাবাদী মন লৈ বিনিয়োগ অব্যাহত ৰাখিব পাৰে৷ এইখিনিতে আন এটা গুৰুত্বপূ্ৰ্ণ প্ৰশ্ন হ’ব পাৰে – আপোনাৰ ইকুইটিত বিনিয়োগৰ প্ৰয়োজন আছেনে নাই? ওপৰৰ উদাহৰণৰ পৰা এইটো স্পষ্ট যে যদি তুলনামূলকভাৱে কম বৰঙণিৰে অৱসৰকালীন পৰিকল্পনা কৰা হয় তেন্তে বিনিয়োগত ইকুইটি অপৰিহাৰ্য৷ ঋণ সম্পদৰ পৰা দীৰ্ঘদিনৰ গড় হিচাপে আয়কৰৰ পূৰ্বে ৮ শতাংশ ফল আশা কৰিব পাৰো৷ অৱশ্যে বজাৰৰ লগত সম্পৰ্ক থকা ঋণসম্পদো ফলৰ উত্থান-পতনৰ পৰা মুক্ত নহয়৷
এতিয়া যদি ইকুইটিৰ পৰা ১৪ শতাংশ আৰু ঋণসম্পদৰ পৰা ৮ শতাংশ ফল আশা কৰো তেন্তে ক্রমে ৮, ১০, ১২ আৰু ১৪ শতাংশ ফল আশা কৰিবলৈ হ’লে সম্পদ দুবিধত কি অনুপাতত বিনিয়োগ কৰিব লাগিব তাক বুজিবলৈ এই লেখাটোৰ লগত সন্নিবিষ্ট তালিকাখনলৈ লক্ষ্য কৰক৷ পূৰ্বতে উল্লেখ কৰাৰ দৰে অৱসৰকালীন পৰিকল্পনাৰ বাবে প্ৰথম বছৰ ১১,১৭৫ টকা বিনিয়োগ কৰা তথা প্ৰতিবছৰে ১০ শতাংশকৈ এই বিনিয়োগ বঢ়াই নিবৰ বাবে যদি জয়ন্তৰ অসুবিধা নহয় তেন্তে অতি ৰক্ষণশীলভাৱে অকল ঋণসম্পদত বিনিয়োগ কৰিও তেওঁ লক্ষ্যত উপনীত হ’ব পাৰিব (ইয়াত আয়কৰৰ কথা অৱশ্যে বিবেচনা কৰা হোৱা নাই)৷ যদি এই বৰঙণিৰ বোজা গধুৰ যেন অনুভৱ কৰে তেন্তে তেওঁৰ বিনিয়োগত ইকুইটিৰ অনুপাত বঢ়াই নিয়াৰ আৱশ্যক হ’ব৷
এনে জাতীয় অংকৰে আপুনি বিনিয়োগ যাত্ৰাৰ পথ মানচিত্ৰ (ৰ’ড মেপ) আঁকিব পাৰে৷ কোনো গন্তব্য স্থানলৈ গাড়ীৰে যোৱাৰ পূৰ্বে গতিবেগ আৰু প্ৰতিলিটাৰ ইন্ধনৰ বিপৰীতে অতিক্রম কৰিব পৰা দূৰত্বৰ গড় মান এটা পূৰ্বনুমানৰ ভিত্তিত ক’ব পৰা যায় যে ঘন্টাত গতিবেগ কিমান হ’ব আৰু প্ৰতি লিটাৰ ইন্ধনৰ বিপৰীতে কেই কিলোমিটাৰ পোৱা যাব৷ কিন্তু প্ৰকৃত যাত্ৰা পথত দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন কাৰকৰ বাবে সেই পূৰ্বনুমানতকৈ গতিবেগ বা ইন্ধনৰ খৰচ এচোৱা পথত যদি কমে আন এচোৱা পথত বাঢ়ে৷ ঠিক একেদৰেই বিনিয়োগৰ ফল আৰু আপোনাৰ বৰঙণি আগবঢ়োৱাৰ সামৰ্থ বিভিন্ন সময়ত পৰিকল্পনাতকৈ পৃথক হ’ব পাৰে৷ সেয়ে সঠিক সময়ত লক্ষ্যত উপনীত হোৱাৰ স্বাৰ্থত যেতিয়াই অতিৰিক্ত বৰঙণি আগবঢ়োৱাৰ সামৰ্থ আপুনি আহৰণ কৰে তেতিয়াই সেই অতিৰিক্ত ধনৰ আবন্টন এনে পৰিকল্পনাৰ বাবে হোৱা বাঞ্চনীয়৷ কাৰণ আপুনিতো ক’ব নোৱাৰে কেতিয়া বেয়া দিনে আপোনাৰ সামৰ্থক সংকোচিত কৰিব৷ তাৰোপৰি ৩৫ বছৰ এটা বৰ দীঘলীয়া সময়৷ জয়ন্তৰ প্ৰয়োজনো বিভিন্ন কাৰণৰ বাবে সলনি হোৱাটোও অতি স্বাভাৱিক কথা৷ সেয়ে বছৰত অন্ততঃ এবাৰকৈ অৱসৰ বিনিয়োগক পর্যালোচনা কৰা আৰু আৱশ্যক অনুসৰি সালসলনি কৰাটো এনে পৰিকল্পনাৰ অভিন্ন অংগ৷
Leave a Reply