জীৱন যাপনৰ অৰ্থনৈতিক মান অটুত ৰাখিবলৈ অৱসৰৰ ঠিক পূৰ্বে কৰা আয়ৰ কিমান শতাংশ ধনএজন মানুহক অৱসৰৰ পাচতো প্ৰয়োজন হয়? যাক কোৱা হয় আয়ৰ বিকল্প প্ৰতিষ্ঠাপন অনুপাত (ইনক’ম ৰিপ্লেচমেন্ট ৰেচিঅ’)৷ জটিল প্ৰশ্ন৷ তথাপি বেছিভাগ বিশেষজ্ঞই বিভিন্ন দৃষ্টিকোণৰ পৰা কৰা বিশ্লেষণৰ সহায় লৈ ক’ব পাৰি যে অৱসৰৰ পূৰ্বে কৰা আয়ৰ ৭৫ ৰ পৰা ৮৫ শতাংশ প্ৰয়োজন অৱসৰ জীৱনত থাকে৷ অৰ্থাৎ অৱসৰৰ পূৰ্বে যদি মাহে গড় হিচাপত ১০০ টকা উপাৰ্জন কৰিছিল, তেন্তে অৱসৰৰ পাচত মাহে গড় হিচাপে প্ৰয়োজন হ’ব ৭৫ ৰ পৰা ৮৫ টকা৷ প্ৰকৃততে অৱসৰৰ দিনৰ খৰচ নিৰ্ভৰ কৰে মানুহ এজনে কেনেদৰে অৱসৰ জীৱনটোক আগুৱাই নিব বিচাৰে তাৰ ওপৰত৷ বছৰৰ পাচত বছৰ ধৰি জীৱন ধাৰণৰ এটা মানত অভ্যস্ত হোৱা মানুহ এজনে অৱসৰ লোৱা বাবেই খৰচত কঠোৰভাৱে হাত ধৰা যথেষ্ট কঠিন৷ কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ লগত জড়িত কিছুমান খৰচ অৱশ্যে হ্ৰাস পোৱাটো স্বাভাৱিক৷ কিন্তু সৰহ সংখ্যক শিতানত খৰচৰ পৰিমাণ অপৰিবৰ্তিত হৈ ৰোৱাৰ আৰু কিছুমানত বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি৷ ইফালে ঋণ পৰিশোধ, সন্তানৰ লগত জড়িত খৰচ আদিৰ পৰা অৱসৰ ল’বলগীয়া মানুহজন কিমানখিনি মুক্ত হ’ব পাৰিছে সেয়াও মাহেকীয়া খৰচ নিৰ্ধাৰণৰ গুৰুত্বপূৰ্ণ কাৰক৷
আয়ৰ বিকল্প প্ৰতিষ্ঠাপনৰ বাবে এই শতাংশৰ হাৰ বিচাৰি কৰা অধ্যয়নবোৰৰ অন্যতম এটা আমোদজনক অথচ শিক্ষণীয় দিশ থকা গৱেষণা হৈছে ডিউক ইউনিভাৰছিটিৰ মনোবিজ্ঞান আৰু আচৰণ সম্বন্ধীয় অৰ্থনীতি (চাইক’লজী এণ্ড বিহেভীয়াৰেল ইক’নমিক্চ)ৰ অধ্যাপক ডেন আৰিয়েলি (Dan Ariely)ৰ গৱেষণা৷ আৰিয়েলিৰ গৱেষণামতে মানুহে তেওঁৰ শেষ উপাৰ্জনৰ ১৩৫ শতাংশ বিচাৰে অৱসৰকালীন খৰচৰ বাবে৷ অৱসৰ জীৱনত কিমান ধনেৰে চলিব পাৰিব তাক সোধাৰ পৰিবৰ্তে আৰিয়েলিয়ে তেওঁৰ গৱেষণাত মানুহক সুধিছিল অৱসৰ জীৱন কেনেদৰে কটাবলৈ ভাল পাব? ক’ত তেওঁলোকে অৱসৰ দিনৰ ঘৰখন কৰিবলৈ ভাল পাব? কেনেধৰণৰ কাম-কাজত তেওঁলোকে অৱসৰৰ পাচত নিজকে নিয়োজিত কৰি ৰাখিব বিচাৰে? এনেজাতীয় প্ৰশ্নৰ জৰিয়তে আৰিয়েলিয়ে জানিবলৈ চেষ্টা কৰিছিল যে কেনেধৰণৰ অৱসৰ জীৱনৰ সপোন এজন মানুহে দেখে৷ শেষত সেই আকাংক্ষাবোৰক সংখ্যালৈ অনুবাদ কৰাত গম পোৱা গ’ল যে সেই সংখ্যাৰ ওজন বৰ্তমানৰ আয়ৰ ১৩৫ শতাংশ৷ বহু বিশেষজ্ঞই এই ১৩৫ শতাংশ হাৰক প্ৰয়োজনীয়তা কম, সপোনৰ ভৰ বেছি বুলি সমালোচনা কৰিলেও এই অধ্যয়নে এজন মানুহৰ মনঃস্তত্ত্বক বুজিবলৈ সুবিধা দিয়ে৷ কিদৰে বৰ্তমানতকৈ বেছি ভাল অৱস্থাৰ অৱসৰ জীৱন মানুহৰ কাম্য৷ সেই বাবেই নেকি এগালমান টকা হাতত লৈ অৱসৰ লোৱা ব্যক্তি এজনেও অৱসৰৰ পাচত খৰচৰ ভাৰসাম্য ৰাখিবলৈ যথেষ্ট অসুবিধা পায়৷ আমাৰ দেশৰো অৱসৰ দ্ৰব্য বিক্রী কৰা কোম্পানীবোৰে বিজ্ঞাপনত অৱসৰৰ পাচত যি মানবিশিষ্ট চৌখিন জীৱন কটোৱাৰ সপোন দেখুৱায়, মোৰ বোধেৰে সেইখিনি বাস্তৱায়িত কৰিবলৈ হ’লে বেছিসংখ্যক মানুহৰ বাবে প্ৰয়োজন সঁচাকৈয়ে ১৩৫ শতাংশৰ কম হ’ব নালাগিব৷
অৱসৰ জীৱনত স্বাস্থ্য বিষয়ক খৰচ এটা অতি গুৰুত্বপূৰ্ণ শিতান৷ যদি কোনো নিয়োগকৰ্তাই অৱসৰপ্ৰাপ্ত চাকৰিয়ালজনৰ পৰিয়ালৰ সকলো স্বাস্থ্য সম্পৰ্কীয় খৰচৰ বোজা আজীৱন গ্ৰহণ কৰে তেন্তে সেয়া মানুহজনৰ বাবে ডাঙৰ সকাহ৷ ইয়াৰ অবৰ্তমানত আজীৱন স্বাস্থ্য বীমা অত্যন্ত জৰুৰী৷ অৱশ্যে বৃদ্ধকালত স্বাস্থ্য বীমাৰ কিছু সীমাবদ্ধতা নথকা নহয়৷ উদাহৰণস্বৰূপে প্ৰিমিয়ামৰ হাৰ উচ্চ হয়৷ স্বাস্থ্য বীমাৰ নিৰাপত্তাৰ সংখ্যাটো কিছু বছৰৰ মূৰে মূৰে মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বৃদ্ধি কৰি নিয়াটো দৰকাৰী৷ কিন্তু কিছু নতুন বেমাৰৰ উপস্থিতিত বীমা কোম্পানীয়ে আপোনাৰ স্বাস্থ্য নিৰাপত্তাৰ সংখ্যাটো বৃদ্ধি নকৰিবও পাৰে৷ তেনে অৱস্থাত পূৰ্বৰ পৰিমাণতে সেই নিৰাপত্তাৰ সংখ্যাটো ৰাখিবলৈ আপুনি বাধ্য৷ অৱশ্যে বেলেগ বীমা কোম্পানীক সকলো কথা বিশদভাৱে জনাই সুধি চাব পৰা যায় যে তোমালোক মোৰ সৈতে বীমা চুক্তি কৰিবলৈ আগ্ৰহী হয় নে নহয়৷ যদি বেলেগ কোম্পানীয়ে আপোনাৰ স্বাস্থ্যৰ বিষয়ে সকলো জানিও চুক্তিৰ বাবে আগ্ৰহী হয়, তেন্তে প’ৰ্টেবিলিটিৰ সুবিধা গ্ৰহণ কৰি বীমা কোম্পানী সলাব পাৰে৷ এই সকলো কথা উপলব্ধি কৰাৰ পাচত এটা কথা ক’ব পৰা যায় যে অৱসৰকালীন দিনৰ বাবে নিজাকৈ এটা ‘স্বাস্থ্য পুঁজি’ গঠন কৰাটো বৰ উপযোগী প্ৰমাণিত হ’ব পাৰে৷ প্ৰথম কথা স্বাস্থ্য সম্পৰ্কীয় খৰচৰ বাবে আপোনাৰ হাতত টকাৰ কেতিয়াও অভাৱ নহ’ব৷ তদুপৰি ওপৰত উল্লেখ কৰা স্বাস্থ্য বীমা সংক্রান্তত থকা অসুবিধাবোৰৰ পৰাও বহু পৰিমাণে পৰিত্ৰাণ পোৱা যাব৷
কিমান পৰিমাণৰ এনুইটি এজন অৱসৰপ্ৰাপ্ত মানুহক প্ৰয়োজন বুলি সুধিলে প্ৰথমে চাব লাগিব মানুহজনৰ অৱসৰ দিনৰ খৰচৰ বাবে আন উৎস কি? সাধাৰণতে কোৱা হয়, যিবোৰ দৈনন্দিন প্ৰাথমিক খৰচ ঘৰ এখন চলাওঁতে এৰাব নোৱাৰি সেই পৰিমাণৰ ধন এনুইটিৰ পৰা অহা উচিত৷ কিন্তু ধৰক মানুহজনৰ উপাৰ্জনৰ উৎস হিচাপে ভাড়াঘৰ কেইটামান আছে৷ সাধাৰণতে দেখা যায় যে ঘৰভাড়া মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বাঢ়ি যায়৷ সেয়ে তেওঁৰ প্ৰাথমিক প্ৰয়োজনৰ পৰিমাণৰ পৰা ভাড়াঘৰৰ উপাৰ্জনৰ সংখ্যাটো বিয়োগ কৰিহে এনুইটিৰ কথা ভবা উচিত৷ অৱশ্যে ইয়াতো এটা সমস্যা আছে৷ বৰ্তমান ভাৰতত যিহেতু প্ৰকৃত মুদ্ৰাস্ফীতিৰ হাৰত বৃদ্ধি হৈ গৈ থকা এনুইটি দ্ৰব্য নাই, সেয়ে এনুইটিৰ সংখ্যাটো এনেকৈ বাঢ়ি থকা ভাল যাতে ভালে কিছুবছৰৰ পাচতো ই সেই সময়ৰ প্ৰাথমিক প্ৰয়োজনীয়তাখিনি পূৰাব পৰাকৈ যথাযথ হৈ ৰয়৷ কিন্তু সেই বুলি সমস্ত পুঁজিৰে এনুইটি কিনিবলৈ নাযাব৷ কাৰণ লাগ বুলিলেই খৰচ কৰিব পৰাকৈ ডাঙৰ অংকৰ ধন আপুনি এনুইটিৰ বাবে জমা দিয়া পুঁজিৰ পৰা কেতিয়াও উঠাব নোৱাৰে৷ ঘৰখনৰ মেৰামটি কৰোৱা, গভীৰ নলীনাদ বহুওৱা, দূৰ ভ্ৰমণ আদিৰ দৰে খৰচৰ বাবে আপোনাক একে সময়তে মুঠকৈ বহু টকাৰ প্ৰয়োজন হ’ব৷ এনেবোৰ মোটা খৰচৰ বাবে এনুইটি নহয়৷ সেয়ে অৱসৰ জীৱনটোত থকা প্ৰয়োজনীয়তাখিনিৰ কথা উপলব্ধি কৰি সম্পদক এনুইটি আৰু বাকী বিনিয়োগত সঠিক ভাৰসাম্যৰে বিভাজন কৰাতো অৱসৰ পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ অংশ৷
সাধাৰণতে এটা ধাৰণা আমাৰ বহুতৰে আছে যে অৱসৰৰ পাচত আৰু ইকুইটিত বিনিয়োগ কৰা অনুচিত৷ চাওক, আনবোৰ পৰিকল্পনাৰ লগত অৱসৰৰ পৰিকল্পনা এইবাবেই নিমিলে যে ই এটা বিন্দুগামী লক্ষ্য নহয়, এক পৰিসৰৰ লক্ষ্যহে৷ যি এটা দীঘলীয়া সময়জুৰি বিয়পি থাকে৷ কাৰোবাৰ ক্ষেত্ৰত সেই ব্যাপ্তি ৩০ বছৰতকৈও বেছি হ’ব পাৰে৷ এতিয়া কওক ৩০ বছৰীয়া সময় এছোৱাক আপুনি দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে উপযোগী হিচাপে গণ্য কৰিবনে নকৰে? এই সময়ছোৱাত আপোনাৰ অৱসৰ পুঁজিক মুদ্ৰাস্ফীতি অতিক্রম কৰিব পৰা ফলৰ সহায় লাগে নে নাই? নিশ্চিতভাৱে অৱসৰৰ শেষৰ কালছোৱাত ইকুইটিৰ প্ৰয়োজনীয়তা কমি আহিব৷ কিন্তু সদ্য অৱসৰপ্ৰাপ্ত ব্যক্তি এজনৰ ক্ষেত্ৰত প্ৰথম এটা বা দুটা দশকৰ বাবে অৱসৰ পুঁজিৰ এটা অংশ ইকুইটি হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ আকৌ ইফালে যিসকল সামৰ্থবান ব্যক্তিয়ে অৱসৰ জীৱনৰ বাবে প্ৰয়োজনতকৈ অধিক সম্পদ গোটাব পাৰে তেওঁলোকে অতিৰিক্ত পুঁজিখিনি নিজৰ জীৱনৰ কথা ভাবি নহয়, উত্তৰাধিকাৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে সম্পদৰ আবন্টন কৰা উচিত৷ এনে পৰিস্থিতিত বহুসময়ত বিনিয়োগৰ বাবে ইকুইটি উপযোগী হৈ উঠিব পাৰে৷
Leave a Reply