মহাজনী ব্যৱস্থা ওচৰৰ পৰা মই দেখা নাই৷ কিন্তু শৈশৱত মহাজন থকা সাধু বা গল্প পঢ়িছো প্ৰচুৰ৷ মহাজন থকা গল্পবোৰৰ যিটো কথাই মোৰ চকু সেমেকাইছিল, সেয়া হৈছে অনাখৰী হোজা মানুহবোৰক মহাজনে চক্রবৃদ্ধি সুতৰ জৰিয়তে দিয়া ঋণৰ চেপা৷ কাহানিও শেষ নোহোৱা এক ঋণ পৰিশোধ চক্র৷ ঋণৰ বোজা বৃদ্ধিহে পায় প্ৰতি বছৰে৷ ইয়াত প্ৰকৃত খলনায়ক হৈছে চক্রবৃদ্ধি সুত৷ এই খলনায়কক কিন্তু আপুনি নায়ক হিচাপে পাব পাৰে বিনিয়োগৰ পৃথিৱীত৷ ধৰক, আপোনাৰ এক লাখ টকা আছে৷ বেংকে ৮ শতাংশ সুত আগবঢ়ায়৷ এতিয়া যদি আপুনি বছৰি ৫ হেজাৰ টকাকৈ উঠায় তেন্তে কোনোদিনেই আপোনাৰ এক লাখ টকা শেষ নহ’ব, বৰঞ্চ সেই অক্ষয় ভাণ্ডাৰ বছৰি বৃদ্ধিহে হ’ব৷
মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে চক্রবৃদ্ধি সুতক অভিহিত কৰিছিল পৃথিৱীৰ অষ্টম আশ্চৰ্য হিচাপে৷ মই নিশ্চিত যে এই লেখাটোৰ শেষলৈ আপুনিও আইনষ্টাইনকেই সমৰ্থন কৰিব৷ প্ৰথমে চাওঁ আহক সাধাৰণ সুত আৰু চক্রবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্যক৷ সাধাৰণ সুতত ১০০ টকা ৮ শতাংশ হাৰত বৃদ্ধি হ’লে প্ৰথম বছৰ ৮ টকা সুত হিচাপে পাব৷ দ্বিতীয় বছৰো সুতৰ বাবদ পাব ৮ টকাই৷ কিন্তু চক্রবৃদ্ধি সুতত কাহিনীটো অলপ বেলেগ৷ প্ৰথম বছৰ সুত যদিও সাধাৰণ সুতৰ দৰেই ৮ টকা, দ্বিতীয় বছৰ কিন্তু সুত হ’ব ৮.৬৪ টকা৷ অতিৰিক্ত ৬৪ পইচা সুত আহিবপ্ৰথম বছৰৰ ৮ টকীয়া সুতৰ ওপৰত সুত হৈ৷ আপুনি হয়তো ভাবিছে এই ৬৪ পইচাৰ কি মূল্য? চক্রবৃদ্ধি সুতৰ আচল চমৎকাৰিতা আপুনি দেখিবলৈ পাব দীৰ্ঘদূৰত্বৰ বিনিয়োগতহে৷ আজি তাৰে কেইটামান উদাহৰণ আপোনালৈ আগবঢ়াব খুজিছো৷
প্ৰথমে অনিৰ্বানৰ কথাকে ধৰক৷ ৩০ বছৰীয়া অনিৰ্বানৰ হাতত এক লাখ টকা গোট খালে৷ অনিৰ্বানে ঠিক কৰিলে এই টকাক তেওঁ অৱসৰকালীন খৰচৰ বাবে ব্যৱহাৰ কৰিব৷ ৩০ বছৰলৈ যদি অনিৰ্বানে নুচুৱে, ৮ শতাংশকৈ সুত পালে তেওঁৰ ৬০ বছৰ বয়সত এই টকা সুতে-মূলে হ’বগৈ ১০,০৬,২৬৫ টকা৷ মূলধনৰ ১০ গুণতকৈ বেছি টকা৷ সাধাৰণ সুতত যি টকা মাত্ৰ ৩,৪০,০০০ টকালৈহে বৃদ্ধি পালেহেঁতেন৷ এয়াই দীৰ্ঘসময় আৰু চক্রবৃদ্ধি সুতে লগেভাগে মিলি কৰা যাদু৷ ব্যক্তিগতভাৱে মোক চমৎকৃত কৰা এটা ঐতিহাসিক উদাহৰণ হৈছে চক্রবৃদ্ধি সুতৰ শক্তিৰ ওপৰত আস্থা ৰাখি বেঞ্জামিন ফ্ৰেংকলিনে কৰা এক দুৰন্ত পৰিকল্পনা৷ ১৭৯০ চনত মৃত্যুবৰণ কৰাৰ পূৰ্বে ইচ্ছাপত্ৰত কৰা উল্লেখৰ জৰিয়তে তেওঁৰ দুখন প্ৰিয় চহৰ বষ্টন আৰু ফিলাডেলফিয়াক এহেজাৰ পাউণ্ড(প্ৰায় ৪,৫০০ মাৰ্কিন ডলাৰ)কৈ দান দি গৈছিল৷ তেওঁৰ নিৰ্দেশনা আছিল যে সেই ধনৰাশি ৫ শতাংশ হাৰত তেওঁ বিচৰা ধৰণে বিনিয়োগ হ’ব আৰু এশ বছৰ সেই ধন তেনেদৰে বিনিয়োগ হৈ থাকিবলৈ এৰি দিয়া হ’ব৷ এশ বছৰৰ পাচত অৰ্থাৎ ১৮৯০ চনৰ পাচত সেই পুঁজিৰ তিনি-চতুৰ্থাংশ চহৰ দুখনৰ উন্নয়নৰ বাবে ব্যয় হ’ব আৰু এক-চতুৰ্থাংশ আগৰ দৰে আন এশ বছৰলৈ বিনিয়োগ হৈ ৰ’ব৷ সেই ইচ্ছপত্ৰ অনুসৰি ১৯৯০ চনৰ পাচত চহৰ দুখনে লাভ কৰা কেইবা নিযুত ডলাৰে আমাক চক্রবৃদ্ধি সুতৰ চমৎকাৰিতাকে সোঁৱৰাই৷
ব্যক্তিগত বিত্তৰ বাবে ওপৰৰ উদাহৰণ দুটাই দিয়া বাৰ্তাটো হ’ল – যিকোনো লক্ষ্যলৈ কৰা বিনিয়োগ যিমান সোনকালে আৰম্ভ কৰে সিমানেই ভাল৷ এতিয়া এই উদাহৰণটোলৈ চাওক৷ অজয় হাজৰিকা আৰু বিজয় বৰুৱা দুজন বন্ধু৷ অহা দুই-এমাহতে দুয়ো কামৰ পৰা অৱসৰ ল’ব৷ ১৯৮১ চনত ২৫ বছৰীয়া হৈ থাকোতেই দুয়ো ব্যক্তিগত খণ্ডৰ চাকৰিত সোমাইছিল৷ তাহানিতে এজন চিনাকি বিত্তীয় উপদেষ্টাই কৰি দিয়া অৱসৰৰ অংকটো আছিল – ২০১৬ চনত ৮০ লাখ টকাৰ লক্ষ্য৷ উপদেষ্টাজনে আৰু কৈছিল – বাৰ্ষিক চক্রবৃদ্ধি সুতৰ হাৰ ১০ শতাংশ ধৰিলে মাহে ২,১০০ টকাকৈ জমা কৰি যোৱাৰ প্ৰয়োজন হ’ব৷ অজয় হাজৰিকাই আৰম্ভ কৰিলে৷ কিন্তু বিজয় বৰুৱাই চাকৰিৰ আৰম্ভণিতে অৱসৰৰ কথা ভাবিবলৈ ভাল নাপালে আৰু কিছুদিনৰ পাচত দেখা যাব বুলি সিদ্ধান্ত পিচুৱাই থলে৷ এনেকৈয়ে বহুদিন পাৰ হ’ল৷ ১৯৯৬ চনতহে ৪০ বছৰ বয়সত বিজয় বৰুৱাই ভাবিবলৈ ধৰিলে অৱসৰৰ কথা আৰু বন্ধুৰ দৰে মাহেকীয়াকৈ বিনিয়োগ আৰম্ভ কৰিবলৈ প্ৰস্তুত হ’ল৷ তেওঁ পুনৰ উপদেষ্টাজনৰ ওচৰলৈ গ’ল আৰু সুধিলে ২০১৬ চনত ৮০ লাখ টকা পাবলৈ চক্রবৃদ্ধি হাৰত সুত ১০ শতাংশ হ’লে মাহেকীয়াকৈ কিমান জমা কৰিব লাগিব? উত্তৰটো প্ৰথমে তেওঁ বিশ্বাস কৰিবলৈকে টান পালে৷ উপদেষ্টাই জনোৱা সংখ্যাটো হৈছে – ১০,৪৪৮ টকা মাহে৷ বন্ধু অজয় হাজৰিকাই কৰি যোৱা জমাৰ প্ৰায় ৫ গুণ৷ ১৫ বছৰ দেৰি কৰা শাস্তিটোলৈ লক্ষ্য কৰক৷
ধৰা হওক, ২০০১ চনত ৪৫ বছৰ বয়সত অজয় হাজৰিকাই ঘৰুৱা অসুবিধাৰ বাবে অৱসৰৰ বাবে সাঁচি যোৱা ২১০০ টকাৰ মাহেকীয়া বিনিয়োগ বন্ধ কৰিবলগাত পৰিল৷ মাত্ৰ তেওঁ জমা টকাত হাত নিদি সেই পুঁজিক একে হাৰতে বাঢ়িবলৈ এৰি দিলে৷ তেতিয়া বাৰু অজয় হাজৰিকা নিজ লক্ষ্যৰ পৰা কিমান দূৰত থাকিব? অংকই কয় ২০১৬ চনত তেওঁ আহৰণ কৰিব ৬৭,১৬,৮৬০ টকা৷ অজয় হাজৰিকাই লক্ষ্যৰ মাত্ৰ ১৬ শতাংশহে যোগাৰ কৰিব নোৱাৰিলে৷ অৰ্থাৎ লক্ষ্যৰ ৮৬ শতাংশ যোগাৰ কৰাটো তেওঁৰ পক্ষে সম্ভৱ হ’ল একমাত্ৰ আগতীয়া আৰম্ভণিৰ বাবেই৷ এইবাৰ আন এখন ছবি চাওক – ধৰক, বিজয় বৰুৱাই উপদেষ্টাৰ ওচৰলৈ নগৈ বন্ধু অজয়ে কৰাৰ দৰে মাহে ২,১০০ টকা বিনিয়োগ কৰিবলৈ ধৰিলে ১৯৯৬ চনৰ পৰা আৰু অব্যাহত ৰাখিলে অৱসৰপৰ্যন্ত৷ সুত বা ৰিটাৰ্নৰ হাৰ ১০ শতাংশ বুলি ধৰিলেও ২০১৬ চনত তেওঁৰ প্ৰাপ্তি হ’ব মাত্ৰ ১৬,০৭,৯৬৩ টকা৷ প্ৰাৰম্ভিক লক্ষ্য ৮০ লাখৰ পৰা প্ৰায় ৮০ শতাংশ আঁতৰত৷ চক্রবৃদ্ধি সুতৰ পূৰ্ণ সুবিধা ল’বৰ নিমিত্তে বিনিয়োগত আগতীয়া আৰম্ভণি কৰা কিমান প্ৰয়োজন তাক বুজাবলৈ ইয়াতকৈ বেছি কিবা কোৱাৰ প্ৰয়োজন আছে জানো?
***********************************************
(অসমীয়া প্ৰতিদিন, ৪ ফেব্ৰুৱাৰী,২০১৬)
Leave a Reply