বছৰটোৰ শেষ লেখা এইটো।সেয়ে মিউচুৱেল ফাণ্ড বিষয়ক শৃংখলাটোক আজি বিৰতি দিলো।তাৰ পৰিবৰ্তে আপোনাক এটা হেঁচুকনি দিব খুজিছো যাতে এখন্তেক ৰৈ নিজৰ স্থিতি জানিবলৈ আপুনি আগ্ৰহী হৈ উঠে আৰু নতুন বছৰটোত ব্যক্তিগত বিত্তীয় পৰিকল্পনাৰ কৰ্মসূচী তৈয়াৰ কৰিবলৈ এটা যুক্তি বিচাৰি পায়।
প্ৰথম কথা – নিজৰ এটা আপদকালীন পুঁজি আপোনাৰ তৈয়াৰ হৈ আছেনে যাতে লাগ বুলিলে সাধাৰণতে প্ৰয়োজন হোৱা টকাৰ বাবে আপুনি চিন্তা কৰিবলগা নহয়? যদি এতিয়াও এই বিষয়ত মন দিয়া নাই, ভাবক। সাধাৰণতেই দেখা যায় যে প্ৰয়োজনত নিজৰ দীৰ্ঘম্যাদী বুলি ভাবি কৰা বিনিয়োগ ভাঙিবলগাত পৰে।ফলত সেই লক্ষ্যবোৰৰ বাবে কৰা বিনিয়োগ বাধাগ্ৰস্ত হয়।কেতিয়াবা সেই লোকচান কাহানিও পূৰণ নহয়। সেয়ে এনে এটা সংখ্যাৰ টকা হাততে পোৱাকে বেংক বা মিউচুৱেল ফাণ্ডত জমা ৰাখক যাতে প্ৰয়োজনত আপুনি প্ৰথম হাত মেলোতেই পায়।সংখ্যাটো অন্ততঃ আপোনাৰ তিনি মাহৰ ঘৰুৱা খৰচতকৈ কম হ’ব নালাগে।
ঘৰখনৰ সকলো সদস্যৰ বাবে স্বাস্থ্য বীমা আছে নহয়? চাব যাতে সংখ্যাটো এনে হোৱা উচিত যাতে আজিৰ তাৰিখত চিকিৎসাৰ বাবে বীমাৰ টকা যথাযথ হয়।মনত ৰাখিব ভাৰতত দিনকদিনে চিকিৎসা ব্যয় বাঢ়িব লাগিছে। সেই বৃদ্ধিৰ হাৰ সাধাৰণ মুদ্ৰাস্ফীতিতকৈ বেছি। সেয়ে দুই-তিনি বছৰৰ মূৰেমূৰে বীমা আৱেষ্টনীৰ সংখ্যাটো বঢ়াই নিয়ক।
জীৱন বীমা ? আছে নহয় আপোনাৰ ? কিমান পৰিমাণৰ ?মই আপুনি কিমান টকাৰ প্ৰিমিয়াম দিয়ে সেয়া সোধা নাই। মই সুধিছো কিমান টকাৰ বীমা আৱেষ্টনীৰে আপুনি পৰিবেষ্টিত যে আপোনাৰ অবৰ্তমানত আপোনাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীলকেইজন বীমাৰ পৰা পোৱা টকাৰে চলি যাব পাৰিব?অংকটো এবাৰ কৰি চাওক আৰু যদি কমি আছে, তেন্তে টাৰ্ম ইন্সিওৰেন্সৰ জৰিয়তে সেই ব্যৱধান পূৰণ কৰক।
কিছুমান ৰোগ আছে যাৰ অনাকাংক্ষিত আগমনে ঘৰ এখনৰ বিত্তীয় অৱস্থাত সাংঘাতিক বেয়া প্ৰভাৱ পেলায়।তেনে ৰোগৰ চিকিৎসাত স্বাস্থ্য বীমাৰ টকাকেইতাই সম্পূৰ্ণ সকাহ দিব নোৱাৰে। তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জটিল ৰোগৰ বীমা(ক্ৰিটিকেল ইলনেছ ইন্সিওৰেন্স)বৰ উপযোগী।যদি এতিয়াও এই বিষয়ে চিন্তা কৰা নাই, নতুন বছৰত বিষয়টোলৈ চকু দিয়ক।
বিনিয়োগ নিশ্চয় আপুনিও কৰে। ৰ’ব মই সোধা নাই কোনখন আঁচনিত কিমান কৰে।ভাল আঁচনিত বিনিয়োগ কৰিলে উপকৃত নিশ্চয় হ’ব।কিন্তু এইখিনতে গুৰুত্বপূৰ্ণ যে সেই বিনিয়োগৰ লক্ষ্যবোৰৰ বাবে আপুনি কৰি যোৱা বিনিয়োগবোৰ উপযোগী হৈছে নে নাই।ধৰক আপুনি নিজৰ অৱসৰ দিনৰ কথা ভাবি পি পি এফত টকা জমা কৰি যায়।ভাল কথা, এক চৰকাৰী গেৰাণ্টি থকা বিত্তীয় দ্ৰব্য পি পি এফ।কিন্তু আপুনি দুই-তিনি বছৰ পিচত প্ৰয়োজন হ’ব পৰা লক্ষ্যৰ বাবে বা হঠাতে উদ্ভৱ হ’ব পৰা প্ৰয়োজনৰ বাবে ইকুইটি মিউচুৱেল ফাণ্ডত জমা কৰে।লক্ষ্য কৰক, দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে আপুনি ঋণজাতীয় সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু হ্ৰস্বম্যাদী লক্ষ্যৰ বাবে বজাৰকেন্দ্ৰিক উচ্চ ৰিস্কবিশিষ্ট বিত্তীয় দ্ৰব্যত বিনিয়োগ কৰিছে।কিন্তু আপোনাৰ বাবে উপযোগী কৌশল হ’লহেঁতেন যদিহে আপুনি ইকুইটি মিউচুৱেল ফাণ্ডক আপোনাৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যৰ বাবে কৰা বিনিয়োগৰ অংশ কৰে।যদি আপোনাৰ হাতত ২০ বছৰ সময় আছে, কিন্তু ইকুইটিত বিনিয়োগ কৰা নাই আপোনাক অধিক টকাৰ প্ৰয়োজন হ’ব লক্ষ্যত উপনীত হ’বলৈ।কাৰণ ঐতিহাসিক তথ্যৰ ভিত্তিত আমি দেখিছো যে ইকুইটিয়ে আন সম্পদ শ্ৰেণীতকৈ অধিক ৰিটাৰ্ন দিয়ে।ভাৰতৰ প্ৰেক্ষাপটত দীৰ্ঘম্যাদী বিনিয়োগত ইকুইটিৰ পৰা আপুনি ১২ ৰ পৰা ১৫ শতাংশ ৰিটাৰ্ন আশা কৰাটো যুক্তিসংগত।ইফালে পি পি এফত চৰকাৰী গেৰান্টি থাকিলেও ইয়াতো সুত চৰকাৰে আজিকালি একে নাৰাখে।দেশত চলি থকা সুত চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেছি কৰে চৰকাৰে।সেইবাবে দীৰ্ঘ সময়ত আপুনি পি পি এফৰ পৰা ৰিটাৰ্ন ৮ শতাংশৰ আশে-পাশেহে আশা কৰা উচিত।
কেতিয়াবা এনে নহয় নে আপুনি ৰেকাৰিং ডিপ’জিট বা মিউচুৱেল ফাণ্ডত কোনো বিশেষ উদ্দেশ্য আগত নাৰাখি বিনিয়োগ কৰি গৈছে দীৰ্ঘদিন ধৰি। কিন্তু প্ৰত্যেকটো প্ৰয়োজনত তাত হাত দিছে।শেষত এদিন অনুভৱ কৰিছে কিছুমান সাময়িক সকাহৰ বাদে সময়ৰ জোখাৰে দূৰৈত থকা লক্ষ্যবোৰৰ বাবে আশা কৰাধৰণে পুঁজি গঠন হোৱা নাই আপোনাৰ।উত্তৰ যদি ধনাত্মক, আপোনাৰ লক্ষ্যবোৰক সময়ৰ মাপেৰে সজাওক – কোনবোৰ দীৰ্ঘম্যাদী আৰু কোনবোৰ হ্ৰস্বম্যাদী। সেই অনুযায়ী উপযুক্ত বিত্তীয় দ্ৰব্যত কৰা বিনিয়োগেৰে লক্ষ্যক উদ্দেশ্যি আগুৱাই যাওক।মনত ৰাখিব, দীঘলীয়া বিনিয়োগত আপুনি ৰিস্ক লোৱা ভাল, সেয়ে ইকুইটি তাৰ অংশ হ’লে উপকৃত হ’ব।দীৰ্ঘ সময়ত মুদ্ৰাস্ফীতিক অতিক্ৰম কৰা ৰিটাৰ্ন পাবলৈ ইকুইটি উপযোগী। ইয়াৰ বিপৰীতে কম দূৰত্বত থকা লক্ষ্যৰ বাবে কৰা বিনিয়োগত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আপুনি কৰা বিনিয়োগৰ মূলটোৰ যাতে হৰণ-ভগন নহয়, লাগিলে ৰিটাৰ্ন কম নহওকেই বা কিয়।বৰ্তমানলৈকে যদি কোনো লক্ষ্য আগত ৰাখি ক’ৰবাত বিনিয়োগ কৰি গৈছে সেইবোৰে আপোনাক লক্ষ্যত উপনীত হোৱাত কিমান সহায় কৰিব সেই অংকটো কৰিবলৈ নাপাহৰিব।
নতুন বছৰে আপোনালৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।মোৰ ফালৰ পৰা সদৌটিলৈকে অফুৰন্ত শুভকামনা।
*****
Leave a Reply